পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা(নতুন)' পাঠ্যপুথিৰ ১০ ন্ পাঠৰ প্ৰশ্নোত্তৰ । অনুশীলনী ভাব বিষয়ক : ১. চমুকৈ উত্তৰ লিখা : ক. ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল ? উত্তৰ : ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম উদয়পুৰত হৈছিল । খ. পিপলান্ত্ৰি গাঁওখন ক'ত অৱস্থিত ? উত্তৰ : পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আতঁৰত অৱস্থিত । গ. কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনে 'গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত স্থান পাইছিল ? উত্তৰ : মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰি গাঁওখনে 'গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত স্থান পাইছিল । ঘ. পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভূক্ত হৈছে ? উত্তৰ : ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে অন্তৰ্ভূক্ত কৰা হৈছে । ঙ. 'Tree Sisters' নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল ? উত্তৰ : 'Tree Sisters' নামৰ চিনেমাখন আৰ্জেন্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল । চ. কিৰণ কোন আছিল ? উত্তৰ : কিৰণ পিপলান্ত্রি গাঁওৰ...