ছাত্ৰ-জীৱন আৰু সমাজসেৱা
দশম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ৬ নং পাঠৰ প্ৰশ্নোত্তৰ । ভাব-বিষয়ক : ১. অতি চমুকৈ উত্তৰ লিখা : ক. লিখকৰ মতে ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি ? উত্তৰ : লিখকৰ মতে ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহৰ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ-জীৱনৰ মূল উদ্দেশ্য । খ. বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি ? উত্তৰ : বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ । বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ক'ব পাৰি । উদাহৰণস্বৰূপে বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথিত পঢ়ে 'দুখীয়াক মৰম কৰিবা', 'দুখীয়াক সহায় কৰিবা' আদি বাক্য । বাস্তৱ জীৱনত কিন্তু ইয়াৰ অৰ্থ কি সেইয়া শিক্ষাৰ্থীয়ে উপলব্ধি কৰিবলৈ সক্ষম নহয় । কিয়নো আজিৰ দিনত শিক্ষকসকলেও শিক্ষাৰ্থীসকলক এনেধৰণৰ বাক্যবোৰৰ ভিতৰত অন্তৰ্নিহিত থকা প্ৰকৃত অৰ্থবোৰ বুজাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষাৰ্থীৰ বানানসমূহৰ ওপৰত গুৰু...