মোৰ দেশ
নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ৫ নং পাঠৰ প্ৰশ্নোত্তৰ ।
ভাব বিষয়ক :
১. ক. হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল ?
উত্তৰ : হীৰেন ভট্টাচাৰ্যৰ যোৰহাটত জন্ম হৈছিল ।
খ. হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা ।
উত্তৰ : হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল 'চিত্ৰবন' আৰু 'মনন' ।
গ. দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে ?
উত্তৰ : দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ ।
২. 'মোৰ দেশ' কবিতাটোৰ মূলভাৱ লিখা ।
উত্তৰ : 'মোৰ দেশ' কবিতাটিত স্বদেশপ্ৰেমৰ নিভাঁজ ৰূপ জিলিকি উঠিছে । কবি তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ । দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ । দেশৰ হকে কিবা এটা কৰাৰ প্ৰতিশ্ৰুতি কবিতাটিৰ মাজত জিলিকি আছে । কবিয়ে বিভিন্ন দেশ-বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে । প্ৰতিগৰাকী দেশবাসীৰ ৰক্ত প্ৰবাহত দেশানুৰাগ প্ৰবাহিত কৰিবলৈ কবিতাটিয়ে অনুপ্ৰাণিত কৰে ।
৩. ব্যাখ্যা কৰা ।
ক. অনৈক্যৰ মাজত ঐক্য হৈ,বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰ : উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত 'মোৰ দেশ' কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
কবিতাফাঁকিৰ মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাৱৰণ সৃষ্টিৰ কথা কৈছে । আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ । বিভিন্ন জাতি-ধৰ্মাৱলম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হ'ল অনৈক্য আৰু বিৰোধ । কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত অথবা একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছিল । দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ ।
খ. মোৰ জীৱনৰ আঁহে আঁহে,
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল ।
উত্তৰ : উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত কবিতা 'মোৰ দেশ'ৰ পৰা তুলি দিয়া হৈছে ।
কবিয়ে নিজৰ দেশখনত প্ৰাণতকৈও অধিক ভাল পায় । তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায় । তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে । দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে । কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে ।
৪. কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা ।
উত্তৰ : কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন । তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে । তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ । সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে । সকলোকস যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে । কবিয়ে বিভিন্ন দেশ-বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে । এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে ।
৫. প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে ?
উত্তৰ : প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে ।
৬. শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে ?
উত্তৰ : শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে দিছে ভৰাঁলৰ এমুঠি ধান, পৰাণৰ একোটি গান ।
ভাষা বিষয়ক :
৭. সমাৰ্থক শব্দ লিখা ।
উত্তৰ : দেশ = ৰাষ্ট্ৰ
কাম = কৰ্ম
কলৰোল = কলৰৱ
সাগৰ = সমুদ্ৰ
সপোন = স্বপ্ন
বন্ধু = মিত্ৰ
শেষ = সমাপ্ত
সম্ভাৰ = সামগ্ৰী
শইচ = শস্য
বুকু = হৃদয়
তৰংগ = ঢৌ
কল্লোল = কলৰোল, কলৰৱ ।
৮. বিপৰীতাৰ্থক শব্দ লিখা ।
উত্তৰ : সপোন = দিঠক
দেশ = বিদেশ
জীৱন = মৰণ
পাহাৰ = ভৈয়াম
ঐক্য = অনৈক্য
সংহতি = বিৰোধ
শয়ন = জাগৰণ
বিশ্বাস = অবিশ্বাস
শত্ৰু = মিত্ৰ ।
_______________