জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

নৱম শ্ৰেণীৰ (Elective) ভূগোল পাঠ্যপুথিৰ তৃতীয় অধ্যায়ৰ প্ৰশ্নোত্তৰ । 

প্ৰশ্নাৱলী :
১. পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা । কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল ? 
উত্তৰ : খৃষ্টপূৰ্ব ৮০০০ত পৃথিৱীত মুঠ আনুমানিক জনসংখ্যা আছিল কেৱল ৮ নিযুত । কৃষিকাৰ্যৰ স্থায়ীকৰণৰ পাছত খাদ্যবস্তুৰ যোগান সুচল হোৱাত পৃথিৱীৰ জনসংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল । খ্ৰীষ্টাব্দৰ আৰম্ভণিতে পৃথিৱীৰ জনসংখ্যা বৃদ্ধি পাই ২০০ নিযুত হৈছিল । ১৮০৮ শতিকাত জনসংখ্যা ১০০০ নিযুত অতিক্ৰম কৰিছিল । পৰৱৰ্তী দুশ বছৰত পৃথিৱীৰ জনসংখ্যা ৭ গুণ বৃদ্ধি পাই প্ৰায় ৭০০০ নিযুত হৈছিল । কুৰি শতিকাৰ মাজভাগৰ পৰা পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে । ১৯৫০ ৰ পৰা ২০০০ চনৰ ভিতৰত অৰ্থাৎ কেৱল পঞ্চাছ বছৰতে পৃথিৱীৰ জনসংখ্যা ২৫০ কোটিৰ পৰা বৃদ্ধি পাই ৬০০ কোটি হৈছিল । ৰাষ্ট্ৰসংঘৰ এক তথ্য অনুসৰি ২০১১বৰ্ষৰ ১১ অক্টোবৰ তাৰিখে পৃথিৱীৰ জনসংখ্যা ৭০০ কোটি হৈছিল । 
    কুৰি শতিকাৰ মাজভাগত পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল । ১৯৫০ চনৰ পৰা ২০০০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি হৈছিল । এই সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ আছিল খাদ্য যোগানৰ নিশ্চয়তা আৰু খাদ্য সামগ্ৰীৰ প্ৰাচুৰ্যতা, জীৱন ধাৰণৰ মানৰ উন্নয়ন আৰু চিকিৎসা বিজ্ঞানৰ উন্নয়ন । চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ ফলস্বৰূপে মৃত্যুৰ হাৰ নিম্নগামী হৈছিল, কিন্তু নিৰক্ষৰতা তথা অন্ধবিশ্বাসৰ বাবে জন্মৰ হাৰ কমা নাছিল, ফলত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হৈছিল । তলৰ তালিকাত পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা দেখুওৱা হ'ল ----- 
২. পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান ? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা । 
উত্তৰ : পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা ৭০০ কোটিৰো অধিক । জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণসমূহ হৈছে জলবায়ু পৰিৱৰ্তিত আৰ্থ-সামাজিক উন্নয়নৰ পাৰ্থক্য,  উচ্চ জন্মৰ হাৰ, নিম্ন মৃত্যুৰ হাৰ, প্ৰব্ৰজন আদি । উষ্ণ আৰু সেমেকা জলবায়ু থকা দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হয় । অতিমাত্ৰা গৰম আৰু অতিমাত্ৰা সেমেকা, বৰষুণ বেছি হোৱা অঞ্চলৰ দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ কম হয় । শুকান আৰু অতি শীতল মেৰু অঞ্চলত জনসংখ্যা বৃদ্ধিৰ স্বাভাৱিক হাৰ কম হয় । অনুন্নত বা উন্নয়নশীল দেশসমূহৰ পৰা উন্নত দেশলৈ জনসংখ্যাৰ প্ৰব্ৰজনে জনসংখ্যাৰ স্বাভাৱিক হাৰ বৃদ্ধি কৰে । উন্নত দেশৰ তুলনাত উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ শিক্ষা-দীক্ষা কম হোৱাৰ বাবে জন্ম নিয়ন্ত্ৰণ আৰু জনসংখ্যা সীমিতকৰণৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলতেই জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হয় । এইবিলাকৰ উপৰিও ধৰ্ম সমাজ ব্যৱস্থা আদিয়েও জনসংখ্যাৰ স্থানিক তাৰতম্যত প্ৰভাৱ পেলায় । 
৩. পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি ধৰা । 
উত্তৰ : পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ প্ৰধান কাৰণ হৈছে ----
উচ্চ জন্মৰ হাৰ আৰু নিম্নগামী মৃত্যুৰ হাৰ, উন্নত যোগাযোগৰ ফলত বিতৰণৰ সুব্যৱস্থা, শিক্ষাৰ বহুল প্ৰচাৰ আৰু জনপ্ৰব্ৰজন । পৰিৱৰ্তিত আৰ্থ সামাজিক উন্নয়নৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয় । ১৭৫০-১৯৭০ বৰ্ষৰ কালছোৱাত উন্নত দেশসমূহৰ জনসংখ্যাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহতকৈ যথেষ্ট বেছি আছিল । কিন্তু ১৯৫০-১৯৭০ চনৰ সময়ছোৱাত এই জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত সম্পূৰ্ণ বিপৰীত হয় । উদাহৰণস্বৰূপে, ১৭৫০-১৮৫০ বৰ্ষৰ কালছোৱাত আফ্ৰিকা মহাদেশৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ইউৰোপ মহাদেশতকৈ যথেষ্ট কম আছিল । কিন্তু এই বৃদ্ধিৰ হাৰ ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত যথেষ্ট পৰিৱৰ্তিত হৈ আফ্ৰিকা মহাদেশত ২.৫৫ শতাংশ আৰু ইউৰোপ মহাদেশত ০.৬ শতাংশ হৈছিল । পৃথিৱীৰ আটাইতকৈ জনবহুল মহাদেশ এছিয়াৰ জনসংখ্যা বৃদ্ধি আটাইতকৈ বেছি । ১৭৫০-২০০০ বৰ্ষৰ সময়ছোৱাত এছিয়া মহাদেশৰ জনসংখ্যা ৪৯৮ নিযুতৰ পৰা বৃদ্ধি পাই ৩,৩৬১ নিযুত হয়গৈ । 
       উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত এই বৃদ্ধি ২ নিযুতৰ পৰা ৩৫৪ নিযুত পযৰ্ন্ত হয় । এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত দেখা পোৱা জনসংখ্যা বৃদ্ধিৰ এনে পাৰ্থক্যৰ কাৰণ হৈছে এছিয়া মহাদেশৰ উচ্চ জন্মৰ হাৰ । কিন্তু উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত বৃদ্ধিৰ কাৰণটো হৈছে ইউৰোপ তথা আন আন অঞ্চলৰ পৰা হোৱা জনপ্ৰব্ৰজন । আকৌ ইউৰোপ মহদেশৰ স্থিৰ তথা একেবাৰে নিম্ন হাৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণটো হৈছে অতি নিম্ন জন্মহাৰ আৰু আমেৰিকা তথা ওচেনিয়ালৈ ঘটা উচ্চ পৰিমাণৰ বহিঃপ্ৰব্ৰজন । সম্প্ৰতি জন্মহাৰ যথেষ্ট বেছি থকা বাবে আফ্ৰিকা মহাদেশৰ প্ৰায় আটাইবোৰ দেশতে আৰু এছিয়া মহাদেশত কেইখনমান মুছলমান প্ৰধান দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হয় । 
৪. পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পৰ্কে লিখা আৰু অসম বিতৰণৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা । 
উত্তৰ : পৃথিৱীৰ সকলো ঠাই মানুহৰ বসবাসৰ উপযোগী নহয় । কিছুমান ঠাইৰ জলবায়ু অতি গৰম আৰু কিছুমান ঠাইৰ জলবায়ু অতিকৈ শীতল । আকৌ কিছুমান ঠাই পৰ্বত-পাহাৰৰ দ্বাৰা আবৃত আৰু কিছুমান ঠাই বিস্তীৰ্ণ বনভূমি । এনেবোৰ ঠাইত জীৱন নিৰ্বাহ অতি কষ্টকৰ হয় । পাৰ্বত্য অঞ্চলসমূহত খেতি-বাতি কৰাৰ অসুবিধা আৰু মৰুভূমি অঞ্চলবোৰত পানীৰ নাটনিৰ বাবে মানুহে বসবাস কৰিবলৈ টান পায় । অধিক ভূমিৰ উপৰি উত্তৰ গোলাৰ্ধৰ এক বিস্তীৰ্ণ ভাগত বিৰাজ কৰা অনুকূল প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক অৱস্থাৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যা প্ৰায় ৯০ শতাংশ লোক এই অঞ্চলত থুপ খাই আছে । পৃথিৱীৰ মহাদেশসমূহৰ ভিতৰত এছিয়াৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আৰু ওচেনিয়া মহাদেশৰ জনসংখ্যাৰ ঘনত্ব সবাতোকৈ কম । 
     জনসংখ্যাৰ বিতৰণত বহু ভৌগোলিক কাৰকে প্ৰভাৱান্বিত কতে । জনসংখ্যাৰ অসম বিতৰণৰ প্ৰধান কাৰকবোৰ হৈছে --- জলবায়ু, ভূ-অৱয়ব, মৃত্তিকা, শক্তি আৰু খনিজ সম্পদ, যাতায়াত ব্যৱস্থা, আৰ্থ-সামাজিক ব্যৱস্থা আদি । 77
৫. জনসংখ্যা বিতৰণত ভূ-অৱয়ব আৰু জলবায়ুৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ লিখা । 
উত্তৰ : জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত জলবায়ুৰ প্ৰভাৱ অতিকৈ গুৰুত্বপূৰ্ণ । কোনো এখন ঠাইৰ উষ্ণতাৰ অৱস্থা, বৰষুণৰ পৰিমাণ আৰু বছৰটোত কৃষিকাৰ্যৰ সময়সীমাই ঠাইখনৰ জলবায়ুৰ বৈশিষ্ট্য নিৰ্ধাৰিত কৰে । অতিপাত ঠাণ্ডা বা গৰম আৰু অতিবৃষ্টি বা শুকান অঞ্চলসমূহ কৃষিকাৰ্যৰ বাবে উপযোগী নোহোৱা বাবে সেই ঠাইসমূহ মানুহৰ বসবাসৰ বাবেও উপযোগী নহয় । উদাহৰণস্বৰূপে, চাহাৰাৰ দৰে অতি শুকান আৰু উষ্ণ মৰুভূমি অঞ্চল বসবাসৰ বাবে অনুপযোগী, সেয়ে জনসংখ্যাৰ ঘনত্ব অতি নগণ্য । একেদৰে তুন্দ্ৰাৰ দৰে বৰফাবৃত মৰুভূমি অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব নিচেই কম । আকৌ ক্ৰান্তীয় মৌচুমী অঞ্চলত অৱস্থিত দক্ষিণ আৰু পূব এছিয়াত বিৰাজ কৰা উপযুক্ত উষ্ণতা আৰু অপৰ্যাপ্ত বৰষুণ তথা অনুকূল জলবায়ুৰ বাবে কৃষিকাৰ্যৰ মানদণ্ড উন্নত হয় আৰু সেয়ে জনবসতি অধিক হোৱা পৰিলক্ষিত হয় । 
     আকৌ কোনো এখন ঠাইৰ ভূ-অৱয়বৰ প্ৰকৃতিয়েও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ পেলায় । এই ক্ষেত্ৰত ঠাইখনৰ উচ্চতা আৰু পৃষ্ঠভাগৰ প্ৰকৃতিৰ প্ৰভাৱ অতিকৈ গুৰুত্বপূৰ্ণ । পাৰ্বত্য অঞ্চল আৰু সমভূমি অঞ্চলৰ মাজত থকা ভূপ্ৰকৃতিৰ পাৰ্থক্যৰ বাবে জনসংখ্যা বিতৰণৰ পাৰ্থক্য পৰিলক্ষিত হয় । নদীগঠিত সমভূমি আৰু উপকূলৱৰ্তী নিম্নভূমি অঞ্চলবিলাকত কৃষিকাৰ্য আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱা বাবে এনে ঠাইত জনসংখ্যাৰ ঘনত্ব অধিক হয় । আকৌ, পৰ্বত-পাহাৰে আবৃত উচ্চ অসমান ঠাইসমূহ কৃষিকাৰ্যৰ বাবে অনুপযোগী হোৱাৰ লগে লগে যাতায়াত তথা যোগাযোগ ব্যৱস্থা সুচল নহয় । এনে ঠাইবোৰত জনসংখ্যাৰ ঘনত্ব অতি সেৰেঙা । উদাৰহণস্বৰূপে, হিমালয় পাৰ্বত্য অঞ্চলৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আদিত জনবসতি অতি পাতল । আনহাতে, গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ অন্তৰ্গত উত্তৰপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ, অসম আদি ঠাইত জনবসতি অতি ঘন । ইয়াৰোপৰি কোনো এক ক্ষুদ্ৰ অঞ্চলতো উচ্চতা, ঢাল, নদ-নদী, ভূ-গৰ্ভৰ জলপৃষ্ঠ আদিৰ পাৰ্থক্যৰ বাবেও জনসংখ্যাৰ বিতৰণ ভিন্ন হোৱা পৰিলক্ষিত হয় । 
৬. পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা । 
উত্তৰ : পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ হৈছে পূব এছিয়া, দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয়া সমভূমি অঞ্চল, দক্ষিণ আমেৰিকাৰ উপকূলৱৰ্তী অঞ্চল, আফ্ৰিকাৰ নীল অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ উপকূল, দক্ষিণ-পূব এছিয়া আদি । এই অঞ্চলসমূহ ঘন জনবসতিপূৰ্ণ হোৱাৰ মূল কাৰণ হৈছে -- উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, উদ্যোগ বাণিজ্যৰ বিকাশ আদি । 
       সাধাৰণতে সমভূমি অঞ্চলত জনবসতি অধিক হয় । ইয়াৰ প্ৰধান কাৰণ হৈছে -- সমভূমি অঞ্চলত খেতি-বাতি কৰা, পানী যোগান ধৰা, সহজ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা থকা বাবে শিল্প উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট সুবিধা থাকে । যিবোৰ অঞ্চলত সাৰুৱা আৰু পলসুৱা মাটি অধিক পৰিমাণে থাকে, তেনেবোৰ অঞ্চলত জনবসতি ঘন হয় । দক্ষিণ-পূব এছিয়াৰ নদী উপত্যকাৰ মাটি সাৰুৱা হোৱা বাবে তাত জনবসতি অধিক হয় । আকৌ নাতিশীতোষ্ণ জলবায়ু অঞ্চলত জনবসতি ঘন হয় । অধিক পৰিমাণে বৃষ্টিপাত হোৱা অঞ্চলসমূহত জনবসতি ঘন হয় । অৰ্থাৎ পানীৰ প্ৰাচুৰ্য থকা অঞ্চলত জনবসতি ঘন হয় কাৰণ জীয়াই থাকিবলৈ তথা কৃষিকাৰ্য কৰিবলৈ বিভিন্ন কামত পানীৰ প্ৰয়োজন হয় । 
৭. পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ কি কি ? সেইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ কি কি ? 
উত্তৰ : পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ হৈছে -- উত্তৰ আমেৰিকা আৰু ইউৰোপৰ তুন্দ্ৰা অঞ্চল, চাহাৰা মৰুভূমি, কালাহাৰি, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চল, অতিপাত বৃষ্টিপাত হোৱা নিৰক্ষীয় অৰণ্য অঞ্চল, হিমালয়, ৰকি, এণ্ডিচ আদি উচ্চ পাৰ্বত্য অঞ্চলসমূহৰ লগতে বিষুৱীয় অঞ্চল । 
       এই ঠাইসমূহত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণ হৈছে -- অতিমাত্ৰা উত্তাপ, অতিপাত গৰম আৰু শীতল জলবায়ু, শুকান জলবায়ু, ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা, পৰিৱহণ আৰু যাতায়াতৰ অসুবিধা আদি । মূলত ভৌগোলিক অৱস্থানৰ বাবে এনে অঞ্চলসমূহৰ জনবসতি সেৰেঙা । অধিকাংশ অঞ্চল পাৰ্বত্য আৰু মালভূমি অৱস্থানৰ হোৱা বাবে জনসাধাৰণৰ বসবাসৰ অনুপযোগী হয় । জনবসতিৰ বাবে অনুকূল নোহোৱা উত্তপ্ত মৰুভূমি আৰু শীতল মেৰু অঞ্চলত মানুহ বসবাস কৰিবলৈ কষ্ট পায় বাবে জনবসতি সেৰেঙা হয় । বিষুৱীয় অঞ্চলত অতিপাত বৰষুণ হোৱা বাবে তাত জলবায়ু সেমেকা হয় আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰে মানুহৰ নিৰাপদ বসতিৰ প্ৰতিবন্ধক হয় । তাৰোপৰি এনে অঞ্চলসমূহৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী নোহোৱাৰ বাবেও জনবসতি সেৰেঙা হয় । 
৮. 'জন-প্ৰব্ৰজন' বুলিলে কি বুজা ? ই প্ৰধানকৈ কেইপ্ৰকাৰৰ আৰু কি কি ? 
উত্তৰ : কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ বাসস্থান ত্যাগ কৰি অন্য স্থানলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰ্যক 'জন-প্ৰব্ৰজন' (Human-Migration) বুলি কোৱা হয় । কোনো বিশেষ কাৰণত এজন লোক বা এটা পৰিয়াল বা বহুতো লোক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰব্ৰজন কৰাকে জন-প্ৰব্ৰজন বুলি ক'ব পাৰি । অৰ্থাৎ জন-প্ৰব্ৰজন হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো জনসমষ্টি এক নিৰ্দিষ্ট ভৌগোলিক স্থানৰ পৰা আন এক ভৌগোলিক স্থানলৈ বাসস্থানৰ পৰিৱৰ্তন হয় । জন-প্ৰব্ৰজন প্ৰধানকৈ দুই প্ৰকাৰৰ --- আন্তঃদেশীয় প্ৰব্ৰজন(Internal Migration) আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন(International Migration) । 
     আকৌ ধৰণ অনুসৰি জন-প্ৰব্ৰজনক দুই ভাগত ভাগ কৰিব পাৰি । সেয়া হৈছে --- উৎস প্ৰবাসন(Emigration or out migration) আৰু আগ্ৰবাসন(In-migration or Immigration) । 
৯. 'জন-প্ৰব্ৰজন' কিয় হয় চমুকৈ লিখা । 
উত্তৰ : 'জন-প্ৰব্ৰজন' হোৱাৰ চাৰিটা মূল কাৰণ হৈছে -- প্ৰাকৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক কাৰণ । বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে --- বানপানী, গৰাখহনীয়া, ভূমিকম্প, জ্বালামুখী, আগ্নেয়গিৰিৰ উদগীৰণ আদিৰ কাৰণে বাধ্য হৈ মানুহে প্ৰব্ৰজন কৰিবলগীয়া হয় । জন-প্ৰব্ৰজনৰ মুখ্য অৰ্থনৈতিক কাৰণ হৈছে সংস্থানৰ অভাৱ, ঋণৰ অভাৱ, নিম্ন পৰ্যায়ৰ জীৱন ধাৰণৰ মানদণ্ড, উৎপাদন ব্যৱস্থাত থকা প্ৰতিবন্ধকতা আদি । আকৌ জন-প্ৰব্ৰজনৰ ৰাজনৈতিক কাৰণ হৈছে -- ৰাজনৈতিক অস্থিৰতা, যুদ্ধ-বিগ্ৰহ, সন্ত্ৰাসবাদ, দেশ বিভাজন, চৰকাৰী নীতি আদি । এই ৰাজনৈতিক কাৰণবোৰৰ ফলত স্থায়ী বা অস্থায়ীভাৱে জন-প্ৰব্ৰজন হয় । জন-প্ৰব্ৰজনৰ সামাজিক কাৰণ হৈছে শিক্ষা, সংস্কৃতি, ধৰ্ম আদি । উচ্চ শিক্ষাৰ কেন্দ্ৰ থকা ঠাইলৈ বা সংস্কৃতিসম্পন্ন স্থানলৈ সাধাৰণতে জন-প্ৰব্ৰজন হয় । আকৌ জনসংখ্যাৰ ঘনত্ব বৃদ্ধি, নগৰীকৰণ আদিৰ বাবেও জন-প্ৰব্ৰজন হয় । 
১০. জন-প্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ উল্লেখ কৰা । 
উত্তৰ : জন প্ৰব্ৰজনৰ কাৰকসমূহ হৈছে ---- 
ক. কৰ্মসংস্থাপনৰ প্ৰাচুৰ্যতা, অনুকূল অৰ্থনৈতিক অৱস্থা, অধিক উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা, বৰ্ধিত বনুৱাৰ চাহিদা, নগৰ তথা উদ্যোগিক উন্নয়ন । 
খ. উচ্চ হাৰৰ দৰমহা, উন্নত জীৱন যাপনৰ মানদণ্ড । 
গ. নিম্ন জনসংখ্যাৰ ঘনত্ব আৰু বসবাস, উন্নত চিকিৎসা ব্যৱস্থা, উন্নত কৃষি ব্যৱস্থা । 
ঘ. অনুকূল ৰাজনৈতিক পৰিৱেশ আৰু সুৰক্ষা ব্যৱস্থা । 
ঙ. অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা, উন্নত শৈক্ষিক পৰিৱেশ । 
চ. অনুকূল প্ৰাকৃতিক পৰিৱেশ, সাৰুৱা তথা পলসুৱা মাটিৰ প্ৰাচুৰ্যতা । 
ছ. উন্নত তথা আধুনিক যোগাযোগ আৰু যাতায়াত ব্যৱস্থা । 
জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰকসমূহ হৈছে ---
ক. কৰ্মসংস্থাপনৰ অভাৱ, প্ৰতিকূল অৰ্থনৈতিক ব্যৱস্থা । 
খ. নিম্ন হাৰৰ দৰমহা, জীৱন ধাৰণৰ নিম্ন মানদণ্ড । 
গ. সম্পদৰ তুলনাত বৰ্ধিত জনসংখ্যাৰ হেঁচা, অনুন্নত কৃষি অৱস্থা । 
ঘ. তাজনৈতিক অস্থিৰতা, উগ্ৰপন্থীৰ ভাবুকি, জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ । 
ঙ. প্ৰতিকূল সামাজিক পৰিৱেশ, সামাজিক বৈষম্য । 
চ. প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰতিকূল প্ৰাকৃতিক অৱস্থা । 
ছ. যোগাযোগ আৰু যাতায়াত তথা পৰিৱহণ ব্যৱস্থা অনুন্নত বা পিছপৰা । 
১১. আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা ? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা । 
উত্তৰ : আন্তৰ্জাতিক সীমাৰেখা অতিক্ৰম কৰি এখন দেশৰ পৰা আন দেশলৈ কোনো ব্যক্তি বা জনসমষ্টি প্ৰব্ৰজন হোৱাকে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয় । অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন হৈছে কোনো ব্যক্তি বা ব্যক্তিসমষ্টি আন দেশৰ পৰা প্ৰব্ৰজন হয় । উদাহৰণস্বৰূপে, বাংলাদেশ, নেপাল, আদি দেশৰ পৰা উত্তৰ-পূব ভাৰতলৈ অহা লোকসকলৰ প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিব পাৰি । 
       আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণসমূহ হৈছে মূলতঃ ৰাজনৈতিক আৰু অৰ্থনৈতিক । বিশ্বযুদ্ধ, ইউৰোপীয় উপনিৱেশৰ স্বাধীনতা, কিছুমান শক্তিশালী দেশৰ আগ্ৰাসন, ৰোপন কৃষি আদিৰ বাবে প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংঘটিত হয় । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিশ্বযুদ্ধৰ বাবে কেইবা নিযুত মধ্য আৰু পূব ইউৰোপৰ লোক পৃথিৱীৰ বিভিন্ন দেশলৈ প্ৰব্ৰজন ঘটিছিল । 
        ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত ভাৰত বিভাজনৰ বাবে প্ৰায় ২০ নিযুত মানুহে অবিভাজিত ভাৰতবৰ্ষত এটা অংশৰ পৰা আন এটা অংশলৈ প্ৰৱস্থিত হৈছিল । আকৌ ১৯৪৮ চনত ইজৰাইল জন্মাৰ পাছত প্ৰায় ২ নিযুত পেলেষ্টাইন লোক ভগনীয়া হিচাপে আৰৱ দেশবোৰলৈ প্ৰৱৰ্জিত হৈছিল । উন্নয়নশীল দেশসমূহৰ পৰা বিভিন্ন ৰাজনৈতিক তথা সামাজিক কাৰণত হোৱা প্ৰব্ৰজনে সমগ্ৰ বিশ্বত কেইবা নিযুত শৰনাৰ্থীৰ সৃষ্টি কৰিছে । আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ফলস্বৰূপে কোনো এখন দেশৰ জনসংখ্যাৰ আকাৰ হঠাতে কল্পনাতীতভাৱে বৃদ্ধি পাবলৈ ধৰে । ফলস্বৰূপে সেই দেশখনৰ খাদ্য সমস্যা, কৰ্মসংস্থাপনৰ সমস্যাকে ধৰি নানান সমস্যা সৃষ্টি হ'ব পাৰে । আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ফলত জনসংখ্যাৰ গাঁথনিৰ যথেষ্ট পৰিৱৰ্তন ঘটে আৰু বিভিন্ন ঠাইত নানা আৰ্থ-সামাজিক সমস্যা সৃষ্টি হয় । 
১২. চমুটোকা লিখা :
ক. জন বিস্ফোৰণ, খ. জনসংখ্যাৰ ঘনত্ব, গ. অন্তৰ্দেশীয় প্ৰব্ৰজন, ঘ. আন্তঃৰ্দেশীয় প্ৰব্ৰজন, ঙ. জন প্ৰব্ৰজনৰ আকৰ্ষী কাৰক, চ. জন প্ৰব্ৰজনৰ বিকৰ্ষী কাৰক, ছ. বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন ।
উত্তৰ : ক. জন বিস্ফোৰণ = দ্ৰুতগতিত হোৱা জনসংখ্যাৰ বৃদ্ধিকেই জন বিস্ফোৰণ বুলি কোৱা হয় । উন্নয়নশীল দেশ বা তৃতীয় বিশ্বৰ দেশসমূহত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি বেছি । দ্ৰুতগতিত হোৱা জনসংখ্যাৰ বৃদ্ধিৰ বাবে দেশৰ ঠাই বিশেষে জনসংখ্যাৰ আকাৰ বৃদ্ধি পাইছে । উন্নয়নশীল দেশসমূহত হোৱা জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয় । ১৮০০-১৯৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১৫০ কোটি বৃদ্ধি পাইছিল । কিন্তু ১৯৫০-২০০০ চনৰ ভিতৰত কেৱল পঞ্চাছ বছৰতে পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি পায়, যাক জন বিস্ফোৰণ (Population explosion) বোলা হয় ।
খ. জনসংখ্যাৰ ঘনত্ব = জনসংখ্যাৰ ঘনত্ব (Density population) হৈছে প্ৰতি বৰ্গকিল'মিটাৰ অঞ্চলত বসবাস কৰা মানুহৰ সংখ্যা । অৰ্থাৎ এটা অঞ্চলত বসবাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মুঠ মাটিকালিৰে হৰণ কৰিলে যি ফলাফল পোৱা যায় তাকে জনসংখ্যাৰ ঘনত্ব বোলা হয় । পৃথিৱীৰ নাতিশীতোষ্ণ জলবায়ু অঞ্চল আৰু নদী উপত্যকাৰ সমভূমি অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক । আনহাতে, পৰ্বত-পাহাৰ তথা মালভূমি, মৰু, উষ্ণ জলবায়ু অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম । 
গ. অন্তৰ্দেশীয় প্ৰব্ৰজন = নিজ দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ হোৱা প্ৰব্ৰজনক অন্তৰ্দেশীয় প্ৰব্ৰজন (Internal Migration) বোলা হয় । উদাহৰণস্বৰূপে বিহাৰী বনুৱাসকল অসমলৈ আহি বসতি কৰিলে বা চাহ বনুৱাসকল বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত বসবাস কৰিলে তাক অন্তৰ্দেশীয় প্ৰব্ৰজন বুলি কোৱা হয় । সাধাৰণতে অন্তৰ্দেশীয় প্ৰব্ৰজনে কোনো দেশৰ জনসংখ্যা বৃদ্ধিত সমস্যাৰ সৃষ্টি নকৰে । এই প্ৰব্ৰজনৰ ফলত দেশৰ সৰ্বমুঠ জনসংখ্যা একে থাকে । অৱশ্যে এনেধৰণৰ স্থানীয় প্ৰব্ৰজনৰ যোগেদি আন ঠাইত বসতি স্থাপন হ'লে সেই ঠাইত কিছু সমস্যা সৃষ্টি হ'বও পাৰে । অন্তৰ্দেশীয় প্ৰব্ৰজন চাৰিটা দিশত হ'ব পাৰে -- গাঁৱৰ পৰা নগৰলৈ, নগৰৰ পৰা গাঁৱলৈ, নগৰৰ পৰা নগৰলৈ আৰু গাঁৱৰ পৰা গাঁৱলৈকে । 
ঘ. আন্তঃদেশীয় প্ৰব্ৰজন = আন্তৰ্জাতিক সীমাৰেখা অতিক্ৰম কৰি এখন দেশৰ পৰা অন্য এখন দেশলৈ কোনো ব্যক্তি বা জনসমষ্টিৰ প্ৰব্ৰজন হোৱাকে আন্তঃদেশীয় প্ৰব্ৰজন (International Migration) বোলা হয় । অৰ্থাৎ আন্তঃদেশীয় প্ৰব্ৰজন হৈছে কোনো ব্যক্তি বা জনসমষ্টি আন দেশৰ পৰা আন দেশলৈকে প্ৰব্ৰজন হোৱা । উদাহৰণস্বৰূপে বাংলাদেশ, নেপাল, আদিৰ পৰা উত্তৰ-পূব ভাৰতলৈ অহা লোকসকলৰ প্ৰব্ৰজনক আন্তঃদেশীয় প্ৰব্ৰজন বুলি কোৱা হয় । এই প্ৰব্ৰজনৰ ফলস্বৰূপে কোনো দেশৰ জনসংখ্যাৰ আকাৰ যথেষ্ট সালসলনি হ'ব পাৰে আৰু নানা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে । 
ঙ. জন প্ৰব্ৰজনৰ আকৰ্ষী কাৰক = জন প্ৰব্ৰজনৰ আকৰ্ষী বা আকৰ্ষণজনিত কাৰকসমূহ (Pull Factor) হৈছে --- কৰ্মসংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অৰ্থনৈতিক অৱস্থা, অধিক উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা, বৰ্ধিত বনুৱাৰ চাহিদা, নগৰ তথা উদ্যোগিক উন্নয়ন, উচ্চহাৰৰ দৰমহা, উন্নত জীৱনযাপন, উন্নত চিকিৎসা ব্যৱস্থা, উন্নত কৃষি ব্যৱস্থা, অনুকূল ৰাজনৈতিক পৰিৱেশ আৰু সুৰক্ষা ব্যৱস্থা, অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা, উন্নত শৈক্ষিক পৰিৱেশ, সাৰুৱা ভূমিৰ প্ৰাচুৰ্য, উন্নত তথা আধুনিক যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আৰু অনুকূল প্ৰাকৃতিক পৰিৱেশ । এনেবোৰ কাৰকে কোনো লোকক আকৰ্ষিত কৰে, ফলত প্ৰব্ৰজন হয় । 
চ. জন প্ৰব্ৰজনৰ বিকৰ্ষী কাৰক = জন প্ৰব্ৰজনৰ বিকৰ্ষী কাতকসমূহ (Push Factor) হৈছে --- প্ৰতিকূল অৰ্থনৈতিক অৱস্থা, কৰ্মসংস্থাপনৰ অভাৱ, নিম্নহাৰৰ দৰমহা তথা নিম্ন জীৱন ধাৰণৰ মানদণ্ড, সম্পদৰ তুলনাত অত্যধিক জনসংখ্যাৰ হেঁচা, নিম্ন তথা অনুন্নত কৃষি উৎপাদন, ৰাজনৈতিক অস্থিৰতা, মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ, সামাজিক বৈষম্য, প্ৰতিকূল সামাজিক পৰিৱেশ, প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰতিকূল প্ৰাকৃতিক অৱস্থাৰ লগতে পিছপৰা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা । প্ৰব্ৰজনৰ উৎসস্থানত এই বিকৰ্ষী কাৰকসমূহে ক্ৰিয়া কৰিলে মানুহে সেই স্থানৰ পৰা যাবলৈ বাধ্য হয় । 
ছ. বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন = বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন হৈছে এক আন্তঃৰাষ্ট্ৰীয় জন প্ৰব্ৰজন। ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে ভাৰত বিভাজন হৈ হিন্দুস্থান আৰু পাকিস্তান দুখন দেশত ভাগ হয় । পূৰ্ব বংগৰ মুছলমান প্ৰধান অঞ্চলটো বাংলাদেশ হিচাপে চিহ্নিত হ'ল । বাংলাদেশত মুছলমান লোকৰ সংখ্যা অধিক হোৱা বাবে সেই সময়ত বাংলাদেশৰ পৰা অধিক সংখ্যক হিন্দু মানুহক ভাৰতলৈ পঠিয়াই দিয়ে । এনেদৰে ভাৰতবৰ্ষলৈ বাংলাদেশী মানুহৰ সোঁত ববলৈ ধৰে । বাংলাদেশ খন অসমৰ সীমাৱৰ্তী হোৱাৰ বাবে অসমত বাংলাদেশী প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা অধিক । বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা এই অবিৰত অনুপ্ৰৱেশে ভাৰতবৰ্ষৰ জন গাঁথনিত বিশেষকৈ অসমৰ জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে । 
১৩. শুদ্ধ উত্তৰটো বাছি উলিওৱা : 
ক. কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্ৰায় ১ মহানিযুত আছিল ? 
i. ১৯৫০ চন 
ii. ১৮০৮ চন 
iii. ১৯০৮ চনত 
iv. ১০০৮ চন 
উত্তৰ : ii. ১৮০৮ চন । 
খ. পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি ? 
i. জন্মহাৰ বৃদ্ধি 
ii. মৃত্যুহাৰ বৃদ্ধি 
iii. জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস 
iv. প্ৰব্ৰজন 
উত্তৰ : iii. জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস । 
গ. পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন ? 
i. আফ্ৰিকা 
ii. ওচেনিয়া 
iii. ইউৰোপ
iv. দক্ষিণ আমেৰিকা 
উত্তৰ : ii. ওচেনিয়া ।
ঘ. তলৰ দেশসমূহৰ কোনখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি ? 
i. জাপান 
ii. ভাৰতবৰ্ষ
iii. বাংলাদেশ
iv. ইন্দোনেছিয়া 
উত্তৰ : iii. বাংলাদেশ ।

         ___________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই