লোকসংস্কৃতি

নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন) পাঠ্যপুথিৰ ১২ নং পাঠৰ প্ৰশ্নোত্তৰ । 

ভাব বিষয়ক : 
১. তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা । 
ক. লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় ? 
উত্তৰ : লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয় । 
খ. লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ ?
উত্তৰ : লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ । 
গ. লোককৃষ্টি কাক বোলা হয় ? 
উত্তৰ : গঞা সমাজে নিজৰ বিভিন্ন কৰ্মৰ মাজতে ঋতু, মাহ, পষেক অনুসৰি বিবিধ উৎসৱ-সভা আদিৰ সম্পাদন কৰে । সেই সভা-উৎসৱত গীত-মাত, অভিনয় আদি কৰা হয় । এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলে । 
ঘ. লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয় ?
উত্তৰ : লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তুসংস্কৃতি বোলা হয় । 
ঙ. পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি ?
উত্তৰ : পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম 'বুঢ়ী আইৰ সাধু' । 
২. লোকসমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে ? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি ? 
উত্তৰ : লোকসমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তৰৰ বুলি ক'ব খোজে । এনে ধাৰণা গ্ৰহণ কৰিব নোৱাৰি । 
      এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হ'ল বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেই যে কোনো এখন সমাজ উচ্চতৰ হ'ব আৰু তাৰ বিপৰীতে লোক বা গঞাসমাজ নিম্নতৰ হ'ব লাগিব তেনে কোনো কথা নাই । লোকসমাজৰ অংগীভূত মানুহে প্ৰায়ে গাঁৱে-ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল নগৰ-চহৰ আদিত বাস কৰে, এই ধাৰণা সদা-সৰ্বদাই গ্ৰহণযোগ্য হ'ব নোৱাৰে । কাৰণ গাঁৱটো শিক্ষিত মানুহে বাস কৰে । 
৩. চমুটোকা লিখা । 
উত্তৰ : নিচুকনী গীত : নিচুকনী গীতবোৰ অসমীয়া লোকসংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ । অতীজৰে পৰা এই গীতসমূহে অসমৰ জনজীৱনত এক প্ৰভাৱ পেলাই আহিছে । সাধাৰণতে কেঁচুৱাক নিচুকাবলৈ বা টোপনি নিয়াবলৈ এই গীতসমূহৰ ব্যৱহাৰ কৰা হৈছিল বাবে ইয়াক নিচুকনী গীত বোলা হয় । 
মালিতা বা কাহিনী গীত :  ইও অসমীয়া লোকসংস্কৃতিৰ আন এক অবিচ্ছেদ্য অংগ । মালিতা বা কাহিনী গীতসমূহৰ মাজেদি যিকোনো এটা কাহিনী বা কথাৰ অৱতাৰণা কৰা হয় আৰু সুৰ লগাই পদ্য হিচাপে সেই কাহিনী শেষ কৰা হয় । শিনিবলৈ ৰস লগা আৰু শুৱলা হোৱাৰ বাবে মালিতা বা কাহিনী গীতসমূহ আমাৰ আদৰৰ আপুৰুগীয়া সম্পদ হৈ আছে । 
সাঁথৰ : মূলতঃ মানুহৰ মুখে মুখে চলি অহা প্ৰবাদসমূহকেই সাঁথৰ বোলা হয় । ই কেৱল অসমীয়া লোকসংস্কৃতিৰ একক বৈশিষ্ট্য, আন কোনো সংস্কৃতিত ইয়াৰ ব্যৱহাৰ পাবলৈ নাই । ধেমালি আৰু ৰসৰ চলেৰে বুদ্ধিমত্তা পৰীক্ষা কৰা আৰু বৃদ্ধি কৰাৰ কৌশল হিচাপে এই সাঁথৰসমূহ অসম বিখ্যাত ।
জনশ্ৰুতি : মানুহৰ মুখে মুখে যুগৰ পিছত যুগ ধৰি প্ৰচলিত হৈ অহা শ্লোক বা প্ৰবাদসমূহক জনশ্ৰুতি বোলা হয় । ই গদ্যধৰ্মী লোককথাৰ অন্তৰ্গত । 
জিকিৰ : জিকিৰসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ । আজান পীৰে ৰচনা কৰা গীতসমূহক জিকিৰ বোলা হয় । ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই গীতসমূহ ৰচনা কৰা হৈছিল । এই গীতসমূহত সম্প্ৰীতিৰ নিদৰ্শন পোৱা যায় । 
দেহবিচাৰৰ গীত :  দেহবিচাৰৰ গীতসমূহ এক প্ৰকাৰ ভকতীয়া গীত । এই গীতবোৰত গুপ্ত সাধনা আৰু শেৱ-শাক্তৰ তান্ত্ৰিক ৰূপ প্ৰকাশ পোৱা দেখা যায় । পূৰ্ণসেৱা, বৰখেলীয়া, গোপীধৰা, বৰসেৱা, ৰাতিখোৱা আদিৰ পন্থাৰ মানুহে সাধাৰণতে এই গীতসমূহ গাইছিল । দেহবিচাৰৰ গীতত শৰীৰক কেতিয়াবা নাও, কেতিয়াবা ঘৰ, কেতিয়াবা চাকিৰ লগত তুলনা কৰা হয় । 
হুঁচৰি গীত : হুঁচৰি গীত অসমীয়াৰ অন্যতম আপুৰুগীয়া সম্পদ যাৰ লগত জড়িত হৈ আছে অসম তথা অসমীয়াৰ আৱেগ আৰু সন্মান । হুঁচৰি বিশেষকৈ ব'হাগ বিহুৰ লগত জড়িত । আঁহতৰ তলত বা পথাৰৰ মাজত নৃত্য কৰোঁতে ডেকা-গাভৰুৰ হুঁচৰি গীতৰ তালত কঁকাল ভাঙে । হুঁচৰি পৰিৱেশন কৰাৰ কিছুমান নিয়ম-নীতি থাকে । 
৪. 'লোকজীৱন তিনিটা ভাগত বিভক্ত' -- লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত ? প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া । 
উত্তৰ : লোকজীৱন সামাজিক আচাৰ-অনুষ্ঠান, ভৌতিক বা বস্তুসংস্কৃতি আৰু লোক-পৰিৱেশ্য কলা এই তিনিটা ভাগত বিভক্ত । 
      সামাজিক আচাৰ-অনুষ্ঠান = মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন । পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযোগ সেতু । সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ-মৃত্যু বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান । এইবােৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত । সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত -- উৎসৱ-অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোকধৰ্ম আৰু লোকঔষধ । 
         ভৌতিক বা বস্তুসংস্কৃতি = ভৌতিক বা বস্তুসংস্কৃতি হ'ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ । জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী । ভৌতিক সংস্কৃতিৰ উপবিভাগকেইটা হৈছে --লোককলা, লোকশিল্প, লোক স্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী । 
         লোকপৰিৱেশ্য কলা = লোকজীৱনৰ শেষভাগটো হৈছে লোকপৰিৱেশ্য কলা । পৰম্পৰাগত গীত, নৃত্য-নাচ, নাট আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান । কোনো এটা সাধুকথা কোৱা বা লোকগীত এটি গোৱাকে পৰিৱেশন কৰা বোলে । লোকপৰিৱেশ্য কলাৰ পৰিসৰে নৃত্য-গীত, নাট, বাদ্যযন্ত্ৰ আদিক সামৰে । লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি । সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি । 
৫. বহলাই লিখা । 
ক. সামাজিক আচাৰ অনুষ্ঠান ।
উত্তৰ : মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন । পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ সেতু । সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ-মৃত্যু বিষয়ক ৰীতি-নীতি, আচাৰ ব্যৱস্থা আদিয়েই সামাজিক আচাৰ অনুষ্ঠান । এইবোৰ লোকবিশ্বাসৰ জৰিয়তে প্ৰধানভাৱে জড়িত । 
খ. লোক পৰিৱেশ্য কলা । 
উত্তৰ : লোকজীৱনৰ শেষভাগটো হৈছে লোক পৰিৱেশ্য কলা । পৰম্পৰাগত গীত, নৃত্য-গীত, নাট আদিয়েই পৰিৱেশ্য কলাৰ উপাদান । কোনো এটা সাধুকথা কোৱা বা লোকগীত এটি গোৱাকে পৰিৱেশন কৰা বোলে । লোক পৰিৱেশ্য কলাৰ পৰিসৰে নৃত্য-গীত, নাট, বাদ্যযন্ত্ৰ আদিক সামৰে । লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি । 
গ. ভৌতিক বা বস্তুসংস্কৃতি । 
উত্তৰ : ভৌতিক বা বস্তুসংস্কৃতি হ'ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ । জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী । 
৬. লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে ? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে ? তোমাৰ নিজৰ কথাৰে লিখা । 
উত্তৰ : লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লিখকে কৈছে । লোকনাটত সংলাপৰ গুৰুত্ব কম তাৰ পৰিৱৰ্তে ইয়াত নৃত্য আৰু গীতৰহে গুৰুত্ব বুলি লিখকে কৈছে । গীত আৰু নৃত্যৰ দ্বাৰাই লোকনাটৰ কাহিনী দেখুওৱা হয় । 
৭. লোক সাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি ? ভাগবোৰৰ নাম লিখা । 
উত্তৰ : লোক সাহিত্যক ৫টা উপভাগত ভগাব পাৰি । সেইকেইটা হৈছে, 
ক. লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত ;
খ. গদ্যধৰ্মী লোককথা ;
গ. প্ৰবচন, বচন, লোকোক্তি,যোজনা,পটন্তৰ ;
ঘ. সাঁথৰ 
ঙ. লোকভাষা । 
৮. ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী কি ? ইয়াৰ উপ-বিভাগ কি কি ? 
উত্তৰ : জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিয়েই বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী । ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটা হৈছে -- লোককলা, লোকশিল্প, লোক স্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী । 
৯. "অ' মাই যশোৱা হে, মাইহে যশোৱা"...........গীতটি কোনে লিখিত ৰূপ দিয়ে ? 
উত্তৰ : উক্ত গীতটি ড° ভূপেন হাজৰিকাই লিখিত ৰূপ দিয়ে ।
১০. তাৎপৰ্য ব্যাখ্যা কৰা : 
ক. লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি । 
উত্তৰ : লোকসংস্কৃতিৰ উপাদানসমূহ প্ৰধানতঃ মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগতভাৱে চলি অহা । লোকসংস্কৃতিৰ অন্তৰ্গত আহিলাসমূহ যেনে লোকগীত, হুঁচৰি, বিহুগীত, বিয়ানাম, লোকনাট, লোকসাহিত্য, জিকিৰ, মালিতা আদি বহুযুগৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু চলি যাব । কেৱল মাত্ৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ই সম্প্ৰসাৰিত হৈছে । এনে হওঁতে কৰ'বাত ই হয়তো নতুন ৰূপ লৈছে । শিক্ষিত লোকৰ হাতত পৰি আধুনিক বা সম্পাদিত ৰূপ পাইছে । উদাহৰণস্বৰূপে, লক্ষ্মীনাথ বেজবৰুৱাদেৱে 'বুঢ়ী আইৰ সাধু'খন সম্পাদিত কৰি নতুন ৰূপ নতুন ৰূপত প্ৰকাশ কৰি উলিয়াইছিল । অথচ ইয়াত থকা সাধুসমূহ কিন্তু যুগে যুগে আইতাসকলৰ মুখে মুখে চলি অহা সাধুৱেই । গতিকে দেখা যায় যে লোকসংস্কৃতিৰ বস্তুসমূহ কালৰ পিছত কাল ধৰি এনেদৰে চলি অহা । সেইবাবে আমি ক'ব পাৰো যে লোকসংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি । 
খ. সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱৰ্তন ঘটে ।
উত্তৰ : লোকসংস্কৃতিৰ উপদানসমূহ মানুহে সমাজ তথা সময় সাপেক্ষে নিজৰ মতে গঢ় দিয়ে । কালৰ পৰিৱৰ্তনত এই উপদানসমূহৰো ৰূপান্তৰ ঘটে । শিক্ষিত মানুহৰ হাতত পৰি এই উপাদানসমূহে আধুনিক ৰূপ পায়, সেইবাবে ক'ব পাৰি যে সমাজ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱৰ্তন ঘটে । 
ভাষা বিষয়ক : 
১১. তলৰ শব্দকেইটাত মূৰ্দ্ধন্য 'ণ' আৰু 'ষ' হোৱাৰ কাৰণ দৰ্শোৱা : 
উত্তৰ : কৃষি = 'ক' বা 'ৰ'-ৰ পাছত থকা প্ৰত্যয়ৰ 'স' মূৰ্দ্ধন্য 'ষ' হয় । 
অনুষ্ঠান = ই কাৰান্ত উপসৰ্গৰ পাছত থকা 'স্থা' ধাতুৰ দন্ত্য 'স' মূৰ্দ্ধন্য 'ষ' হয় ।
ধাৰণ = একেটা পদতে থকা 'ঋ', 'ৰ', 'ষ' আৰু 'ণ'-ৰ মাজত  স্বৰবৰ্ণ, 'ক'-বৰ্গ বা 'প'-বৰ্গৰ কোনো বৰ্ণ বা 'য', 'ৱ', 'হ' ব্যৱধান থাকিলেও দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হয় । 
আহৰণ = একেটা পদতে থকা 'ঋ', 'ৰ', 'ষ' আৰু 'ন'-ৰ মাজত স্বৰবৰ্ণ, 'ক'-বৰ্গ বা 'প'-বৰ্গৰ কোনো বৰ্ণ বা 'য', 'ৱ', 'হ' ব্যৱধান থাকিলেও দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হয় । 
১২. বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ।
উত্তৰ : বিশ্বাস = অবিশ্বাস ।
মৌখিক = লিখিত ।
সংযোগ = বিচ্ছেদ ।
প্ৰয়োজনীয় = অলাগতিয়াল, অপ্ৰয়োজনীয় ।
জন্ম = মৃত্যু ।
উচিত = অনুচিত । 
১৩. সমাৰ্থক শব্দ লিখা ।
উত্তৰ : গঞা = গাঁৱলীয়া ।
পিতা = দেউতা, পিতৃ ।
বেমাৰ = ৰোগ, অসুখ । 
চহৰ = নগৰ । 
লোক = জন, মানুহ । 

          ____________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই