জিকিৰ

দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা (নতুন) পাঠ্যপুথিৰ ২ নং পাঠ । 


জিকিৰৰ ৰচক হৈছে আজান ফকিৰ।





ভাব-বিষয়ক :
১/চমু উত্তৰ দিয়া : 
ক. জিকিৰৰ ৰচক কোন ? 
উত্তৰ : জিকিৰৰ ৰচক হৈছে আজান ফকিৰ।
খ. কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে ? 
উত্তৰ : উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহবিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে । 
গ. 'জিকিৰ' শব্দটো কি শব্দৰ পৰা ওলাইছে ? 
উত্তৰ : 'জিকিৰ' শব্দটো আৰৱী 'জিকৰ' শব্দৰ পৰা ওলাইছে । 
২/ তলৰ শব্দবোৰৰ অৰ্থ লিখা : 
ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা।
উত্তৰ : ৰছুল= দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত। 
মোমিন= বিশ্বাসী মুছলমান ।
ৰহম= দয়া । 
কুটুব= ধ্ৰুৱ নক্ষত্ৰ । 
বান্দা= ভৃত্য ।
৩/ 'মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
     যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি ।।'
            -- উল্লেখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা । 
উত্তৰ : আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাকিৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে । মক্কা হ'ল এক পৱিত্ৰ তীৰ্থস্থান । ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায় । কিন্তু ইয়াৰ যোগেদি জীৱই আল্লাৰ কোনো সন্ধান নাপায় । কিয়নো জীৱন কালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাই কেতিয়াবাই পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে । কিন্তু অসৎকৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ল'লেই কেতিয়াও মুক্তি নাপায় । আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে । তেওঁক মাত্ৰ স্মৰণ কৰিলেই হ'ল ।
৪/ ব্যাখ্যা কৰা : 
ক. পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
       খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ।।
উত্তৰ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 
     এই পদফাকিৰ জৰিয়তে আল্লাৰ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে । 
     পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ । অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে । ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে । কিন্তু পানী আৰু জুইয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি পোৱা নাযায় । আল্লা বা ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাথ কৰিলেও বিচাৰি নাপাওঁ । সৎ কৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনত দৃঢ় সংকল্প লৈ কোনো কামত লাগিলে অন্তৰতেই আল্লা নিবাস কৰে । প্ৰকৃত মুছলমানৰ অন্তৰত আল্লা বিৰাজমান । ই পৰম সত্য। 
খ. মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট । 
     বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 
      পদফাকিত মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰা মানুহে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খোৱাৰ কথা কোৱা হৈছে । 
      মক্কাক পৱিত্ৰ অৰ্থত তিৰবেণীৰ ঘাট বুলি কোৱা হয় । তিৰবেণী হৈছে হিন্দুসকলৰ পৱিত্ৰ তীৰ্থ । হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গঙ্গা, যমুনা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইয়েই হৈছে তিৰবেণীৰ ঘাট । প্ৰতিগৰাকী হিন্দুৱেই তিৰবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে সকলো পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে । সেয়ে পৱিত্ৰ মক্কাক তিৰবেণীৰ লগত তুলনা কৰা হয় । কিয়নো প্ৰতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তিপ্ৰাপ্তি তথা আল্লাৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে । অৰ্থাৎ হিন্দুৰ বাবে তিৰবেণীৰ যি আদৰ, মুছলমানৰ বাবে মক্কাৰ সেই একে আদৰ । 
মক্কা হ'ল মুছলমানৰ বাবে এখন পৱিত্ৰ তীৰ্থস্থান । মক্কালৈ গ'লে হেনো পাপমুক্ত হয় বা জীৱই মুক্তি লাভ কৰে । কিন্তু সংসাৰৰ মায়া মোহত বন্দী মানৱে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায় । কিয়নো তেওঁলোক কেৱল আনক দেখিহে মক্কালৈ গৈছে, কিন্তু প্ৰকৃত অন্তৰেৰে আল্লাক বিচাৰিব পৰা নাই । মায়া-মোহৰ পৰা তেওঁলোক মুক্ত হ'ব পৰা নাই । সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে । ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হয় । 
গ. সজাৰ মইনাটিৰ অনেক যুগুতি । 
     দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি।।
উত্তৰ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 
       সংসাৰ মায়াৰে আৱৰা । সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাৰ চিন্তাতকৈ পাৰ্থিৱ সুখ-ভোগতহে জীৱ ব্যস্ত হৈ পৰে । মানৱ জীৱনৰ ক্ষণস্থায়ীতাৰ কথা সেয়ে জীৱই পাহৰি যায় । কিন্তু মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনাস্বৰূপ সকলো বস্তুৱেই হৈ পৰে মূল্যহীন । মৃত্যুৰ লগে লগে আত্মাই শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাৰ ওচৰলৈ গুচি যায় । আত্মা দেহত থকালৈকেহে আমি জীৱন্ত। আত্মাহীন শৰীৰ মূল্যহীন । সেয়ে ক্ষন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱৰ প্ৰধান কৰ্তব্য।
ভাষা-বিষয়ক : 
১/ সমাৰ্থক শব্দ লিখা : 
চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।
উত্তৰ : চিন্তো= ভাবোঁ, স্মৰণ কৰোঁ।
ঘাট= বন্দৰ ।
পীৰিতি= প্ৰীতি, প্ৰেম ।
আচমান= আকাশ ।
দৰিয়া= সাগৰ, নদী ।
পিয়াহ= তৃষ্ণা ।
বাট= পথ ।
ভেল= দেহ, শৰীৰ । 



                                 °°°

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই