বৰগীত

দশম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ১নং পাঠৰ প্ৰশ্নোত্তৰ । 

ভাব-বিষয়ক : 
১. চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া । 
ক. ".....নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।"
       -- কবিয়েচজীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?
উত্তৰ : কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে । 
খ. 'সনক, সনন্দ যোগী যাহাকু ধিয়ায় ।' 
      -- সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ? 
উত্তৰ : সনক, সনন্দ আদি যোগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে । 
গ. কবি কিহত আতুৰ হোৱা বুলি কৈছে ? 
উত্তৰ : কবি বিষয় বন্ধনত আতুৰ হোৱা বুলি কৈছে । 
ঘ. বৰগীতটি কোনে ৰচনা কৰা ? 
উত্তৰ : বৰগীতটি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা । 
ঙ. বৰগীতটি কি ৰাগত বন্ধা আছে ? 
উত্তৰ : বৰগীতটি বসন্ত ৰাগত বন্ধা আছে । 
চ. কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে ? 
উত্তৰ : কবিয়ে 'বান্ধৱ' বুলি নাৰায়ণক সম্বোধন কৰিছে । 
ছ. 'মোহ-পাশ' মানে কি ?
উত্তৰ : 'মোহ-পাশ' মানে মায়াৰ জৰী অৰ্থাৎ মায়াৰ বান্ধোন । 
২. বৰগীতৰ মূলভাৱ লিখা । 
উত্তৰ : মাধৱদেৱ বিৰচিত উক্ত বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ পাইছে । 
          ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে । যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, সমস্ত বেদে যাক বিচাৰি নাপায়, সহস্ৰ মুখ-অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ ।
        বিষয়-বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে । ভকতৰ ত্ৰাণকৰ্তা ভগৱান । সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া-মোহৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে । 
       ভগৱানৰ দাসৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে । নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ'বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ পাইছে । 
৩. বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া । 
উত্তৰ : বৰগীতটিৰ ৰচকজনৰ নাম হ'ল শ্ৰীশ্ৰীমাধৱদেৱ । শ্ৰীশ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয় । তেওঁৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা । শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল । ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল 'নামঘোষা' । তেওঁৰ আন আন ৰচনাসমূহ হ'ল -- আদিকাণ্ড  ৰামায়ণ (আখ্যানমূলক ৰচনা), জন্মৰহস্য (তত্ত্বমূলক ৰচনা), দধিমথন(নাট), চোৰধৰা(ঝুমুৰা) ইত্যাদি । 
৪. ব্যাখ্যা কৰা । 
ক. সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা । 
     অধমে জানিবো কেনে তোমাৰ মহিমা । 
উত্তৰ : উক্ত বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত 'হৰি হেৰৰে বাপ পশিলো শৰণে' শীৰ্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে । 
     বৰগীতফাঁকিৰ মাজেৰে কবিয়ে ভগৱানৰ মহিমা প্ৰকাশ কৰিছে । 
     বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণু অৰ্থাৎ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ কৰিছে । ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ । সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষসকলেও যিজনক ধ্যান কৰে, সকলো বেদে যাক বিচাৰি নাপায়, সহস্ৰমুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে সেইজনা পুৰুষৰ মহিমা কবিৰ দৰে অধমে কিদৰে জানিব । 
         এইদৰে ভগৱানৰ অপাৰ মহিমা সাধাৰণ লোকৰ দূৰৰ কথা, যোগী পুৰুষ আৰু বেদৰো যে জ্ঞাত নহয়, তাকে কবিয়ে প্ৰকাশ কৰিছে । 
খ. আতুৰ ভৈলোহো হৰি বিষয় বিকলে । 
    কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।
উত্তৰ : উক্ত বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত 'হি হেৰৰে বাপ পশিলো শৰণে' শীৰ্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে । 
        সংসাৰৰ বিষয়-বাসনাত আতুৰ হৈ পৰা কবিয়ে তাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱানৰ চৰণ কমলত পৰিছে । 
