জীৱন প্ৰক্ৰিয়া
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৬ নং পাঠৰ প্ৰশ্নোত্তৰ ।
অনুশীলনী
১. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ --
a. পৰিপুষ্টি
b. শ্বসন
c. ৰেচন
d. পৰিবহন
উত্তৰ : c. ৰেচন ।
২. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল --
a. পানীৰ পৰিবহন
b. খাদ্যৰ পৰিবহন
c. এমিন' এছিডৰ পৰিবহন
d. অক্সিজেনৰ পৰিবহন
উত্তৰ : a. পানীৰ পৰিবহন ।
৩. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় --
a. কাৰ্বন ডাই অক্সাইড আৰু পানী
b. পত্ৰহৰিৎ
c. সূৰ্যৰ পোহৰ
d. ওপৰৰ আটাইকেইটা
উত্তৰ : d. ওপৰৰ আটাইকেইটা ।
৪. পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় --
a. চাইট'প্লাজমত
b. মাইট'কন্ড্ৰিয়াত
c. ক্লৰ'প্লাষ্টত
d. কোষকেন্দ্ৰত
উত্তৰ : b. মাইট'কন্ড্ৰিয়াত ।
৫. পাচনত লালটিৰ ভূমিকা কি ?
উত্তৰ : পাচনত লালটিৰ ভূমিকা হ'ল --
i. লালটিয়ে খাদ্যৰ লগত মিহলি হৈ সহজে আহাৰখিনি পিছল কৰে । ইয়াৰ ফলত আহাৰ, খাদ্য নলীৰ পশ্চাৎ অংশলৈ সহজে গতি কৰে ।
ii. লালটিত থকা উৎসেচক, লালটি এমাইলেজ, মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰৰ অংশ ভাঙি সৰল চেনিলৈ ৰূপান্তৰ কৰে ।
৬. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?
উত্তৰ : স্বপোষীত পুষ্টি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয় । স্বপোষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ'ল কাৰ্বন ডাই অক্সাইড, পানী, পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰ ।
ইয়াৰ উপজাত পদাৰ্থবোৰ হ'ল কাৰ্বহাইড্ৰেট আৰু অক্সিজেন ।
৭. সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা ।
উত্তৰ : সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য হ'ল --
সবাত শ্বসন =
ক. সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় ।
খ. সবাত শ্বসনত গ্লু'কজ অণুৰ জাৰণ হৈ শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় ।
গ. সবাত শ্বসন মাইট্ৰ'কন্ডিয়াৰ ভিতৰত হয় ।
ঘ. সবাত শ্বসনত উৎপন্ন হোৱা শক্তিৰ (ATP) পৰিমাণ বেছি ।
অবাত শ্বসন =
ক. অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় ।
খ. শ্বসনত গ্লু'কজ অণুৰ অসম্পূৰ্ণভাৱে জাৰিত হৈ শক্তিৰ উপৰিও ইথাইল, এলক'হল, কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ।
গ. অবাত শ্বসন মাইট্ৰকন্ডিয়াৰ বাহিৰত হয় ।
ঘ. অবাত শ্বসন উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম হয় ।
সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম ক্ৰমে মানুহ (সবাত) আৰু ইষ্ট (অবাত) ।
৮. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হয় ?
উত্তৰ : হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয় । এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয় । বায়ুকূপবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে উশাহ লোৱাৰ সময়ত মধ্যচ্ছদাখন নিম্নগামী হ'লে হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে । দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকূপবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্ত জালিকাই শোষণ কৰি ফেহৰ বিভিন্ন কোষত বিতৰণ কৰে ।
৯. আমাৰ দেহত হিমগ্ল'বিনৰ পৰিমাণ কমি গ'লে কি হ'ব ?
উত্তৰ : হিমগ্ল'বিন হ'ল মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থ । হিমগ্ল'বিনে হাওঁফাওঁৰ পৰা অক্সিজেন লৈ অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে । আমাৰ দেহত হিমগ্ল'বিনৰ পৰিমাণ কমি গ'লে দেহত অক্সিজেন কমি যাব যাৰ ফলত শ্বসন প্ৰক্ৰিয়াত সমস্যাই দেখা দিব । ইয়াৰ উপৰিও হিমগ্ল'বিন কমিলে এমুনিয়া হ'ব পাৰে ।
১০. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা । ইয়াৰ প্ৰয়োজন কি ?
উত্তৰ : মানুহৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লাগে । তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বোলে ।
মানুহৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিযুক্ত । হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ বাঁও অলিন্দত পৰেহি । এই অৱস্থাত বাঁও অলিন্দটো শিঠিল হৈ থাকে । তেজ সংগ্ৰহ কৰাৰ পাছত বাঁও অলিন্দটো সংকোচিত হৈ তেজখিনি বাঁও নিলয়লৈ পঠিয়াই দিয়ে । ইয়াৰ পৰা অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশলৈ যায় । দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহি হৃদযন্ত্ৰৰ সোঁ অলিন্দত পৰেহি । সোঁ অলিন্দৰ সংকোচন ঘটাৰ ফলত তেজখিনি সোঁ নিলয়ত সোমায় । ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওঁলৈ গতি কৰে । এইদৰে মানুহৰ দেহত দ্বৈত ৰক্ত সংবহন সংঘটিত হয় ।
মানুহৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে । এই শক্তি যোগানৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক । বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিলে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ যোগান ধৰিবৰ বাবে সুবিধা হয় । সেইবাবে মানুহৰ দেহত দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন ।
১১. জাইলেম আৰু ফ্ল'ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি ?
উত্তৰ : জাইলেম আৰু ফ্ল'ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যসমূহ হ'ল --
জাইলেম দ্ৰব্যৰ পৰিবহন =
ক. জাইলেম কলাই পানী আৰু খনিজ লৱণ পৰিবহন কৰে ।
খ. জাইলেম কলাই শিপাৰ পৰা উৰ্ধ্বমুখী দিশত দ্ৰব্য সৰবৰাহ কৰে ।
গ. বাষ্পমোচন আৰু শিপাত আয়ন বিনিময়ৰ ফলত সৃষ্টি হোৱা চাপৰ সহায়ত জাইলেমে পানী সৰবৰাহ কৰে ।
ফ্ল'ৱেম দ্ৰব্যৰ পৰিবহন =
ক. ফ্ল'ৱেম কলাই খাদ্য পৰিবহন কৰে । খ. ফ্ল'ৱেম কলাই পাতৰ পৰা উদ্ভিদ দেহৰ বিভিন্ন দিশত খাদ্য সৰবৰাহ কৰে ।
গ. ফ্ল'ৱেমে ATPৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰি সৰবৰাহ কৰে ।
১২. হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ।
উত্তৰ : হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা হ'ল --
হাওঁফাওঁৰ বায়ুকোষ =
ক. হাওঁফাওঁৰ বায়ুকোষবোৰ বেলুন সদৃশ অংগ ।
খ. বায়ুকূপবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ।
গ. বায়ুকূপবিলাকৰ ৰক্ত জালিকাত গেছৰ আদান প্ৰদান হয় ।
ঘ. ব্যাপনৰ দ্বাৰা পদাৰ্থৰ আদান প্ৰদান হয় ।
বৃক্কৰ নেফ্ৰন =
ক. নেফ্ৰন হ'ল বৃক্কত থকা কাপ সদৃশ নলীকাৰ একক ।
খ. কাপ সদৃশ নলীকাবোৰতহে ৰক্ত জালিকা থাকে ।
গ. নেফ্ৰনে দেহৰ অতিৰিক্ত পানী আৰু বৰ্জিত পদাৰ্থবোৰ চেকি বাহিৰ কৰে ।
ঘ. উচ্চ চাপৰ সহায়ত নেফ্ৰনৰ কাৰ্য সম্পাদন হয় ।
_______________