পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা(নতুন)' পাঠ্যপুথিৰ ১০ ন্ পাঠৰ প্ৰশ্নোত্তৰ ।
অনুশীলনী
ভাব বিষয়ক :
১. চমুকৈ উত্তৰ লিখা :
ক. ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল ?
উত্তৰ : ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম উদয়পুৰত হৈছিল । খ. পিপলান্ত্ৰি গাঁওখন ক'ত অৱস্থিত ?
উত্তৰ : পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আতঁৰত অৱস্থিত ।
গ. কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনে 'গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত স্থান পাইছিল ?
উত্তৰ : মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰি গাঁওখনে 'গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত স্থান পাইছিল ।
ঘ. পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভূক্ত হৈছে ?
উত্তৰ : ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে অন্তৰ্ভূক্ত কৰা হৈছে ।
ঙ. 'Tree Sisters' নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ : 'Tree Sisters' নামৰ চিনেমাখন আৰ্জেন্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল ।
চ. কিৰণ কোন আছিল ?
উত্তৰ : কিৰণ পিপলান্ত্রি গাঁওৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা সন্তান আছিল ।
ছ. ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে ?
উত্তৰ : ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে । জ. 'কিৰণ নিধি যোজনা'ৰ আঁৰৰ মানুহজন কোন ?
উত্তৰ : 'কিৰণ নিধি যোজনা'ৰ আঁৰৰ মানুহজন হ'ল শ্যাম সুন্দৰ পালিৱাল ।
ঝ. কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে ?
উত্তৰ : কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে তেঁওৰ স্মৃতিত ১১ টা গছপুলি ৰোপন কৰে ।
২. পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কি দূষিত হয় ?
উত্তৰ : মাৰ্বল পাথৰৰ বাবে 'গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত স্থান লাভ কৰা পিপলান্ত্ৰি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে । এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায় । মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ প্ৰদূষিত হয় ।
৩. শ্যাম সুন্দৰ পালিৱাল কোন ? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেঁওৰ অৱদান সম্পৰ্কে চমুকৈ লিখা । উত্তৰ : শ্যাম সুন্দৰ পালিৱাল হ'লবপিপলান্ত্ৰি গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি । ২০০৫ ৰ পৰা ২০১০ চনলৈ শ্যাম সুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্বত থকা কালত তেঁওৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাঁওখনকে এটা নতুন জীৱন দিলে । তেঁও গাঁৱৰ প্ৰতিগৰাকী লোকক চাৰিটা দায়িত্ব অৰ্পণ কৰে । এনেদৰে তেঁও প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্ত্ৰি গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল ।৪. 'কিৰণ নিধি যোজনা' কি ? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ?
উত্তৰ : 'কিৰণ নিধি যোজনা' হ'ল শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এক আঁচনি । এই আঁচনিৰ মতে পিপলান্ত্ৰি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিব । এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে । সেই চাৰিটা দায়িত্ব হ'ল ---
i. কন্যা সন্তানক ল'ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা ।ii. পানী সংৰক্ষণ কৰা ।
iii. গছ-গছনি ৰুই প্ৰতিপালন কৰা ।
iv. খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা ।
৫. কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল ?
উত্তৰ : কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গাঁওখনত ছোৱালী সন্তান জন্ম হ'লে চৱোৱালীজনীৰ নামত ১১১ টা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে । তেঁও নিয়ম কৰি দিছিল--- গাঁৱৰ কোনো লোকে কন্যা সন্তান হত্যা কৰিব নোৱাৰিব । দ্বিতীয়তে,ছোৱালীজনীক যেনেদৰে আলফুলে ডাঙৰ দীঘল কৰা হ'ব সেই একেই মৰম-চেনেহ আৰু যত্নৰে ১১১টা গছপুলি প্ৰতিপালন কৰিব লাগিব । তৃতীয়তে,কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব । চতুৰ্থতে,কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব । পঞ্চমতে,ছোৱালীৰ নামত বেংকত থোৱা ৩১,০০০ টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰছ কৰিব পাৰিব । শেষত,ছোৱালীৰ জন্মৰ সময়তে ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব । এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিৰ স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে ।
৬. পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ৰ লিখা ।
উত্তৰ : পিপলান্ত্ৰি গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনত কন্যা সন্তান জন্ম হ'লে প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰিব লাগিছিল আৰু এই কাম 'কিৰণ নিধি যোজনা'ৰ অধীনত আৰম্ভ হয় । ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰৰ ছোৱালীজনীৰ বিয়াৰ বয়সলৈ একো জোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু ১১১ জোপা গছৰ মূল্যৰ ভালেখিনি বৃদ্ধি পায় । এইবোৰ গাঁওখনৰ মূল্যৱান সম্পত্তি হৈ পৰে । কিন্তু গছে দিয়া অক্সিজেন তাতোকৈও অধিক মূল্যৱান । গতিকে প্ৰতিটো গছ-পুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে । ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল ।
৭. পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে ?
উত্তৰ : পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী দেশখনৰ প্ৰতিখন বাতৰি কাকত,সংবাদ মাধ্যমৰ উপৰিও ইউটিউব,ফেচবুক,টুইটাৰ আদি সামাজিক মাধ্যামৰ জৰিয়তেও প্ৰচাৰ কৰা হৈছে ।
৮. বহলাই,বুজাই লিখা :
ক. বাৰটা মাহত তেৰটা খেতি ।
উত্তৰ : আমাৰ বছৰটোৰ বাৰটা মাহ আছে । প্ৰতিটো মাহেই থেতিৰ বাবে উপযুক্ত নহয় । কিন্তু কৰ্মী লিকসকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে । অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতি পথাৰত শস্য ভৰপূৰ হৈ থাকে ইয়াকেই বাৰটা মাহত তেৰটা খেতি বুলি কোৱা হয় ।
খ. স্বচ্ছ ভাৰত অভিযান ।
উত্তৰ : ২০১৫ বৰ্ষত বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াই 'স্বচ্ছ ভাৰত অভিযান' নামৰ আঁচনিখন আৰম্ভ কৰে । এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল এখন নিকা,স্বচ্ছ,প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলা । প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন,সমাজখন,দেশখন চাফ-চিকুণকৈ ৰখাৰ বাবে দায়বদ্ধ ।
গ. সামাজিক মাধ্যম ।
উত্তৰ : সামাজিক মাধ্যম (Social Media) বৰ্তমান সময়ৰ আটাইতকৈ ক্ষিপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম । ফেচবুক,ইউটিউব,টুইটাৰ,হোৱাইটচ্ এপ আদিৰ জৰিয়তে আজি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰি । ই এক শক্তিশালী গণমাধ্যম ।
ভাষা বিষয়ক :
৯. বাক্য ৰচনা কৰা :
উত্তৰ : হাতে-কামে : নিজে হাতে-কামে লগাতহে ৰমেনৰ খেতিডৰা লহপহকৈ বাঢ়িছে ।
নিয়ম শৃংখলা : ঘৰখনৰ নিয়ম শৃংখলা বোৰ মানি চলিলে ঘৰখন নিয়াৰিকৈ চলে ।
দিনে নিশাই : নিজৰ ল'ৰা-ছোৱালীকেইটাই ভালকৈ থাকক বুলি মাক গৰাকীয়ে দিনে নিশাই পৰিশ্ৰম কৰিছে ।
খেতি-বাতি : বানপানীৰ বাবে এইবাৰ খেতি-বাতি ভাল নহ'ল ।
আনন্দ উল্লাস : নিৰুৰ বিয়াখন আনন্দ উল্লাসৰ মাজেৰেই পাৰ হ'ল ।
ডাঙৰ দীঘল : শ্ৰীকৃষ্ণক যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিছিল ।
সুখ সমৃদ্ধি : সকলোৰে মিলিত প্ৰচেষ্টাত গাঁওখনলৈ সুখ সমৃদ্ধি ঘূৰি আহিল ।
১০. তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখা । উত্তৰ : মুক্ত = মুকলি ।
বায়ু = বতাহ ।
বৃহৎ = ডাঙৰ ।
পানী = জল ।
গছ = বৃক্ষ ।
চকু = নয়ন ।
গাঁও = গ্ৰাম ।
১১. তলৰ উপসৰ্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা ।
উত্তৰ : প্ৰতি = প্ৰতিদান ।
অধি = অধিগ্ৰহণ ।
উপ = উপকাৰ ।
অৱ = অৱৰোধ ।
দূৰ = দূৰসংবেদন ।
__________________