সন্মান

নৱম শ্ৰেণীৰ 'অসমীয়া  সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ১৬ নং পাঠৰ প্ৰশ্নোত্তৰ । 

ভাব বিষয়ক : 
১. অতি চমু উত্তৰ দিয়া । 
ক. অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ? 
উত্তৰ : যি দেশৰ অধিকাৰ আৰু শাসনকৰ্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ । 
খ. ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে ? 
উত্তৰ : ছাতৰে শিক্ষকৰ ধাৰ শুজিব নোৱাৰে । পৃথিৱীত এনে বস্তু নাই, যাক দি ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰে ।
গ. 'তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা' --- 'তেওঁ' কোন ? 
উত্তৰ : 'তেওঁ' হ'ল জগতখন ধাৰণ কৰোতা, ভগৱান ঈশ্বৰ । তেওঁৱেই হ'ল সকলোৰে উৰ্ধত । 
ঘ. হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল ? 
উত্তৰ : হেমচন্দ্ৰ বৰুৱা 'আসাম নিউজ' কাকতৰ সম্পাদক আছিল । 
ঙ. 'হেমকোষ' কি ?
উত্তৰ : 'হেমকোষ' হ'ল বৃহৎ অসমীয়া অভিধান ।
চ. 'কানীয়াৰ কীৰ্তন'ৰ ৰচক কোন ? 
উত্তৰ : 'কানীয়াৰ কীৰ্তন'ৰ ৰচক হ'ল 'হেমচন্দ্ৰ বৰুৱা' । 
২. 'ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয়' --- কথাষাৰ বুজাই লিখা । 
উত্তৰ : ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয় । তেওঁলোকেই আমাক জন্ম দিছে আৰু তুলি-তালি ডাঙৰ দীঘল কৰিছে । অনেক দুখ-কষ্ট সহি আমাক মানুহ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে । পিতৃ-মাতৃৰ বাবেই আমি এই বিচিত্ৰ সংসাৰখন দেখিবলৈ পাইছো । সেয়ে পিতৃ-মাতৃ আমাৰ বাবে মান্য । 
৩. শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ কিয় ৰাখিব লাগে ?
উত্তৰ : শিক্ষক হ'ল ছাত্ৰৰ বাবে 'বিতচক্ষু' । শিক্ষকে ছাত্ৰক জ্ঞানৰ আলোকেৰে সমাজত সুকলমে বিচৰণ কৰিবলৈ শিকায় । ছাত্ৰৰ ভৱিষ্যত জীৱনটো গঢ় দিয়াত শিক্ষকৰ ভূমিকা অধিক । সেয়ে শিক্ষকক ছাত্ৰই সন্মান কৰা দৰকাৰ । 
৪. 'সন্মান' পাঠটোৰ পৰা কি কি শিকিলা,চমুকৈ লিখা । 
উত্তৰ : মানুহ সৎ হোৱা উচিত । সৎ মানুহে ডাঙৰক শ্ৰদ্ধা আৰু সৰুক মৰম কৰাটো নৈতিক কৰ্তব্য বুলি ভাৱে । 'সন্মান' পাঠটোত লিখকে সন্মান, বিশেষকৈ কাক কাক কৰিব লাগে তাৰে এটি সুন্দৰ আলোচনা দাঙি ধৰিছে । নিজতকৈও ডাঙৰজন, সি লাগিলে যিয়েই নহওঁক সন্মান কৰা দৰকাৰ । ব্যৱহাৰ সদায় মধুৰ হ'ব লাগে । অসমীয়াত এষাৰ কথা আছে যে "কথাতে কটা যায়, কথাতে বঁটা পায় ।" 
ভাষা বিষয়ক : 
৫. তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা । 
উত্তৰ : নৰিয়া = শয্যাগত 
জগত = ধৰা, ধৰণী 
লোতক = চকুলো 
চকু = নয়ন 
মান = সন্মান, শ্ৰদ্ধা । 
৬. বিপৰীত শব্দ লিখা । 
উত্তৰ : শ্ৰদ্ধা = অশ্ৰদ্ধা 
শলাগ = অশলাগ 
দুষ্ট = সাধু 
জ্যেষ্ঠ = কনিষ্ঠ 
ন্যায় = অন্যায় । 



          _____________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই