কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ঢাকাত। ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে। দেউতাক গোপাল ৰাভা। মাক গেঠী ৰাভা। গোপাল ৰাভাই অসম ৰাইফলছৰ চাকৰিত সোমায়। প্ৰমোচন পোৱাত চাৰিদুৱাৰলৈ বদলি হয়, পিছত চুবেদাৰ হোৱাত ঢাকালৈ বদলি কৰিছিল। চাকৰিৰ প্ৰমোচনৰ লগে লগে নিজৰ নামৰো প্ৰমোচন হয়, পূৰ্বৰ দাসৰ পৰিৱৰ্তে ৰাভা হ'ল। অর্থাৎ গোপাল চন্দ্র দাস গৈ গোপাল ৰাভা হ'ল। গোপাল ৰাভাৰ কৰ্মদক্ষতাৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁক চৰ্দাৰ বাহাদুৰ' আৰু ‘অৰ্ডাৰ অব্ দি ব্ৰিটিছ এম্পায়াৰ' উপাধি প্ৰদান কৰিছিল। ঢাকাত থকা পাটচাহাব (গৱর্নৰ) অনাৰেৰীয়ে ‘এ-ডি-কং' নিযুক্ত কৰিছিল।
ঢাকাত চাকৰি কৰি থাকোতেই বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁ পিতৃ- মাতৃৰ অষ্টম সন্তান। গোলাকাৰ মুখ, সুন্দৰ চেহেৰাৰ অতি ধুনীয়া দেখি দেউতাকে নিচেই সৰুতে নাম দিছিল 'বিষ্ণু'। বিষ্ণুৰ জন্মৰ আঠ বছৰ পিছতেই দেউতাক গোপাল ৰাভাৰ মৃত্যু হয়। দেউতাকে সেনাবাহিনীৰ ছাউনীত থকা প্রাথমিক স্কুলত বিষ্ণুক ভৰ্তি কৰিছিল। বাংলা ভাষাত বিষ্ণুৰ বিদ্যাৰম্ভ হয়। দেউতাক গোপাল ৰাভা সংগীতপ্রিয় আছিল আৰু বিষ্ণুৰ সংগীতৰ প্ৰতি অনুৰাগ দেখি তিনিজন সংগীত মাষ্টৰ (গৰব জান বিবি, মোতি মিয়া আৰু কালাচাঁদ)ক ঘৰুৱা শিক্ষক নিয়োগ কৰিছিল।
গোপাল ৰাভাৰ কৰ্তব্যপৰায়ণতা আৰু দায়বদ্ধতা দেখি ব্ৰিটিছ চৰকাৰে আঢ়ৈ হাজাৰ বিঘা মাটি দিছিল। তেজপুৰৰ চৰ্দাৰ ৰ'ডত এটা টিনৰ ঘৰ সাজিছিল। ১৯০৭ চনত 'বাণ-ৰংগমঞ্চ' নিৰ্মাণৰ সময়ত গোপাল ৰাভাই ৪০০ টকা আৰু তিনিখন দৃশ্যপট ঢাকাতে শিল্পীৰ দ্বাৰা আঁকাই তেজপুৰলৈ জাহাজেৰে পঠাইছিল।
বিষ্ণু ৰাভাই সৰু কালতে দেউতাকৰ পৰা শংকৰদেৱৰ বিষয়ে বহু কথা শিকিছিল। ১৯১৬ চনত মাত্র ৪৫ বছৰ বয়সত গোপাল ৰাভাৰ মৃত্যু হোৱাত মাকে ল'ৰা-ছোৱালীক লৈ তেজপুৰলৈ আহে। বিষ্ণু ৰাভাক তেজপুৰ চৰকাৰী ল'ৰাৰ হাইস্কুলত নাম লিখি দিয়ে। তেজপুৰ হাইস্কুলৰ পৰা ১৯২৬ চনত প্ৰথম বিভাগত মেট্ৰিকত উত্তীৰ্ণ হৈ কুইন এমপ্ৰেচ' পদক লাভ কৰে। কলিকতাৰ ‘ছেণ্ট পলচ্’ কলেজৰ পৰা আই এছ চি পাছ কৰি ‘ৰিপন কলেজত পদার্থ বিজ্ঞানত অনাৰ্ছ লৈ পঢ়ে যদিও সেই সময়ৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে কোচবিহাৰলৈ আহি ‘ভিক্টোৰিয়া কলেজত পঢ়িবলৈ লয় কিন্তু পঢ়া শেষ নহ'ল। ১৯৩০ চনত গান্ধীজীৰ নেতৃত্বত চলি থকা অসহযোগ আন্দোলনত যোগ দি ৰাজকাৰেং আৰু জেনকিন্স হাইস্কুলত উৰি থকা ব্ৰিটিছৰ পতাকা ‘ইউনিয়ন জেক’ নমাই আনি ত্ৰিৰংগ পতাকা উৰুৱাই ভিক্টোৰিয়া কলেজৰ পৰা বহিষ্কাৰ হয়। এইবাৰ ৰাভা গৈ ৰংপুৰৰ ছাৰ মাইকেল কলেজত ইংৰাজীত অনাৰ্ছ লৈ পঢ়িবলৈ লয়। বাছনিত প্ৰথম শ্ৰেণীৰ নম্বৰ পায়ো শেষ পৰীক্ষা নিদিলে।
বিষ্ণু ৰাভা এজন সুনিপুণ ফুটবল খেলুৱৈ আছিল। কলিকতাৰ ৰিপন কলেজত ৰাভাৰ খেলৰ কৌশল দেখি অধ্যক্ষই ৰাভাক আঁকোৱালি ধৰি অভিনন্দন জনাইছিল। সুনিপুণ খেলুৱৈৰ উপৰিও ৰাভা আশৈশৱ শিল্পী আছিল। সৰুৰে পৰা ছবি আঁকিছিল, গীত গাইছিল, গীত ৰচনা কৰিছিল, অভিনয় কৰিছিল, নাটক লিখিছিল আৰু নৃত্যত পাৰ্গত আছিল। সুকুমাৰ কলাৰ বিভিন্ন দিশত নিজৰ দক্ষতা প্ৰকাশ কৰিছিল। শংকৰদেৱৰ ছবি প্ৰথমে ৰাভাই আঁকিছিল। ১৯২৮ চনত ৰুছিয়াৰ বিখ্যাত নৃত্যশিল্পী মানা পাভলোভাৰ ৰাজহংসী নৃত্য দেখি তেওঁ পাভলোভাৰ সংগী হ'ব বিচাৰিছিল। পিছত আনা পাভলোভাৰ পৰামৰ্শতে তেওঁ অসমৰ দেৱদাসী নৃত্যৰ ছন্দ, ওজাপালি নৃত্যৰ লয় আদি চৰ্চাত লাগি অসমৰ ধ্রুপদী সংগীতত বিৰাট পৰিৱৰ্তন সাধিলে। অসমৰ ৰাইজে ৰাভাৰ প্ৰতিভাক কলাগুৰু' উপাধিৰে স্বীকৃতি দিয়ে। ৰাভা প্ৰকৃতাৰ্থত 'কলাগুৰু’। গীত- নৃত্য, চিত্রকলা, সাহিত্য-সংস্কৃতি সকলোতে অদ্বিতীয়। বিশ্ববিখ্যাত নৃত্য বিশাৰদ উদয় শংকৰে কলিকতাত ৰাভাৰ নৃত্য দেখি স্বীকাৰ কৰিছিল ৰাভাৰ পৰা শিকিব লগা আৰু বহু আছে।' বেনাৰস বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপাচাৰ্য ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে (পিছত ৰাষ্ট্ৰপতি) ৰাভাৰ নৃত্য দেখি ভৱিষ্যতে এজন বিশ্ববিখ্যাত শিল্পী হ'ব বুলি আশীৰ্বাদ দিছিল।
সংস্কৃতিৰ সাধক :
বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ সকলো জনজাতি— বড়ো, কছাৰী, মিৰি, মিছিং, ডিমাচা আদিৰ সংস্কৃতিৰ সমল গ্ৰহণ কৰি সকলোৰে সমন্বয়ত বৰ অসমৰ সপোন দেখিছিল। অসমৰ পৰ্বতে-ভৈয়ামে সিঁচৰতি হৈ থকা সকলো জাতি-উপজাতিক সংস্কৃতিৰ এনাজৰীৰে বান্ধ খুৱাই, অসমৰ পাহাৰে-ভৈয়ামে, গাঁৱে গাঁৱে দহ হেজাৰ মাইল খোজ কাঢ়ি সকলোৰে মাজত সমন্বয় গঢ়ি তুলিবলৈ উঠিপৰি লাগিছিল। সেই কাৰণেই বিষ্ণু ৰাভা সকলো শ্ৰেণীৰ মানুহৰ বুকুৰ আপোন। ৰবীন্দ্ৰ ভৱন, চিত্রবন ষ্টুডিঅ' নিৰ্মাণৰ গুৰিতে আছিল বিষ্ণু ৰাভা।
বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া, বঙালী, হিন্দী, ইংৰাজী, বড়ো, খাছিয়া, নেপালী আদি সলসলীয়াকৈ ক'ব পাৰিছিল। তেৱেঁই একমাত্র পুৰুষ যিয়ে অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয়ত এক বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি তুলিবলৈ বিচাৰিছিল।
চিত্ৰকৰ ৰাভা :
ৰাভাই ছবি আঁকি বৰ ভাল পাইছিল। য'তেই যেতিয়াই মন যায় ছবি আঁকিছিল। বাটত পৰি থকা কাগজ এটুকুৰা দেখিলেই বুটলি লৈ | ছবি আঁকিছিল। বৰপেটাত শংকৰদেৱৰ ছবি আঁকি বিলাইছিল। শংকৰ-মাধৱৰ যুগল ছবি তেৱেঁই প্রথমে আঁকিছিল। নিজৰ ছবি নিজে আঁকিছিল আৰু সেইখন 'আমাৰ প্ৰতিনিধি' আলোচনীৰ বেটুপাতত প্ৰকাশ হৈছিল।
অসমৰ চলচ্চিত্ৰ জগতলৈ ৰাভাৰ অৱদান কম নাছিল। সেই সময়ত চলচ্চিত্ৰ জগতখন আছিল তেনেই চালুকীয়া। ৰাভাই ‘মনোমতী' ছবিত নৃত্য পৰিচালনা কৰাৰ উপৰি চিৰাজৰ যুটীয়া নৃত্য পৰিচালক আছিল। 'চিৰাজ’ত অভিনয়ো কৰিছিল। তেওঁৰ অভিনয় আছিল স্মৰণীয়। চিৰাজ ছবি ‘আঘোণা, ‘কিয়?’ নাটৰ ‘গেঠু’, ভূপেন হাজৰিকাৰ ‘প্ৰতিধ্বনি'ৰ খাছি ৰজা চিয়েম, এৰাবাটৰ সুৰৰ 'ভুজলুং কাকা' আদি অভিনয় অবিস্মৰণীয়।
সাহিত্যিক বিষ্ণু ৰাভা ঃ
সাহিত্য ৰচনা বিষ্ণুপ্ৰসাদৰ পেছা নাছিল, বৰং প্রতিভা বিকাশৰ এটা ধাৰাহে আছিল। ‘বাঁহী’ৰ দিনৰ পৰা তেওঁ গল্প, কবিতা লিখিছিল। লেখক হে বিষ্ণুপ্ৰসাদৰ প্ৰবন্ধসমূহ সমালোচক, পাঠকৰ দ্বাৰা উচ্চ প্রশংসিত। অসমীয়া কৃষ্টি, অসমীয়া কৃষ্টিৰ চমু আভাস দুটা গৱেষণামূলক প্রবন্ধ। নগাঁও ছাত্র ফেডাৰেচনত অসমীয়া কৃষ্টি আৰু কামৰূপৰ কনিহা বিহুতলীত পাঠ কৰা অসমীয়া কৃষ্টিৰ চমু আভাস' (পিছত গ্ৰন্থ) দুখন অমূল্য সম্পদ। ‘সোণপাহি’ গল্পপুথি। মুক্তি দেউল, ন পৃথিৱীৰ নতুন যুগ, মিচিং কনেং,লখিমী কুঁৱৰী তেওঁৰ উপন্যাস। ‘পৰ জনমৰ শুভ লগনত' গীতৰ পুথি।
বিষ্ণু ৰাভা গৱেষক নাছিল, কিন্তু কেইটামান চিন্তাগধুৰ ই গৱেষণামূলক প্রবন্ধৰ প্ৰশংসা কৰি ড° সুনীতি চেটার্জীয়ে ‘বিষ্ণু ৰাভা উচ্চস্তৰৰ পণ্ডিত, ভাষাবিদ' বুলি স্বীকৃতি দিছিল।
সাংসাৰিক ৰাভা :
বিষ্ণু ৰাভাৰ প্ৰথম পত্নী প্ৰিয়লতাৰ বিয়াৰ ২৮ দিন পিছত মৃত্যু হোৱাত মৰ্মান্তিক দুখ পাইছিল। বহুদিন বিৰতিৰ পিছত কনকলতাক দ্বিতীয় পত্নীৰূপে লাভ কৰে; কিন্তু কনকলতায়ো দুটি পুত্র জন্ম দি ইহসংসাৰ ত্যাগ কৰে।
১৯৫৭ চনৰ ২২ জানুৱাৰীৰ দিনা ৰাভা আৰু কনকলতাৰ প্ৰথম পুত্ৰ পৃথ্বিৰাজ ৰাভা (ঘৰত মতা নাম থুনথুন)ৰ জন্ম হয়। ১৯৬০ চনত দ্বিতীয় সন্তান হেমৰাজ (মুনমুন)ৰ জন্ম হয়। ১৯৬২ চনৰ ৪ জানুৱাৰীত কনকলতাৰ ‘ব্রেইন টিউমাৰ'ত অসম মেডিকেল কলেজ হস্পিতালত মৃত্যু হয়।১৯৫৫ চনৰ ১৬ জানুৱাৰীৰ দিনা বিষ্ণু ৰাভাই মোহিনী বসুমতাৰীক বিয়া কৰায়। মোহিনী তিনি মাহ তেজপুৰত থাকি মুছলপুৰৰ খুৰাকৰ লগত থাকি কৃষক বনুৱা, নাৰী সংগঠনত লাগে। ১৯৬৪ চনতহে বিষ্ণু ৰাভাই মোহিনীক তেজপুৰলৈ লৈ আহে। পুত্ৰ দুজনৰ দায়িত্ব 'মোহিনী'ক দিয়ে আৰু পৃথ্বিৰাজ, হেমৰাজে মোহিনীৰ মাজত মাকৰ মৰম বিচাৰি পায়। মোহিনী ৰাভাৰ পুত্ৰ মেণ্ডোলা ৰাভা। ১৯৬৬ চনৰ ১৬ জুলাইত ছোৱালী এজনীৰ জন্ম হৈছিল কিন্তু চাৰিদিন পিছতেই মৃত্যু হোৱাত বিষ্ণু ৰাভাই মনত বৰ দুখ পাইছিল।
ৰাজনীতিক :
বিষ্ণু ৰাভাৰ বিয়াৰ এবছৰ নৌহওঁতেই প্রথম পত্নী প্ৰিয়লতাৰ মৃত্যু হোৱাত তেওঁ দুখ, নিৰাশাত ভাগি পৰে। সেই সময়ত শান্তি বিচাৰি পৰ্বতে-পাহাৰে, হাবি-বননিয়ে ঘূৰি ফুৰিছিল। বিভিন্ন জনগোষ্ঠীৰ সান্নিধ্যলৈ আহি তেওঁলোকৰ ভাষা-সংস্কৃতি, গীত-মাতৰ ওপৰত অধ্যয়ন কৰিছিল। কৃষক, শ্রমিক, বনুৱা, হজুৱাৰ দুখ-দুৰ্দশা দেখি তেওঁলোকৰ মুক্তি পথ বিচাৰি ফুৰিছিল। ১৯৩৯ চনত বিষ্ণু ৰাভা গুৱাহাটীলৈ আহে। সেই সময়ত কেইজনমান প্রগতিশীল যুৱকে গোপনে মার্ক্সবাদৰ শিক্ষা দিছিল। ৰাভা তেওঁলোকৰ ওচৰ চাপে। তেওঁলোকে পাণবজাৰত 'ৰেডিকেল ইনিষ্টিটিউট' নামৰ ক্লাব এটা খুলিছিল, ৰাভাই সেই ক্লাবত যোগ দিয়ে।
১৯৪০ চনত ‘কমিউনিষ্ট লীগ'ৰ নেতৃত্বত গঢ়ি উঠা ‘কৃষক বনুৱা পঞ্চায়ত’ত বক্তৃতা দি ফুৰিছিল। ১৯৪৩ চনত বিপ্লৱী কমিউনিষ্ট দল গঠন হয় । সেই দলৰ নেতা উপেন শৰ্মাই বিষ্ণু ৰাভাৰ আগত দলৰ আদৰ্শ বুজাই দিয়াত বিষ্ণু ৰাভাই ১৯৪৬ চনত ‘বিপ্লৱী কমিউনিষ্ট' দলত যোগ দিয়ে। দলৰ পশ্চিমবংগৰ সভাপতি সৌমেন ঠাকুৰ আৰু পান্নালাল দাসগুপ্তই বিষ্ণু ৰাভাক অসমত দলৰ সংগঠন মজবুত কৰিবলৈ কয়।
ৰাভাই অসমত জনজাতীয় অঞ্চলত দলৰ সংগঠন মজবুত কৰিবলৈ উঠি-পৰি লাগে। সেই সময়তে সংগঠিত আধিয়া কৃষকে মালিকক আধিয়া দিয়া বন্ধ কৰা ধ্বনি দি ‘নাঙল যাৰ মাটি তাৰ' দাবী কৰে। ৰাভাই গীত ৰচনা কৰি আধিয়াৰ আন্দোলনক সাংস্কৃতিক ৰূপ দিছিল। সকলো কৃষকে ৰাভাক আদৰণি জনাই আন্দোলন শক্তিশালী কৰিছিল।
সেই সময়ত দুখীয়া কৃষকসকলে মহাজনৰ পৰা কুৰি টকা ধাৰ লৈ ছয় মোন ধান দিব লাগিছিল। মহাজনৰ শোষণৰ বিৰুদ্ধে কৃষকসকলক একগোট কৰি বিপ্লৱ ঘোষণা কৰি বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সংগঠন মজবুত কৰিছিল।
১৯৪৮ চনত চৰকাৰে বিপ্লৱী কমিউনিষ্ট পাৰ্টি নিষিদ্ধ ঘোষণা কৰে। ১৯৪৮-১৯৫২ চনলৈ বিষ্ণু ৰাভাই অসমৰ ইমূৰে-সিমূৰে ঘূৰি আত্মগোপন কৰি সংগঠন মজবুত কৰে। চৰকাৰে জীৱিত বা মৃত অৱস্থাত বিষ্ণু ৰাভাক ধৰি দিব পৰাজনলৈ দহ হেজাৰ টকা পুৰস্কাৰ ঘোষণা কৰিছিল।
১৯৫৪ চনত বিপ্লৱী কমিউনিষ্ট পার্টি দুভাগ হয়। জন্ম হ'ল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (CPI)। ৰাভা আৰু কেইজনমানে চি.পি.আইত যোগ দিলে। ১৯৬২ চনত চীনৰ আক্ৰমণৰ সময়ত বিষ্ণু ৰাভাক তেজপুৰৰ ঘৰৰ পৰা পুলিচে গ্ৰেপ্তাৰ কৰে। হাতত হেণ্ডকাপ নোসোমোৱাত কঁকালত নাৰিকলৰ ৰছী লগাই বান্ধি গুৱাহাটীলৈ আনে আৰু পিছত উৰিষ্যাৰ বেহৰামপুৰ জেলত ৰাখিছিল।
১৯৬৭ চনত তেজপুৰৰ পৰা বিধানসভালৈ নির্বাচিত হয়। বিধানসভাত শ্রমিক-কৃষকৰ ন্যায্য দাবী অসমৰ গৃহহীন, অন্নহাৰা, মাটিহীন দুখীয়া মানুহৰ দাবী সযোৰে উত্থাপন কৰিছিল।
বিষ্ণু ৰাভাৰ দাবীৰ বাবেই গুৱাহাটী কাহিলীপৰাত 'চিত্ৰবন ষ্টুডিঅ' আৰু 'ৰবীন্দ্ৰ ভবন' নিৰ্মাণ হৈছিল। অৱশ্যে তেওঁক সমৰ্থন কৰিছিল ড° ভূপেন হাজৰিকা, লক্ষ্যধৰ চৌধুৰী আদি বিধায়কসকলে।
কিন্তু কালে সহ্য নকৰিলে। বিষ্ণু ৰাভাৰ কেন্সাৰ হ'ল। চৰকাৰে সকলো খৰচ কৰি অসমৰ বাহিৰত, বোম্বাইত (বৰ্তমানৰ টাটা মেম'ৰিয়েল) চিকিৎসা কৰায়ো বিষ্ণু ৰাভাক বচাব নোৱাৰিলে। ১৯৬৯ চনৰ ২০ জুনৰ দিনা বিষ্ণু ৰাভাৰ মৃত্যু হ'ল।
পশ্চিমবংগৰ বাওঁপন্থী নেতা সৌমেন ঠাকুৰে কৈছিল—“বিষ্ণু ৰাভা যদি অসমত জন্মগ্ৰহণ নকৰি ভাৰতৰ অন্য যিকোনো প্ৰদেশত জন্মিলহেঁতেন, ৰাভাৰ প্ৰতিভা বিশ্বৰ শ্ৰেষ্ঠ পুৰুষসকলৰ দৰে স্বীকৃত হ'লহেঁতেন।' অসমে বিষ্ণু ৰাভাক সদায় হৃদয়ত স্থান দি আহিছে আৰু ভৱিষ্যতলৈ দি থাকিব।
___________________________