ভাৰতবৰ্ষৰ ভূগোল
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোল খণ্ডৰ ৩ নং পাঠ (তৃতীয় অধ্যায়) ৰ প্ৰশ্নোত্তৰ ।
অনুশীলনী
১. ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা ।
উত্তৰ : ভাৰতবৰ্ষ পৃথিৱীৰ এখন বিশাল দেশ । ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত আৰু এছিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত । ইয়াৰে উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ । দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা । পূৱে বংগোপসাগৰ আৰু ম্যানমাৰ । পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান । ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত । উত্তৰা-দক্ষিণাকৈ ভাৰতবৰ্ষ প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ২,৯৩৯ কিলোমিটাৰ । ভাৰতবৰ্ষ ৮°৪২৮ উত্তৰ অক্ষাংশৰ পৰা ৩৭°১৭৫৩ উত্তৰ অক্ষৰেখা আৰু ৬৮°৭৩৩ পূৱৰ পৰা ৯৭°২৪৪৭ পূৱ দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত । ভাৰতবৰ্ষৰ সোঁমাজেদি ২৩°৩০´, কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে ।
২. ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান ?
উত্তৰ : ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য ৬,১০০ কিলোমিটাৰ ।
৩. ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান ?
উত্তৰ : ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য ১৫,২০০ কিলোমিটাৰ ।
৪. ভাৰতৰ ভূ-খণ্ড সম্পৰ্কে এটি চমুটোকা লিখা ।
উত্তৰ : ভাৰতবৰ্ষ এখন বিশাল দেশ । মাটিকালিৰ দিশৰ পৰা ই পৃথিৱীৰ সপ্তম স্থানত আছে । পৃথিৱীৰ মাটিকালিৰ মুঠ ২.৪ শতাংশ ভাৰতবৰ্ষই আগুৰি আছে । ইয়াৰ উত্তৰত সুউচ্চ পৰ্বতমালা । দক্ষিণে আৰাৱলী, বিন্ধ্য, পূৰ্বঘাট, পশ্চিমঘাট আদি পৰ্বতশ্ৰেণী আছে । দক্ষিণ ভাৰতত বিৰাট মালভূমি আছে । ইয়াৰ ভূ-ভাগৰ মাজেদি বৈ যোৱা কেইবাখনো ডাঙৰ ডাঙৰ নদী যেনে ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু আদিয়ে সমভূমিৰ সৃষ্টি কৰিছে । ভাৰতৰ পশ্চিম অংশৰ ৰাজস্থানত থৰ মৰুভূমি আছে ।
৫. উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা ।
উত্তৰ : উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত বৈশিষ্ট্যগত কিছুমান পাৰ্থক্য আছে ।
ক. উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহা বাবে গোটেই বছৰ পানী থাকে । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা ওলাই অহা বাবে খৰালি কালত পানী প্ৰায় নাথাকেই ।
খ. উত্তৰ ভাৰতৰ নদীবোৰে সঘনাই সুতি সলাই থাকে । ইয়াৰ প্লাৱনভূমি বহল । আনহাতে দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হোৱা বাবে মালভূমিৰ কঠিন শিলাময় ঠাইৰ মাজেদি নিৰ্দিষ্ট গতিপথেৰে বৈ আছে । এইবোৰে সুতি নসলায় । ইয়াৰ প্লাৱনভূমি ঠেক ।
গ. উত্তৰ ভাৰতৰ নদীবোৰৰ উচ্চ গতি, মধ্য গতি আৰু নিম্নগতি আছে । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ এনে গতি দেখা নাযায় ।
ঘ. উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু বহুদূৰ সমতলৰ মাজেদি বৈ যোৱা বাবে ধীৰ আৰু নাব্য । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা ঠেক আৰু নাব্য নহয় ।
৬. ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি ?
উত্তৰ : ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ প্ৰধানকৈ চাৰিটা, যেনে --
ক. উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল,
খ. উত্তৰ ভাৰতৰ সমভূমি অঞ্চল,
গ. দাক্ষিণাত্য মালভূমি অঞ্চল,
ঘ. উপকূল অঞ্চল ।
৭. উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : ভাৰতৰ উত্তৰে বিশাল হিমালয় পাৰ্বত্য অঞ্চল । ই পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ পৰ্বতশ্ৰেণী । ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূৱ সীমা পৰ্যন্ত পূবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে । ই প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু ২৪০ কিলোমিটাৰৰ পৰা ৫০০ কিলোমিটাৰ বহল । ইয়াৰ মাটিকালি প্ৰায় ৫০০,০০০ বৰ্গ কিলোমিটাৰ । ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ৮০০০ মিটাৰৰো অধিক । হিমালয় পাৰ্বত্য অঞ্চল প্ৰায় বৰফময় । ইয়াৰ উচ্চ শিখৰবোৰ গোটেই বছৰ বৰফেৰে আবৃত হৈ থাকে । সমান্তৰালভাৱে পূবা-পশ্চিমাকৈ হিমালয় পৰ্বতশ্ৰেণীক তিনি শাৰীত বিভক্ত কৰা হৈছে । যেনে, উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় ।
৮. উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল । পূৱে অসমৰ পৰা পশচিমে পাকিস্তানৰ সীমালৈকে ই প্ৰায় ২,৪০০ কিলোমিটাৰ বিস্তৃত । ইয়াক প্ৰধানকৈ সিন্ধু, গঙ্গা, ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কোৱা হয় । সিন্ধু-গঙ্গা সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৩২০ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত । ব্ৰহ্মপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে ৮০ কিলোমিটাৰ । উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৱে মুঠতে ৭,০০,০০০ কিলোমিটাৰ আগুৰি আছে ।
৯. দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে দাক্ষিণাত্য মালভূমি অঞ্চল অৱস্থিত । ইয়াৰ আকৃতি ত্ৰিভূজৰ দৰে । ই কঠিন শিলাৰে গঠিত । দাক্ষিণাত্য মালভূমিটো উত্তৰৰ মালৱা মালভূমি, উত্তৰ-পূৱৰ ছোটনাগপুৰ মালভূমিক লৈ গঠিত হৈছে । বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমিটোক উত্তৰ আৰু দক্ষিণ এই দুটা ভাগত ভাগ কৰিছে । এই মালভূমিটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পৰ্বত আৰু পূৱ সীমাত আছে পূৰ্বঘাট পৰ্বতশ্ৰেণী ।
১০. উপকূল অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : ভাৰতৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূৱ আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত । সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত । ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক । এই উপকূল অঞ্চলক পূৱ আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি । পূৱ উপকূলটো বংগোপসাগৰ আৰু পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত । ই গংগা নদীৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত । পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত ।
১১. ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত এখন বিশাল দেশ । ইয়াৰ জলবায়ুও অঞ্চলভেদে ভিন ভিন । ভাৰতৰ সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে । ইয়াৰ উত্তৰ অংশ সমমণ্ডল আৰু দক্ষিণ অংশ গ্ৰীষ্ম প্ৰধান বুলি ক'ব পাৰি । ভাৰতবৰ্ষৰ ভূ-খণ্ড সৰু-বৰ পাহাৰ-পৰ্বত, মালভূমি, সমভূমি, মৰুভূমি আদিৰে গঠিত । উচ্চতাৰ পাৰ্থক্যৰ বাবে ইয়াৰ জলবায়ু, উত্তাপ, বৰষুণ আদি কম-বেছি হয় । হিমালয় পৰ্বতমালাই চেঁচা বতাহক বাধা দি শীতৰ পৰা ৰক্ষা কৰে । দক্ষিণ ভাৰত গ্ৰীষ্মমণ্ডলত পৰিছে যদিও ইয়াৰ ভূ-প্ৰকৃতি দাক্ষিণাত্য মালভূমিয়ে নিৰ্ধাৰণ কৰে । ইয়াৰ জলবায়ু প্ৰায় মৃদু ।
১২. ভাৰতত মৌচুমী বতাহৰ প্ৰভাব সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰ : ভাৰতবৰ্ষ এখন মৌচুমী প্ৰধান দেশ । ভাৰতৰ জলবায়ু, বতৰ আৰু কৃষিৰ ক্ষেত্ৰত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট । গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে আৰৱ সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি প্ৰথমে পশ্চিমঘাট পৰ্বতত বাধা পাই প্ৰচুৰ বৰষুণ দিয়ে । ই কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ দিয়ে । এই মৌচুমী বতাহৰ এটা অংশ পশ্চিমঘাট পৰ্বত পাৰ হৈ বংগোপসাগৰৰ ওপৰেদি আহি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় পৰ্বতমালাত বাধা পাই প্ৰচুৰ বৰষুণ দিয়ে । মৌচুমী বতাহৰ প্ৰভাৱত মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি ১,২৫০ ছেণ্টিমিটাৰ বৰষুণ হয় । আকৌ শীতকালত উত্তৰ-পূৱ মৌচুমী বতাহ হিমালয় অঞ্চল পাৰ হৈ ভাৰতবৰ্ষত সোমায় । এই বতাহ বংগোপসাগৰৰ মাজেদি অগ্ৰসৰ হৈ জলীয় ভাপ আহৰণ কৰি পূৰ্বঘাট পৰ্বতত ঠেকা খাই কৰমণ্ডল উপকূলত বৰষুণ দিয়ে ।
১৩. ভাৰতৰ উদ্ভিদসমূহক কেইটা ভাগত ভগোৱা হৈছে লিখা ।
উত্তৰ : বিশাল ভাৰতবৰ্ষৰ জলবায়ু আৰু মাটিৰ গুণাগুণ ভিন ভিন হোৱা বাবে ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ জন্মে । দেশখনৰ উদ্ভিদসমূহক মুঠতে ছয় ভাগত ভাগ কৰিব পাৰি । যেনে -
ক. চিৰসেউজীয়া উদ্ভিদ ।
খ. মৌচুমীয় উদ্ভিদ ।
গ. কাঁইটীয়া মৰু উদ্ভিদ ।
ঘ. তৃণজাতীয় উদ্ভিদ ।
ঙ. ব-দ্বীপীয় উদ্ভিদ ।
চ. পাৰ্বত্য উদ্ভিদ ।
১৪. ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি ?
উত্তৰ : সাধাৰণতে যি অঞ্চলত বৰষুণৰ পৰিমাণ বছৰি ২০০ ছেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫০ ৰ পৰা ২৭০ চেণ্টিগ্ৰেডৰ ভিতৰত তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ প্ৰচুৰ পৰিমাণে জন্মে । ভাৰত মৌচুমী বতাহৰ দেশ হোৱা বাবে ভাৰতৰ বহু অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয় ফলত ভাৰতত প্ৰচুৰ পৰিমাণে চিৰসেউজীয়া উদ্ভিদ জন্মে । চিৰসেউজীয়া উদ্ভিদৰ পাত নসৰে । ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ ভিতৰত বহু মূল্যৱান বৃক্ষ জাতীয় গছ, যেনে - শিশু, শাল, ৰবৰ, চন্দন আদি প্ৰচুৰ পৰিমাণে দেখা যায় ।অসম, মণিপুৰ, মিজোৰাম, মেঘালয়, হিমালয়ৰ নামনি অঞ্চল, পশ্চিনঘাট পৰ্বতৰ পশ্চিম ঢাল, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদিত প্ৰচুৰ পৰিমাণে চিৰসেউজীয়া উদ্ভিদ উৎপন্ন হয় ।
১৫. ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : ভাৰতত যথেষ্ট পৰিমাণে পাৰ্বত্য অঞ্চল আছে । সেই অঞ্চলবোৰত নানান ধৰণৰ উদ্ভিদ দেখা পোৱা যায় । অৱশ্যে পাহাৰৰ উচ্চতা, পৰ্বতৰ ঢাল, বৰষুণৰ পৰিমাণ, উত্তাপ আদিৰ ওপৰত উদ্ভিদৰ ভিন্নতা নিৰ্ভৰ কৰে । ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল -
ক. ভাৰতৰ যি অঞ্চল গড়ে ১০০০ মিটাৰ উচ্চতাৰ আৰু মৌচুমী বায়ুৰ দ্বাৰা প্ৰভাৱিত তেনে অঞ্চলত মূল্যৱান শাল গছকে ধৰি নানান ধৰণৰ বাঁহজাতীয় উদ্ভিদ জন্মা দেখা যায় । বিশেষকৈ অসম, অৰুণাচল প্ৰদেশ, হিমালয়ৰ পাদদেশত এনেবোৰ গছ-গছনি প্ৰচুৰ পৰিমাণে জন্মে ।
খ. যিবোৰ অঞ্চল ১০০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতা সম্পন্ন তেনে অঞ্চলসমূহত বহল পাতৰ ওখ আৰু সৰল জাতীয় চিৰসেউজীয়া গছ দেখিবলৈ পোৱা যায় । ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত তেনে সৰল গছ প্ৰচুৰ পৰিমাণে উৎপন্ন হয় ।
গ. ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত দেৱদাৰু জাতীয় সৰল গছৰ অৰণ্য দেখিবলৈ পোৱা যায় । ভাৰতৰ কাশ্মীৰ, হিমাচল প্ৰদেশ, দাৰ্জিলিং, ছিকিম আদি অঞ্চলত এনে গছ উভৈনদীকৈ উৎপন্ন হয় ।
১৬. ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান ? ইয়াৰ ঘনত্ব কিমান ?
উত্তৰ : জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ স্থান পৃথিৱীত দ্বিতীয় । চীনদেশৰ পিছতেই ভাৰতৰ স্থান । ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ১,২১,০১,৯৩,৪২২ জন । ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন ।
১৭. জনপ্ৰব্ৰজন কেইপ্ৰকাৰ আৰু কি কি ?
উত্তৰ : জনপ্ৰব্ৰজন প্ৰধানকৈ দুইভাগত ভাগ কৰা হৈছে । যেনে - আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন আৰু আভ্যন্তৰীণ প্ৰব্ৰজন ।
১৮. জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে ?
উত্তৰ : ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ এখন সুন্দৰ আৰু বৈচিত্ৰ্যময় দেশ । এই দেশৰ প্ৰতি প্ৰাচীন কালৰ পৰাই বিদেশী লোকৰ কৌতুহল আছে । গতিকে ইতিহাসৰ ভিন ভিন সময়ত ভাৰতলৈ পৃথিৱীৰ ভিন ভিন দেশ বা অঞ্চলৰ পৰা ভিন ভিন জাতিৰ মানুহৰ প্ৰব্ৰজন ঘটিছে । এই প্ৰব্ৰজন বৰ্তমানেও ঘটি আছে । সাধাৰণতে বাংলাদেশ, নেপাল, ভূটান, পাকিস্তান, আফগানিস্তান আদি দেশৰ পৰা কম-বেছি পৰিমাণে ভাৰতলৈ প্ৰব্ৰজন ঘটি ভাৰতৰ জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাই দেশখনত জনবিস্ফোৰণ ঘটাইছে । অৱশ্যে জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ সমাজ আৰু সাংস্কৃতিক দিশত বৈচিত্ৰ্যতাও বৃদ্ধি পাই ভাৰতবৰ্ষ বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় লাভ কৰিছে ।
১৯. ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্টযতসমূহ লিখা ।
উত্তৰ : ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ'ল -
ক. ভাৰতৰ অৰ্থনীতি কৃষিপ্ৰধান ।
খ. জনমূৰি আয় নিম্ন ।
গ. দৰিদ্ৰতা ।
ঘ. জনমূৰি আয় বৃদ্ধি মন্থৰ ।
ঙ. বৰ্ধিত নিবনুৱা সমস্যা ।
চ. পৰিকল্পনা ভিত্তিক উন্নয়ন ।
২০. ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা কি কি ?
উত্তৰ : ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা ৭ খন । যেনে -
ক. দিল্লী
খ. চণ্ডীগড়
গ. আন্দামান নিকোবৰ দ্বীপপুঞ্জ
ঘ. দাদ্ৰা আৰু নগৰ হাভেলী
ঙ. ডমন আৰু ডিউ
চ.পণ্ডিচেৰী
ছ. লাক্ষাদ্বীপ ।
২১. ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা ।
উত্তৰ : ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা ২৯ খন । সেইকেইখনৰ নাম ক্ৰমে - অন্ধ্ৰপ্ৰদেশ, অৰুনবাচল প্ৰদেশ, অসম, বিহাৰ, চত্তিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰেলা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা, পঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিমবংগ ।
২২. ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি ? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান ?
উত্তৰ : ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম তেলেঙ্গেনা । ইয়াৰ মাটিকালি ১,১৪,৮৪০ বৰ্গ কিলোমিটাৰ ।
_______________