অসমৰ ভূগোল
নৱম শ্ৰেণীৰ সমাজবিজ্ঞান পাঠ্যপুথিৰ ভূগোল খণ্ডৰ ৪নং পাঠৰ প্ৰশ্নোত্তৰ ।
১. অসমৰ প্ৰাকৃতিক বিভাগকেইটা কি কি ?
উত্তৰ : অসমৰ ভূ-প্ৰাকৃতিক বিভাগ প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি । যেনে --
ক. ব্ৰহ্মপুত্ৰ উপত্যকা
খ. বৰাক উপত্যকা
গ. কাৰ্বি মালভূমি
ঘ. বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি ।
২. ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চলকেইটা কি কি ?
উত্তৰ : ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চলকেইটা হ'ল --- উত্তৰৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু দক্ষিণৰ পাদদেশ অঞ্চল ।
৩. ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে চাৰিখনকৈ প্ৰধান উপনৈৰ নাম লিখা ।
উত্তৰ : ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চাৰিখন উপনৈ -- সোৱনশিৰি, ৰঙানদী, বুৰৈ, বৰগাং ।
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ চাৰিখন উপনৈ -- বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজী ।
৪. ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া ।
উত্তৰ : ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায় । ইয়াৰে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে । ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল-বালি-বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে ।
৫. ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া ।
উত্তৰ : ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ মাজৰ চৰ-চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয় । ব্ৰহ্মপুত্ৰ নদীখন অসমত গড়ে প্ৰায় ৬ৰ পৰা ৮ কিলোমিটাৰ পৰ্যন্ত বহল । ই জল পৰিৱহণ আৰু গেদ পৰিৱহণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে এখন লেখত ল'বলগীয়া নদী । নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন, পৰিৱহণ আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে । ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জলন্ত সমস্যাৰূপে পৰিগণিত হৈছে । নদীখনৰ বুকুত প্ৰায় ৬০০ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে । এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী ।
৬. মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা ।
উত্তৰ : ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় ৬০০ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে । এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী । নদীৰ বুকুত চলি থকা খনন, পৰিৱহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে । এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদীদ্বীপৰ সৃষ্টি হৈছে । ই পৃথিৱীৰ ভিতৰতে অন্যতম বৃহৎ নদীদ্বীপ বুলি জনাজাত । ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ১.৬৮ লাখ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে প্ৰায় ৪২২ বৰ্গ কিঃমিঃ মাটিকালি জুৰি আছে আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে । বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে । গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে ।
৭. বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা ।
উত্তৰ : ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাটোও অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ-প্ৰাকৃতিক অঞ্চল । বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে । বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় ২২৫ কিলোমিটাৰ বৈ গৈছে । বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে । এই সমভূমিক কাছাৰ সমভূমি বুলিও কোৱা হয় । ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূৱ দিশত পৰ্বত-পাহাৰে আগুৰি আছে । উত্তৰফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে, পূৱফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফালে মিজো পৰ্বত অৱস্থিত । অৱশ্যে পশ্চিমফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুছিয়াৰা-সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে ।
৮. কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা ।
উত্তৰ : উৎপত্তি আৰু ভূতাত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংগবিশেষ বুলি ক'ব পাৰি । কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূৱ আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে । ইয়াৰে পূৱৰ খণ্ডটোৱে ৰাংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে । এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ । আনহাতে পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি লৈছে । দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূৱলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে ৯০০ মিটাৰ । কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৱে ভূ-আকৃতি গঢ় লৈ উঠিছে ।
৯. বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা ।
উত্তৰ : নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে । বৰাইল পৰ্বতে প্ৰকৃততে পূৱৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে । ইয়াৰে উত্তৰফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে । উত্তৰ ফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ ।
১০. অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত ? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ : অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত । অসমত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে । অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ুও যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে । ভৌগোলিক অৱস্থান, ভূ-প্ৰকৃতি, আৰৱ সাগৰ, বঙ্গোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয় । ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূখণ্ডৰ পৰিৱৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে ।
১১. গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি ?
উত্তৰ : গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূৱ অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে । ইয়াৰোপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলটো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে । অৱশ্যে এই মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয় বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে । অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় ।
১২. অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা ।
উত্তৰ : ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঠাল-ঠেঙুলীয়ে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰৱাহিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে । লগতে এই পৰ্বতশ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰৱাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও ৰাজ্যখনক ৰক্ষা কৰে । আনহাতে পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূবফালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূৱফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পায় । একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশতো বৰষুণ যথেষ্ট কম হয় । অৱশ্যে হিমালয় পৰ্বতশ্ৰেণীৰ পাদভূমি অঞ্চলত বৰষুণৰ পৰিমাণ সদায় বেছি থাকে । দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে ।
১৩. অসমৰ প্ৰধান ঋতু কেইটা কি কি ? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ : অসমৰ প্ৰধান ঋতু চাৰিটা । যেনে -- প্ৰাক্ মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল ।
প্ৰাক্ মৌচুমী কালৰ সময়চোৱাত পুৱাৰ ভাগ আৰামদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকনিৰে বৰষুণ হয় । সময় অতিক্ৰম কৰাৰ লগে লগে এই কালচোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ'বলৈ ধৰে ।
মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰে পৰা চেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । এই সময়চোৱাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুপ্ৰৱাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় । এই কালচোৱাৰ জুন, জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় ।
প্ৰত্যাৱৰ্তিত মৌচুমী কালত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায় । উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয় । এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে ।
অসমত শীতকালৰ বৈশিষ্ট্য হ'ল নিম্ন উষ্ণতা, পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা । সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয় ।
১৪. অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা ।
উত্তৰ : অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল উত্তৰ লখিমপুৰ । ইয়াত বছৰি গড় বৰষুণৰ পৰিমাণ ৩৩৫ চে.মি. । আনহাতে, অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখন হ'ল লামডিং । ইয়াত বছৰি গড় বৰষুণৰ পৰিমাণ ১২৯ চে.মি. ।
১৫. অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয় ?
উত্তৰ : অসমৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় । সেইবাবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয় ।
১৬. অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ : অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয় । ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় । সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় । ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা ; নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ চে.মি.তকৈ অধিক বৰষুণ হয় । আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম । উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা-লামডিং অঞ্চলত বছৰি গড় বৰষুণ কেৱল ১২৯ চে.মি. পৰ্যন্ত হয় ।
১৭. অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বৰ্ণনা দিয়া ।
উত্তৰ : অসমত পোৱা মৃত্তিকাবোৰক চাৰিপ্ৰকাৰে ভগাব পাৰি । যেনে -- ক. পলসুৱা মৃত্তিকা, খ. গিৰিপদ মৃত্তিকা, গ. পাহাৰীয়া মৃত্তিকা আৰু ঘ. কংকৰ মৃত্তিকা ।
ক. পলসুৱা মৃত্তিকা = এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া । মূলতঃ বালি আৰু পলস-বোকাৰে গঠিত এই মৃত্তিকা সামান্যভাৱে অম্লীয় । এই মৃত্তিকাত সাধাৰণতে ফছ্ফৰিক এচিড, নাইট্ৰ'জেন আৰু হিউমাছ প্ৰায় নাথাকে বুলিয়েই ক'ব পাৰি ।
খ. গিৰিপদ মৃত্তিকা = গিৰিপদ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰৰ হিমালয় পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পোৱস যায় । গিৰিপদ অঞ্চলটো ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত । এই মৃত্তিকাৰ ডাঠ স্তৰ আছে । আনহাতে, ভাবৰ অঞ্চলৰ দক্ষিণৰ তৰাই অঞ্চলৰ মৃত্তিকা পানীৰে সংপৃক্ত হৈ থাকে আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায় ।
গ. পাহাৰীয়া মৃত্তিকা = পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায় । এই মৃত্তিকাৰ উৰ্বৰতা ঠাই ভেদে বেলেগ বেলেগ । নাইট্ৰ'জেন আৰু জৈৱিক পদাৰ্থ এই মৃত্তিকাত যথেষ্ট পৰিমাণে থাকে । প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক দুই প্ৰকাৰে ভগাব পাৰি, যেনে -- ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা ।
ঘ. কংকৰ মৃত্তিকা = প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায় । তাৰোপৰি কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাৰ পূৱ সীমান্তত, গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশত এই মৃত্তিকা পোৱা যায় । এই মৃত্তিকা সাধাৰণতে ক'লা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিচহীয়া । ইয়াত নাইট্ৰ'জেন, পটাছ, ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে ।
১৮. অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি ?
উত্তৰ : অসমৰ মৃত্তিকা কিছুমান প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে । প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমি ক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান ।
মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত হ'ল --
ক. গছ-গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰৱাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয় ।
খ. এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা ।
গ. পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি ।
ঘ. মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা ।
ঙ. অধিক শস্য উৎপাদনৰ বাবে খেতি-পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়েই প্ৰধান ।
১৯. বৰ্তমান অসমৰ জনসংখ্যা কিমান ?
উত্তৰ : বৰ্তমান অসমৰ জনসংখ্যা ৩১.২০ নিযুত ।
২০. অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি ?
উত্তৰ : অসমৰ অৰণ্যসমূহক পাঁচটা ভাগত ভগাব পাৰি ---
ক. ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য
খ. ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য
গ. ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য
ঘ. নৈপৰীয়া অৰণ্য
ঙ. ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য ।
২১. বৰ্ষাৰণ্য কাক বোলে ? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : যিবোৰ ঠাইত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চে.মি. বা তাতোকৈ বেছি হয়, সেই ঠাইত দেখিবলৈ পোৱা অৰণ্যবোৰকে বৰ্ষাৰণ্য বুলি কোৱা হয় ।
সাধাৰণতে বৰ্ষাৰণ্য তিনিতৰপীয়া হোৱাটো পৰিলক্ষিত হয় । বৰ্ষাৰণ্যবোৰক চিৰসেউজীয়া অৰণ্য বুলিও কোৱা হয় । ইয়াৰ প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত । ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে । একেবাৰে তলৰ তৰপত চাপৰ গছ-বন আদি থাকে ।
২২. নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ : এসময়ত অসমৰ বহু ঠাই নৈপৰীয়া অৰণ্যই আগুৰি আছিল । এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি । গছৰ ভিতৰত চোম, সোঁৱালু, উৰিয়াম, মজ, ঔ, আজাৰ আদি প্ৰধান । নল, খাগৰি, তৰা, কৌপাত, বেত,ঝাওঁ, কঁহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষ উপযোগী । কাজিৰঙা, ডিব্ৰু-চৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত ।
সাম্প্ৰতিক কালত জনবসতি ক্ৰমে নৈপৰীয়া এলেকাবোৰলৈ সম্প্ৰসাৰিত হোৱাৰ ফলত এই অৰণ্য দ্ৰুতগতিত সংকুচিত হৈছে ।
২৩. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা ।
উত্তৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলা । মাটিকালি ৮৫৮.৯৮ বৰ্গ কি.মি. ।
২৪. অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম আৰু অৱস্থান লিখা ।
উত্তৰ :
উত্তৰ : প্ৰাকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সূদূৰপ্ৰসাৰী । এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত । এইবোৰে মুঠতে ৩,৫৯২.৯৮ বৰ্গ কি.মি. ঠাই আগুৰি আছে । এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গঁড়, বনৰীয়া মহ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে । ঘাঁহনি, গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ-বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষিত কৰে । এইবোৰক ভালদৰে সুৰক্ষিত দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ ভৱিষ্যৎ বহু পৰিমাণে নিৰ্ভৰ কৰিব ।
২৬. স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা ।
উত্তৰ : ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট অংশটো অসমৰ পৰা বিছিন্ন হৈ পূৱ পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) লগ লাগিছিল । ফলত সেই সময়ত অসমত ১১ খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী । পিছলৈ ১৯৬৩ চনত নাগালেণ্ড, ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয় । ১৯৭৩ চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় । বৰ্তমান অসমত সৰ্বমুঠ ৩৫ খন জিলা আছে । এই জিলা কেইখনৰ ভিতৰত ৭ খন ২০১৫-১৬ বৰ্ষত নতুনকৈ গঠন কৰা হৈছে আৰু এখন ২০২০ বৰ্ষত গঠন কৰা হৈছে ।
২৭. অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা ।
উত্তৰ :
জিলাৰ নাম জিলা সদৰ
ধুবুৰী ধুবুৰী
কোকৰাঝাৰ কোকৰাঝাৰ
গোৱালপাৰা গোৱালপাৰা
বঙাইগাঁও বঙাইগাঁও
চিৰাং কাজলগাঁও
বৰপেটা বৰপেটা
নলবাৰী নলবাৰী
বাক্সা মছলপুৰ
কামৰূপ আমিনগাঁও
কামৰূপ মঃ গুৱাহাটী
দৰং মঙলদৈ
ওদালগুৰি ওদালগুৰি
শোণিতপুৰ তেজপুৰ
লখিমপুৰ লখিমপুৰ
ধেমাজি ধেমাজি
নগাঁও নগাঁও
মৰিগাঁও মৰিগাঁও
গোলাঘাট গোলাঘাট
যোৰহাট যোৰহাট
শিৱসাগৰ শিৱসাগৰ
ডিব্ৰুগড় ডিব্ৰুগড়
তিনিচুকীয়া তিনিচুকীয়া
কাৰ্বি আংলং ডিফু
ডিমা হাছাও হাফলং
কৰিমগঞ্জ কৰিমগঞ্জ
কাছাৰ শিলচৰ
হাইলাকান্দি হাইলাকান্দি
বিশ্বনাথ বিশ্বনাথ চাঃ
চৰাইদেউ সোণালী
হোজাই শংকৰদেৱ নগৰ
মাজুলী গৰমূড়
দঃ শালমাৰা হাটশিঙিমাৰী
পঃ কাৰ্বি আংলং হামৰেণ
বজালী পাঠশালা ।
২৮. অসমৰ মাটিকালি কিমান ? ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত ? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা ।
উত্তৰ : অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কি.মি. । ৰাজ্যখনৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত । ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং (১০,৪৩৪ বৰ্গ কি.মি.) আৰু সৰু জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ (৯৫৫ বৰ্গ কি.মি.) ।
২৯. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা ।
উত্তৰ : অসমৰ জনসংখ্যা ৩১.২০ নিযুত । জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম নগাঁও (২.৮২ নিযুত) আৰু সৰু জিলাখনৰ নাম ডিমা হাছাও (২.১৪ লাখ) ।
৩০. চমুটোকা লিখা ।
ক. অসম আৰু মৌচুমী জলবায়ু ।
উত্তৰ : অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত । এই ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে ।
খ. দক্ষিণ-পশ্চিম মৌচুমী বতাহ ।
উত্তৰ : গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূৱ অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে । এই মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয় বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে । দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে । অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় ।
গ. উত্তৰ-পূৱ মৌচুমী বতাহ ।
উত্তৰ : শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় তাকে উত্তৰ-পূৱ মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলে । শুষ্ক উত্তৰ-পূৱ মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ-পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে ।
ঘ. অসমৰ বৰ্ষাকাল ।
উত্তৰ : অসমত বৰ্ষাকালটোৱেই প্ৰকৃততে মৌচুমী কাল । জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্তেম্বৰ মাহৰ শেষলৈকে এই কালে বিৰাজ কৰে । অসমৰ বছৰি মুঠ বৰষুণৰ প্ৰায় ৭০ শতাংশ বৰষুণ এই সময়ছোৱাত হয় ।
ঙ. অসমৰ প্ৰাক্-মৌচুমীকাল ।
উত্তৰ : অসমত প্ৰাক্-মৌচুমীকাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে' মাহৰ শেষলৈকে বিৰাজ কৰে । শীতকালৰ পিছতেই এই কাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে । অসমত এই প্ৰাক্-মৌচুমীকালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে ।
ছ. অসমৰ প্ৰশাসনিক বিভাগ ।
উত্তৰ : ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট অংশটো অসমৰ পৰা বিছিন্ন হৈ পূৱ পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) লগ লাগিছিল । ফলত সেই সময়ত ১১ খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী । পিছলৈ ১৯৬৩ চনত নাগালেণ্ড, ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয় । ১৯৭৩ চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় । বৰ্তমান অসমৰ মুঠ জিলা ৩৫ খন । এই ৩৫ খন জিলাৰ ভিতৰত ৪ খন জিলা 'বি.টি.এ.ডি.'ৰ অন্তৰ্গত ।
জ. জিলা পৰ্যায়ত অসমৰ জনসংখ্যা ।
উত্তৰ : সময়ৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃতিত যথেষ্ট পৰিৱৰ্তন ঘটিছে । বৃটিছৰ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল । সেই সময়ত মেঘালয় আৰু নাগালেণ্ডৰ উপৰি ছিলেটো অসমৰ লগতে আছিল । ১৮৯৫ চনত লুচাই পাহাৰো (বৰ্তমানৰ মিজোৰাম) অসমৰ অন্তৰ্ভুক্ত হৈছিল । ১৯৭১ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে । অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কি.মি. আৰু জনসংখ্যা ৩১.২০ নিযুত । জনসংখ্যা হিচাপে নগাঁও জিলাৰ জনসংখ্যা সৰ্বোচ্চ আৰু ডিমা হাছাওৰ সৰ্বনিম্ন ।
ঝ. বি.টি.এ.ডি. ।
উত্তৰ : অসমৰ ৩৫ খন জিলাৰ ভিতৰত ৪ খন যেনে --কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি 'বি.টি.এ.ডি.'ৰ অন্তৰ্গত । বি.টি.এ.ডি. ২০০৩ চনত গঠিত হৈছিল । ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে -- Bodoland Territorial Area Districts চমুকৈ BTAD ।
______________________