মানৱ বন্দনা
নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ২ নং পাঠৰ প্ৰশ্নোত্তৰ ।
ভাব বিষয়ক :
১. চমু উত্তৰ দিয়া :
ক. 'মানুহেই পৰোৎপৰ' বোলা কথাষাৰৰ অৰ্থ কি ?
উত্তৰ : 'মানুহেই পৰোৎপৰ' বোলা কথাষাৰৰ অৰ্থ হ'ল -- মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ, পৰম সত্য ।
খ. মানুহক 'মায়াপী জীৱ' বোলাৰ অৰ্থ কি ?
উত্তৰ : এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি । অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য । ই যেন একপ্ৰকাৰ মায়া সদৃশ । সেয়েহে মানুহক 'মায়াপী জীৱ' বুলি কৈছে ।
গ. পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি ?
উত্তৰ : কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান । এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য । মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম । সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে ।
২. 'মানৱ বন্দনা' কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা ।
উত্তৰ : কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে 'মানৱ বন্দনা' কবিতাটিত মানৱৰ জয়গান গাইছে । কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে । মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া । মানুহ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ । সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎচৰ্গা কৰিবলৈ কৈছে । কাৰণ মানুহ মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে । মানুহেই মানুহৰ পৰম বন্ধু । মানুহৰ কল্যাণ সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম । জীৱশ্ৰেষ্ঠ মানৱে নিজৰ কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাতো কবিয়ে কামনা কৰিছে । কবিৰ মতে মানুহ নৰৰূপী ভগৱান । এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য । সেয়ে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে ।
৩. 'এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ ।'
--কথাষাৰৰ অৰ্থ বুজাই লিখা ।
উত্তৰ : উক্ত কবিতাফাঁকিত কবিয়ে 'মানুহৰ নিজাপী ঘৰ' বুলি পৃথিৱীখনৰ কথাকে বুজাইছে । কাৰণ মানুহ সদায় এই পৃথিৱীখনতেই থাকিবই লাগিব । এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই অতি প্ৰয়োজনীয় । আমি প্ৰত্যেকেই ভাল বেয়া, সঁচা মিছা, সুখ-দুখৰ অনুভৱ এই পৃথিৱীখনতেই, মানুহৰ মাজতেই পাঁও । সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখময় আৰু মানুহৰ প্ৰকৃততে নিজৰ ঘৰ বুলি কৈছে ।
৪. তাৎপৰ্য ব্যাখ্যা কৰা ।
ক. মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে ।
উত্তৰ : কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ 'মানৱ-বন্দনা' নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে ।
মানুহৰ পাৰস্পৰিক মৰম-চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে ।
মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে । কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে । মানুহৰ মাজত মৰম-চেনেহৰ আদান-প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতলতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি । মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে ।
খ. মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
জয় জয় জয় মানৱ দেৱ ।
উত্তৰ : কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'মানৱ বন্দনা' নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে ।
মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে ।
এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান । এই নৰৰূপী ভগৱানক সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য । পৰম শক্তি ৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম । সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে ।
ভাষা বিষয়ক :
৫. সমাৰ্থক শব্দ লিখা ।
উত্তৰ : মানুহ = মানৱ
সংগ = লগ, বন্ধু
পৃথিৱী = ধৰণী
সোঁত = ঢৌ
স্বৰ্গ = সৰগ
দেৱ = দেৱতা ।
_______________________