ভূ-আকৃতিক প্ৰক্ৰিয়া
দশম শ্ৰেণীৰ আধুনিক ভূগোল (elective) পাঠ্যপুথিৰ ১ নং পাঠৰ প্ৰশ্নোত্তৰ ।
অনুশীলনী :
১. স্থলাকৃতি বুলিলে কি বুজা ?
উত্তৰ : বিভিন্ন আকাৰ-আকৃতিৰ অৱয়ৱে পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে । ভূ-পৃষ্ঠৰ এই অৱয়ৱবোৰকে স্থলাকৃতি বুলি কোৱা হয় ।
২. ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া ।
উত্তৰ : ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰম বিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে । এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয় ।
৩. ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা ।
উত্তৰ : স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়াই হৈছে ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ ।
৪. বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা ।
উত্তৰ : বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি পৰে ।
৫. অবনমন বুলিলে কি বুজা ?
উত্তৰ : মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি-বালি, ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে । এনেদৰে কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াকে অবনমন বোলে ।
৬. ইনছেলবাৰ্গ কি ছবি আঁকি দেখুওৱা ।
উত্তৰ : ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ ।
তলত ইনছেলবাৰ্গৰ চিত্ৰ দেখুওৱা হ'ল ---
৭. মৰুদ্যান কাক বোলে ? ইয়াৰ তাৎপৰ্য কি ?
উত্তৰ : অবনমনৰ ফলত ধূলি-বালি আৰু ক্ষুদ্ৰ-ক্ষুদ্ৰ শিলবোৰ অন্য ঠাইলৈ প্ৰবাহিত হ'লে অবনমন ঘটা অংশটো ওখোৰা-মোখোৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে । অবনমনৰ ফলত মৰুভূমিৰ একো-একোটা অংশৰ উচ্চতা কমি ভূ-গৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পায় । তেনে অৱস্থাত সৃষ্টি হোৱা অবনমিত অংশটোক মৰুদ্যান বুলি কোৱা হয় ।
মৰুদ্যানৰ তাৎপৰ্য হ'ল মৰুদ্যানত কিছু পৰিমাণৰ উদ্ভিদ থাকে আৰু তাত খেতি-বাতিও অলপ অচৰপ কৰিব পাৰি ।
৮. বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰ : মৰুভূমিত দেখা পোৱা বালিৰ পাহাৰবোৰকে বালিয়াৰি বুলি কোৱা হয় ।
মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ য'ত জমা হয়গৈ, সেই অংশটো ক্ৰমে ওখ হ'বলৈ ধৰে । এনেদৰে জমা হোৱা ধূলি-বালিবোৰে শেষলৈ পাহাৰৰ ৰূপ লয় আৰু এনেদৰেই বালিয়াৰিৰ সৃষ্টি হয় ।
৯. অপঘৰ্ষণ কি ? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয় ?
উত্তৰ : মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায় । ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বোলা হয় । অপঘৰ্ষণৰ ফলত মৰুভূমিত ইনছেলবাৰ্গ, ইয়াৰদাং আদি অৱয়বৰ সৃষ্টি হয় ।
১০. সংনিঘৰ্ষণৰ অৰ্থ লিখা ।
উত্তৰ : সংনিঘৰ্ষণৰ অৰ্থ হ'ল মৰুভূমিত বতাহে সৃষ্টি কৰা এটা ঘৰ্ষণজনিত প্ৰক্ৰিয়া ।
১১. হিমবাহ কাক বোলে ? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি ?
উত্তৰ : ভূ-পৃষ্ঠত জমা হৈ থকা বৰফস্তূপবোৰ ধীৰ গতিৰে তললৈ নামি অহা বৰফকে হিমবাহ বোলা হয় ।
হিমবাহবোৰ মাটি বা পাহাৰ-পৰ্বতৰ ঢাল অনুসৰি বৈ আহে । ঢাল কম থাকিলে ইয়াৰ গতিবেগো কমি যায় । আনহাতে হিমবাহৰ লগত অন্য বহুতো পদাৰ্থ, শিল, বালি, মাটি আদি পাহাৰৰ ওপৰৰ পৰা বৈ আহে । এইবোৰৰ উপস্থিতিয়েও হিমবাহৰ গতি ধীৰ কৰে ।
১২. হিমবাহ কেইপ্ৰকাৰৰ ? প্ৰত্যেকৰে বিষয়ে চমুকৈ লিখা ।
উত্তৰ : হিমবাহ প্ৰধানকৈ তিনি প্ৰকাৰৰ । যেনে -- মহাদেশীয় হিমবাহ, পাৰ্বত্য হিমবাহ বা আল্পীয় হিমবাহ বা উপত্যকা হিমবাহ আৰু গিৰিপদ বা শৈলপদী হিমবাহ ।
মহাদেশীয় হিমবাহ = এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে । উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কান্দিনেভিয়া, এণ্টাৰ্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে । এই হিমবাহবোৰে ভূ-পৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে ।
পাৰ্বত্য হিমবাহ = সুউচ্চ পৰ্বতৰ উচ্ছাংশত এই প্ৰকাৰৰ হিমবাহ দেখা যায় । প্ৰধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পাৰ্বত্য অঞ্চলত এই হিমবাহ বিদ্যমান । সাধাৰণতে পাৰ্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে । ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি ।
গিৰিপদ হিমবাহ = কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পাৰ্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে । গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপদ বা শৈলপদী হিমবাহ বোলে । উত্তৰ আমেৰিকাৰ আলাস্কাত এই প্ৰকাৰৰ হিমবাহ দেখা যায় ।
১৩. হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা ।
উত্তৰ : তলত হিমবাহ উপত্যকাৰ আকৃতি ছবি দেখুওৱা হ'ল ---
ছবি ।
১৪. ওলোমা উপত্যকা কি লিখা ।
উত্তৰ : সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে । মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ । উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ । য'ত আহি উপহিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে । সেয়ে উপহিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয় ।
১৫. গ্ৰাব কি ? ই কেইপ্ৰকাৰৰ ? চিত্ৰ আঁকি গ্ৰাবৰ অৱস্থান দেখুওৱা ।
উত্তৰ : কোনো উপত্যকাৰে হিমবাহ এটা নামি আহোতে ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থও কঢ়িয়াই আনে । সেইবোৰকে সামগ্ৰিকভাৱে গ্ৰাব বোলে । ই চাৰিপ্ৰকাৰৰ --- পাৰ্শ্বগ্ৰাব, ভূমিগ্ৰাব, মধ্যগ্ৰাব আৰু প্ৰান্ত গ্ৰাব ।
তলৰ চিত্ৰত গ্ৰাবৰ অৱস্থান দেখুওৱা হ'ল ---
১৬. গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া ।
উত্তৰ : গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ তলত উল্লেখ কৰা ধৰণৰ প্ৰভাৱ পেলাব ---
ক. হিমবাহবোৰ গলিবলৈ ধৰিব আৰু তাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব ।
খ. সাগৰ-মহাসাগৰৰ উপকূলৰ বহুতো অঞ্চল তথা নিম্নভূমিসমূহ পানীৰ তলত ডুব যাব ।
গ. সেইবোৰ অঞ্চলত উপলব্ধ মানৱ সভ্যতা আৰু জৈৱ বৈচিত্ৰ্য নিচিহ্ন হ'ব ।
ঘ. সাগৰ-মহাসাগৰ তথা বিশ্বৰ পাৰিপাৰ্শ্বিক অৱস্থাত ব্যাঘাত জন্মিব ।
ঙ. জলবায়ু সলনি হ'ব । ঠাই বিশেষে বৰষুণ কম-বেছি হ'ব ।
____________________