শিশুলীলা

নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা(নতুন)' পাঠ্যপুথিৰ ১ নং পাঠৰ প্ৰশ্নোত্তৰ । 

ভাব-বিষয়ক : 
১. অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : 
ক. 'কৃষ্ণগীত গাৱন্ত সুন্দৰী' ।।
          --- কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন ? 
উত্তৰ : কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা । 
খ. 'কৰ্ণত কুণ্ডল দোলে আতি ।' 
            --- কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে ? 
উত্তৰ : ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে । 
গ. 'কাম্পে কোপে অৰুণ অধৰ ।' 
         --- ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে ? 
উত্তৰ : ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে ।
ঘ. 'মথনিত ধৰিয়া নিষেধি' । 
        --- 'মথনি' শব্দৰ অৰ্থ কি ?
উত্তৰ : 'মথনি শব্দৰ অৰ্থ হ'ল "গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি । 
ঙ. 'নোজোড়ে আঙ্গুল দুই জৰী' --- ইয়াত কাৰ জৰীৰ নাটনি হৈছে ? 
উত্তৰ : ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে । 
চ. 'ৰুণ ঝুণ কেয়ূৰ কঙ্কণ' । 
     --- কাৰ কেয়ূৰ কঙ্কণৰ 'ৰূণ ঝুণ' শব্দৰ কথা ইয়াত কোৱা হৈছে ? 
উত্তৰ : ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ 'ৰুণ ঝুণ' শব্দৰ কথা কোৱা হৈছে । 
২. 'শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা । 
উত্তৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীৰ্তন ঘোষা'ৰ অন্তৰ্গত 'শিশুলীলা' পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায় । সাধাৰণ মানৱ শিাসুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে । মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে । মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি মাকৰ হাতত ধৰাও দিছে । শিশুলীলাৰ আখ্যানভাগত কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ । এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি । 
৩. শংকৰদেৱৰ মহত্ত্বম সৃষ্টি 'কীৰ্তন-ঘোষা'ৰ বিষয়ে এটি চমুটোকা লিখা । 
উত্তৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল 'কীৰ্তন-ঘোষা' । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্ত্তিত একশৰণ নাম ধৰ্মৰ মূলপুঠি । বিভিন্ন চন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুনানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত ৯টা অধ্যায় আছে । সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তি ৰসৰ ধাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে । 
৪. 'শিশুলীলা' পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা । 
উত্তৰ : 'শিশুলীলা' পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত 'কীৰ্তন ঘোষা'ৰ অন্তৰ্গত । ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি পূৰ্ণব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতু সাধাৰণ মানৱশিশু ৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে ।
    মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ 'শিশুলীলা' পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন । ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে । যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা মহা যোগীসকলে তপ-যপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে ; সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু সাধাৰণ মানৱী ৰূপত যশোদাই ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল । সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে । পৰমব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে । 
       ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত । সাংসাৰিক মায়া মোহৰ স্ৰষ্টা, কালৰ অধিকাৰী । সেইজন ভগৱান সৰ্বশক্তিমান । কেৱল ভকতিৰ কৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ । এয়াই হৈছে 'শিশুলীলা' পাঠটিৰ তাৎপৰ্য । 
৫. 'তাহাঙ্ক তনয় মানি বলে । 
      যশোদা বান্ধন্ত উডুখলে ।' --- কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা । 
উত্তৰ : উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 'শিশুলীলা' নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উড়ালত বান্ধি থোৱাৰ প্ৰয়াস কৰা কথা প্ৰকাশ কৰিছে । 
      যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত । ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল । মহা মহা যোগীসকলে বছৰ বছৰ ধৰি তপ-যপ কৰিও যিজনা ভগৱানক দৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল ; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰৰূপে লাভ কৰিছিল । নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থ'বলৈও প্ৰয়াস কৰিছিল । ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন । ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে । 
৬. 'নাহি আদি অন্ত পূৰ্বাপৰ । 
      পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ ॥' --- ইয়াত কবিয়ে শিশুকৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে । বুজাই লিখা । 
উত্তৰ : উক্ত কবিতাফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে । 
      ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল । শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল । মাকক কাম কৰিবলৈ নিদি আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱণু চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল । শিশুকৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু ৰছীৰে উড়লত বান্ধি থ'বলৈ প্ৰয়াস কৰিছিল । কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান । তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি । সেয়েহে যশোদাই তেওঁক বান্ধিব খোজোতে প্ৰতিবাৰতেই দুই আঙুল ৰছীৰ নাটনি হ'ল । অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেও যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে । সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেৱেই এই জগতৰ পৰম পুৰুষ । ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণব্ৰহ্ম অৱতাৰ । 
৭. ব্যাখ্যা কৰা । 
ক. যাক যোগী নাপাৱে ধ্যানত ।
       হেন হৰি পলান্ত ভয়ত ॥ 
উত্তৰ : উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'শিশুলীলা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 
      পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে । 
      শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান । ত্ৰিজগতৰ সৃষ্টিকৰ্তা । তেওঁক মহা মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে । কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে । কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগীয়াও হৈছিল । ই সম্ভৱত হৈছে কেৱল ভক্তিৰ বলত । ভগৱান ভক্তৰ অধীন । সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা উক্ত পদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে । 
খ. ভাণ্ড ভাঙ্গি আবে যাইবি কোথা ।
      খাইবো আজি কৃষ্ণ তোৰ মাথা ॥
উত্তৰ : উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'শিশুলীলা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 
       কবিতাফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱণুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে । 
        শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত উতলাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লৱণুৰ টেকেলিবোৰ ভাঙি মজিয়াত চটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে । যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে । পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে । 
গ. পাচে পাচে যশোদা খেদন্ত । 
       ভয়ে লাগ মাৱক নেদন্ত ॥ 
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'শিশুলীলা'ৰ পৰা তুলি দিয়া হৈছে । 
       পৰম ভক্ত যশোদাই  নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল । শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল । মাকৰ স্তনপান কৰিবলৈ নাপায় শিশুকৃষ্ণই দৈ, লৱণুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল । লৱণুবোৰ মজিয়াত চটিয়াইছিল আৰু নিজেও খাইছিল লগতে বান্দৰকো দিছিল । যশোদাই কৃষ্ণৰ কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল । মাকৰ খং দেখি কৃষ্ণই ভয়তে পলাইছিল । এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে । 
৮. 'শিশুলীলা' পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা । 
উত্তৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'কীৰ্তন-ঘোষা'ৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক । পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে । এফালে শিশু কৃষ্ণৰ দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱৎ ৰূপটোও আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই । 
       কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে । স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে । তেনেতে জুইত তুলি থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে । দধি, দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিচঁৰতি কৰিছে, বান্দৰকো দিছে । কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে । মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে । এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে । 
      আনহাতে, শ্ৰীকৃষ্ণ পৰম পুৰুষ ভগৱান । তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম । ভগৱান ভক্তৰ অধীন । ভকতৱৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে । কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে । মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি বা ৰছী কম হৈছে । এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই । 
৯. 'মহাকোপে কোঠা পশিলন্ত 
      সিঞ্চিৰাই লৱণু ভুজন্ত ॥' --- কোনে অতি খঙেৰে কোঠাত সোমাইছিল ? 
তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা । 
উত্তৰ : শিশু কৃষ্ণই খঙেৰে কোঠাত সোমাইছিল । 
     মাক যশোদাই দধি মথি থাকোতে শিশুকৃষ্ণই মাকৰ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল । তেনেকুৱা সময়তে যশোদাই জুইত তুলি থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল । মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণুবোৰ চাৰিওফালে সিচঁৰিত কৰিছিল । 
১০. কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা । 
উত্তৰ : কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল । ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল । মাকৰ ভাগৰত এনে অৱস্থা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল । 
ভাষা-বিষয়ক : 
১১. তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা । 
উত্তৰ : কৰ্ণ = কাণ 
অৰুণ = সূৰ্য 
দধি = দৈ 
বস্ত্ৰ = কাপোৰ 
বদন = মুখ 
লৱণু = মাখন 
কোপ = খং, ৰাগ 
দশন = দাঁত 
দুগ্ধ = গাখীৰ 
ঈশ্বৰ = ভগৱান । 
১২. তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা । 
উত্তৰ : তাহাঙ্ক = তেওঁক 
নোজোৰে = নাটে
খসি = খহি 
ৰহিল = ৰ'ল 
আসি = আহি 
ভৈলা = হ'ল 
আসন্ত = আহিছে 
শিলায়ে = শিলেৰে 
কাম্পে = কঁপে 
মাৱক = মাকক 
বসি = বহি 
প্ৰয়াসি = যত্ন কৰি 
খেদন্ত = খেদিলে । 
১৩. তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্দ্ধন্য 'ণ' আৰু মূৰ্দ্ধন্য 'ষ' হৈছে বুজাই লিখা । 
উত্তৰ : অৰুণ = 'ঋ', 'ৰ', 'ষ' আৰু 'ন' ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে 'ন' ৰ ঠাইত 'ণ' হৈছে ।
কৰ্ণ = 'ঋ', 'ৰ', 'ষ', 'ন' মাজত থাকিলে শেষৰ 'ন' 'ণ' হয় । 
ভাণ্ড = 'ট' বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে 'ন' 'ণ' হৈছে । 
নিষেধি = ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্ , সিচ্ , লস্ প্ৰভৃতি ধাতুৰ 'স' 'ষ' হয় ।
১৪. পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা । 
উত্তৰ : পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে । 


        ________________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই