ধৰ ঝাড়ু ধৰ ভাই

দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা (নতুন) পাঠ্যপুথিৰ ১৪ নং পাঠ । 


'ধৰ ঝাড়ু ধৰ ভাই'ৰ ৰচক হৈছে অম্বিকাগিৰী ৰায়চৌধুৰী।




ভাব-বিষয়ক :
১/অতি চমুকৈ উত্তৰ দিয়া : 
ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?
উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল ।
খ) সাতামপুৰুষীয়া 'সোণৰ চোতাল-ঘৰ' কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে ? 
উত্তৰ : সাতামপুৰুষীয়া 'সোণৰ চোতাল-ঘৰ' বহু যুগৰ ভূহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে ।
গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ? 
উত্তৰ : জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ।
ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ? 
উত্তৰ : কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলিছে ।
২/ 'হ'ল এৱে তোৰ সময় হ'বৰ
        জাতিৰ ঝাড়ুদাৰ যে ভাই ।'
           -- ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাড়ুদাৰ' হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে ?
উত্তৰ : কেইবা যুগ ধৰি অসমীয়া জাতি ইংৰাজৰ শাসনৰ অধীনত আছিল যাৰ ফলস্বৰূপে  নিজৰ ঐতিহ্য তথা গৰিমা কালৰ বুকুত হেৰুওৱাৰ উপৰিও জাতিটোৰ অস্তিত্ব বিপন্ন হৈছিল । তথাপি অসমৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল । স্বাৰ্থ ৰক্ষাৰ বাবে বহুলোকে ইংৰাজৰ তলত গোলামি হে খাটিছিল আৰু ধাৰে-ঋণে ভৰি পৰিছিল ।ব্যক্তিগত লাভৰ বাবে পৰস্পৰে পৰস্পৰক হিংসা কৰিছিল । ঘৃণাৰ জুইয়ে জাতিটোক পুৰি মুখত ছাঁই সানিছিল। এনে এক পৰিৱেশ কবিয়ে সহ্য কৰিব পৰা নাছিল । সেইবাবে তেওঁ সকলোকে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হ'ল বুলি সকীয়াই দিছে । 
৩/ 'নহ'লে যে বিশ্ব সভাত 
      নহ'ব তোৰ বহাৰ ঠাই ।'
          -- বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে ? 
উত্তৰ : কবিতাটিৰ ৰচনাৰ সময়ত ভাৰতবৰ্ষ বৃটিছৰ অধীনত আছিল । পৰাধীন দেশে কেতিয়াও সু-সভ্য জাতি হিচাপে বিশ্ব সভাত বহাৰ সুযোগ নাপায় । 
       সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব, হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঘৃণীৰ, স্বাৰ্থ-ভেমৰ মলি মামৰবোৰ আঁতৰাই বীৰ বেশেৰে জাতিৰ ঝাড়ুদাৰ হ'বলৈ আহ্বান জনাইছিল । স্বকীয় ভাষা-সংস্কৃতিক সময় থাকোঁতেই সকলোৰে বীৰৰ দৰে নিজ দেশ তথা জাতিৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিছে ।
৪/ 'ধৰ ঝাড়ু ধৰ ভাই'-- কবিতাটিৰ মূলভাৱ লিখা ।
উত্তৰ : দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ বাবে কাৰাবাস খাটিব লগীয়া হৈছিল। তেওঁ পায়খনা চাফা কৰাৰ দৰে ইমান দিনে ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ ভাৰতবাসীৰ মাজত থকা হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঘৃণীৰ, স্বাৰ্থ-ভেমৰ মলি মামৰবোৰ আঁতৰাই বীৰ বেশেৰে জাতিৰ ঝাড়ুদাৰ হ'বলৈ আহ্বান জনাইছিল । তেতিয়াহে গোলামীৰ শিকলি আঁতৰিব আৰু বিশ্ব সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ পাব বুলি কবিয়ে সকলোকে আহ্বান জনাইছে ।
৫/ ব্যাখ্যা কৰা : 
ক) হিংসা-দ্বেষৰ,   ভেদাভেদৰ, 
      ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ
      কত যে কি মলি-মামৰ 
      ভৰি জাতিৰ জীৱন যায় ।
উত্তৰ : উক্ত কবিতাফাকি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটিৰ অন্তৰ্গত ।
        কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জনগণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ কবিতাফাকিৰ জৰিয়তে আহ্বান জনাইছে ।
        বহু বছৰ ধৰি ব্ৰিটিছৰ গোলামী কৰি ভাৰতৰ জনগণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰত হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঘৃণিৰ, স্বাৰ্থ-ভেমৰ মলি স্বৰূপে গোটেই জাতিটোকে নিজস্ব কৰি ৰাখিছে । জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে । সেয়ে এইবোৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে । 
খ) ধৰ ঝাড়ু ধৰ ভাই
     আৰু চাবৰ সময় নাই --
     চাই থাকোঁতে মুখত কেৱল 
     ভৰিল কাজল-ছাই । 
উত্তৰ : উক্ত কবিতাফাকি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটিৰ অন্তৰ্গত ।
         পৰাধীনতাৰ কৱলত পৰি হিংসা-দ্বেষৰ,ভেদা-ভেদ আদিৰ মলি মামৰে কদৰ্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে এনেদৰে উল্লেখ কৰিছে । 
         কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঘৃণিৰ, স্বাৰ্থ-ভেমৰ মলি মামৰেৰে নিজেই ডুব গৈছে । দেশ-জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা । এই অৱস্থা চাই থাকিও যেন জনগণৰ জ্ঞান অহা নাই । মুখত কাজল-ছাই পৰা মানুহৰ দৰে চাই আছে ।
        এই দেশ-জাতি নিঃশেষ হ'বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই । ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি-মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ বেশেৰে সকলোৱে ওলাই আহি আমাৰ মাজত থকা মলি মামৰবোৰ আঁতৰ কৰিবৰ হ'ল বুলি সকলোকে সকীয়াই দিছে । 
৬/ 'ধৰ ঝাড়ু ধৰ ভাই'-- কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা । 
উত্তৰ : স্বদেশৰ স্বাধীনতাৰ কাৰণে কাম কৰোঁতে ৰায়চৌধুৰীদেৱে সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়ত পায়খানা আদি ঝাড়ুৰে সাৰি পৰিষ্কাৰ কৰিবলগীয়া হোৱা অৱস্থাতেই তেওঁ এই কবিতাটোৰ ৰচনা কৰিছিল । এই কথাৰ পৰাই বুজিব পাৰি কবিতাটোত স্বদেশ প্ৰেমৰ সুন্দৰ ভাব নিৰ্হিত হৈ আছে । ঝাড়ুৰে মলি মামৰবোৰ সাৰি পৰিষ্কাৰ কৰাৰ দৰে তেওঁ পৰাধীনতাৰ কৱলত থকা নিজৰ দেশখনকো হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি, স্বাৰ্থ-ভেম আদিৰ মলি মামৰবোৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক আহ্বান জনাইছে । তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলো প্ৰকাৰৰ হিংসা-দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা-ঘৃণিৰ, স্বাৰ্থ-ভেমৰ ভাব পাহৰি একগোট হৈ নিজৰ দেশ, জাতি উদ্ধাৰ কৰিবলৈ জনগণক উদাত্ত কণ্ঠৰে আহ্বান জনাইছে । তেতিয়াহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব ।
ভাষা বিষয়ক : 
১/ তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা : 
ক) হীনে-ঘিণে‌ = সমাজত হীনে-ঘিণে‌ থকা বৰ অসুবিধাজনক জীৱন । 
খ) ধাৰে-ঋণে = গোটেই জীৱনটো ধাৰে-ঋণে চলিব নালাগে । 
গ) ঘৃণা-ঘৃণি = মানুহৰ মাজত থকা ঘৃণা-ঘৃণিয়ে অশান্তিৰ সৃষ্টি কৰে । 
ঘ) জাহি-জাবৰ = জাহি-জাবৰবোৰ সাৰি পৰিষ্কাৰ কৰিলেহে মনত শান্তি পোৱা যায় । 
ঙ) সাৰি-পুছি = লেতেৰাবোৰ সাৰি-পুছি পৰিষ্কাৰ কৰি ৰাখিলে ঠাই ধুনীয়া দেখি । 
চ) মলি-মামৰ =  হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা-ঘৃণি, স্বাৰ্থ-ভেম আদি সমাজৰ মলি-মামৰ স্বৰূপ ।
২/ তলৰ শব্দবোৰত মূধৰ্ন্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱা : 
ক) সোণ = সোণ শব্দত স্বাভাৱিকতে মূধৰ্ন্য 'ণ' হয় । খ) ঘৃণা = 'ঋ' ৰ পাছত বহা 'ন' মূধৰ্ন্য 'ণ' হয় ।
গ) ঋণ = 'ঋ' ৰ পাছত বহা 'ন' মূধৰ্ন্য 'ণ' হয় ।
৩/ বিপৰীত শব্দ লিখা : 
ক) ঘৃণা = মৰম । 
খ) স্বাৰ্থ = নিস্বাৰ্থ, উদাৰ।
গ) জীৱন = মৰণ ।
ঘ) বীৰ = ভীৰু।




                  •••••••••••••••••••••••••••

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