ছাত্ৰ-জীৱন আৰু সমাজসেৱা
দশম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ৬ নং পাঠৰ প্ৰশ্নোত্তৰ ।
ভাব-বিষয়ক :
১. অতি চমুকৈ উত্তৰ লিখা :
ক. লিখকৰ মতে ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি ?
উত্তৰ : লিখকৰ মতে ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহৰ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ-জীৱনৰ মূল উদ্দেশ্য ।
খ. বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি ?
উত্তৰ : বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ । বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ক'ব পাৰি । উদাহৰণস্বৰূপে বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথিত পঢ়ে 'দুখীয়াক মৰম কৰিবা', 'দুখীয়াক সহায় কৰিবা' আদি বাক্য । বাস্তৱ জীৱনত কিন্তু ইয়াৰ অৰ্থ কি সেইয়া শিক্ষাৰ্থীয়ে উপলব্ধি কৰিবলৈ সক্ষম নহয় । কিয়নো আজিৰ দিনত শিক্ষকসকলেও শিক্ষাৰ্থীসকলক এনেধৰণৰ বাক্যবোৰৰ ভিতৰত অন্তৰ্নিহিত থকা প্ৰকৃত অৰ্থবোৰ বুজাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষাৰ্থীৰ বানানসমূহৰ ওপৰত গুৰুত্ব দিয়ে । শিক্ষকসকলে আ-কাৰ, ই-কাৰ, উ-কাৰ আদি ক'ত শুদ্ধ কৰিছে ক'ত ভুল কৰিছে সেইবোৰ চাই নিজৰ পাঠদানৰ কৰ্তব্য সামৰণি মাৰে । শিক্ষকসকলে কেতিয়াও এইটো গুৰুত্ব নিদিয়ে যে শিক্ষাৰ্থীসকলে পাঠটো পঢ়ি শুনি কিবা জ্ঞান লাভ কৰিছেনে নাই । শিক্ষকে কেৱল পৰীক্ষাত উৰ্ত্তীণ হৈছেনে নাই বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উৰ্ত্তীণ হ'ব পাৰিছেনে নাই সেইটো গুৰুত্ব দিয়ে । এইবোৰ হৈছে বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ ।
গ. ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে ?
উত্তৰ : ছাত্ৰসকলেই দেশৰ ভৱিষ্যত, আশা-ভৰষাৰ কলি । সেয়েহে ছাত্ৰসকলে যিমানদূৰ সম্ভৱ হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে ।
ঘ. ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে ?
উত্তৰ : ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পৰা উপযুক্ত স্থান হৈছে গাঁও অঞ্চল । এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশৰ গাঁওসমূহত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰি আছে, ইয়াৰ বাহিৰেও কু-সংস্কাৰ, অন্ধবিশ্বাস আদিয়ে সকলো দিশ অন্ধকাৰ কৰি দেশৰ প্ৰগতি আৰু উন্নতিৰ পথটোত হেঙাৰ হৈ থিয় দিছে । এই বাধাসমূহ দূৰ কৰিবলৈ হ'লে ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহক বাচি লৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বিভিন্ন দিশৰ পৰা মুক্ত কৰি অভিজ্ঞতা লাভৰ দ্বাৰা কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব লাগিব ।
ঙ. লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা ?
উত্তৰ : লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা ।
২. ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে ? দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ-জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা ।
উত্তৰ : ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হ'লে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগে । একাগ্ৰতা হৈছে ছাত্ৰ-জীৱনৰ উন্নতিৰ ঘাই মন্ত্ৰ । এই অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে, বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব খোজে । ছাত্ৰ হৈ থকা সময়ছোৱাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল'লে, নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গা ঢালি দিলে ছাত্ৰই নিজ জীৱনত উন্নতি কৰিব নোৱাৰে । এনে কিছুমান কথা কাল আৰু পাত্ৰভেদে বিচাৰ কৰি চলিব লাগে ।
ছাত্ৰসকলে ছাত্ৰ-জীৱনত শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো বিধ শিক্ষাৰে অনুশীলন কৰিব লাগে । আমাৰ দেশত এইধৰণৰ সকলো শিক্ষা প্ৰদান কৰা হয় । ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম সাৰ্থক হ'ব, সাংসাৰিক জীৱনত মানুহে কি কাম কৰিলে কৃতকাৰ্য হ'ব পাৰিব এই সকলোবোৰ ব্যৱহাৰিক তথা কাৰ্যকৰী জ্ঞান আহৰণ কৰাটো গুৰুত্ব দিব লাগে ।
ছাত্ৰসকল হ'ল দেশৰ ভৱিষ্যত, আশা-ভৰষাৰ কলি । সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমানদূৰ সম্ভৱ হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে । দেশত বিৰাজ কৰি থকা নিৰক্ষৰতা, অজ্ঞানতা, কু-সংস্কাৰ তথা অন্ধবিশ্বাসৰ কবলৰ পৰা দেশবাসীক মুক্ত কৰাৰ চেষ্টা কৰিব লাগে । সৎ উপদেশ আৰু উদাহৰণেৰে নিজৰ ঘৰ তথা গাঁওখনক আদৰ্শ ঘৰ বা গাঁও কৰিবলৈ চেষ্টা কৰিব লাগে । শিক্ষাৰ্থীসকলে এইধৰণৰ কামবোৰত অংশগ্ৰহণ কৰিলেও শিক্ষা কালছোৱাত ছাত্ৰসকলে ছাত্ৰ-জীৱনৰ সীমাত থাকিহে সমাজ তথা দেশৰ সেৱা কৰিব লাগিব ।
৩. 'এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন ।' --- কোনখিনি কাম তেওঁলোকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা ।
উত্তৰ : ছাত্ৰসকলে গাঁও অঞ্চলসমূহত ৰাজত্ব কৰা অজ্ঞানতা, নিৰক্ষৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস আদি সকলো দিশ অন্ধকাৰাছন্ন কৰি দেশৰ প্ৰগতি, উন্নতি আদিৰ পথত হেঙাৰৰূপে থিয় দিব লাগিব । ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱে-গাঁৱে অশিক্ষিত লোকসকলক এই বিষয়ে চকু মুকলি কৰিব লাগিব । বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকাচপুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব । তেওঁলোকৰ মাজৰ পৰা কুৰ্চূট-কপট গুচাবলৈ চাব লাগিব । গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব । উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব । এইবোৰ কাম ছাত্ৰ কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন ।
৪. আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা ।
উত্তৰ : আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ তিনি-চাৰি বছৰ আগেয়ে যি অৱস্থাত আছিল আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাতে । কিছুমান গাঁৱত আজিও পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অৱস্থান দেখিবলৈ পোৱা গৈছে । অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটাত পৰিণত কৰিছে । অজ্ঞানতা আৰু কু-সংস্কাৰে মানুহক আজিও আৱৰি ধৰি আছে । নিজৰ ভৌতিক সম্পদৰ বাবে ইজনে সিজনৰ লগত হাই-কাজিয়াত লিপ্ত হৈ পৰিছে । কানি-ভাং আদি বিভিন্ন ধৰণৰ নিচাসক্ত দ্ৰব্যই নিজৰ লগতে আনৰ উন্নতিৰ ফালে সমূলি ধৰিছে । ক'ত কি হৈছে তেওঁলোকে কাণসাৰ নকৰি হাতত হাত সাৱটি বহি আছে এচাম মানুহে । একেডোখৰ মাটিতে সাৰ-জাৱৰ দি কেনেদৰে তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পুহ-পাল দি নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰি এনেবোৰ কথা তেওঁলোকৰ চিন্তনীয় বিষয় হৈ পৰিছে । মুঠতে ক'বলৈ গ'লে শিক্ষাৰ অভাৱে গাঁওসমূহক উন্নত দিশত যোৱাত কিছু বাধা দিছে ।
