ধৰ ঝাড়ু ধৰ ভাই
দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা (নতুন) পাঠ্যপুথিৰ ১৪ নং পাঠ । 'ধৰ ঝাড়ু ধৰ ভাই'ৰ ৰচক হৈছে অম্বিকাগিৰী ৰায়চৌধুৰী। ভাব-বিষয়ক : ১/অতি চমুকৈ উত্তৰ দিয়া : ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ? উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল । খ) সাতামপুৰুষীয়া 'সোণৰ চোতাল-ঘৰ' কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে ? উত্তৰ : সাতামপুৰুষীয়া 'সোণৰ চোতাল-ঘৰ' বহু যুগৰ ভূহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে । গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ? উত্তৰ : জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে । ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ? উত্তৰ : কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলিছে । ২/ 'হ'ল এৱে তোৰ সময় হ'বৰ জাতিৰ ঝাড়ুদাৰ যে ভাই ।' -- ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাড়ুদাৰ' হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে ? উত্তৰ : কেইবা যুগ ধৰি অসমীয়া জাতি ইংৰাজৰ শাসনৰ অধীনত আছিল যাৰ ফলস্বৰূ...