যুঁজ
নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন) ' পাঠ্যপুথিৰ ১১ নং পাঠৰ প্ৰশ্নোত্তৰ ।
ভাব বিষয়ক :
১. অতি চমুকৈ উত্তৰ লিখা :
ক. কাৰ বেগৰ পৰা টকা চুৰ হৈছিল ?
উত্তৰ : প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল ।
খ. সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি ?
উত্তৰ : সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম মহেন্দ্ৰ মাষ্টৰ ।
গ. নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল ?
উত্তৰ : নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল ।
ঘ. সিদ্ধাৰ্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিলে ?
উত্তৰ : সিদ্ধাৰ্থই পেঞ্চিলবক্সত দেউতাকে তাক দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিলে ।
ঙ. নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল ?
উত্তৰ : নিৰ্মলৰ দেহত থকা এটা জটিল ৰোগৰ বাবে বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল ।
২. তলৰ প্ৰশ্নোবোৰৰ উত্তৰ লিখা :
ক. সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ?
উত্তৰ : সিদ্ধাৰ্থই নিচা জাতীয় বস্তু সেৱনত ধৰিছিল । যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত সি প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ।
খ. কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল ?
উত্তৰ : মাক-দেউতাকৰ বিচ্ছেদ, গুৰুত্বহীন আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল ।
গ. নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণদোকানখনলৈ গৈছিল ?
উত্তৰ : নিৰ্মেল সিদ্ধাৰ্থক কেইবাদিনো পাণদোকানখনত দেখা পাইছিল । দুই এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও দেখা পাইছে । সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণদোকানখনলৈ গৈছিল ।
ঘ. সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল ?
উত্তৰ : সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল । তাৰ দুখ, যন্ত্ৰণা, চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল ।
ঙ. নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল ?
উত্তৰ : নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে --- সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব । চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব ।
৩. 'তোৰ কি হৈছে, মোক ক'বই লাগিব সিদ্ধাৰ্থ'---- নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল ?
উত্তৰ : 'তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ'--- নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোন ভাৱ জগাই তুলিছিল । নিজ পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই নিৰাশ্ৰয়তাত ভুগিছিল । মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্ব দিয়া নাছিল । নিঃসংগতা আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল ।সিদ্ধাৰ্থক এই বাটৰ পৰা ঘূৰাই আনিবলৈ কোনোৱে চেষ্টা কৰা নাছিল । সেয়েহে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপোন সুৰ শুনা পাইছিল ।
৪. সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা ।
উত্তৰ : সিদ্ধাৰ্থৰ মাক আৰু দেউতাকৰ প্ৰায়ে কাজিয়া হৈছিল । তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল । তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ ল'বলৈ মাক-দেউতাক দুয়োজনৰে আহৰি নাছিল ।অৱশেষত মাক-দেউতাকৰ বিচ্ছেদ হয় । মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ ল'বলৈ মাকে কোনোদিনে যত্ন কৰা নাছিল । সেয়েহে সিদ্ধাৰ্থই লাহে লাহে নিঃসংগতাত ভুগছিল ।
৫. নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা ।
উত্তৰ : পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছিল আৰু ড্ৰাগছ আসক্ত হৈ পৰিছিল । ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল । নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল । নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল ।
৬. 'তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি ; অস্বস্তিৰ মৌনতাৰ মাজত মাথোঁ ছটফটাবহে পাৰি' --- কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা ।
উত্তৰ : সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিলে । কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল । সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবানৰো উত্তৰ দিবলৈ সংকোচ নকৰে, কিন্তু নিৰ্মলৰ নিচিনা সহজ-সৰল, সৎ, নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই । কাৰণ নিৰ্মল এটা সৎ-সাহসী নিভাজ মনৰ ল'ৰা । সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈহে যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়া সিদ্ধাৰ্থই বুজি পাইছিল । সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে -- নিৰ্মলৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি ; অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছটফটাইহে ৰ'ব পাৰি ।
৭. 'হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি --- ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৰ --- দুখৰ দাহন' ____ কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা ।
উত্তৰ : কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে ।
সিদ্ধাৰ্থৰ মাক-দেউতাকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল । তেওঁলোক নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনত পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল । এদিন মাক-দেউতাকৰ মাজত বিচ্ছেদ হৈছিল । সিদ্ধাৰ্থক কোনোৱে ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থৱেও নিজে কাকো একো সোধা নাছিল । মাক বাপেকৰ কি হৈছে, সেই অমীমাংসিত প্ৰশ্ন, যি আছিল তাৰ চকুপানীবোৰতকৈও গধুৰ । সিদ্ধাৰ্থ নিঃসংগতা আৰু হতাশাত ভুগিছিল, চাৰিওফালে শূন্যতা দেখিছিল । য'ত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, মাথোঁ দুখৰ দাহন ।
৮. সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তদ্বৰ্ন্দ হৈছিল বুজাই লিখা ।
উত্তৰ : সিদ্ধাৰ্থ ড্ৰাগছ আসক্ত হৈছিল । ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত সি মাকৰ খাৰুযোৰ চুৰি কৰিছিল ।
সিদ্ধাৰ্থই যেতিয়া মাকৰ খাৰুযোৰ পাণদোকানীজনৰ হাতত তুলি দিছিল, সেই সময়ত পুলিছে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল, সেইবাে তাৰ অন্তদ্বৰ্ন্দ হৈছিল ।
৯. 'আচলতে মন গ'লেই সুখী হ'ব পাৰি জান । ' --- নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা ।
উত্তৰ : সিদ্ধাৰ্থই ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল, সেই সকলোবোৰ কথা নিৰ্মলক ক'লে আৰু নিৰ্মলে সিদ্ধাৰ্থক কেতিয়াও প্ৰবঞ্চনা নকৰে । এই নদী, পাহাৰ, আকাশ, তৰা, জোন আদিবোৰ মন গ'লেই ভাল পাব পাৰি, আপোন কৰি ল'ব পাৰি । এইবোৰ ভালপোৱা শূন্য নহয় । আচলতে মন গ'লেই সুখী হ'ব পাৰি ।
১০. ব্যাখ্যা কৰা ।
ক. নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে ।
উত্তৰ : উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপু্থিৰ অন্তৰ্গত ড° মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত "যুঁজ" নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
মাক-দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ । এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থ যেন নিঃসংগ আৰু অকলশৰীয়া হৈ পৰিল । তাৰ মনোজগতৰ খবৰ ৰখোতা, তাক এশাৰী মৰমৰ মাত দিওঁতা, তাৰ ভুলবোৰ আঙুলিয়াই দিওঁতা কোনো নোহোৱা হ'ল । ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল'লে ড্ৰাগছৰ । ড্ৰাগছ কিনিবলৈ পইচাৰ যোগাৰ কৰিবলৈ মাকৰ খাৰু চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিলে । স্কুলত পইচা চোৰ বুলি ধৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে ক'বলৈ জোৰ কৰে । নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তন হয় । এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰেই সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহুদূৰলৈ গুচি গ'ল । নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰি তোলে । কাৰ ওপৰত এই অভিমান, সিদ্ধাৰ্থই যেন নিজেও বুজি নাপাই ।
খ. মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য ।
উত্তৰ : উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত "যুঁজ" নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
কেতিয়াবা দেখা পোৱা সত্য ঘটনাবোৰৰ আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থকা দেখা পোৱাৰ প্ৰসংগতে লেখকে উক্ত কথাষাৰ অৱতাৰণা কৰিছে ।
সিদ্ধাৰ্থ এটা সংবেদনশীল ল'ৰা । সিও লগৰ ল'ৰাৰ লগত হাঁহি-ধেমালি কৰি খেলিছিল । কিন্তু কেইমাহমানৰ পৰা সি গহীন, খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছে । বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে অকলে বহিবলৈ লৈছে, শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে, আনহাতে মাজে মাজে স্কুলো খতি কৰিবলৈ লৈছে । এদিন স্কুলত লগৰ ল'ৰাৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ মুখে মুখে কথা কৈ এসপ্তাহমান স্কললৈও অহা নাছিল । সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তন নিৰ্মলে সহজে মানি ল'ব পৰা নাছিল । সি ভাবিছিল যে কেতিয়াবা মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য আৰু সি সেইবোৰ বিচাৰি উলিয়াবই ।
গ.পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।
উত্তৰ : উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত "যুঁজ" নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
সিদ্ধাৰ্থৰ মাক-দেউতাকৰ মাজত কাজিয়া আৰু শেষত বিচ্ছেদ । এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কুমলীয়া মনটো ভাগি-ছিঙি থানবান হৈ গ'ল । তেওঁলোকৰ কাজিয়া ইমানেই তীব্ৰ আছিল যে সিদ্ধাৰ্থৰ চকুপানীবোৰ তেওঁলোকে দেখাই নাপালে । সিদ্ধাৰ্থক মৰমৰ মাত এষাৰ দিয়া, মাৰ্গদৰ্শন কৰোৱা মানুহৰ অভাৱ হ'ল । ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিঃসংগ আৰু হতাশাগ্ৰস্ত । পবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।
ঘ. সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ ।
উত্তৰ : উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত "যুঁজ" নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
লেখকে ক'ব বিচাৰিছে যে, জীৱনবোৰ একো একোখন যুঁজ । সেই যুঁজখনতেই হয়তো জীৱনৰ আমোজ আছে, নাইবা যুঁজখনেই জীৱন । নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব । নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বজাব লাগিব ৰেফাৰীৰ হুছেইলটো । প্ৰত্যেক মানুহৰে সমস্যাবোৰক লেখকে "যুঁজ" বুলি কৈছে । সি শাৰীৰিকেই নাইবা মানসিকেই নহওক কিয় । প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এজন যুঁজাৰু ।
১১. "যুঁজ" গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা ।
উত্তৰ : ড° মৃণাল কলিতা দেৱৰ "যুঁজ" হৈছে এটা চুটিগল্প । গল্পটোত লেখকে দুজন কিশোৰৰ মনোজগতৰ কথা সুন্দৰভাৱে বৰ্ণনা দিছে । তেওঁ গল্পটোত সিদ্ধাৰ্থ নামৰ ল'ৰাজনে নিঃসংগতাত ভুগি কেনেদৰে ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ ল'ৰাজনে দুৰাৰোগ্য ৰোগত ভুগিছে । সেইয়া উল্লেখ কৰিছে । নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে তাৰে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে । দুয়োজনৰে এই প্ৰচেষ্টাক লেখকে "যুঁজ" বুলি কৈছে । সিদ্ধাৰ্থৰ যুঁজ মনৰ লগত আনহাতে নিৰ্মলৰ যুঁজ শৰীৰৰ লগত । এই যুঁজখন প্ৰত্যেক মানুহেই যু্ঁজিব লাগিব । হৰা-জিকা পিছৰ কথা, কিন্তু যুঁজ কৰি যাবই লাগিব । সহজ-সৰল কথনভংগীৰে গল্পকাৰে সকলোলৈকে উক্ত বাৰ্তাটো আগবঢ়াই দিছে ।
ভাষা বিষয়ক :
১২. ব্যাসবাক্যসহ সমাসৰ নাম লিখা ।
উত্তৰ : মৃত্যুশীতল : মৃত্যুৰ দৰে শীতল যি = কৰ্মধাৰয় ।
অতল : যাৰ কোনো তলি নাই = অব্যয়ভাৱ ।
অসহনীয় : যিটো সহন কৰিব নোৱাৰি = অব্যয়ভাৱ ।
অমীমাংসিত : মীমাংসৰ অতীত = অব্যয়ভাৱ ।
বেপৰোৱা : পৰোৱাৰ অতীত = অব্যয়ভাৱ ।
অচিনাকি : যাক চিনি পোৱা নাযায় = অব্যয়ভাৱ ।
১৩. বাক্য ৰচনা কৰা ।
উত্তৰ : উজাগৰ ••> সি ৰাতি ৰাতি উজাগৰে থাকিয়েই পঢ়া-শুনা কৰিছিল ।
অবাধ্য ••> নয়ন একেবাৰে অবাধ্য ল'ৰা ।
অৱলম্বন ••> কৰোনা মহামাৰীৰ পৰা নিজকে তথা নিজৰ ঘৰখনক বচাই ৰাখিবলৈ আমি উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত ।
খেৰকুটা ••> বিপদত পৰিলে মানুহে খেৰকুটাডালকে বাচিবলৈ খামুচি ধৰে ।
১৪. সমাৰ্থক শব্দ লিখা :
উত্তৰ : নীৰৱতা = নিঃশব্দ ।
বিষাদ = শোক ।
প্ৰস্তৰ = শিলৰ ।
একাকীত্ব = অকলশৰীয়া ।
আন্ধাৰ = তিমিৰ ।
___________________