৫. 'গাঁও একাধাৰে নগৰৰ জনক-জননী ।'-----কথাষাৰৰ তাৎপৰ্য বুজাই লিখা ।
উত্তৰ : গাঁও একাধাৰে নগৰৰ জনক-জননী। কিয়নো গাঁৱেই মাতৃস্বৰূপ নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে । নগৰ যেনেকৈ একে উশাহে সৃষ্টি হৈছে, সেইদৰে একে উশাহতে নষ্ট হ'ব । কিন্তু গাঁও অৰ্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব নোৱাৰি । সেইদেখি প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া ।
৬. ব্যাখ্যা কৰা :
ক. পঢ়াই পঢ়ে, ৰোৱে পাণ ।
এই তিনিয়ে নিচিন্তে আন ॥
উত্তৰ : উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা'ত অন্তৰ্গত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত 'ছাত্ৰ-জীৱন আৰু সমাজসেৱা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে ইয়াকে ক'ব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে কোনো কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে সুফল লাভ কৰিব ।
পঢ়োৱা, পঢ়া আৰু পাণৰ খেতিকৰা কাম তিনিটা হ'ল গুৰুত্বপূৰ্ণ কাম । এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ'ল এটা প্ৰধান গুণ । যিকোনো কাম একাগ্ৰতাৰে নকৰিলে কাম কেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি । ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ণ নিয়োজিত কৰিব লাগে । অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হ'ব নোৱাৰে । ছাত্ৰ-ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিত্ত হ'ব লাগে । তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উৰ্ত্তীণ হ'ব পাৰিব । আকৌ যিসকলে পাণৰ খেতি কৰে তেওঁলোকেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব । নিয়মিতভাৱে সাৰ-পানী আদি যোগান ধৰিব লাগিব । মানুহে যিকোনো কাম কৰিবলৈ হ'লে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে । একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায় । মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে । এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয় ।
খ. কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব । সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয় ।
উত্তৰ : উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা'ত অন্তৰ্গত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত 'ছাত্ৰ-জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে কোনো এটা বিষয়ৰ প্ৰকৃত শিক্ষা, উপযুক্ত পৰিৱেশ আদিত হাতে কামে লাগিহে যে জ্ঞান অৰ্জন কৰিব পাৰি তাক কৈছে ।
কমাৰশালত কোনো বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্ৰস্তুত কৰি লয় । তেনেদৰে শিক্ষাৰ্থীসকলক জীৱন সংগ্ৰামত মোকাবিলা কৰিবৰ বাবে প্ৰথমতে অভিজ্ঞতা দিয়া হয় । সেই অভিজ্ঞতা প্ৰথমতে নিজৰ ঘৰৰ পৰা দিয়া হয় আৰু তাৰ পিছত বিদ্যালয় এখনে প্ৰদান কৰে । যিদৰে এটুকুৰা লোহাক পিটি পিটি দা-কুঠাৰ, কটাৰি আদি গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয় । তেনেদৰে শিক্ষাৰ্থীসকলকো সংসাৰৰ দুখ-সুখ, কষ্ট আদি সহিব পৰাকৈ প্ৰথমতে মানুহে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয় । শিক্ষাৰ্থীসকলক যিকোনো বিষয়ে প্ৰকৃত জ্ঞান প্ৰদান কৰিবলৈ হ'লে সেই বিষয়টো সম্পৰ্কীয় পৰিৱেশৰ অতি প্ৰয়োজন । যেনেদৰে সাঁতোৰ শিকিবলৈ হ'লে পানীত নামিব লাগে । ঠিক তেনেদৰে যিকোনো বিষয় এটাৰ প্ৰকৃত জ্ঞান অকল পাঠ্যপুথি পঢ়ি অৰ্জন কৰিব নোৱাৰি, তাক হাতে-কামে কৰিহে সেই বিষয়টোৰ প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি ।
