Posts

Showing posts with the label Name : Nikhil Kumar Das. Class :10. Golaghat

জীৱন প্ৰক্ৰিয়া

দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৬ নং পাঠৰ প্ৰশ্নোত্তৰ ।                     অনুশীলনী  ১. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ --  a. পৰিপুষ্টি  b. শ্বসন  c. ৰেচন  d. পৰিবহন  উত্তৰ : c. ৰেচন ।  ২. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল --  a. পানীৰ পৰিবহন  b. খাদ্যৰ পৰিবহন  c. এমিন' এছিডৰ পৰিবহন  d. অক্সিজেনৰ পৰিবহন  উত্তৰ : a. পানীৰ পৰিবহন ।  ৩. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় --  a. কাৰ্বন ডাই অক্সাইড আৰু পানী b. পত্ৰহৰিৎ  c. সূৰ্যৰ পোহৰ  d. ওপৰৰ আটাইকেইটা  উত্তৰ : d. ওপৰৰ আটাইকেইটা ।  ৪. পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় --  a. চাইট'প্লাজমত  b. মাইট'কন্ড্ৰিয়াত  c. ক্লৰ'প্লাষ্টত  d. কোষকেন্দ্ৰত  উত্তৰ : b. মাইট'কন্ড্ৰিয়াত ।  ৫. পাচনত লালটিৰ ভূমিকা কি ?  উত্তৰ : পাচনত লালটিৰ ভূমিকা হ'ল -- i. লালটিয়ে খাদ্যৰ লগত মিহলি হৈ সহজে আহাৰখিনি পিছল কৰে । ইয়াৰ ফলত আহাৰ, খাদ্য নলীৰ ...