জীৱৰ বিচিত্ৰতা
নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৭ নং অধ্যায়ৰ প্ৰশ্নোত্তৰ ।
অনুশীলনী
১. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি ?
উত্তৰ : বৰ্গীকৰণৰ সুবিধাসমূহ তলত আলোচনা কৰা হ'ল --
ক. জীৱজগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে ।
খ. জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি জানিব পাৰো ।
গ. জীৱ এটাৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ হ'লে বৰ্গীকৰণৰ দৰকাৰ হয় ।
ঘ. জীৱৰ বৰ্গীকৰণে আমাক জীৱৰ ক্ৰমবিকাশৰ বিষয়েও জ্ঞান দিয়ে ।
ঙ. জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণৰ দৰকাৰ হয় ।
চ. জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী, স্বপোষী নে পৰপোষী জানিব পাৰো ।
২. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা ?
উত্তৰ : জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যকে বিবেচনা কৰি শ্ৰেণীবিভাজন কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব জীৱটো সংকোষকেন্দ্ৰীয় নে প্ৰকোষকেন্দ্ৰীয় । মানে ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত কোষকেন্দ্ৰ আছে নে নাই চাব লাগিব । পিছত জীৱকেইটাই পৰপোষী নে স্বপোষী এইটো বৈশিষ্ট্য চাব লাগিব ।
৩. জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা ।
উত্তৰ : জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ'ল --
ক. পঞ্চৰাজ্য বিভাজনৰ মৌলিক বৈশিষ্ট্য হ'ল যে জীৱ প্ৰকোষকেন্দ্ৰীয় নে সংকোষকেন্দ্ৰীয় । জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষাংগ আছে নে নাই ।
খ. কোবোৰ গাইগুটিয়াকৈ থাকে নে সমষ্টি হিচাপে থাকে । বহুকোষী জীৱৰ দেহত কোষবোৰে শ্ৰম বিভাজন নীতিটো মানি চলে । ইয়াত সকলোবোৰ কোষ দেখাত একেইনে । গতিকে জীৱবোৰ এককোষী নে বহুকোষী তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰে ।
গ. জীৱবোৰ স্বপোষী নে পৰপোষী চোৱা হয় । অৰ্থাৎ জীৱই সালোকসংশ্লেষণ কৰিব পৰা নোৱাৰাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয় ।
ঘ. প্ৰাণীবিলাকৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ অংগৰ গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয় ।
৪. উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগকেইটা কি কি ? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে ?
উত্তৰ : উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ হ'ল -- সমাঙ্গদেহী উদ্ভিদ, মচ জাতীয় উদ্ভিদ, ঢেঁকীয়া জাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ । এইবিলাকৰ শ্ৰেণীবিভাজনৰ ভিত্তি ---
ক. উদ্ভিদ দেহটো কিছুমান উপাংগত খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি ।
খ. সিহঁতৰ দেহত পানী বা অন্যান্য দ্ৰব্যৰ পৰিৱহণৰ বাবে সংবহন কলা থকা বা নথকা ।
গ. বীজ ধাৰণ কৰা বা নকৰা ।
ঘ. নগ্নবীজী নে গুপ্তবীজী ।
৫. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণীজগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহৰ মাজত প্ৰভেদ কি ?
উত্তৰ : উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰৰ লক্ষ্য ৰাখি কৰা হয় । যেনে, উদ্ভিদ দেহ পৃথক অংশত ভাগ কৰিব পাৰি নে নোৱাৰি, সংবহন কলা থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয় ।
আনহাতে, প্ৰাণী শ্ৰেণীবিভাজনৰ সময়ত প্ৰাণীসমূহৰ বিস্তৃতি আৰু দেহ গঠনৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হয় । যেনে -- কোষস্তৰৰ সংগঠন বা কলাস্তৰৰ সংগঠন, দেহগুহা থাকে নে নাথাকে, মেৰুদণ্ড থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য কৰা হয় ।
৬. মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা ।
উত্তৰ : মেৰুদণ্ডী প্ৰাণীসমূহৰ পাঁচটা ভাগত উপবিভাজন কৰা হৈছে ---
ক. মৎস্য = আটাইবোৰ মাছৰ প্ৰজাতিক এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে । ইহঁত পানীত থাকে । ইহঁতৰ দেহ আৱৰণ বাকলিৰে আবৃত । ইহঁত শীতলৰক্তী আৰু হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত । মৎস্যৰ উদাহৰণ -- কাৱৈ মাছ, ৰৌ মাছ ইত্যাদি ।
খ. উভচৰ = উভচৰ প্ৰাণী জল আৰু স্থল দুয়োটা পৰিৱেশত পোৱা যায় । উভচৰ প্ৰাণীৰ ছালত বাকলি নাথাকে । ইহঁতৰ হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত । ইহঁতে জলক্লোম নতুবা হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয় । উভচৰৰ উদাহৰণ -- ভেকুলী, হাইলা ইত্যাদি ।
গ. সৰীসৃপ = সৰীসৃপ প্ৰাণীৰ দেহ আৱৰণত বাকলি থাকে । ইহঁতে শ্বাস-প্ৰশ্বাস হাওঁফাওঁৰ সহায়ত লয় । সৰীসৃপৰ কণীবোৰৰ এখন ডাঠ চোকোৰা থাকে । সৰীসৃপৰ উদাহৰণ -- কাছ, জেঠী ইত্যাদি ।
ঘ. পক্ষী = পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তী । ইহঁতৰ হৃদযন্ত্ৰত চাৰিটা কোঠালি থাকে । ইহঁতৰ দেহ বহিঃআৱৰণ পাখীৰে আবৃত । আগ ঠেং দুখন ডেউকালৈ ৰূপান্তৰ হয় যাতে ইহঁতে উৰিব পাৰে । পক্ষীয়ে কণী পাৰে । পক্ষীৰ উদাহৰণ -- পাৰ চৰাই, ঘৰচিৰিকা ইত্যাদি ।
ঙ. স্তন্যপায়ী = স্তন্যপায়ী প্ৰাণীসমূহ উষ্ণৰক্তী । ইহঁতৰ হৃদযন্ত্ৰত চাৰিটা কোঠালি থাকে । এই শ্ৰেণীৰ স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তনগ্ৰন্থী থাকে । ইহঁতৰ দেহ চুলি অথবা নোমেৰে আবৃত । স্তন্যপায়ী প্ৰাণীয়ে পোৱালী জন্ম দিয়ে । স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ --- মেকুৰী, মানুহ ইত্যাদি ।
______________________