       সংসাৰৰ মায়া মোহৰ জৰীডাল অতি বিচিত্ৰ । তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ, ভগৱানৰ চৰণত শৰণ লোৱা । যোগী পুৰুষসকলৰ ধ্যানৰ বিষয়, সমস্ত বেদৰ বিচাৰ্য, সহস্ৰমুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নোৱাৰে সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে ধৰিব নোৱাৰে । সংসাৰৰ দুখ-যন্ত্ৰণাই কবিক অতিষ্ঠ কৰি তুলিছে । সেয়ে তেওঁ তাৰ পৰা পৰিত্ৰাণ বিচাৰি, ভগৱানক কাকূতি কৰিছে । ভগৱানে যেন কবিক তেওঁৰ চৰণ কমলত ঠাই দি উদ্ধাৰ কৰে । এইদৰে ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি উদ্ধাৰ লভাৰ বাসনা বৰগীতফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে । 
গ. তোমাৰ চৰণ দুই মোৰ মহা ধন । 
   ভকত জনেৰ নিজ তুমিসে জীৱন ।
উত্তৰ : উক্ত বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত 'হৰি হেৰৰে বাপ পশিলো শৰণে' শীৰ্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে । 
         ভগৱানেই ভকতৰ ত্ৰাণকৰ্তা, তেওঁৰ চৰণ যুগলেই যে ভকতৰ বাবে পৰম ধন তেনে এটি ভাৱ প্ৰকাশৰ বাবেই উক্ত বৰগীতফাঁকিৰ অৱতাৰণা কৰা হৈছে । 
       যোগসিদ্ধ পুৰুষসকলেও যাক ধ্যান কৰে, সমস্ত বেদৰ যি বিচাৰ্য বিষয়, সহস্ৰমুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নোৱাৰে, সেইজনা অপাৰ মহিমাৰ গৰাকী ভগৱানৰ মহিমা কবিৰ দৰে সাধাৰণৰ ঢুকি পোৱাৰ আঁতৰত । বিষয়-বাসনাত আতুৰ হৈ পৰা লোকৰ মুক্তিৰ একমাত্ৰ পথ হ'ল ভগৱানৰ চৰণত শৰণ লোৱাটো । কবিৰ বাবেও সংসাৰখন বিৰক্তিকৰ হৈ পৰিছে । সেয়ে তেওঁ ভগৱানৰ চৰণত তেওঁৰ বাবে অলপমান ঠাই বিচাৰিছে । ভকতৰ বাবে ভগৱানৰ চৰণ যুগলেই পৰম ধনৰ দৰে । ভকতৰ বাবে ভগৱানেই একমাত্ৰ জীৱনস্বৰূপ । এইদৰে যে ভগৱানেই যে মুক্তিৰ পথ সেয়া এই বৰগীতফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে । 
৫. 'সনক সনন্দ যোগী যাহাকু ধিয়ায় 
   সকল নিগমে যাক বিচাৰি নাপায়।'
    ---তাৎপৰ্য ব্যাখ্যা কৰা । 
উত্তৰ : ভগৱানৰ অপাৰ মহিমা প্ৰকাশকৰাৰ প্ৰসংগত ভগৱানৰ বিষয়ে এনেদৰে কৈছে । 
      ভগৱানক পোৱাটো সহজ নহয় । সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষসকলেও যিজন পৰম পুৰুষক ধ্যান কৰে, সকলো বেদ অধ্যয়ন কৰিলও যাক বিচাৰি পোৱা নাযায় । তেওঁৰ মহিমা অপাৰ । 
        সহস্ৰমুখ অনন্তইও যাৰ গুণ গাই শেষ কৰিব নোৱাৰে, সেইজনা পুৰুষৰ মহিমা মাধৱদেৱেও নাজানে আৰু তেওঁ জনাতো সম্ভৱেই নহয় বুলি কবিয়ে নিজেই কৈছে । সংসাৰৰ বিষয়-বাসনাত আতুৰ হৈ তাৰ পৰা মুক্তি লভিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণ ল'ব বিচাৰিছে । কিয়নো ভকতৰ বাবে ভগৱানেই একমাত্ৰ জীৱনস্বৰূপ । গতিকে এইজনা পৰম পুৰুষ যিজনৰ মহিমা যোগী পুৰুষ আৰু বেদেও বিচাৰি নাপায় তেওঁৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পাব বুলি দৃঢ় বিশ্বাস হৈছে । সেইবাবেই কবিয়ে উক্ত বৰগীতফাঁকিত তেনেদৰে কৈছে । 
৬. বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা । 
উত্তৰ : বৰগীতৰ চাৰিটা লক্ষণ হ'ল -- 
ক. বৰগীতসমূহ শাস্ত্ৰীয় ৰসগ-তালযুক্ত গীত । 
খ. বৰগীতৰ ভাষা ব্ৰজাৱলী । 
গ. বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক । 
ঘ. শংকৰ-মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয় । নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত । 
ভাষা বিষয়ক : 
১. তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা । 
উত্তৰ : নপাৱন্ত = নোৱাৰে । 
কেনে = কেনেকৈ । 
ভৈলোহো = হ'লো । 
তুমিসে = তুমিহে । 
জনেৰ = জনৰ । 
কহয় = কয় । 
২. ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উলেখ কৰা । 
উত্তৰ : ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল -- 
ক. ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ বহুলভাৱে দেখা যায় । 
খ. এই ভাষাত আৰৱী, ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায় । 
গ. ব্ৰজাৱলীত বৰ্তমান, অতীত আৰু ভৱিষ্যত -- এই তিনিওটা কালৰ প্ৰয়োগ কৰা হয় ।   

             _________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই