ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায়ৰ পাঠৰ প্ৰশ্নোত্তৰ । 
                   অনুশীলনী
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন : 
১. ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি ? সময় উল্লেখ কৰি লিখা । 
উত্তৰ : ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো হ'ল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ । এই বিদ্ৰোহ ঊনবিংশ শতিকাত হৈছিল । 
২. আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন ? 
উত্তৰ : আনন্দমঠ উপন্যাসৰ ৰচয়িতা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় । 
৩. 'স্যাৰে জাহাছে আচ্ছা......' গীতৰ গীতিকাৰ কোন ? 
উত্তৰ : 'স্যাৰে জাহাছে আচ্ছা......' গীতৰ গীতিকাৰ উৰ্দু কবি মহম্মদ ইকবাল ।
৪. ভাৰতত পোন প্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল ? 
উত্তৰ : ভাৰতত পোন প্ৰথম ৰেল যাতায়াত ১৮৫৩ চনত বোম্বাই আৰু থানেৰ মাজত । 
৫. ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা কৰিছিল ? 
উত্তৰ : ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা ১৮৫১ চনত , কলিকতা আৰু আগ্ৰাৰ মাজত হৈছিল । 
৬. ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল ? 
উত্তৰ : ভাৰতত পোন প্ৰথম ছপাশাল ১৭৯৭ খ্ৰী:ত শ্ৰীৰামপুৰত স্থাপন হৈছিল । 
৭. কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল ? 
উত্তৰ : কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে ১৮১৭ চনত প্ৰতিষ্ঠা হৈছিল । 
৮. লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা । 
উত্তৰ : লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰক কাৰ্য হ'ল --- 
ক. সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা । 
খ. স্ত্ৰী শিক্ষা বিস্তাৰ সাধন কৰা । 
৯. ভাৰতীয়ৰ সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি ? 
উত্তৰ : ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হ'ল বেংগল গেজেট । 
চমু/দীঘল উত্তৰৰ প্ৰশ্ন : 
১. চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল ? চমুকৈ লিখা । 
উত্তৰ : সম্ৰাট ঔৰংগজেৱৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যত দেখা দিয়া বিশৃংখলতাৰ সুযোগ বুজি ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ক্ৰমান্বয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল । ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ প্ৰয়োজন হোৱাত ইষ্ট ইণ্ডিয়া কোম্পানিৰ বিষয়া ৰবাৰ্ট ক্লাইবে বংগৰ নৱাব চিৰাজুদ্দৌলাক পলাচী যুদ্ধত পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল । পলাছী যুদ্ধৰ এশ বছৰৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত এটা প্ৰচণ্ড বিদ্ৰোহৰ সূত্ৰপাত হৈছিল । এই বিদ্ৰোহটোৱেই হ'ল ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ । ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল একপ্ৰকাৰ ৰাজনৈতিক মুক্তি আন্দোলন । কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনৰ পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল । বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰপ্ৰসাৰী । এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপৰ ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল । ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰোৱাত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল । তেওঁলোকৰ মত নতুন চেতনাৰ উন্মেষ ঘটিছিল । যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল । শোষণ,অন্যায় আদিৰ দিশবিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ,জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতা ভাব জগাই তুলিছিল । এই নৱচেতনাকে নৱ জাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয় । ষষ্ঠদশ শতিকাৰ ইউৰোপৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰোপৰ জন্ম দিছিল ঠিক একেদৰে ঊনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰত সৃষ্টি কৰিছিল । 
২. 'উদৰ প্ৰেৰণপত্ৰ'ৰ মূল উদ্দেশ্য কি কি আছিল লিখা । 
উত্তৰ : 'উদৰ প্ৰেৰণপত্ৰ'ৰ মূল উদ্দেশ্য হ'ল --- 
ক. প্ৰাথমিক স্তৰৰ পৰা বিশ্বদিদ্যালয়ৰ পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা । 
খ. নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদান নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল । 
গ. মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা । 
ঘ. প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ দিয়া । 
৩. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মূখ্য ভূমিকা লোৱা ৬ টা কাৰকৰ বিষয়ে লিখা । 
উত্তৰ : ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মূখ্য ভূমিকা লোৱা ৬ টা কাৰক হ'ল -- 
ক. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ যথেষ্ট প্ৰভাৱ পৰিছিল । কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্ৰথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল ঈশ্বৰচন্দ্ৰ গুপ্তই পোন প্ৰথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল । 
খ. কোম্পানিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয় । ১৮৩৯ খ্ৰী:ত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধন কতিছিল । ১৮৮৩ খ্ৰী:ত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে'ল যোগাযোগৰ আৰম্ভণি হয় । এনে যোগাযোগ উন্নতিয়েই ভাৰতীয়সকলৰ মনত জাতীয়তাবাদী ভৱধাৰাৰ উন্মেষণ ঘটাইছিল । 
গ. বংগদেশৰ প্ৰখ্যাত মনিষী ৰাজা ৰামমোহন ৰায়ে ভাৰতত নৱজাগৰণ ভাৱ গঢ়ি তুলিছিল । লৰ্ড উইলিয়াম বেণ্টিংকৰ সংস্কাৰকামী উদ্যোগৰ সহায়ত ৰাজা ৰামমোহন ৰায়ে ভাৰতত ভালেমান কুসংস্কাৰৰ অৱসান ঘটাইছিল । এওঁৱেই আছিল আধুনিক ভাৰতৰ জন্মদাতা । 
ঘ. ৰামকৃষ্ণ মিছন,আৰ্যসমাজ,প্ৰাৰ্থনা সমাজ আদি সংস্থাসমূহে ভাৰতত জাতীয় জাগৰণ গঢ়ি তোলাত মূখ্য ভূমিকা লৈছিল । প্ৰাৰ্থনা সমাজে সংস্কাৰমুখী আন্দোলনৰ সৃষ্টি কৰিছিল । আনহাতে মিছন প্ৰতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশপ্ৰেম,আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱৰ বিকাশ ঘটাইছিল । 
ঙ. ১৮৮৫ খ্ৰী:ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল । 
চ. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত বাতৰি কাকতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । আঞ্চলিক ভাষাৰ সংবাদ পত্ৰই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা জগাইছিল । দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম-কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল ।
৪. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা ।
উত্তৰ : ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱ হ'ল ---- 
ক. ১৮৫৮ খ্ৰী:ত চাৰ্লচ উদৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হ'ল । উদে তেওঁৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল । 
খ. পাশ্চাত্য শিক্ষাই বংগবাসীক পোন প্ৰথমে আলোড়িত কৰিছিল ।কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাটো বংসবাসীৰ গৌৰৱ বিষয় হৈ পৰিছিল । তেওঁলোকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকী হৈছিল । ছো, ভল্টেয়া, বাৰ্ক, মেকলে আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে মনলৈ সন্তুষ্টিৰ ভাৱ জগাই তুলিছিল । আনন্দ মঠ উপন্যাসৰ ৰচয়িতা বঙ্কিমচন্দ্ৰ চট্টোপধ্যায়ে 'বন্দে মাতৰম' গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল । কবি ইকবালে 'স্যাৰে জাহাছে আচ্ছা, হিন্দু-চিতা-হামাৰা' আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিছিল । 
ঘ. ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয় । প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে । একে সময়তে ব্ৰিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল । ১৮৩৫ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল পৰিষদ আইনৰ সদস্য তথা শিক্ষা সমিতিৰ সভাপতি লৰ্ড মেকলেই ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল । এই পৰামৰ্শৰ ভিত্তিত ১৮৪৪ খ্ৰীষ্টাব্দৰ পৰা কোম্পানী চৰকাৰে আধুনিক শিক্ষা প্ৰৱৰ্তনৰ যো-জা চলাইছিল । 
৫. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলায় লিখা । 
উত্তৰ : কোম্পানিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ‍ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয় । ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষলৈ যাতায়াত ব্যৱস্থা উন্নত কৰা হৈছিল । ১৮৩৯ খ্ৰী:ত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল । দুটা বছৰৰ ভিতৰতে এই পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হয় । লৰ্ড ডেলহাউচিৰ কাৰ্যকালত এই পথটো পেচোৱাৰলৈকে সম্প্ৰসাৰিত হৈছিল । 
      ১৮৩২ খ্ৰী:ত ইংলেণ্ডৰ আৰ্হিত ভৰতবৰ্ষতো ভাপ কলেৰে ৰে'ল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল । ১৮৫৩ খ্ৰী:ত বোম্বাই আৰু থানেৰ মাজত ২১ কি: মি: পথত ৰে'ল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰে'ল যাতায়াত ব্যৱস্থাৰ সূচনা হয় । ১৮৫৪ খ্ৰী:ত মাদ্ৰাজত ৰে'লপথ নিৰ্মাণ কৰে । ১৮৮৩ খ্ৰী:ত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰে'ল যোগাযোগ আৰম্ভ হয় । অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই ৰে'লপথটো নিৰ্মাণ কৰা হয় । ৰে'লপথৰ উপৰি দেশত মটৰ-গাড়ী চলাচল কৰিবৰ বাবে লৰ্ড ডেলহাউচিয়ে ৰাস্তা-ঘাটৰ নিৰ্মাণ কৰিছিল । ১৮৫৪ চনত তেঁও কেন্দ্ৰীয় চৰকাৰৰ অধীনত কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ এটা খুলিছিল । এই বিভাগটোৱে ৰাস্তা,দলং আৰু খাল আদি নিৰ্মাণ কৰি যাতায়াত,পৰিৱহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল । 
   ১৮৩৯ খ্ৰী:ত কলিকতা আৰু ডায়মণ্ড হাবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ লাইনৰ ব্যৱস্থা প্ৰৱৰ্তন হয় । লৰ্ড ডেলহাউচিয়ে ১৮৫১ খ্ৰী:ত টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্ৰাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল । আধুনিক যোগাযোগ ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্ৰসাৰ ঘটাইছিল । 
৬. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা । 
উত্তৰ : ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায় । বংগদেশৰ বৰ্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে ধৰ্ম,সমাজ সংস্কাৰ,শিক্ষা বিস্তাৰ,ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিছিল । প্ৰাচীন ভাৰতীয় সংস্কৃতি,ইছলাম ধৰ্মীয় সংস্কৃতি আৰু পাশ্চাত্য (ইউৰোপীয়) এই তিনিওটা সভ্যতাৰ লগতে চিনাকী হোৱাৰ যোগ্যতা আহৰণ কৰি ভাৰতবৰ্ষত নৱযুগৰ সূচনা কৰিছিল । 
    হিন্দু ধৰ্মক সজীৱ আৰু নিকা ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্ৰাচীন ধৰ্মীয় গ্ৰন্থসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল । ভাৰতীয় প্ৰাচীন উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি হিন্দু ধৰ্মৰ সহজ-সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল । এই কামৰ যোগেদি তেওঁ বঙলা ভাষা-সাহিত্যৰ উন্নতি সাধন কৰাৰ লগতে গোড়া-ৰক্ষণশীল হিন্দু পুৰোহিত শ্ৰেণীয়ে ধৰ্মৰ নামত চলাই অহা কু সংস্কাৰবিলাক প্ৰকাশ কৰি জনমানসত প্ৰৱল আলোড়নৰ সৃষ্টি কৰিছিল । হিন্দু ধৰ্মৰ মূলগ্ৰন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ বিশ্লেষণ আগবঢ়াই তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে প্ৰাচীন হিন্দুসকলেও একেশ্বৰবাদ বিশ্বাস কৰিছিল । তেওঁ বহু দেৱ-দেৱীৰ পূজা অপ্ৰয়োজন বুলি কোৱাৰ লগতে মূৰ্তিপূজাৰ অসাৰতাৰ বিষয়ে হিন্দু সমাজক বুজাইছিল । ৰামমোহন ৰায়ৰ মতে ঈশ্বৰ এজন আৰু ঈশ্বৰৰ কোনো ৰূপ বা আকাৰ নাই । ঈশ্বৰ পূজাৰ নামত আড়ম্বৰতা অৰ্থহীন । ৰাজা ৰামমোহন ৰায় এজন বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি আছিল । হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজে মাজে তেওঁ সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুৰুত্ব দিছিল । তেওঁ বাল্য বিবাহ,পৰ্দা প্ৰথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল । বিধৱা বিবাহ আৰু অসৰ্বণ বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়াইছিল । ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ  প্ৰথা সম্পূৰ্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা । একমাত্ৰ ৰায়ৰ সহযোগতেই গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকে এই কু-প্ৰথাসমূহ আইনী প্ৰক্ৰিয়াৰে অন্ত পেলাবলৈ সক্ষম হৈছিল । 
     ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানিৰ চৰকাৰক আহ্বান জনাইছিল । কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আৱেদন জনাইছিল । বৰ্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল । ১৮৩৩ খ্ৰীষ্টাব্দত তেওঁ ব্ৰিটিছ হাউচ অৱ কমন্সত বাছনি কমিটীৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনত উপস্থিত হৈছিল । তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলোচনা কৰি চনদ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল । ৰায়ে এচাম প্ৰতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল । তেওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেৰজিয় আদি । ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা । আধুনিকতাৰ পৰশ তেওঁ সকলো ক্ষেত্ৰলৈ সমানে ছটিয়াই দিব পাৰিছিল । 
৭. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা । 
উত্তৰ : ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদান লেখত ল'বলগীয়া । সংস্কৃত ভাষাৰ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল । আৰ্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা আৰু মূৰ্তি পূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছিল । আৰ্য সমাজে ধৰ্মীয় উপাসনাৰ নামত বাহ্যিকতাক সমৰ্থন কৰা নাছিল । 
       আৰ্য সমাজে হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল । বিধৱা বিবাহ, স্ত্ৰী-শিক্ষা বিস্তাৰৰ বাবে আৰ্য সমাজে আগভাগ লৈছিল । স্বামী দয়ানন্দৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম । আৰ্য সমাজে ধৰ্মান্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । ইয়াক 'শুদ্ধি' বুলি জনা যায় । হিন্দু ধৰ্মত আগতে অহিন্দু লোকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনো প্ৰথা বা নিয়ম নাছিল । স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসৰি হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান কৰিছিল । ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল স্বামী দয়ানন্দ সৰস্বতীয়ে । তেওঁ আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল । 
৮. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা । 
উত্তৰ : ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদান উল্লেখনীয় । কেশৱ চন্দ্ৰ সেনে ব্ৰাহ্ম সমাজৰ আৰ্হিত মহাৰাষ্ট্ৰত ১৮৬৭ খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল । প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল । সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্ৰবল আলোড়ন সৃষ্টি কৰিব পাৰিছিল । 
       প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল মহাদেৱ গোবিন্দ ৰাণাডে । ৰাণাডেৰ একান্ত চেষ্টাত 'বিধৱা বিবাহ সংস্থা' আৰু 'দাক্ষিণাত্য শিক্ষা সমাজ' নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি তুলিছিল । প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল । দ্বিতীয়তে, দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষা দান কৰাৰ লগতে তেওঁলোকৰ লালন-পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল । নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ আশ্ৰম স্থাপন কৰিছিল । প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্ৰ দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল । 
৯. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা । 
উত্তৰ : ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল । ৰামকৃষ্ণ পৰমহংস এগৰাকী সহজ-সৰল ব্যক্তি আছিল । অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল । ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ । কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । গুৰুৰ মৃত্যুৰ পিছত তেওঁ ১৮৮৭ খ্ৰী:ত এটা মঠ প্ৰতিষ্ঠা কৰিছিল । স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে বিদেশে বিস্তাৰ কৰিছিল । তেওঁৰ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল ---
ক. ভাৰতীয়ৰ মনত স্বদেশপ্ৰেম সঞ্চাৰ কৰা । 
খ. ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা । 
গ. ভাৰতীয়ৰ মনত আধ্যাত্মিকতাৰ ভাৱ বিকাশ ঘটোৱা । 
      স্বামী বিবেকানন্দই ভাৰতীয়ৰ মাজত ঐক্য-সম্প্ৰীতি ভাৱ গঢ়ি তুলিব বিচাৰিছিল । তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা । 
১০. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছাণ্টৰ অৱদানৰ বিষয়ে লিখা । 
উত্তৰ : ১৮৭৫ খ্ৰী:ত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয় । এই অনুষ্ঠানটোৰ নাম "থিয়'ছফিকেল ছ'চাইটি" । এই অনুষ্ঠানটোৰ শাখা কাৰ্যালয় ১৮৮৫ খ্ৰী:ত মাদ্ৰাজত মুকলি কৰা হয় । মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিয়'ছফিকেল ছ'চাইটিক জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছাণ্টৰ বিশেষ ভূমিকা । থিয়'ছফিকেল ছ'চাইটিৰ সদস্য এনি বেছণ্টে ১৮৯৩ খ্ৰী:ত এই ছ'চাইটিৰ কামত মাদ্ৰাজত উপস্থিত হৈছিল । এনি বেছাণ্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিৱেশ কৰিছিল । ভাৰতীয়ৰ আধ্যাত্মিকতাক প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল । ১৮৯৮ খ্ৰী:ত বাৰাণসীত এনি বেছাণ্টে প্ৰতিষ্ঠা কৰা "চেণ্ট্ৰেল হিন্দু কলেজ" খনেই ১৯১৬ খ্ৰী:ত মদন মোহন মাল্যবৰ পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয় । মিছেছ এনি বেছাণ্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল । তেওঁ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা জগাইছিল । ১৯১৬ খ্ৰী:ত বেছাণ্টে "হোমৰুল লীগ" প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল । এনেকৈয়ে এনি বেছাণ্টে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যথেষ্ট সহায় কৰিছিল । 
১১. 'আলিগড় আন্দোলন' কি ? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা । 
উত্তৰ : ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদৰ ভাব চিন্তাৰ সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বুলি কোৱা হয় । মুছলমানসকলক আধুনিক চিন্তা-চৰ্চাৰে পুনৰোজ্জীৱিত কৰি পথ দেখুৱাই নিয়াৰ ক্ষেত্ৰত ছৈয়দ আহমদ খানৰ অৱদান উল্লেখনীয় । তেওঁ মুছলমানসকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে ১৮৬৪ খ্ৰী:ত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে । ১৮৬৫ খ্ৰী:ত বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান স্থাপন কৰি তেওঁ ইংৰাজী ভাষাৰ কেইখনমান গ্ৰন্থ উৰ্দু ভাষালৈ অনুবাদ কৰে । ১৮৭৫ খ্ৰী:ত তেওঁ আলিগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে । ছৈয়দ আহমদ খানে ১৮৭৫ খ্ৰী:ত আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল । জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ পিছত কংগ্ৰেছৰ দৰে আন এটা জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ বাবে "আলিগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজে" বিশেষ বৰঙণি আগবঢ়াইছিল এই ক্ষেত্ৰত সেই কলেজখনৰ অধ্যক্ষ থিওডোৰ বেগে বিশেষ আগভাগ লৈছিল । এই অনুষ্ঠানবোৰৰ যোগেদি ভাৰতীয়ৰ মুছলমানসকলৰ পাশ্চাত্য শিক্ষা সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি হৈছিল । অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে কু-সংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল । ১৯২০ খ্ৰী:ত 'আলিগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজ'খন 'আলিগড় মুছলিম বিশ্ববিদ্যালয়'ত পৰিণত হৈছিল । 
১২. 'বাতৰি কাকত'ৰ জন্মই কেনেকৈ ভাৰতীয়ৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা । 
উত্তৰ : ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ পত্ৰৰ পাতনি মেলে । ভাৰতত জেমছ আগষ্টাচ হিকিৰ দ্বাৰা ১৭৮০ খ্ৰী:ত ইংৰাজী ভাষাত প্ৰথমখন সংবাদপত্ৰ বেংগল গেজেট প্ৰকাশ পায় । এই সংবাদপত্ৰসমূহে কেৱল ইংৰাজী সমাজখনৰহে মুখপাত্ৰ হিচাপে কাম কৰিছিল । ভাৰতীয়সকলৰ জনমত এই সংবাদপত্ৰসমূহত একেবাৰেই নাছিল । আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ পত্ৰৰ গুৰুত্ব উপলব্ধি কৰি ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহু কেইখন বাতৰি কাকত প্ৰকাশ কৰিছিল । আঞ্চলিক ভাষাৰ সংবাদ পত্ৰই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছিল । সেই কাৰণেই চৰকাৰে আঞ্চলিক ভাষাৰ সংবাদ পত্ৰৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । ১৭৯৯ খ্ৰী:ত 'প্ৰেছ বেণ্ডলেচন' প্ৰয়োগৰ যোগেদি লৰ্ড বেলেছলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰি বাতৰি কাকতৰ স্বাধীনতা হ্ৰাস কৰিছিল । কিন্তু ১৮১৭ খ্ৰী:ত লৰ্ড হেষ্টিংছে ভাৰতীয়ৰ সংবাদ পত্ৰৰ ওপৰত থকা বাধা নিষেধ কিছু পৰিমাণে কমাই দিছিল । ১৮২৩ খ্ৰী:ত পুনৰ ভাৰতৰ অস্থায়ী গৱৰ্ণৰ জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা আৰোপ কৰিছিল । ৰাজা ৰামমোহন ৰায়ে এই ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত লগোৱা বাধা নিষেধবোৰৰ প্ৰতি তীব্ৰ বিৰোধিতা কৰিছিল । এই  বিৰোধিতাৰ প্ৰতিবাদ হিচাপে ইংৰাজে সাপ্তাহিক বাতৰি কাকত 'মিট ইল আখবাৰ'ৰ প্ৰকাশ বন্ধ কৰিছিল । দেশীয় কাকতৰ প্ৰতি কৰা এনে অবিচাৰ বন্ধ কৰিবলৈ ৰাজা ৰামমোহন ৰায়ে কলিকতা হাইকোৰ্ট আৰু বংগৰ গৱৰ্ণৰ জেনেৰেলৰ ওচৰত আৱেদন দাখিল কৰিছিল । অৱশেষত ১৮৩৫ খ্ৰী:ত অস্থায়ী গৱৰ্ণৰ জেনেৰেল ছাৰ চাৰ্লছ মেটকাফে দেশীয় কাকতৰ ওপৰত আৰোপ কৰা বাধা নিষেধ উঠাই লৈছিল । বাধা নিষেধ তুলি লোৱাৰ পিছত দেশীয় ভাষাত ভাৰতত ভালেসংখ্যক কাকত প্ৰকাশ পাইছিল । দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্য শাসকৰ কাম-কাজবোৰৰ ওপৰত কঠোৰ সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল । এইবোৰৰ ভিতৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি । ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশৰ পৰা প্ৰকাশিত কাকত 'বংগ দৰ্শন', 'সঞ্জীৱনী', 'আৰ্য্য দৰ্শন', 'অমৃত বাজাৰ' পত্ৰিকা আদি কাকত কেইখনে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । 
      ১৮৬১ খ্ৰী:ৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল । দুৰ্ভিক্ষৰ কবলত বহুতো ভাৰতীয়ই মৃত্যুক সাৱটি ল'ব লগা হৈছিল । চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নোলোৱাত দেশীয় ভাষাৰ কাকতসমূহে লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্ৰাদেশিক শাসকসকলক বেয়াকৈ সমালোচনা কৰিছিল । লৰ্ড লিটনে ইয়াৰ প্ৰতিশোধ হিচাপে পুনৰ ভাৰতীয় আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰিছিল । ভাৰতীয় কাকতৰ ওপৰত 'প্ৰেছ আইন' জাৰি কৰি বহুতো ভাৰতীয় কাকত প্ৰকাশ কৰাৰ পথ বন্ধ কৰি দিছিল । উপায়হীন হৈ এই 'প্ৰেছ আইন'ৰ পৰা ৰক্ষা পাবলৈ 'অমৃত বাজাৰ' পত্ৰিকাখন ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল । লিটনৰ 'প্ৰেছ আইন' আৰু ১৮৭৮ খ্ৰী:ৰ 'অস্ত্ৰ আইনে' ভাৰতীয়সকলক ক্ষুব্ধ কৰিছিল । ভাৰতীয়সকলে ক্ৰমান্বয়ে আত্মমৰ্যাদা লাভ কৰাৰ বাবে আগবাঢ়ি গৈছিল । 
১৩. ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা । 
উত্তৰ : ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা ভাৰতবৰ্ষত প্ৰাদেশিক ভিত্তিক গঢ়ি উঠা নাগৰিক সভা বা সংগঠনবিলাকে দেশীয় লোকৰ মাজত আঞ্চলিক ভিত্তিত ৰাজনৈতিক শিক্ষাৰ প্ৰচাৰ ঘটাইছিল । সেইবিলাকৰ জৰিয়তে জনসাধাৰণৰ মাজত জাতীয় স্বাৰ্থৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিছিল । ৰাজনৈতিক কাম-কাজৰ জৰিয়তে এই সংগঠনবিলাকে লাহে লাহে গঢ়ি তোলাত মুখ্য ভূমিকা লৈছিল । বিভিন্ন অঞ্চলত বিভক্ত হৈ থকা ভাৰতীয় মানুহৰ মনত এটি সৰ্বভাৰতীয় মনোভাব জাগি উঠিছিল । ইয়াৰ পৰিণতি স্বৰূপে গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত অৱসৰপ্ৰাপ্ত ব্ৰিটিছ প্ৰশাসনিক বিষয়া এলেন অক্টোভিয়ান হিউমে ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল । ১৮৮৩ খ্ৰী:ৰ ১ মাৰ্চ তাৰিখে হিউমে কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থকা স্নাতকসকলক এখন মুকলি চিঠিৰে তেওঁলোকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল । প্ৰায় ৫০ জন মান ছাত্ৰৰ সৈতে কলিকতাত ইণ্ডিয়ান নেচনেল ইউনিয়ন নামেৰে এখন বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকখনত সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল । বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল । গৱৰ্ণৰ জেনেৰেল ডাফৰিনে হিউমক উৎসাহ যোগাইছিল । 
     ১৮৮৫ খ্ৰী:ৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গকুল দাস তেজপাল সংস্কৃত কলেজত সেই মহাসভাখন অনুষ্ঠিত হৈছিল । ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্ৰতিনিধিয়ে সভাখনত উপস্থিত হৈছিল । সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্ৰ বন্দোপাধ্যায়ক । মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম 'ভাৰতীয় জাতীয় কংগ্ৰেছ' বুলি স্থিৰ কৰিছিল । এনেকৈয়ে ১৮৮৫ চনত এলেন অক্টোভিয়ান হিউমৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল । 
১৪. ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা । 
উত্তৰ : গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ (১৮৮৪-৮৮) কাৰ্যকালত এলেন অক্টোভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল । হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকসকলক সম্বোধি এখন মুকলি চিঠিৰে (১ মাৰ্চ, ১৮৮৩ খ্ৰীষ্টাব্দত) তেওঁলোকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল । ১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গকুলদাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল । ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্ৰতিনিধিয়ে অধিৱেশনস্থলীত উপস্থিত হৈছিল । সভাপতিৰ বাবে নিৰ্বাচন হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্ৰ বন্দোপাধ্যায়ক । মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম 'ভাৰতীয় জাতীয় কংগ্ৰেছ' বুলি স্থিৰ কৰিছিল । ভাৰতৰ সকলোবোৰ জাতি গোষ্ঠী সম্প্ৰদায়ৰ জনমতৰ প্ৰতি সন্মান জনাই কংগ্ৰেছে আগুৱাই অহাৰ কৰ্মপন্থা স্থিৰ কৰিছিল । 
       এটা নমপন্থী অনুষ্ঠান হিচাপে জাতীয় কংগ্ৰেছে প্ৰথমে আৱেদন-নিৱেদনৰ মাজেৰে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল । ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বজাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয় প্ৰতিনিধিত্ব বিচৰাটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল । এই আশাৰে ১৮৯০ খ্ৰী:ত জাতীয় কংগ্ৰেছৰ সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা জাতি দলক ইংলেণ্ডলৈ পঠাইছিল । কিন্তু ১৮৯২ খ্ৰী:ত ভাৰত পৰিষদ আইনে ভাৰতীয়ক একো নিদিলে যাৰ ফলত জাতীয় কংগ্ৰেছ হতাশাত ভুগিছিল । শান্তিপূৰ্ণভাৱে ব্ৰিটিছৰ পৰা একো নোপোৱাত কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিয়ে গা কৰি উঠিছিল । তেওঁলোকে আৱেদন নিৱেদন পন্থা পৰিহাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে সষ্টম হ'বলৈ সকলোকে সকীয়াই দিছিল । ১৯০৫ খ্ৰী:ত ঘটি যোৱা দুটা উল্লেখযোগ্য ঘটনাই জাতীয় কংগ্ৰেছৰ ভিতৰচ'ৰাত এটা প্ৰবল চাওলাৰ সৃষ্টি কৰে । প্ৰথমটো আছিল জাপানৰ হাতত ৰুছিয়াৰ পৰাজয় আৰু আনটো বংগ ভংগ । এছিয়াৰ ক্ষুদ্ৰ শক্তি জাপানে শক্তিশালী ৰাষ্ট্ৰ ৰুছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতৰ জাতীয়তাবাদীসকলৰ মনত সংগ্ৰামী চেতনা জাগ্ৰত কৰিছিল । আনহাতে কাৰ্জনৰ বংগ ভংগই অৰ্থাৎ বংগদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্তই জাতীয়তাবাদীসকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰোধি মনোভাৱ জাগ্ৰত কৰিছিল । ১৯০৫ চনত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপালকৃষ্ণ গোখলেৰ ভাষণ বিপিনচন্দ্ৰ পালে বিৰোধিতা কৰিছিল । তেওঁ হিংসা ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল । এই ঘটনাক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিছিল । ১৯০৬ চনত দাদাভাই নৌৰজীৰ সভাপতিত্বত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনে স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত পৰিস্থিতিৰ কিছু পৰিৱৰ্তন ঘটে । কিন্তু ১৯০৭ খ্ৰী:ত ৰাম বিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিৱেশনত জাতীয় কংগ্ৰেছক দুটা শিবিৰত বিভক্ত কৰা হয় । ইয়াৰ এটা চৰমপন্থী আৰু আনটো নৰমপন্থী । চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ,স্বদেশী,জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি জীয়াই ৰাখিছিল । ১৯১৬ খ্ৰী:লৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল । 

          ______________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই