Posts

Showing posts with the label ᴀꜱꜱᴀᴍ.

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায়ৰ পাঠৰ প্ৰশ্নোত্তৰ ।                      অনুশীলনী অতি চমু/চমু উত্তৰৰ প্ৰশ্ন :  ১. ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি ? সময় উল্লেখ কৰি লিখা ।  উত্তৰ : ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো হ'ল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ । এই বিদ্ৰোহ ঊনবিংশ শতিকাত হৈছিল ।  ২. আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন ?  উত্তৰ : আনন্দমঠ উপন্যাসৰ ৰচয়িতা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ।  ৩. 'স্যাৰে জাহাছে আচ্ছা......' গীতৰ গীতিকাৰ কোন ?  উত্তৰ : 'স্যাৰে জাহাছে আচ্ছা......' গীতৰ গীতিকাৰ উৰ্দু কবি মহম্মদ ইকবাল । ৪. ভাৰতত পোন প্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল ?  উত্তৰ : ভাৰতত পোন প্ৰথম ৰেল যাতায়াত ১৮৫৩ চনত বোম্বাই আৰু থানেৰ মাজত ।  ৫. ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা কৰিছিল ?  উত্তৰ : ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা ১৮৫১ চনত , কলিকতা আৰু আগ্ৰাৰ মাজত হৈছিল ।  ৬. ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল ...