কলা
নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৬ নং পাঠৰ প্ৰশ্নোত্তৰ । অনুশীলনী ১. 'কলা'ৰ সংজ্ঞা দিয়া । উত্তৰ : জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া অনবৰতে চলি থাকে । এনেকুৱা জৈৱিক ক্ৰিয়াবোৰ কৰিবলৈ একে গঠন আৰু আকৃতি বিশিষ্ট কোষবোৰে একগোট হৈ কলাৰ সৃষ্টি কৰে । এতেকে, একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে । উদাহৰণস্বৰূপে, পেশী কলা, স্নায়ু কলা ইত্যাদি । ২. কি কি উপাদানেৰে জাইলেম কলা গঠিত ? সেইবোৰৰ নাম উল্লেখ কৰা । উত্তৰ : জাইলেম কলা ট্ৰেকাইড নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্তুৰ দ্বাৰা গঠন হয় । এই আটাইবোৰ কোষৰ কোষবেৰখন ডাঠ আৰু প্ৰায়বোৰ কোষেই মৃত । ৩. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক ? উত্তৰ : সৰল স্থায়ী আৰু জটিল স্থায়ী মাত্ৰ এইটো কাৰণেই পৃথক যে সৰল কলাবোৰে একে আকৃতি আৰু গঠনৰ একেবিধ কোষেৰে গঠিত । ইয়াত প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই । যেনে, পেৰেণকাইমা, ক'লেণকাইমা ইত্যাদি । আনহাতে জটিল স্থ...