ভূ-আকৃতিক প্ৰক্ৰিয়া
দশম শ্ৰেণীৰ আধুনিক ভূগোল (elective) পাঠ্যপুথিৰ ১ নং পাঠৰ প্ৰশ্নোত্তৰ । অনুশীলনী : ১. স্থলাকৃতি বুলিলে কি বুজা ? উত্তৰ : বিভিন্ন আকাৰ-আকৃতিৰ অৱয়ৱে পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে । ভূ-পৃষ্ঠৰ এই অৱয়ৱবোৰকে স্থলাকৃতি বুলি কোৱা হয় । ২. ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া । উত্তৰ : ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰম বিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে । এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয় । ৩. ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা । উত্তৰ : স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়াই হৈছে ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ । ৪. বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা । উত্তৰ : বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি পৰে । ৫. অবনমন বুলিলে কি বুজা ? উত্তৰ : মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি-বালি, ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে । এনেদৰে কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াকে অবনম...