Posts

Showing posts with the label Name : Nikhil Kumar Das. Class :9 . Golaghat

পৃথিৱীৰ মানুহ

নৱম শ্ৰেণীৰ elective বিষয় ভূগোল পাঠ্যপুথিৰ দ্বিতীয় অধ্যায়ৰ প্ৰশ্নোত্তৰ ।                  অনুশীলনী ১. 'মানৱ ভূগোল'ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ।  উত্তৰ : ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়,তাকে বহলভাৱে মানৱ ভূগোল (Human Geography) বোলে ।         ইয়াৰ প্ৰধান শাখাবোৰ হ'ল ---- বসতি ভূগোল,সমাজ ভূগোল,অৰ্থনৈতিক ভূগোল,সাংস্কৃতিক ভূগোল,ৰাজনৈতিক ভূগোল,নগৰীয়  ভূগোল,জনসংখ্যা ভূগোল,স্বাস্থ্য ভূগোল,ঐতিহাসিক ভূগোল,আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল আদি ।  ২. মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা ।  উত্তৰ : প্ৰাকৃতিক পৰিৱেশৰ বিভিন্নতা,জনসংখ্যাৰ তাৰতম্য আৰু মানুহৰ গুণাগুণৰ পাথৰ্ক্যৰ বাবে মানৱ-সৃষ্ট পৰিৱেশৰ বৈশিষ্ট্য পৃথিৱীৰ সকলো ঠাইতে একে নহয় । ভূগোল বিষয়টোৰ এটি অন্যতম প্ৰধান বিভাগ মানৱ ভূগোলৰ বিষয়বস্তুৰ ভিন্নতা আৰু প্ৰসাৰ লক্ষণীয় । সেয়ে ইয়াৰ বহু শাখা-প্ৰশাখাই গঢ় লৈ উঠিছে । এই সকলোবোৰ শ...