মানৰ অসম আক্ৰমণ
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ ৪নং অধ্যায়ৰ প্ৰশ্নোত্তৰ ।
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন :
১. ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল ?
উত্তৰ : ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে আৰাকান দেশ জয় কৰিছিল ।
২. মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল ?
উত্তৰ : মান আৰু ব্ৰিটিছৰ মাজত ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল ।
৩. মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল ?
উত্তৰ : মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম গোবিন্দ সিংহ আছিল ।
৪. কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মৃত্যু হৈছিল ?
উত্তৰ : ঘিলাধাৰী যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মৃত্যু হৈছিল ।
৫. বৈশালী হুকুং কি ?
উত্তৰ : বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল । তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে । তাৰে ভিতৰত এটা টোকা হ'ল বৈশালী হুকুং ।
৬. বৈশালী মুং-ডুন-চুন খাম কি ?
উত্তৰ : বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল । তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে । তাৰ ভিতৰত এটা টোকা হ'ল বৈশালী মুং-ডুন-চুন খাম ।
৭. বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ?
উত্তৰ : বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোঁহাই ।
৮. বদনচন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল ?
উত্তৰ : বদনচন্দ্ৰই ৮০০০ মান সৈন্য লগত আনিছিল ।
৯. বদনচন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল ?
উত্তৰ : বদনচন্দ্ৰই অসমত সোমায়েই ৮০০০ অতিৰিক্ত সৈন্য গোটাইছিল ।
১০. বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল ?
উত্তৰ : বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল ।
১১. মানৰ আক্ৰমণ কোন কোন চনত হৈছিল ?
উত্তৰ : মানৰ আক্ৰমণ ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত হৈছিল ।
১২. কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল ?
উত্তৰ : ১৮১৮ চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল ।
শুদ্ধ উত্তৰটো বাছি উলিওৱা :
১. ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল ।
উত্তৰ : ১৮১৭ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল ।
২. জগন্নাথ ঢেকিয়াল ফুকন/বদন চন্দ্ৰ বৰফুকন/চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল ।
উত্তৰ : জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল ।
৩. বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত ।
উত্তৰ : বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৮ চনৰ আগষ্ট মাহত ।
৪. ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ/পূৰ্ণানন্দ বুঢ়াগোহাঁই/ব্ৰজনাথ গোহাঁইৰ মাতৃ আছিল ।
উত্তৰ : ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল ।
৫. য়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ।
উত্তৰ : য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হেছিল ।
ৰচনা ধৰ্মী প্ৰশ্ন :
১. মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা ।
উত্তৰ : মান ৰজা আলং পায়ৰ দিনৰে পৰা ব্ৰক্ষদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল । মান ৰজাৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈও বিস্তাৰিত হৈছিল । ব্ৰহ্মদেশে আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল । মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল । মান ৰজা বদৌপায়াৰ আমোলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল ৰেখাত প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয় ।
২. পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা ।
উত্তৰ : পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিতকালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল । পূৰ্ণানন্দ স্বেচ্ছাচাৰী, দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভালপোৱা নাছিল । সুদীৰ্ঘকাল বুঢ়াগোহাঁয়ে শাসনযন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভালপোৱা নাছিল যদিও মুকলিভাৱে একো ক'ব পৰা নাছিল ।
ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল । পূৰ্ণানন্দই স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল । কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল । ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায় । পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল । ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল । দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল । পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহ পানীমুৱা বিদ্ৰোহ হিচাপে জনাজাত ।
আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে ডাঙৰ হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল । সৎৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল । তেওঁ সৎৰামক চাৰিঙিয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল । সৎৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল । সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা কৰিছিল ।
৩. পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল ?
উত্তৰ : পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচি দিয়া হ'ল । সৎৰামে চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল যদিও তেওঁক নামৰূপলৈ নিৰ্বাসন দিয়া হৈছিল । দন্দুৱা বিদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল । তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গম পালে যে সৎৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল । পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহায্য বিচাৰে । ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল ।
৪. বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল ?
উত্তৰ : বদনচন্দ্ৰই পূৰ্ণানন্দৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰী শাসনত অতিষ্ঠ হৈ ব্ৰিটিছৰ পৰা সহায় নাপাই মান দেশৰ ৰজা বদৌপায়াৰ সহায় বিচাৰিছিল । সেইমতে মান ৰজাই পোনপটিয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহাৰ্য্য দিছিল । এই সন্মিলিত সেনাৰ নেতৃত্ব দিছিল বদন বৰফুকনে । মানসকলে সেইবাৰ অসমক মান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ অহা নাছিল আৰু স্বৰ্গদেউক কোনোধৰণৰ নিৰ্দেশো দিয়া নাছিল । মান সেনা অসমলৈ অহাৰ এমাহ পাছতেই নিজ দেশলৈ ঘূৰি গৈছিল । মানসকলৰ ১৮১৭ খ্ৰীষ্টাব্দৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা । সেইবাবে বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে অসম আক্ৰমণ কৰিছিল ।
৫. বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উত্তৰ : বদন বৰফুকনে বদৌপায়াৰ সহায় লৈ ৮০০০ মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা ৮০০০, মুঠ ১৬০০০ সৈন্য লৈ পাটকাই পথেদি অসম সোনালে । মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোঁহায়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল । কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰী যুদ্ধত পৰাজিত হয় । ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয়ৰ বাতৰি পায়েই তেওঁ মৃত্যুমুখত পৰে । তেওঁৰ পুত্ৰ ৰুচিনাথক বুঢ়াগোঁহাইৰ পদত অধিষ্ঠিত কৰা হয় । ৰুচিনাথৰ গাত দেউতাকৰ গুণ নাছিল । এই চৰম বিপৰ্যয়ৰ দিনত আহোমক নেতৃত্ব দিব পৰা আন কোনো বিষয়াও নাছিল । মানসকলক ভেটা দিবলৈ ঠিক কৰা হ'ল । সৈন্য যোগাৰ কৰি দিহিঙৰ পূবে কঠালবাৰীত তেওঁলোকে মানৰ লগত যুঁজ দিয়ে আৰু এইবাৰো পৰাজিত হয় ।
মানসকলে যোৰহাট অধিকাৰ কৰিলে । বদনে যথাবিহিতভাৱে নিজকে বৰফুকন বুলি ঘোষণা কৰিলে । নামত চন্দ্ৰকান্ত ৰজা হৈ থাকিল । এইবাৰ সকলো ক্ষমতা বদনে নিজৰ হাতলৈ নিলে । নুমলী ৰাজমাওয়ে বিস্তৰ আয়োজন কৰি ৰাজধানীত বদনক আদৰিছিল ।
মানসকলে অতি কম সময়হে আহোম ৰাজ্যত আছিল । মানে চন্দ্ৰকান্তক ৰজা ৰাখিলে আৰু বদনচন্দ্ৰই তেতিয়া মানসেনাক অনেক ধন-সোণ আৰু অন্যান্য বস্তু আগবঢ়াই মান ৰজালৈ থেমো আইদেউক উপহাৰ হিচাপে পঠালে ।
৬. মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা ।
উত্তৰ : মানৰ অসম আক্ৰমণৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল ---
ক. পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ প্ৰাধান্য = পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ জীৱিত কালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল । পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভালপোৱা নাছিল । সুদীৰ্ঘ কাল বুঢ়াগোঁহায়ে শাসনযন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভালপৱা নাছিল ।
ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল । পূৰ্ণানন্দই স্বৰ্গেদৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল । কোমল বয়সীয়া ৰজাজনে বুঢ়াগোঁহাইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল । ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমাণি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায় । পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল । ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলাইছিল । দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল । পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল । এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল ।
আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে ডাঙৰ হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল । সৎৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল । তেওঁ সৎৰামক চাৰিঙিয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল । সৎৰামৰ ভেম দিনক দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল । সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা চলাইছিল । কিন্তু আন ষড়যন্ত্ৰৰ দৰে এইবাৰো গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচী দিয়া হ'ল ।
খ. বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰোধ = দন্দুৱাদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ সন্দেহৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল । তদুপৰি পূৰ্ণানন্দ বুঢ়াগোঁহায়ে গম পালে যে সৎৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল । পিছে পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ পুতেক ওৰেষা নাথে বদনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰোৱাত বদন-পূৰ্ণানন্দৰ মাজৰ সম্পৰ্কত উন্নতি ঘটে । ধনলোভী বদনে কামাখ্যা, হাজো আদি মন্দিৰৰ সোণ-ৰূপ আত্মসাৎ কৰিছিল বুলি জনা যায় । ইয়াৰ উপৰি বদনে গুৱাহাটীৰ প্ৰজা বৰ্গৰ ওচৰত কৰা অত্যাচাৰৰ ফলত সাধাৰণ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল । বুঢ়াগোঁহায়ে স্বাস্থ্য হানিকৰ কানিৰ প্ৰচলন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল । বৰফুকনে সেই আদেশ পালন নকৰাত বুঢ়াগোহাঁই আৰু বৰফুকনৰ মাজৰ বিদ্বেষ বাঢ়ি গ'ল ।
অৱশেষত বদনৰ অত্যাচাৰে চৰম সীমা পোৱাত বুঢ়াগোহাঁয়ে তেওঁক পদচ্যুত কৰাৰ সিদ্ধান্ত ল'লে । পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সাময়িক সাহাৰ্য্য বিচাৰে । ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেলৰ ওচৰত সামৰিক সাহাৰ্য্য বিচাৰি কৰা আৱেদনৰ সমৰ্থনত আহোম ৰজা চন্দ্ৰকান্তই দিয়া দুখন চিঠিও দাখিল কৰে । অন্য ৰাজ্যৰ আভ্যন্তৰীণ বিবাদত হস্তক্ষেপ নকৰে বুলি তেওঁ উত্তৰ দিলে । ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত হ'ল ।
গ. মানৰ হস্তক্ষেপ = ইতিমধ্যে বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিজনক লগ ধৰিলে । ব্ৰিটিছৰ পৰা সহায়ৰ কোনো আশা নেদেখি বদনে এই প্ৰতিনিধিজনৰ সৈতে ব্ৰহ্মদেশৰ অমৰাপুৰলৈ গৈ মান ৰজাক সাক্ষাৎ কৰিলে । কেইবাটাও কাৰণত মান ৰজাই বদনক সহায় কৰিবলৈ সন্মত হ'ল । মান ৰজা আলং পায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল । তেওঁৰ ৰাজ্যৰ পশ্চিমফালে ৰাজ্য বিস্তাৰ নীতি গ্ৰহণ কৰিছিল । মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমক প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল । মান ৰজা বদৌপায়াৰ আমোলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয় । প্ৰায় চল্লিছ হেজাৰ আৰাকানী লোক ব্ৰহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অতিষ্ঠ হৈ ইংৰাজ অধিকৃত বঙ্গদেশত আশ্ৰয় লৈছিল । এই শৰণাৰ্থীসকলক ব্ৰহ্মৰজা বদৌপায়াই ওভতাই পঠাবৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল । কিন্তু ব্ৰিটিছ চৰকাৰ মান্তি নোহোৱাত শৰনাৰ্থীসকলক লৈ মান আৰু ইংৰাজৰ মাজত মনোমালিন্যই দেখা দিছিল ।
এনে সময়তে বদনচন্দ্ৰই চন্দ্ৰকান্তৰ হৈ সহায় বিচৰাত মান ৰজাই ভালেই পালে । অৱশ্যে তেওঁ সদ্যহতে পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহাৰ্য্য দিয়াৰ সিদ্ধান্ত ল'লে । সম্ভৱত তেওঁ প্ৰত্যক্ষ আক্ৰমণৰ বাবে অধিক সুবিধাজনক সময়লৈ বাট চালে । মান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ বদন চন্দ্ৰৰ পেহীয়েক আছিল । তেওঁ বদনক সহায় কৰিবলৈ মান ৰজাক অনুৰোধ কৰিছিল । সেয়ে বদনচন্দ্ৰই মানৰ সহায় লাভ কৰাত সহজ হৈছিল ।
ওপৰত উল্লেখ কৰা কাৰণবোৰেই আছিল মানৰ অসম আক্ৰমণৰ কাৰণ ।
৭. মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা ।
উত্তৰ : মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ তলত উল্লেখ কৰা হ'ল --
ক. মানৰ অসম আক্ৰমণে অসমত আহোমৰ ছশ বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল ।
খ. আহোম স্বৰ্গদেউসকল অস্থায়ীভাৱে হ'লেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল ।
গ. আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল ; তেওঁলোকৰ হাতত যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল সকলোখিনি প্ৰায় শেষ হৈ আহিছিল । ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল । সিংহাসন প্ৰাপ্তিৰ বাবে চলা আভ্যন্তৰীণ সংঘাতে আহোম ৰাজতন্ত্ৰক দুৰ্বল কৰি পেলাইছিল । উপায় নাইকিয়া হৈ চন্দ্ৰকান্ত সিংহ বংগ দেশৰ ব্ৰিটিছ সাম্ৰাজ্যলৈ পলাই গৈছিল । পুৰন্দৰ সিংহয়ো ব্ৰিটিছ ৰাজ্যত আশ্রয় লৈ আছিল । দেশৰ ডা-ডাঙৰীয়াসকলে দেশ ৰক্ষা কৰাত সহায় কৰিব নোৱাৰিলে । মানৰ আক্ৰমণে অসমৰ উৱলি যোৱা শাসন ব্যৱস্থা নিঃশেষ কৰি পেলালে ।
ঘ. মানৰ আক্ৰমণে অসমৰ অৰ্থনৈতিক ব্যৱস্থা মষিমূৰ কৰিছিল । উৎপন্ন বস্তুৰ পৰিমাণ ভীষণভাৱে কমি গৈছিল, সদাগৰ-বেপাৰীসকলে বেপাৰ-বাণিজ্য বন্ধ কৰিছিল । মানৰ আক্ৰমণৰ ফলত অসমৰ সামাজিক জীৱন ছিন্ন-ভিন্ন হৈ পৰে । গাওঁবোৰত জনসংখ্যা কমি গৈছিল । বহুতো প্ৰজাই প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি পাহাৰে-পৰ্বতে আশ্রয় লৈছিল । কিছুমানে দেশ এৰি চুবুৰীয়া ৰাজ্যত আশ্রয় গ্ৰহণ কৰিছিল । ইয়াৰ ফলত গাঁও উছন হৈ আৰু খেতি-বাতি নোহোৱা হৈ ভালেমান ঠাই হাবিলৈ পৰিণত হৈছিল ।
সকলোতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিৰ হস্তক্ষেপ । মানসকলে অসম অধিকাৰ কৰা ঘটনাই ব্ৰিটিছসকলক অসমলৈ আগমনৰ সুযোগ দিছিল । মানসকলে ইতিমধ্যে আৰাকান, মণিপুৰ, কাছাৰ জয় কৰিছিল আৰু অসম জয়ৰ লগে লগে মানসকল ব্ৰিটিছৰ প্ৰতিদ্বন্দ্বী হিচাপে মূৰ দাঙি উঠে । অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবোৰত মানসকলৰ অস্তিত্বই ব্ৰিটিছসকলৰ শক্তিৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছিল । মানৰ অগ্ৰগতিক বাধা দিয়াৰ বাবেই ১৮২৪-১৮২৬ চনত প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধ সংঘটিত হৈছিল ।
ঙ. এই ইঙ্গ বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি হয় বিখ্যাত য়াণ্ডাবু সন্ধিৰ দ্বাৰা । এই চুক্তিৰ পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ যায় ।
৮. কোনটো বিদ্ৰোহক 'পানীমুৱা বিদ্ৰোহ' বুলি কোৱা হয় ?
উত্তৰ : ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমাণি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায় । পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল । ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল । দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল । পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ হিচাপে জনাজাত ।
৯. ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা ।
উত্তৰ : ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল হ'ল --
ক. পূৰ্ণানন্দৰ স্বেচ্ছাচাৰীতাৰ অৱসান ঘটিল ।
খ. চন্দ্ৰকান্ত সিংহক ৰজা পতা হ'ল ।
১০. প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল ? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল ?
উত্তৰ : প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধ ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চত সংঘটিত হৈছিল । এই যুদ্ধখন ব্ৰহ্মদেশত সংঘটিত হৈছিল ।
১১. য়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা ।
উত্তৰ : য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত । এই সন্ধিৰ ফলত ইঙ্গ বাৰ্মা সংঘৰ্ষৰো অন্ত পৰিল । এই চুক্তিৰ পিছত মাসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায় । এই সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুসৰি আভা ৰজাই ওচৰ-চুবুৰীয়াৰ ওপৰত সকলো দাবী ত্যাগ কৰে । লগতে ভৱিষ্যতলৈও সেইবোৰত কোনো হস্তক্ষেপ নকৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয় । এইবোৰেই আছিল য়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফল ।
১২. য়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা ।
উত্তৰ : অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে য়াণ্ডাবু সন্ধি আছিল অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি । এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল । এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল । মানৰ ৰাজত্ব ওৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে শাসনভাৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে এই সন্ধিৰ আগৰে পৰাই মানসকলক বিস্তাৰিত কৰাৰ অজুহাতত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল ।
চমুটোকা :
১. বদৌপায়া ।
উত্তৰ : বদৌপায়া আছিল ব্ৰহ্মদেশৰ ৰজা । বদৌপায়াৰ আমোলৰ মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয় ।
২. গম্ভীৰ সিং ।
উত্তৰ : গম্ভীৰ সিং আছিল মণিপুৰী ৰজা । গম্ভীৰ সিঙৰ আক্ৰমণত তিস্তিব নোৱাৰি কাছাৰৰ ৰজা গোবিন্দচন্দ্ৰ ইংৰাজৰ শৰণাপন্ন হৈছিল ।
৩. গোবিন্দচন্দ্ৰ ।
উত্তৰ : গোবিন্দচন্দ্ৰ কাছাৰৰ ৰজা আছিল । তেওঁ মণিপুৰৰ ৰজা গম্ভীৰ সিঙৰ আক্ৰমণত তিস্তিব নোৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল ।
৪. দামান গগৈ ।
উত্তৰ : মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে পতা আহোম সেনাপতি । এওঁ ঘিলাধাৰীৰ যুদ্ধত মুখ্য সেনাপতিসকলৰ মাজত এজন আছিল ।
৫. হাও বৰা ।
উত্তৰ : ঘিলাধাৰী যুদ্ধৰ এজন আহোম সেনাপতি আছিল । যাক পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ঘিলাধাৰী যুদ্ধৰ বাবে মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিছিল ।
৬. ঘিলাধাৰী যুদ্ধ ।
উত্তৰ : মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোকে ঘিলাধাৰী যুদ্ধত পৰাস্ত হ'ব লগা হয় । ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সৈন্য বাহিনীৰ পৰাজয়ৰ বাতৰি পায়েই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয় ।
৭. ব্ৰজনাথ ।
উত্তৰ : ব্ৰজনাথ সিংহ ৰজা ৰাজেশ্বৰ সিংহৰ নাতি আৰু পুৰন্দৰ সিংহৰ দেউতাক আছিল ।
৮. পুৰন্দৰ সিংহ ।
উত্তৰ : ব্ৰজনাথ সিংহৰ পুত্ৰ আছিল পুৰন্দৰ সিংহ । ব্ৰজনাথ সিংহৰ অংগক্ষত হোৱাৰ বাবে পুতেক পুৰন্দৰক ৰজা পতা হৈছিল ।
৯. লুকু ডেকাফুকন ।
উত্তৰ : চন্দ্ৰকান্ত সিংহই লুকু ডেকাফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটা সৈন্য বাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল । লুকু ডেকাফুকন চন্দ্ৰকান্ত সিংহই পঠোৱা সৈন্য বাহিনীটোৰ সেনাপতি আছিল । চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা সৈন্য বাহিনীটো ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকাফুকন ৰণত নিহত হয় ।
১০. আলুমিঙ্গি ।
উত্তৰ : বদনচন্দ্ৰ বৰফুকনৰ হত্যাৰ পোতক তুলিবলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিঙ্গিৰ নেতৃত্বত ব্ৰহ্ম ৰজাই ১৮১৯ খ্ৰীষ্টাব্দত এটি সৈন্য বাহিনী পঠাই দিয়ে । ৰজা পুৰন্দৰ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলাই গ'ল । চন্দ্ৰকান্তই পুৰন্দৰক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠোৱা বুলি জানি পুৰন্দৰ আৰু ৰুচিনাথে বঙ্গদেশলৈ গৈ ইংৰাজৰ আশ্রয় ল'লে । মিঙ্গিমাহা তিলোৱাৰৰ নেতৃত্বত এদল মান সেনা চন্দ্ৰকান্তৰ সহায়ৰ কাৰণে ৰাখি আলুমিঙ্গি ব্ৰহ্মদেশলৈ উভতি যায় ।
১১. য়াণ্ডাবু সন্ধি ।
উত্তৰ : ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে য়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধিপত্ৰত স্বাক্ষৰ কৰে । এয়ে আছিল য়াণ্ডাবু সন্ধি । য়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল । য়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ৌৰ পেলায় এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল ।
_______________________