পৃথিৱীৰ মানুহ

নৱম শ্ৰেণীৰ elective বিষয় ভূগোল পাঠ্যপুথিৰ দ্বিতীয় অধ্যায়ৰ প্ৰশ্নোত্তৰ । 
               অনুশীলনী
১. 'মানৱ ভূগোল'ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা । 
উত্তৰ : ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়,তাকে বহলভাৱে মানৱ ভূগোল (Human Geography) বোলে । 
       ইয়াৰ প্ৰধান শাখাবোৰ হ'ল ---- বসতি ভূগোল,সমাজ ভূগোল,অৰ্থনৈতিক ভূগোল,সাংস্কৃতিক ভূগোল,ৰাজনৈতিক ভূগোল,নগৰীয়  ভূগোল,জনসংখ্যা ভূগোল,স্বাস্থ্য ভূগোল,ঐতিহাসিক ভূগোল,আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল আদি । 
২. মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা । 
উত্তৰ : প্ৰাকৃতিক পৰিৱেশৰ বিভিন্নতা,জনসংখ্যাৰ তাৰতম্য আৰু মানুহৰ গুণাগুণৰ পাথৰ্ক্যৰ বাবে মানৱ-সৃষ্ট পৰিৱেশৰ বৈশিষ্ট্য পৃথিৱীৰ সকলো ঠাইতে একে নহয় । ভূগোল বিষয়টোৰ এটি অন্যতম প্ৰধান বিভাগ মানৱ ভূগোলৰ বিষয়বস্তুৰ ভিন্নতা আৰু প্ৰসাৰ লক্ষণীয় । সেয়ে ইয়াৰ বহু শাখা-প্ৰশাখাই গঢ় লৈ উঠিছে । এই সকলোবোৰ শাখা-প্ৰশাখাৰ অধ্যয়ন মানৱকেন্দ্ৰীক । সেয়ে পৃথিৱীৰ মানুহৰ গঠনকে ধৰি ইয়াৰ বৃদ্ধি,বিতৰণ,বৈশিষ্ট্য,কাৰ্যকলাপ আদি অধ্যয়ন কৰাটো অতি প্ৰয়োজন । 
৩. 'মানৱ জাতি' বুলিলে কি বুজা চমুকৈ লিখা । 
উত্তৰ : প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্ৰমে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে 'মানৱ জাতি' বা 'মানৱ গোষ্ঠী' বোলা হয় । 
৪. কি কি ভিত্তিত মানৱজাতিক বিভাজন কৰা হয় চমুকৈ লিখা । 
উত্তৰ : পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে -- চুলিৰ ধৰণ,উচ্চতা,লাক আৰু মুখৰ গঠনৰ পাৰ্থক্য দেখা যায় । এনে পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়েই  বহলভাৱে সমগ্ৰ পৃথিৱীৰ মানৱজাতিক বিভাজন কৰা হয় । 
৫. মানুহ আৰু মানৱজাতিৰ সৃষ্টি সম্পৰ্কে চমুকৈ আলোচনা কৰা । 
উত্তৰ : জীৱ বিজ্ঞানীৰ বিৱৰ্তনৰ সূত্ৰ অনুসৰি প্লিষ্ট'চিন যুগৰ প্ৰায় মাজভাগত (অৰ্থাৎ ৫-৬ লাখ বছৰ পূৰ্বে) জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশৰ বিৰাজ কৰা বাবে বান্দৰ,চিম্পাঞ্জী,গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হ'ম' চেপিয়েন নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল । জীৱ বিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল । পিছলৈ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিৱৰ্তনৰ বাবে পৃথিৱীৰ ভিন ভিন ঠাইত মানুহৰ গাৰ বৰণ,চুলিৰ গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্যবোৰৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছিল । 
৬. চুলি,নাক,মুখ,উচ্চতা,ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্যৰ অনুসৰি পৃথিৱীৰ মানুহক বিভক্ত কৰা । 
উত্তৰ : চুলি,নাক,মুখ,উচ্চতা,ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক তিনিটা ভাগত ভাগ কৰা হৈছে --- ক. ককেছীয়(Caucasoid),খ. নিগ্ৰ'ইড(Negroid) আৰু গ. মঙ্গোলীয়(Mongoloid) । 
৭. পৃথিৱীৰ প্ৰধান মানৱজাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 
উত্তৰ : পৃথিৱীৰ তিনিওটা প্ৰধান মানৱ গোষ্ঠীৰ দেহ,চুলি আদিৰ গঠন আৰু বৰণৰ ক্ষেত্ৰত দেখা পাৰ্থক্যসমূহেই হৈছে পৃথিৱীৰ প্ৰধান মানৱজাতি তিনিটাৰ বৈশিষ্ট্য । 
৮. পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয় ? 
উত্তৰ : পৃথিৱীৰ মানুহৰ সৃষ্টি কেতিয়া আৰু ক'ত প্ৰথমে হৈছিল সঠিকভাৱে কোৱাটো অতি কঠিন । কিন্তু আধুনিক পূৰাতত্ত্বৰ তথ্য অনুসৰি মানুহৰ আৰ্ৱিভাৱ হৈছিল পুৰণি পৃথিৱী খণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ অংশত কমেও এক লাখ বছৰ আগত । সেই সময়ত মানুহৰ দৈনিক গঠন তিনিওটা প্ৰধান মানৱ জাতিৰ সংমিশ্ৰিত ৰূপহে আছিল বুলি ধাৰণা কৰা হয় । এছিয়া মহাদেশক এই ক্ষেত্ৰত বৰ্তমান গৌণ স্থান বুলি ধৰা হয় । 
৯. পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি কি ? এই ধৰ্মসমূহৰ জনসংখ্যাকে ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা । 
উত্তৰ : জনসংখ্যা হিচাপে খ্ৰীষ্টান,ইছলাম,হিন্দু আৰু বৌদ্ধ ধৰ্মক পৃথিৱীৰ প্ৰধান ধৰ্ম বুলিব পাৰি । বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ লোকেই এই চাৰিটা ধৰ্মৰ অন্তৰ্গত । বাকী থকা ২৫ শতাংশ লোক শিখ,জৈন,লোকধৰ্ম,বৈষ্ণৱ আদি ধৰ্মৰ বিশ্বাসী । 
      হিন্দুই হ'ল সমগ্ৰ পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম । সিন্ধু নদীৰ পূবত অৱস্থিত বিশাল ভাৰতবৰ্ষই হ'ল হিন্দু ধৰ্মৰ জন্মভূমি । হিন্দু ধৰ্ম বহু দেৱ-দেৱীৰ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত । হিন্দু ধৰ্মৰ মূল গ্ৰন্থখন হ'ল বেদ । 
      আজিৰ পৰা প্ৰায় ১৪০০ বছৰ পূৰ্বে মধ্য-প্ৰাচ্যৰ মৰুভূমি অঞ্চলতে ইছলাম ধৰ্মৰ জন্ম হৈছিল । চিয়া আৰু চুন্নী হ'ল ইছলাম ধৰ্মাৱলম্বী লোকৰ দুটা প্ৰধান ভাগ । বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম হিচাপে ২০০৬ বৰ্ষৰ তথ্যমতে ইয়াৰ মুঠ জনসংখ্যা ১৩৫ কোটি,অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২১ শতাংশ । 
       আজিৰ পৰা দুহেজাৰ বছৰ পূৰ্বে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আৰ্ৱিভাৱ হৈছিল । ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ ২১৩ কোটি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে বসবাস কৰে । 
      আজিৰ পৰা ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল । পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ বৌদ্ধধৰ্মী । ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ পৃথিৱীত ৩৮ কোটি বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে । 
১০. ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ্মীয় গাঁথনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা । 
উত্তৰ : পৃথিৱীৰ প্ৰধান ধৰ্মসমূহৰ জন্মভূমি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ সেই ধৰ্মাৱলম্বী লোকৰ ঘনত্ব যথেষ্ট বেছি কিন্তু জনপ্ৰব্ৰজনৰ বাবে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বিভিন্ন ধৰ্মাৱলম্বী লোক পোৱা যায় । এই ক্ষেত্ৰত অৱশ্যে খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰ অধিক । কাৰণ জনজাতীয় লোক সকলকে ধৰি সমগ্ৰ পৃথিৱীতে বিভিন্ন ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ঘটি থকা ধৰ্মান্তৰণ অতি বেছি । পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ পশ্চিমৰ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা ইউৰোপ,এছিয়াৰ কিছু অংশ,আফ্ৰিকাৰ দক্ষিণ অংশ আৰু ওচেনিয়ালৈকে বিস্তৃত ।  
     ভাৰতবৰ্ষ এখন যদিও হিন্দু প্ৰধান ৰাষ্ট্ৰ,তথাপি ইয়াত অন্য বিভিন্ন ধৰ্মৰ লোকেও বাস কৰে । অসমখনো বহু ধৰ্মাৱলম্বী লোকৰ বাসভূমি । ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৬৮.৯ শতাংশ হিন্দু,৩০.৯ শতাংশ ইছলাম,৩.৭ শতাংশ খ্ৰীষ্টান,০.২ শতাংশ বৌদ্ধ,০.১ শতাংশ শিখ আৰু ০.১ শতাংশ জৈন ধৰ্মাৱলম্বী । 
