কলা
নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৬ নং পাঠৰ প্ৰশ্নোত্তৰ । 

অনুশীলনী
১. 'কলা'ৰ সংজ্ঞা দিয়া ।
উত্তৰ : জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া অনবৰতে চলি থাকে । এনেকুৱা জৈৱিক ক্ৰিয়াবোৰ কৰিবলৈ একে গঠন আৰু আকৃতি বিশিষ্ট কোষবোৰে একগোট হৈ কলাৰ সৃষ্টি কৰে ।
এতেকে, একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে । উদাহৰণস্বৰূপে, পেশী কলা, স্নায়ু কলা ইত্যাদি ।
২. কি কি উপাদানেৰে জাইলেম কলা গঠিত ? সেইবোৰৰ নাম উল্লেখ কৰা ।
উত্তৰ : জাইলেম কলা ট্ৰেকাইড নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্তুৰ দ্বাৰা গঠন হয় । এই আটাইবোৰ কোষৰ কোষবেৰখন ডাঠ আৰু প্ৰায়বোৰ কোষেই মৃত ।
৩. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক ?
উত্তৰ : সৰল স্থায়ী আৰু জটিল স্থায়ী মাত্ৰ এইটো কাৰণেই পৃথক যে সৰল কলাবোৰে একে আকৃতি আৰু গঠনৰ একেবিধ কোষেৰে গঠিত । ইয়াত প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই । যেনে, পেৰেণকাইমা, ক'লেণকাইমা ইত্যাদি । আনহাতে জটিল স্থায়ী কলাবোৰে কেইবাপ্ৰকাৰৰ কোষেৰে গঠিত । যেনে, জাইলেম স্থায়ী কলাবোৰ ট্ৰেকাইড নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্তুৰে গঠিত ।
৪. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক'লেণকাইমা, স্ক্লেৰেণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা ।
উত্তৰ : পেৰেণকাইমা : কোষবেৰ পাতল আৰু চেলুল'জেৰে গঠিত ।
ক'লেণকাইমা : কোষবেৰ ডাঠ হয় আৰু কোষ মধ্যৱৰ্তী স্থান একেবাৰে কম বা নাথাকেই ।
স্ক্লেৰেণকাইমা : কোষবেৰ ডাঠ হয় কাৰণ ইয়াত লিগনিন নামৰ এবিধ পদাৰ্থ পোৱা যায় ।
৫. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি ?
উত্তৰ : পত্ৰৰন্ধ্ৰই উদ্ভিদৰ বাষ্পমোচনত সহায় কৰে । উদ্ভিদৰ আভ্যন্তৰৰ পৰা বাষ্প আকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়াক বাষ্পমোচন বুলি কোৱা হয় । পত্ৰৰন্ধ্ৰ বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানৰ বাবে প্ৰয়োজন ।
৬. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?
উত্তৰ : প্ৰাণীদেহৰ চলন কাৰ্যৰ লগত জড়িত থকা কলাসমূহ হ'ল পেশীকলা । পেশীকলাসমূহ কিছুমান দীঘলীয়া কোষেৰে গঠিত, এইবোৰ পেশী তন্ত্ৰ বুলি কোৱা হয় । পেশীকলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে । এই কলাবোৰত বহুত সংকোচনশীল প্ৰ'টিন থাকে, যাৰ ফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন হয় । কিছুমান পেশী আমি ইচ্ছামতে সঞ্চালন কৰিব পাৰো আৰু আন কিছুমান আমি নিজৰ ইচ্ছামতে সঞ্চলন কৰিব নোৱাৰো । যিবোৰ পেশীকলা আমি নিজৰ ইচ্ছামতে সঞ্চালন (সংকোচন আৰু প্ৰসাৰণ) কৰিব পাৰো, তাক ঐচ্ছিক পেশী বোলে । এই পেশীসমূহ অন্তকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীটোৰ চলনত সহায় কৰে ।
৭. স্নায়ুকোষ (Neuron) দেখাত কেনেকুৱা হয় ?
উত্তৰ :
স্নায়ুকোষ (Neuron) ৰ গঠন
নিউৰন প্ৰধানতঃ কোষদেহ আৰু স্নায়ুপ্ৰবৰ্ধৰ দ্বাৰা গঠিত । দেহকোষৰ পৰা এডাল দীঘল, নলীকাসদৃশ চাইট'প্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায় । ইয়াক এক্সন বোলে । ইয়াৰ উপৰি দেহকোষৰ পৰা কিছুমান চুটি আৰু শাখা-প্ৰশাখাযুক্ত স্নায়ুপ্ৰবৰ্ধ ওলায় । এইবোৰক ডেনড্ৰাইট বোলে । এটা নিউৰন প্ৰায় ১ মিটাৰ পৰ্যন্ত দীঘল হয় ।
৮. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ : হৃদপেশীৰ তিনিটা বৈশিষ্ট্য --
ক. হৃদপেশীবোৰ অনৈচ্ছিক কলা ।
খ. ইহঁতৰ তন্তুবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰ যুক্ত ।
গ. হৃদপেশীবোৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ।
৯. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি ?
উত্তৰ : এৰিওলাৰ কলাৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ'ল --
ক. এৰিওলাৰ কলাবিলাকে আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰে ।
খ. ইহঁতে কলাৰ ক্ষত অংশত মেৰামতি কৰে ।
১০. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্তুসমূহৰ মাজত পাৰ্থক্য দেখুওৱা ।
উত্তৰ :
বিভিন্ন প্ৰকাৰৰ পেশী তন্তুসমূহ
a. ৰেখিত পেশী
b. অৰেখিত মসৃণ পেশী ।
১১. হৃদপেশীসমূহৰ বিশেষ কাম কি ?
উত্তৰ : হৃদপেশীসমূহ হৃদযন্ত্ৰত পুৱা যায় । ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট চুঙাকৃতিৰ আৰু একে কোষকেন্দ্ৰযুক্ত । ই একপ্ৰকাৰৰ অনৈচ্ছিক পেশী । হৃদপেশীসমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ফলত আমাৰ শৰীৰত ৰক্ত সঞ্চালন হয় ।
১২. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা ।
উত্তৰ : গঠনৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল ---
ৰেখিত পেশী :
ক. ৰেখিত পেশীৰ কোষবিলাক দীঘলীয়া, চুঙাকৃতিৰ ।
খ. ৰেখিত পেশীৰ কোষবিলাক শাখাহীন ।
গ. ৰেখিত পেষীৰ কোষবিলাক বহু কোষকেন্দ্ৰ যুক্ত ।
ঘ. ৰেখিত পেশীসমূহত কিছুমান অনুপ্ৰস্থ স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে ।
অৰেখিত পেশী :
ক. অৰেখিত পেশীৰ কোষবিলাক দীঘল, মাকোসদৃশ ।
খ. অৰেখিত পেশীৰ কোষবিলাক শাখাহীন ।
গ. অৰেখিত পেশীৰ কোষবিলাক এক কোষকেন্দ্ৰ যুক্ত ।
ঘ. অৰেখিত পেশীসমূহত অনুপ্ৰস্থ ৰেখা নাথাকে ।
হৃদপেশী :
ক. হৃদপেশীৰ কোষবিলাক চুঙাকৃতিৰ ।
খ. হৃদপেশীৰ কোষবিলাক শাখা বিশিষ্ট ।
গ. হৃদপেশীৰ কোষবিলাক এক কোষকেন্দ্ৰ যুক্ত ।
ঘ. হৃদপেশীসমূহত অস্বচ্ছ পটি থাকে ।
অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল --
ৰেখিত পেশী :
ৰেখিত পেশীবিলাক হাত, ভৰি, জিভা আদিত পোৱা যায় ।
অৰেখিত পেশী :
অৰেখিত পেশীবিলাক চকুৰ আইৰিছ, জৰায়ু, হাওঁফাওঁৰ ব্ৰংকাই আদিত পোৱা যায় ।
হৃদপেশী :
হৃদপেশী হৃদযন্ত্ৰত পোৱা যায় ।
১৩. এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা ।
উত্তৰ : উক্ত চিত্ৰটো ৭ নং প্ৰশ্নৰ আঁকি থোৱা আছে । সেইটো চাই আঁকিব পাৰিব ।
১৪. তলত দিয়া কলাসমূহৰ নাম লিখা :
a. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?
উত্তৰ : সৰল ছুটীয়া আচ্ছাদক কলা (Simple Squamous Epithelium) ।
b. পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে ?
উত্তৰ : টেণ্ডন (Tendon) সংযোজক কলাই পেশী আৰু অস্থিক সংযোগ কৰে ।
c. উদ্ভিদত কি কলাৰে খাদ্য পৰিৱহণ কৰে ?
উত্তৰ : উদ্ভিদত ফ্লোৱেম কলাৰে খাদ্য পৰিৱহণ কৰে ।
d. আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি ?
উত্তৰ : আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম হৈছে মেদকলা ।
e. জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি ?
উত্তৰ : জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম তেজ ।
f. মস্তিষ্কত কি কলা থাকে ?
উত্তৰ : মস্তিষ্কত স্নায়ুকলা থাকে ।
১৫. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?
উত্তৰ : সৰল ছুটিয়া আচ্ছাদক কলাৰে ।
১৬. তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা :
উত্তৰ : ছাল = আচ্ছাদক কলা ।
অস্থি = অস্থিৰ কলা ।
বৃক্কৰ আৱৰণ = ঘনাকাৰ আচ্ছাদক কলা ।
__________________