ভাৰতীয় সংস্কৃতি

দশম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ৭ নং পাঠৰ প্ৰশ্নোত্তৰ । 

ভাব-বিষয়ক : 
১. ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ? 
উত্তৰ : ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্দ্ধমান শক্তি । 
২. 'ফ্ৰম ভলগা টু গংগা' কাৰ ৰচনা ? 
উত্তৰ : 'ফ্ৰম ভলগা টু গংগা' পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা । 
৩. সৰ্বপল্লী ৰাধাকৃষ্ণণে 'কালিয়দমন'ৰ কি আখ্যা দিছে ?
উত্তৰ : সৰ্বপল্লী ৰাধাকৃষ্ণণে 'কালিয়দমন'ৰ আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে ।
৪. কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উত্তৰ : প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি । 
৫. শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল ? 
উত্তৰ : প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল । 
৬. ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি ?
উত্তৰ : ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা ।
৭. অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি ? 
উত্তৰ : অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন । 
৮. গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে ? 
উত্তৰ : গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে ।
৯. সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে ? 
উত্তৰ : সুকুমাৰ কলাৰ ভিতৰত চিত্ৰ শিল্পক বেছি স্থায়ী বোলা হৈছে । 
১০. হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া । 
উত্তৰ : হেম বৰুৱা আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া । তেওঁ কবি, সাংবাদিক, সমালোচক, ভ্ৰমণ কাহিনী ৰচক, অনুবাদক, ঔপন্যাসিক আৰু ৰাজনীতিবিদ । বৰুৱাদেৱৰ ৰচনাসমূহ হ'ল -- 'বালিছন্দা', 'মনময়ূৰী', 'আধুনিক সাহিত্য', 'এই গাঁও এই গীত', 'ৰঙা কৰবীৰ ফুল', 'ইজৰাইল', 'The Red River and Blue Hill' ইত্যাদি । ইয়াৰ উপৰিও তেওঁ "জনতা' আৰু 'পছোৱা' আলোচনী সম্পাদনা কৰিছিল । 
১১. 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ সাৰাংশ লিখা । 
উত্তৰ : ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি । ইয়াৰ ইতিহাসো এক সুদীৰ্ঘ ইতিহাস । আৰ্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিল । ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি এই আৰচযপূৰ্ব সংস্কৃতি আজিলৈকে প্ৰসাৰিত হৈ আছে । ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবৰ্ষলৈ নানা সংস্কৃতিসম্পন্ন জনগোষ্ঠীৰ আগমন ঘটিছে । এই জনগোষ্ঠীসমূহেও ভাৰতৰ শক্তিশালী সংস্কৃতিৰ প্ৰভাৱত পৰিছে আৰু নিজা নিজা সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিকো সমৃদ্ধ কৰিছে । 
১২. 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু ।' 
      ---এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা । 
উত্তৰ : হেম বৰুৱাই ভাৰতীয় সংস্কৃতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু । ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি-উপজাতিৰ ভাষা-সংস্কৃতিয়ে দিয়া বিশালতা প্ৰদান কৰি আহিছে । আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল । ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে । ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ । ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ নানা মানৱপুঞ্জ ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙণি যোগাইছিল । বিভিন্ন দেৱ-দেৱীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেইবোৰ প্ৰায়ে দ্ৰাবিড়ীসকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি । ইয়াৰ বাহিৰেও মৃতকক সৎকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য যুগৰ অৱদান আছিল । এই আলোচনাৰ পৰা ইয়াকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি । 
১৩. 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা । 
উত্তৰ : 'সভ্যতা আৰু সংস্কৃতি' -- এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায় । এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শন্দ ব্যৱহাৰ কৰিব নোৱাৰি । সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায় । এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠী হ'ল সমাজ এখন বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী । অৰ্থাৎ সভ্যতা হ'ল দক্ষতা, সম্পদৰ ব্যৱহাৰ, বৈদ্ধিক চিন্তাধাৰা আদি । 
           আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা । এটা জাতি সু-সভ্য হ'ব পাৰে । আনহাতে ইয়াৰ তেনে কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে । ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী । সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ দৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে ।
১৪. উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা । 
উত্তৰ : উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল । গতিকে ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায় । ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যকে ৰঙীন কৰি তুলিছে । উত্তৰ ভাৰতীয় মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায় । উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ । ই আচলতে সংহতিৰ ভাস্কৰ্য । জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল । আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু । ইয়াক কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নোৱাৰি । হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে । আনহাতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰু-কাৰ্য প্ৰদান কৰিছে । এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছে । উদাহৰণস্বৰূপে তাজমহল, ফটেহপুৰ চিকৰি, ইচমৎদৌল্লাৰ ভাস্কৰ্য আদি এনে কাৰু-কায খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ আৰ্হি । 
১৫. অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া । 
উত্তৰ : অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্প-কলা সঞ্জীৱিত হৈ আছে । অজন্তাৰ ছবিবোৰত দুটা ভাব-বস্তু প্ৰকাশ পাইছে । এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন । দুয়োবিধ ছবি একেলগে অংকিত হৈছে । দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্ৰ । এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন । প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা । ভাৱবস্তুৰ পিনৰ পৰা এই দুয়োবিধ ছবি একে ধৰণৰ নহয় । দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে । এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই । প্ৰাক্-মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে । পুৰুষ, মহিলা, শিশু বিবিধ ভংগিমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে । ইয়াত শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে । ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ । 
১৬. মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা । 
উত্তৰ : মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে । এই চিত্ৰ-শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ । এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল । ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত ; গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল । ইয়াত ভাৱ-প্ৰৱণতা নাই, আছে বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা । ব্যক্তিবাদে সাময়িকভাৱেহ'লেও চিত্ৰ-শিল্পত ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল । এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয় । বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল । এই দুয়োটাৰ সংমিশ্ৰিত এটা নতুন পদ্ধতিৰ উদ্ভাৱ হৈছিল । এইফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ । এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল । আনবিধ ধীৰ, মন্থৰ-প্ৰাণ । এইবোৰৰ স্থবিৰতাৰ মাজতো হওঁতে লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ আছে  । 
১৭. উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে ? 
উত্তৰ : উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত, দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ । উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায় । ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাবৰ সংযোগ ঘটাৰ কথা কৈছে । ইয়াকে সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি । 
১৮. ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা । 
উত্তৰ : ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল থকা দেখা গৈছে । এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভাক্তিবাদ আৰু চুফীবাদৰ মূল কথা । ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিকসকলৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল । উত্তৰ ভাৰতৰ মঠ-মন্দিৰ আদিত বক্ৰ আৰু বৃত্ত ৰেখা অংকন কৰা হৈছিল । ইয়াৰ মূলতে আছিল ইছলামীয়সকল ।  ইছলামীয়সকলৰ ভাস্কৰ্য কলাই হিন্দু ভাৰ্স্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছিল । তাজমহল, ফটেহপুৰ চিকৰি, ইচমৎদৌল্লাৰ অসম্পূৰ্ণ ভাস্কৰ্যই ইয়াৰ এক সুন্দৰ নিদৰ্শন দিয়ে । ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সৰল হৈ পৰিছিল । মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰিছিল । অজন্তাৰ চিত্ৰশিল্পৰ এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰশিল্পৰ সৰলতাৰ মাজত সংযোগ স্থাপন হোৱা দেখা পোৱা গৈছিল । ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দৰ প্ৰৱেশ হৈছিল । মুক্ত বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰি তুলিছিল । 
        অৰ্থাৎ ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এৰাব নোৱাৰা বিধৰ আছিল । 
১৯. প্ৰাক্ মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা । 
উত্তৰ : প্ৰাক্ মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিপল্কলাক দেখুৱাব পৰা হৈছিল । প্ৰাক্ মুছলিম যুগৰ জীৱন প্ৰাচুৰ্য্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছিল । পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল । জীৱনৰ প্ৰাচুৰ্য্যত যেন শিল্পীক মতলীয়া কৰিছিল । এই জীৱন প্ৰাচুৰ্য্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদবাউল হৈ পৰিছিল । ছবিবোৰৰ ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল । শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন হৈছিল অজন্তাৰ চিত্ৰশিল্পৰ । মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল । এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ । 
২০. ব্যাখ্যা কৰা । 
ক. সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ । 
উত্তৰ : উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিত অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত 'ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 
       লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে এই কথাষাৰত উল্লেখ কৰিছে । 
       ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু । আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছে । অতীজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী লোকৰ প্ৰব্ৰজন ঘটি আহিছে । ইয়াৰ উপৰিও ক'ব পাৰি যে এঘাৰশ শতিকাৰ আগৰে পৰা এছিয়া, ইউৰোপ,ব্ৰহ্মদেশ, আফগানিস্তান, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছে । এওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰিত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা লাভ কৰিছে । ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি । 
খ. ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী । 
উত্তৰ : উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিত অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত 'ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 
         লিখকে বিভিন্ন উত্থান-পতন সত্বেও ভাৰতীয় সংস্কৃতিৱনিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে । 
         ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়াৰ বুৰঞ্জী । এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা চকু আছিল । এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰ ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত আছিল । তথাপিও ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল । ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল । এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য । ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ি, শক, হুণ, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল । ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয়-পৰাজয়, ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল । এয়ে হ'ল ভাৰতীয় সংস্কৃতিৰ উত্থান-পতন ভঙা-গঢ়াৰ ঐতিহ্য । 
গ. সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় । 
উত্তৰ : উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিত অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত 'ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 
        লিখকে শিল্প সাধনাৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে । ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই ক'বলৈ কথাষাৰ উল্লেখ কৰিছে ।
        সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচন কৰে । এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা । এটাৰ আভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে । আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে । আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা । সূক্ষ্ম আৰ্টে মানুহৰ অন্তৰত তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে । প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে । আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰৱল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে । 
ভাষা-বিষয়ক : 
১. সন্ধি ভাঙা । 
উত্তৰ : 
সংস্কৃতি = সম্+কৃতি 
সমন্বয় = সম্+অন্বয় 
সম্বন্ধ = সম্+বন্ধ 
ভাৰাক্ৰান্ত = ভাৰ+আক্ৰান্ত
সন্মত = সম্+মত । 
২. বিশেষ্য বা বিশেষণলৈ দিয়া । 
উত্তৰ : 
বৈচিত্ৰ্য = বিচিত্ৰ 
ভৌগোলিক = ভূগোল
বিস্তৃতি = বিস্তৃত 
নৈৰাশ্য = নিৰাশ 
বিপ্লৱ = বৈপ্লৱিক । 

            __________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই