হনুমন্তৰ লঙ্কাদৰ্শন

নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা' পাঠ্যপুথিৰ ১৩ নং পাঠৰ প্ৰশ্নোত্তৰ   । 

ভাব বিষয়ক : 
১. চমুকৈ উত্তৰ দিয়া । 
ক. মাধৱ কন্দলী কোন আছিল ? 
উত্তৰ : মাধৱ কন্দলী প্ৰাক্-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল । 
খ. মাদৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল ? 
উত্তৰ : মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল । 
গ. মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ? 
উত্তৰ : মাধৱ কন্দলীৰ ৰামায়ণত পাঁচটা কাণ্ড পোৱা যায় । 
ঘ. মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল ? 
উত্তৰ : মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল । 
ঙ. মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ? 
উত্তৰ : মাধৱ কন্দলীৰ ৰামায়ণত সন্নিৱিষ্ট বৰ্তমানে উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল । 
চ. 'হনুমন্তৰ লঙ্কাদৰ্শন'--- কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ? 
উত্তৰ : 'হনুমন্তৰ লঙ্কাদৰ্শন'--- কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে । 
২. মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনাৰ নাম উল্লেখ কৰা । 
উত্তৰ : মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনাৰ নাম--- হেম সৰস্বতী, হৰিদাস বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী । 
৩. মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ ক'ৰ ৰজা আছিল ? 
উত্তৰ : মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল । তেওঁ পুৰণি অসমৰ পূব-মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল । 
৪. তলত দিয়াবোৰৰ টোকা লিখা । 
উত্তৰ : হনুমন্ত = হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল । হনুমন্ত বানৰ বীৰ আছিল । তেওঁ বায়ু দেৱতা আৰু অঞ্জলিৰ পুত্ৰ আছিল । তেওঁ মহা বলৱন্ত আৰু বুদ্ধিমত্তা আছিল । ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল । ৰাম-ৰাৱণৰ যুদ্ধত লক্ষ্মণক মেঘনাথে শৰ মাৰি বধ কৰাত বিশল্যকৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল । তেওঁৰ অন্তৰত সদায় ৰাম বাস কৰিছিল । 
সুগ্ৰীৱ = সুগ্ৰীৱ বানৰসকলৰ ৰাজ্য কিষ্কিন্ধ্যাৰ ৰজা বালীৰ ভায়েক আছিল । এওঁ ৰামৰ পৰম মিত্ৰ আছিল । সীতাৰ সন্ধানত ঘূৰি ফুৰোঁতে ৰাম আৰু সুগ্ৰীৱৰ মিলন ঘটিছিল । ৰাজ্যলাভৰ আশাত সুগ্ৰীৱে ককায়েক বালীক ৰামৰ হতুৱাই হত্যা কৰিছিল । সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনা লৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল । 
নীল = নীল এগৰাকী বানৰ বীৰ আছিল । কিষ্কিন্ধ্যাত তেওঁ ৰামচন্দ্ৰক লগ পায় । নীল সীতাক উদ্ধাৰৰ বাবে লগা ৰাম-ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল । 
অম্ৰাৱতী = অম্ৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী আছিল । এই লগৰখন দেৱতাসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল । ইয়াৰ সৌন্দৰ্য অতি বিতোপন আৰু চালে চকুৰুৱা আছিল । অম্ৰাৱতীত থকা বাগিছাখনৰ নাম নন্দন কানন আছিল । য'ত দুষ্প্ৰাপ্য ফুল জকমকাই সদায় ফুলি আছিল । 
কাশ্যপ নন্দন = সূৰ্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন । ৰামায়ণৰ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰমতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল । 
বিশ্বকৰ্মা = বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত । ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা । এওঁ দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মাণ কৰিছিল । ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতী নিৰ্মাণ কাৰ্যও বিশ্বকৰ্মাই কৰিছিল । এওঁক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায় । 
৫. লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল ? 
উত্তৰ : লংকা নগৰীলৈ যাঁওতে কাষৰ বন-বননিত হনুমন্তই অনেক ফল-ফুল দেখিবলৈ পাইছিল । সেইবোৰ হ'ল সৰল, পিয়াল, ঔ-টেঙা, আঙুৰ, আম, জাম, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বগৰী, সোলেং টেঙা, কৰ্দৈ, বীজপুৰ, আমলখি, অমৰা, বুট, মনিছাৰ বা বিন, কল, গুনকল, সেৱতী, মালতী, নাৰিকল, শ্ৰীফল, মহৰি, পাৰিজাত, ছতিয়কা, হাৰিঠা আদি বিভিন্ন ফল-ফুলেৰে আগুৰি আছিল লংকাৰ বন । ইয়াৰ উপৰিও এসময়ত পদুম ফুলেৰে ভৰি থকা ধুনীয়া পুখুৰী আছিল । 
৬. হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল ? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ? 
উত্তৰ : হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল । লংকা নগৰীত সুৰক্ষা ব্যৱস্থা অতি শক্তিশালী আছিল । হনুমানে নিজ ৰূপেৰে তাত প্ৰৱেশ কৰিলে লংকাৰ ৰাক্ষসবোৰে ধৰিব পৰাৰ সম্ভাৱনা দেখি তেওঁ মায়াবিদ্যাৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল । 
৭. হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া । 
উত্তৰ : সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল । বিবিধ ফল-ফুলেৰে জাতিষ্কাৰ বন-বননিবোৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজু হ'ল । কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰাব বুলি ভাবি তেওঁ ভয় কৰিছিল । সেইকাৰণে তেওঁ মায়াবিদ্যাৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিলে । মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে । লংকা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতীহে । সমগ্ৰ লংকা নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে নিৰ্মিত আছিল । সোণ, মণি-মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমলাই থাকি পোহৰ বিলাই আছিল । গোটেই লংকা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেৰি আছিল । দেৱতা, অসুৰ আদিয়ে পাৰ হ'ব নোৱাৰাকৈ শাৰী-শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল । 
৮. সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল ? 
উত্তৰ : লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া আছিল । সেয়ে হনুমন্তই চিন্তিত হৈছিল এই ভাবি যে অঙ্গদ, সুগ্ৰীৱ, নীল আৰু হনুমন্তই শতেক যোজন পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰ লংকালৈ কিদৰে আহিব আৰু ৰামচন্দ্ৰই ইয়ালৈ আহিয়েই কি কৰিব । কিন্তু পিছ মূহুৰ্ততে ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা মনলৈ অহাত তেওঁৰ চিন্তা প্ৰশমিত হৈছিল । 
৯. সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল ? 
উত্তৰ : সীতাৰ অন্বেষণত যোৱা হনুমন্তই বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকূটগিৰি শৃংগত অৱতৰণ কৰে । সুবেল শৃংগত বহি হনুমন্তই অতি গৰ্ব অনুভৱ কৰে । তেওঁ ভাবিবলৈ ধৰিলে যে শতেক যোজনৰ পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ অহা তেওঁৰ বাবে কোনো গৰ্বৰ কথা নহয় । কাৰণ কোটি যোজন পাৰ হৈ যাবলৈ হনুমন্তৰ সাহস আছে । 
১০. 'হনুমন্তৰ লংকাদৰ্শন' কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা । 
উত্তৰ : ৰামৰ পত্নী সীতাক লংকাৰ ৰজা ৰাৱণে হৰণ কৰি নিয়াত সীতাৰ অন্বেষণত ৰামৰ পৰম ভক্ত হনুমানে সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকূটগিৰি শৃংগত আৰোহণ কৰে । লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল-মূলৰ গছ-গছনি দেখিবলৈ পায়, যেনে -- খেজুৰ, আঙুৰ, তেতেলী, বগৰী, আম, জাম, আমলখি, মধুৰিআম, নাগেশ্বৰ, নাৰিকল, বেল, কৰ্দৈ, কমলা টেঙা, সোলেং টেঙা, অমৰা ইত্যাদি । ইয়াৰ উপৰিও পাৰিজাত, সেৱতি, মালতি, গুটিমালি আদি ফুল দেখা পাইছিল । তাৰোপৰি হাবিৰ জলাশয়বোৰত এওঁ বহুত পদুম ফুল ফুলি জাতিষ্কাৰ হৈ থকা দেখা পাইছিল । এনেতে সূৰ্য অস্ত যাবলৈ ওলোৱাত কিছু সময়ৰ বাবে সূৰ্য দেৱতাক পোহৰ বিলাই থাকিবলৈ প্ৰাৰ্থনা জনাই যাতে হনুমন্তই দিনৰ পোহৰত লংকা নগৰীত চাৰিওফালে থকা গড়টো ভালকৈ চাব পাৰে । হনুমন্তৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা সন্তুষ্ট হৈ অস্ত নোযোৱাকৈ কিছু সময় পোহৰ বিলাই থাকিল । 
        লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া আছিল । সেয়ে হনুমন্তই চিন্তিত হৈ পৰিছিল এই ভাবি যে অঙ্গদ, সুগ্ৰীৱ, নীল আৰু হনুমন্তই শতেক যোজন পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰ কিদৰে লংকালৈ আহিব আৰু ৰামচন্দ্ৰ ইয়ালৈ আহিয়েই কি কৰিব । কিন্তু পিছ মূহুৰ্ততে ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা মনলৈ অহাত তেওঁৰ চিন্তা প্ৰশমিত হৈছিল । হনুমন্তই গোটেই দিন লংকা নগৰীৰ কাষত থকা হাবি-বননিৰ সৌন্দৰ্য উপভোগ কৰি গধূলি সময়ত এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীৰ প্ৰাচীৰৰ ওপৰত উঠি লংকা নগৰীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ধৰিলে । তেওঁ দেখা পালে যে লংকা নগৰখন অতি বিতোপন যেন বিশ্বকৰ্মাই নিজ হাতেৰে দ্বিতীয়খন অম্ৰাৱতী নিৰ্মাণ কৰিছে । লংকা নগৰীৰ চাৰিওফালে সোণৰ গড়, প্ৰাচীৰ আদিৰে আৱৰি সুৰক্ষিত কৰা আছে । সোণ, মণি, মাণিক আদিয়ে নগৰখনৰ মাজজে মাজে জলমলাই থাকি গোটেই নগৰখনলৈ পোহৰ বিলাই আছে । দেৱতা, অসুৰ আদিয়ে পাৰ হ'ব নোৱাৰাকৈ লংকাত শাৰীশাৰীকৈ নানা যন্ত্ৰ স্থাপন কৰা আছে । লংকা নগৰীৰ এনে সুৰক্ষা ব্যৱস্থা দেখি হনুমন্তই বৰ চিন্তিত হৈ পৰিছিল । 
ভাষা বিষয়ক : 
১১. তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা । 
উত্তৰ : কণ্টকি = কাঁইটিয়া গছ ।
ছাতিয়াল = ছতিয়না গছ । 
তহিতে = তাত । 
দেখিলন্ত = দেখিলে । 
১২. সমাৰ্থক শব্দ লিখা । 
উত্তৰ : গগন = আকাশ । 
বিৰাল = মেকুৰী । 
গড় = প্ৰাচীৰ । 
সমুদ্ৰ = সাগৰ । 
পৱন = বতাহ । 


          ___________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই