সম্পদৰ ধাৰণা আৰু শ্ৰেণীবিভাগ
নৱম শ্ৰেণীৰ elective subject ভূগোলৰ পঞ্চম অধ্যায় (অৰ্থনৈতিক ভূগোল)ৰ প্ৰশ্নোত্তৰ ।
১. সম্পদ বুলিলে কি বুজা ?
উত্তৰ : প্ৰকৃতিৰ পৰা লাভ কৰা বস্তুবোৰ মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে । এইদৰে ব্যৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকে সাধাৰণে সম্পদ বুলি কোৱা হয় ।
২. প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে ?
উত্তৰ : ক. সাংস্কৃতিক প্ৰমূল্য -- কোনবোৰ বস্তু সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনবোৰ গ্ৰহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰূপণ কৰে ।
খ. প্ৰযুক্তিবিদ্যা -- মানুহে প্ৰয়োজনীয় বস্তুবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তুবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জনা বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে ।
গ. অৰ্থনৈতিক ব্যৱস্থা -- প্ৰয়োজনীয় বস্তুবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ বযৱহাৰ কৰিব পৰা বা নোৱাৰাটো সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল । সকলো ধৰণৰ বস্তু আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আৰ্থিক সামৰ্থ্য সকলো সমাজৰ সমানে নাথাকে ।
৩. সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি ?
উত্তৰ : সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্ৰযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থা সদায় একে হৈ নাথাকে । সময়ৰ গতিত সেইবোৰৰ পৰিৱৰ্তন ঘটে । ভৌগোলিক অৱস্থা ভেদেও সেইবোৰৰ মাজত প্ৰভেদ থাকে । এনে পৰিৱৰ্তন আৰু প্ৰভেদে সমাজত প্ৰচলিত সম্পদৰ ধাৰণাকো প্ৰভাৱান্বিত কৰে । আজি যিবোৰ বস্তুক মানুহে সম্পদ হিচাপে গ্ৰহণ কৰিছে, বহু বছৰ পূৰ্বে তাৰ বহুতকে মানুহে হয়তো অলাগতীয়াল বস্তু বুলিয়েই বিবেচনা কৰিছিল ।
ইংৰাজসকল অসমলৈ অহাৰ আগত ৰাজ্যখনত চাহ গছৰ বিশেষ ব্যৱহাৰিক মূল্য নাছিল । কোনোবা জনগোষ্ঠীয়ে ঘৰুৱাভৱে ব্যৱহাৰ কৰিছিল যদিও অসমত চাহৰ ব্যৱসায়িক প্ৰচলন প্ৰথমে ইংৰাজসকলেহে কৰে । সম্প্ৰতি চাহ শিল্প অসমৰ এটা প্ৰধান শিল্প । এই কথাই ইয়াকে প্ৰমাণ কৰে যে সময়ৰ সোঁতত ঘটা সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনে একালৰ নগণ্য বস্তু এপদক অন্য সময়ত মহামূল্যৱান কৰি তুলিব পাৰে । ইয়াৰ পৰা বুজা যায় যে সমাজৰ পৰিৱৰ্তন ঘটাৰ লগে লগে ক্ৰমে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে ।
৪. বৰ্ধিত জনসংখ্যাই সম্পদৰ ৌপৰত কেনেধৰণে প্ৰভাৱ পেলায় আলোচনা কৰা ।
উত্তৰ : জনসংখ্যাৰ বৃদ্ধিয়েও সম্পদৰ ওপৰত প্ৰভাৱ পেলায় । বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰাবলৈ কিছুমান সম্পদ বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হয় । পুনৰ সৃষ্টি কৰিব নোৱাৰিলে তেনে সম্পদৰ নাটনি হয় । তেতিয়া তাৰ বিকল্প বিচৰা হয় । উদাহৰণস্বৰূপে যাতায়াত ব্যৱস্থা বাহাল ৰখিবলৈ ইন্ধন হিচাপে খাৰুৱা তেলৰ উৎপাদন প্ৰয়োজন হয় । বৰ্তমান সময়ত যি হাৰত খাৰুৱা তেলৰ উৎপাদন আৰু ব্যৱহাৰ হৈ আছে, আশা কৰা হৈছে এটা সময়ত অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ বিৰাট নাটনিয়ে দেখা দিব । বিজ্ঞানীসকলে ভৱিষ্যতৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি খাৰুৱা তেলৰ বিকল্প হিচাপে সৌৰশক্তি, বেটাৰীৰ দ্বাৰা চালিত যান বাহন উৎপাদনত মনোনিৱেশ কৰিছে ।
৫. প্ৰাকৃতিক সম্পদ কাক বোলে ?
উত্তৰ : প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা সম্পদক প্ৰাকৃতিক সম্পদ বোলে । ৬. মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া ।
উত্তৰ : মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ হ'ল ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, গাড়ী-মটৰ ইত্যাদি ।
৭. মানৱ সম্পদ কাক বোলে ?
উত্তৰ : নিজৰ লগতে আনৰ প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ বোলা হয় ।
৮. পুনঃসৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা ? ইয়াৰ দুটামান উদাহৰণ দিয়া ।
উত্তৰ : যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষহৈ নাযায় সেইবোৰক পুনঃসৃষ্টিক্ষম সম্পদ বোলে । যেনে -- বায়ু, পানী, মাটি, উদ্ভিদ,প্ৰাণী ইত্যাদি ।
৯. দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ নাম লিখা ।
উত্তৰ : দুবিধমান পুঃসৃষ্টিহীন সম্পদ হৈছে - কয়লা, পেট্ৰ'লিয়াম, সোণ ইত্যাদি ।
১০. সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে ?
উত্তৰ : জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে । আনহাতে কিছুমান প্ৰাকৃতিক সম্পদৰ পৰিমাণ তেনেই সীমিত । সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টি সহজ নহয় । সেয়েহে সম্পদৰ অপব্যয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে ।
১১. সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা ।
উত্তৰ : জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে । তাতে কিছুমান প্ৰাকৃতিক সম্পদ কম পৰিমাণে উপলব্ধ । সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টি সহজ নহয় । সেয়েহে সম্পদৰ অপচয় ৰোধ কৰাটো দৰকাৰ । উদাহৰণস্বৰূপে আমি খাবলৈ নিৰ্মল জল ব্যৱহাৰ কৰো । এই জল আকৌ ভূ-ভাগৰ কিছু নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায় । খোৱাৰ উপৰিও আমি ঘৰুৱা অন্য সকলো ধৰণৰ কাম কাজ চলাবলৈ নিৰ্মল জলৰ ব্যৱহাৰ কৰো । গতিকে এই জলৰ চাহিদা বহুত বেছি । মানহে ইয়াৰ ব্যৱহাৰত সদা সচেতন হোৱা উচিত ।
__________________________