১১. চমুটোকা লিখা : 
ক. মানুহ আৰু মানৱ ভূগোল । 
উত্তৰ : জীৱ বিজ্ঞানীৰ বিৱৰ্তনৰ সূত্ৰ অনুসৰি প্লিষ্ট'চিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ,চিম্পাঞ্জী,গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হ'ম চেপিয়েন নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল । 
     আনহাতে ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে । 
খ. মানৱ জাতি । 
উত্তৰ : জীৱবিজ্ঞানী নৃতত্ত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল । পিছলৈ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিৱৰ্তনৰ বাবে পৄথিৱীৰ ভিন ভিন ঠাইত মানুহৰ গাৰ বৰণ, চুলিৰ গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্যবোৰৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছিল । পৃথিৱীৰ প্ৰধান মানৱ জাতিক তিনিটা ভাগত ভগাব পাৰি --- ক. ককেছীয়, খ. নিগ্ৰ'ইড আৰু গ. মংগোলীয় । 
গ. নিগ্ৰ'ইড গোষ্ঠী । 
উত্তৰ : নিগ্ৰ'ইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশ,এছিয়া মহাদেশ,দক্ষিণ ভাৰত,শ্ৰীলংকা,দক্ষিণ-পূব এছিয়াৰ কিছু অংশত বা ঠাইত বাস কৰে । এই লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ ক'লা বা বাদামী-ক'লা বৰণৰ , চুলিবোৰ কেকোঁৰা আৰু নাকটো বহল আৰু চেপেটা । তেওঁলোকৰ বেছিভাগেই যথেষ্ট ওখ হয় । 
ঘ. ধৰ্মীয় গাঁথনি । 
উত্তৰ : পৃথিৱীৰ বেছিভাগ মানুহেই একো একোটা বিশ্বাসৰ বশৱৰ্তী হৈ পৰিচালিত হয়, জীৱন-নিৰ্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে যিবোৰ ধৰা-বন্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকে সাধাৰণ অৰ্থত ধৰ্ম বোলা হয় । পৃথিৱীত বহু ধৰ্মাৱলম্বী লোকে বাস কৰে । ইয়াৰ ভিতৰত হিন্দু,খ্ৰীষ্টান আদি উল্লেখযোগ্য । 
ঙ. বৌদ্ধ ধৰ্ম । 
উত্তৰ : আজিৰ পৰা ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত গৌতম বুদ্ধৰ নেতৃত্বত হিন্দু ধৰ্মৰ কিছু সংস্কাৰ সাধান কৰি ধৰ্মৰ জন্ম হৈছিল । অন্য ধৰ্মৰ দৰে বৌদ্ধ ধৰ্মৰো প্ৰধানকৈ দুটা ভাগ আছে --- হিনায়ন আৰু মহায়ন । পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ বৌদ্ধধৰ্মী । 
চ. ভাৰতবৰ্ষত খৃষ্টানধৰ্মীয় লোক । 
উত্তৰ : আজিৰ পৰা দুহেজাৰ বছৰ পূৰ্বে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আৰ্ৱিভাৱ হৈছিল । এই ধৰ্মৰ প্ৰধানকৈ দুটা ভাগ আছে --- ৰোমান কেৰ্থালিক আৰু প্ৰোটেষ্ট্ৰেট ভাৰতবৰ্ষ খ্ৰীষ্টান ধৰ্মী সংখ্যা ২.৩ শতাংশ । 
১২. শুদ্ধ উত্তৰটো বাছি উলিওৱা : 
ক. পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল ? 
i. ৫-৬ লাখ বছৰ পূৰ্বে 
ii. ১-২ লাখ বছৰ পূৰ্বে 
iii. ৫০-৬০ লাখ বছৰ পূৰ্বে
iv. ১০-১২ লাখ বছৰ পূৰ্বে 
উত্তৰ : i. ৫-৬ লাখ বছৰ পূৰ্বে । 
খ. জনসংখ্যাৰ হিচাপে পৃথিৱীৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীটো কি ? 
i. ইছলাম ধৰ্ম 
ii. হিন্দু ধৰ্ম 
iii. খ্ৰীষ্টান ধৰ্ম 
iv. চীনদেশীয় লোক ধৰ্ম । 
উত্তৰ : iii. খ্ৰীষ্টান ধৰ্ম । 
গ. মানুহৰ সৃষ্টি প্ৰথমে কোন মহাদেশত হৈছিল ? 
i. এছিয়া মহাদেশ 
ii. আফ্ৰিকা মহাদেশ 
iii. ইউৰোপ মহাদেশ 
iv. ওচেনিয়া মহাদেশ 
উত্তৰ : ii. আফ্ৰিকা মহাদেশ । 
ঘ. চীনদেশৰ লোকসকল কোন মানৱগোষ্ঠীৰ অন্তৰ্গত ? 
i. ককেছীয় গোষ্ঠী
ii. নিগ্ৰ'ইড গোষ্ঠী
iii. মঙ্গোলীয় গোষ্ঠী 
iv. অষ্ট্ৰেল'ইড গোষ্ঠী 
উত্তৰ : iii. মঙ্গোলীয় গোষ্ঠী । 

     _____________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

ধৰ ঝাড়ু ধৰ ভাই