গ. এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে । কাঁইট-কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে ।
উত্তৰ : উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা'ত অন্তৰ্গত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত 'ছাত্ৰ-জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে সকলো জ্ঞান আৰু শিক্ষাৰে পৰিপুষ্ট হৈ পূৰ্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে এখন সমাজ তথা দেশ এখনৰ মংগল সাধন হয় তাক কৈছে ।
যিকোনো এটা কাম কৰিবলৈ হ'লে মানুহক জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয় । এই জ্ঞান আৰু দক্ষতা মানুহে এদিনতে আহৰণ কৰিব নোৱাৰে । এই জ্ঞান আৰু দক্ষতা অৰ্জন কৰিবলৈ হ'লে মানুহে লগে লগে শিকি যাব লাগিব । যিদৰে গছ এজোপা ৰোপণ কৰিলে নহয়, তাত সময়মতে পানী, সাৰ আদি দিব লাগে । তেতিয়াহে গছজোপা ডাঙৰ হৈ প্ৰথমতে কলি ওলাব, তাৰ পিছত সেই কলি বিকশিত হৈ ফুল হ'ব আৰু শেষত ফল দিব । সেইদৰে ছাত্ৰ অৱস্থাত যিমানদূৰ সম্ভৱ জ্ঞান আহৰণ, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান অৰ্জন কৰি পৰিপুষ্ট হৈ দেশৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগিব । দেশসেৱাত ব্ৰতী হ'বলৈ হ'লে বহুমুখী শিক্ষাৰ অতিকৈ প্ৰয়োজন হয় । অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কোনো কাম কৰিলে দেশৰ কোনো মংগল নহয়, বৰঞ্চ দেশৰ অমংগলহে হোৱাৰ সম্ভাৱনা বেছি । যিদৰে অপৰিপক্ক ফল খালে দেহৰ কোনো কামত নালাগে ঠিক একেদৰে অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কৰা কোনো কামে দেশৰ হিত সাধনত সহায় কৰিব নোৱাৰে ।
ঘ. নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা ।
উত্তৰ : উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা'ত অন্তৰ্গত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত 'ছাত্ৰ-জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহক সেৱা কৰিলে যে মানৱ জীৱন সাৰ্থক হয় তাকে ক'ব বিচাৰিছে ।
মানুহে মংগলৰ অৰ্থে সৰ্বশক্তিমান নাৰায়ণক সেৱা অৰ্চনা কৰে । মানুহে কেৱল নিজৰ মংগলৰ বাবে পূজা অৰ্চনা কৰিলে সমাজ তথা বিশ্বৰ কোনো উপকাৰ নহয় । এনেধৰণে নিজৰ হিতৰ বাবে পূজা অৰ্চনা কৰিলে মানুহ দিনে দিনে স্বাৰ্থপৰ হৈ পৰে । এনে স্বাৰ্থপৰতাৰ বাবে মানুহে ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হ'ব লগা হয় । কিন্তু যি মানুহে আনৰ দুখ-কষ্ট দেখি আনক সহায় কৰিবৰ বাবে আগবাঢ়ি যায়, সমাজৰ হিতৰ বাবে সদায় প্ৰস্তুত হৈ থাকে তেনে মানুহৰ মন প্ৰাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি পৰে । মানুহৰ মন সন্তুষ্টি আৰু প্ৰাপ্তিৰে ভৰি থাকিলে মানুহৰ মনতো পৱিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয় । তেতিয়া মানুহজনে ভগৱান বিচাৰি পোৱা যেন অনুভৱ কৰে । সেয়েহে লিখকে কৈছে যে নাৰায়ণ পূজাৰ বাবে কোনো আয়োজনৰ দৰকাৰ নাই । তাৰ বিপৰীতে মানুহৰ পূজা অৰ্চনা অৰ্থাৎ শুশ্ৰূষা কৰিলে ভগৱানক পূজা কৰা হ'ব ।
ভাষা-বিষয়ক :
১. বিপৰীত শব্দ লিখা ।
উত্তৰ : নিষ্কৰ্মা = কৰ্মী
ক্ৰটি = শুদ্ধ, সঠিক
সহযোগিতা = প্ৰতিযোগিতা
দেশহিতৈষিতা = দেশদ্ৰোহিতা
প্ৰৌঢ় = যুৱ ।
২. সমাৰ্থক শব্দ লিখা ।
উত্তৰ : কাৰ্যকৰী = কৰ্মমুখী, কাৰ্যোপযোগী
প্ৰকৃত = আচল, যথাৰ্থ
সাম্য = সমান
আনমনা = অমনোযোগী, অন্যমনস্ক
অৰ্থকৰী = লাভজনক
কাপ = কলম
কাকত = কাগজ ।
৩. বাক্য ৰচনা কৰা ।
উত্তৰ :
নীতি-বচন = মহৎলোকৰ নীতি-বচন আমি মানি চলিব লাগে ।
কাপ-কাকত = মধুই শিক্ষকে দিয়া কথাবোৰ কাপ-কাকতত লিখি ৰাখিছে ।
কূৰ্চুট-কপট = মানুহে নিজৰ মনত কূৰ্চুট-কপট পখিলে কেতিয়াও জীৱনত প্ৰকৃত সুখ লাভ নকৰে ।
জনক-জননী = গাঁও একাধাৰে নগৰৰ জনক-জননী ।
লোণ-তেল = ৰমেনে অ'ত বছৰৰ মূৰত ঘৰলৈ আহি লোণ-তেল দি খোৱা ভাতকেইটাতো পৰম তৃপ্তি পালে ।
______________________