জীৱৰ মৌলিক একক

নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৫ নং পাঠৰ প্ৰশ্নোত্তৰ । 
     
                   অনুশীলনী
১. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা । 
উত্তৰ : উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰি তলত পাৰ্থক্যবোৰ দেখুওৱা হ'ল -- 
উদ্ভিদকোষ : 
ক. কোষবেৰ পোৱা যায় ।
খ. প্লাষ্টিড থাকে । 
গ. ক্ল'ৰপ্লাষ্টৰ সহায়ত সালোক সংশ্লেষণ কৰিব পাৰে । 
ঘ. ডাঙৰ ৰসধানী পোৱা যায় ।
ঙ. লাইছ'জ'ম নাথাকে ।
চ. চেণ্ট্ৰিওল নাথাকে । 
প্ৰাণীকোষ : 
ক. কোষবেৰ পোৱা নাযায় । 
খ. প্লাষ্টিড নাথাকে । 
গ. ক্ল'ৰপ্লাষ্ট নাথাকে । 
ঘ. সৰু ৰসধানী থাকে ।
ঙ. লাইছ'জ'ম থাকে । 
চ. চেণ্ট্ৰিওল থাকে । 
২. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা । 
উত্তৰ : প্ৰকোষকেন্দ্ৰীয় কোষ : 
ক. আকাৰত সাধাৰণতে সৰু হয় । 
খ. সুনিৰ্দিষ্ট কোষকেন্দ্ৰ পোৱা যায় । 
গ. কোষকেন্দ্ৰাৱৰণ পোৱা নাযায় । 
ঘ. মাইট'কন্ড্ৰিয়া, প্লাষ্টিড পোৱা যায় । ঙ. অন্তঃপ্ৰৰসীয় জালিকা, গলজি সংঘ, লাইছ'জ'ম আদি পোৱা যায় । 
চ. প্ৰকোষকেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল বেক্টেৰিয়া । 
সংকোষকেন্দ্ৰীয় কোষ : 
ক. আকাৰত ডাঙৰ হয় । 
খ. সুনিৰ্দিষ্ট কোষকেন্দ্ৰ পোৱা যায় । 
গ. কোষকেন্দ্ৰক আগুৰি কোষকেন্দ্ৰাৱৰণ থাকে । 
ঘ. মাইট'কন্ড্ৰিয়া আৰু প্লাষ্টিড থাকে । 
ঙ. অন্তঃপ্ৰৰসীয় জালিকা, গলজি সংঘ, লাইছ'জ'ম আদি পোৱা যায় । 
চ. সংকোষকেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল এমিবা, প্ৰাণীকোষ, উদ্ভিদকোষ আদি । 
৩. কোষৰ কোষাৱৰণখন ফাটি গ'লে কি হ'ব ? 
উত্তৰ : কোষৰ কোষাৱৰণখন ফাটি গ'লে কোষস্থ পদাৰ্থবোৰ মুক্ত হৈ পৰিব । লগতে কোষত হ'ব লগা জৈৱিক কাৰ্যবোৰ নহ'ব, যেনে -- ব্যাপনৰ সহায়ত গেছৰ চলাচল, আসৃত্তিৰ সহায়ত পানী চলাচল ইত্যাদি । ফলত কোষটো মৰি যাব । 
৪. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব ? 
উত্তৰ : অন্তঃপ্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলজি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে । গলজি সংঘৰ কাৰ্য হ'ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ কোনো কোনো ক্ষেত্ৰত গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে । গলজি সংঘই লাইছ'জ'ম গঠন কৰাটো সহায় কৰে । গতিকে গলজি সংঘ নাথাকিলে কোষটোৰ এইবোৰ কাৰ্য বন্ধ হ'ব আৰু ফলত কোষটো মৰি যাব । 
৫. কোনটো কোষ অংগাণুক কোষৰ শক্তি ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় ?
উত্তৰ : কোষৰ শক্তি ভঁৰাল বুলি মাইট'কন্ড্ৰিয়াক আখ্যা দিয়া হয় । কাৰণ জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এ.টি.পি. (A.T.P)ৰ অণুবিলাক মাইট'কন্ড্ৰিয়াই উৎপন্ন কৰে । এ.টি.পি. অণুক কোষীয় শক্তি বুলিও কোৱা হয় ।
৬. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ'টিনবিলাক ক'ত সংশোধিত হয় ? 
উত্তৰ : কোষাৱৰণখন গঠনৰ বাবে প্ৰয়োজনীয় লিপিড আৰু প্ৰ'টিনবিলাক অন্তঃপ্ৰৰসীয় জালিকাত সংশোধিত হয় । ইয়াৰে প্ৰ'টিন সংশ্লেষণ হয় ৰাইব'জ'মত, যিবোৰ অমসৃণ অন্তঃপ্ৰৰসীয় জালিকাত লাগি থাকে । আনহাতে লিপিড সংশ্লেষণ হয় মসৃণ অন্তঃপ্ৰৰসীয় জালিকাত । 
৭. এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে ? 
উত্তৰ : এমিবাই অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে । কোষাৱৰণ নমনীয়া গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃপৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে । এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয় । 
৮. আসৃতি কি ? 
উত্তৰ : গাঢ়তাৰ তাৰতম্যৰ ফলত যেতিয়া পানীৰ অণুৰ অৰ্ধভেদ্য আবৰণৰ মাজেৰে চলাচল হয় তেতিয়া তাক আসৃতি বোলে । আসৃতি সদায় উচ্চ গাঢ়তাৰ পৰা অৰ্ধভেদ্য আৱৰণে নিম্ন গাঢ়তালৈ হয় । 


        _____________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই