ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

নৱম শ্রেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ ১ নং পাঠৰ প্ৰশ্নোত্তৰ । 
             অনুশীলনী
১. বাহ্যিক কাৰক মানে কি ? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা । 
উত্তৰ : যিবোৰ কাৰকে আমি দেখিব পৰাকৈ অৰ্থাৎ বাহিৰৰ পৰা ক্ৰিয়া কৰে তেনে কাৰকক বাহ্যিক কাৰক বোলে । কেইটামান বাহ্যিক কাৰক হ'ল ---- সূৰ্যৰ উত্তাপ,বতাহ,বৰষুণ,নদী,হিমবাহ,সাগৰৰ ঢৌ আদি । 
২. ভূমিকম্প আৰু আগ্নেয় উদগীৰণক ‌‍কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ? 
উত্তৰ : ভূমিকম্প আৰু আগ্নেয় উদগীৰণে ভূ-পৃষ্ঠৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰে বাবে সিহঁতক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় । 
৩. নদী অৱবাহিকা বুলিলে কি বুজায় ? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা । 
উত্তৰ : 
           নদীৰ অৱবাহিকা
 
অৱবাহিকা হৈছে একোটা এলেকা,য'ৰ পৰা নদীয়ে ইয়াৰ উপনদীসহ নামনিলৈ পানী কঢ়িয়াই আনে । সাধাৰণতে নদীয়ে ইয়াৰ উপনদী,শাখা নদী আদিৰ সহায়ত একেলগে একোটা অৱবাহিকা (Basin)ৰ সৃষ্টি কৰে ।
৪. ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা । 
উত্তৰ : ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম হ'ল ধনশিৰি আৰু সোৱনশিৰি । 
৫. নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া । 
উত্তৰ : নৈৰ পানীভাগ উচ্চভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগত স্বাভাৱিকতে খনন কাৰ্য সাধিত হয় । বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়া স্বাভাৱিকতে পানীৰ খনন শক্তি বাঢ়ে । অৱশ্যে নৈৰ খনন কাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন,অন্ৰতভাগৰ শিলাস্তৰৰ কঠিনতা,উদ্ভিদৰ আৱৰণ,প্ৰৱাহিত পানীৰ পৰিমাণ আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । 
৬. নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায় ? 
উত্তৰ : উচ্চভূমিৰ থিয় ঢালেৰে বৈ  আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে । উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ (Velocity) প্ৰবল,গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায় । ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ (Sediment) ভৈয়ামত জমা হ'বলৈ ধৰে । ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায় । গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে । পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে । নদীৰ এনেধৰণৰ খনন কাৰ্যক পাৰ খনন(Bank Erosion) বা পাৰ্শ্বখনন(Lateral Erosion) বোলা হয় । 
৭. অশ্বখুৰা হ্ৰদ কি ? ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা
উত্তৰ : সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাজঁযুক্ত হ'ব পাৰে । এনে গতিপথে বাৰিষাকালত নদীৰে প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয় । তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে । এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয় । এনে হ্ৰদক অশ্বখুৰা হ্ৰদ (Horse-Shoe Lake) বোলে । 
৮. প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা । 
উত্তৰ : প্লাৱনভূমি হ'ল নদীৰ অৱক্ষেপন কাৰ্যৰ ফলত সৃষ্টি হোৱা একধৰণৰ অসমতল ভূমি । অৰ্থাৎ নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত নদীৰ গতিপথৰ দুয়োপাৰে যুগ যুগ ধৰি জমা হোৱা গেদ । এই গেদসমূহ নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ দুয়োপাৰে জমা হোৱাৰ ফলত প্লাৱনভূমিৰ সৃষ্টি হয় । এইবোৰেই কালক্ৰমত এক প্ৰকাৰৰ সমভূমি গঢ়ি তোলে আৰু এই সমভূমিকে প্লাৱনভূমি বুলি কোৱা হয় । এই প্লাৱনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী । 
৯. নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা । 
উত্তৰ : নদীৰ বুকুত বালি-বোকা জমা হৈ সৃষ্টি হোৱা বালিচৰবোৰ(Sand Bars) বহুতো দিশৰ পৰা তাৎপৰ্যপূৰ্ণ । বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে । এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ-আকৃতিৰ । বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায় । 
     খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে । আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু-বৰ অসংখ্য বালিচৰ দেখা । 
১০. ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা । 
উত্তৰ : নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ । উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত,য'ত নৈ গৈ পৰে,তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয় । এই দ্বীপবোৰৰ আকৃতি অসমীয়া 'ব' আখৰৰ দৰে । সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয় । 
১১. মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা । 
উত্তৰ : মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে । ধূলি-বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিব পাৰে । এনেদৰে কোনো অংশৰ পৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে । অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত সঘনে ধুমুহাৰ সৃষ্টি হয় । 
       এনেদৰে অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত বতাহৰ ক্ৰিয়া প্ৰবল হয় । 
১২. অৱনমন বুলিলে কি বুজায় ?
উত্তৰ : মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে । ধূলি-বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিব পাৰে । এনেদৰে কোনো াংশৰ পৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে । 
১৩. বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয় ? 
উত্তৰ : অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়,তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লয় । এনে পাহাৰক বালিয়াৰি বোলে । এনেধৰণেই বালিয়াৰিৰ সৃষ্টি হয় ।
১৪. ইনছেলবাৰ্গ কি ? 
উত্তৰ : মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰবোৰেই হৈছে ইনছেলবাৰ্গ । 
১৫. হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা । 
উত্তৰ : পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে । এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চাংশবোৰ পৰে । এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে । সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে । এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয় । পাৰ্বত্য অঞ্চলত নদীৰ দৰে হিমবাহবোৰ উপত্যকাৰে তললৈ নামি আহে । হিমবাহেও নদীৰ দৰে খনন,পৰিৱহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰে সংলগ্ন ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে । 
১৬. গ্ৰাব কি ?
 উত্তৰ : হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে । এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰকে সামগ্ৰিকভাৱে গ্ৰাব বোলা হয় । 
১৭. হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা । 
উত্তৰ : কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে । তেতিয়া সকলো ফালৰ পৰা চলা খননৰ ফলত পৰ্বতৰ শীষাংশ চোকা জোঙৰ দৰে হয় । এনেদৰে হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি হয় । 
১৮. উপকূল কাক বোলে ?
 উত্তৰ : পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ-মহাসাগৰে আগুৰি আছে । সাগৰ-মহাসাগৰৰ পাৰক উপকূল বোলে । 
১৯. বালিয়াতট কি ?
 উত্তৰ : সদায় ঢৌৱে ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ,বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতলসদৃশ অৱয়ব সৃষ্টি হয় । প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়বক বালিয়াতট বোলে । 

        __________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই