পৰমাণুৰ গঠন

নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৪ নং অধ্যায়ৰ প্ৰশ্নোত্তৰ । 
       
                 অনুশীলনী
১. ইলেকট্ৰন,প্ৰ'টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা । 
উত্তৰ : ইলেকট্ৰন,প্ৰ'টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তলত তুলনা কৰা হ'ল ----
ইলেকট্ৰন -----
ক. ইলেকট্ৰনবিলাক ঋণাত্মক আধান যুক্ত ।
খ. ইলেকট্ৰন এটাৰ ভৰ হাইড্ৰ'জেন পৰমাণু এটাৰ ভৰৰ প্ৰায় ১/২০০০ গুণ । 
গ. পৰমাণু এটাৰ নিউক্লিয়াছৰ বাহিৰত থাকে । 
ঘ. ধনাত্মক আধানযুক্ত কণাৰ ফালে আকৰ্ষিত হয় । 
প্ৰ'টন -----
ক. প্ৰ'টনবিলাক ধনাত্মক আধানযুক্ত ।
খ. প্ৰ'টনৰ ভৰ ইলেকট্ৰনৰ ভৰৰ ২০০০ গুণ অৰ্থাৎ এক একক । 
গ. পৰমাণু এটাৰ নিউক্লিয়াছৰ ভিতৰত থাকে ।
ঘ. ঋণাত্মক আধানযুক্ত কণাৰ ফালে আকৰ্ষিত হয় । 
নিউট্ৰন -----
ক. নিউট্ৰনবোৰৰ কোনো আধান নাথাকে । 
খ. নিউট্ৰনৰ ভৰ প্ৰ'টনৰ ভৰৰ প্ৰায় সমান । 
গ. পৰমাণু এটাৰ নিউক্লিয়াছৰ ভিতৰত থাকে ।
ঘ. কোনো আধানযুক্ত কণাৰ ফালে আকৰ্ষিত নহয় ।
২. জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ?
উত্তৰ : জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ'ল -- 
ক. জে জে থমছনৰ পৰমাণুৰ আৰ্হি কোনো পৰীক্ষাৰ ওপৰত আধাৰিত নহয় । 
খ. জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্ৰনবোৰ ইয়াত সোমাই থাকে । কিন্তু পিছৰ পৰীক্ষাবোৰত এয়া ভুল বুলি প্ৰমাণিত হ'ল ।
গ. জে জে থমছনৰ পৰমাণুৰ আৰ্হিয়ে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল ব্যাখ্যা কৰিব নোৱাৰিছিল । 
৩. ৰাডাৰ ফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ? 
উত্তৰ : বৃত্তাকাৰ কক্ষপথত ইলেকট্ৰনৰ পৰিভ্ৰমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায় । বৃত্তাকাৰ কক্ষপথত যিকোনো কণাৰ ত্বৰণ ঘটে । ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে । এনেদৰে ঘূৰ্ণায়মান ইলেকট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পতিত হ'ব । 
       এইটোৱেই হোৱা হ'লে পৰমাণু অতিশয় অশান্ত হ'লহেতেন আৰু আমি যি ৰূপত পদাৰ্থক জানো তেনে ৰূপত পদাৰ্থ নাথাকিলেহেঁতেন । আমি জানো যে পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ । ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা এইটোৱে যে তেঁও পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ কেনেদৰে হ'ল তাক ব্যাখ্যা কৰিব পৰা নাছিল । 
৪. ব'ৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা । 
উত্তৰ : ব'ৰৰ পৰমাণুৰ আৰ্হি অনুসৰি ---- 
ক. পৰমাণুৰ ভিতৰত ইলেকট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে । 
খ. এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্ৰনে শক্তি বিকিৰণ নকৰে । 
   এই কক্ষপথবোৰ বা শ্বেলবোৰক শক্তিস্তৰ বোলা হয় । ইহঁতক K,L,M,N.......আখৰেৰে বা n = 1,2,3,4..........সংখ্যাৰে বুজোৱা হয় । 
৫. এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা । 
উত্তৰ : জে জে থমছনৰ পৰমাণুৰ আৰ্হি -----
i. পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্ৰনবোৰ ইয়াত সোমাই থাকে । 
ii. ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম । 
ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি -----
i. পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে । ইয়াক নিউক্লিয়াছ বোলা হয় । 
ii. নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেকট্ৰনবোৰ ঘূৰি থাকে । 
iii. পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু । 
ব'ৰৰ পৰমাণুৰ আৰ্হি -----
i. পৰমাণুৰ ভিতৰত ইলেকট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ হে থাকে । 
ii. এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্ৰনে শক্তি বিকিৰণ নকৰে । 
৬. প্ৰথম ওঠৰটা মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্ৰন বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা । 
উত্তৰ : প্ৰথম ওঠৰটা বা যিকোনো মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্ৰন বণ্টন নিয়মবোৰ এনে ধৰণৰ --- 
i. এটা শ্বেলত থকা ইলেকট্ৰনৰ সৰ্বোচ্ছ
সংখ্যাক 2n(square) সংকেতেৰে প্ৰকাশ কৰা হয় । n ক কক্ষপথ সংখ্যা বা শক্তিস্তৰ সূচক বোলা হয় । n = 1,2,3....... । 
    গতিকে বেলেগ বেলেগ শ্বেলত ইলেকট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ব এনে ধৰণৰ ---- 
প্ৰথম কক্ষপথ বা k শ্বেলত = 2 x 1square = 2
দ্বিতীয় কক্ষপথ বা L শ্বেলত = 2 x 2 square = 8 
তৃতীয় কক্ষপথ বা M শ্বেলত = 2 x 3 square = 18 
চতুৰ্থ কক্ষপথ বা N শ্বেলত = 2 x 4 square = 32 
     একেদৰে আন আন শ্বেলৰো ইলেকট্ৰনৰ সংখ্যা উলিয়াব পাৰি । 
ii. পৰমাণুৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেকট্ৰনৰ সৰ্বোচ্চ সংখ্যা 8 । 
iii. ভিতৰৰ নিম্নতৰ শক্তিৰ শ্বেলবোৰ ক্ৰমশঃ ইহঁতৰ শক্তিক্ৰম অনুযায়ী পূৰ্ণ হয় । 
৭. ছিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া । 
উত্তৰ : পৰমাণু এটাৰ বহিৰতম শ্বেলত ইলেকট্ৰনৰ অকটেট গঠন কৰিবলৈ লাভ কৰা,হেৰুওৱা বা ভাগ-বতৰা কৰা ইলেকট্ৰনৰ সংখ্যাকে যোজ্যতা বোলা হয় । 
ছিলিকনৰ পাৰমাণৱিক সংখ্যা = 18
ছিলিকনৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,4
ছিলিকনে সুস্থিৰ অকটেট গঠন কৰিবলৈ 4 টা ইলেকট্ৰন লাভ কৰিব বা হেৰুৱাব । 
গতিকে ছিলিকনৰ যোজ্যতা = 4 
অক্সিজেনৰ পাৰমাণৱিক সংখ্যা = 8 
অক্সিজেনৰ ইলেকট্ৰনীয় বিন্যাস = 2,6
অক্সিজেনে সুস্থিৰ অকটেট গঠন কৰিবলৈ 2 টা ইলেকট্ৰন লাভ কৰিব । 
গতিকে অক্সিজেনৰ যোজ্যতা = 2 ।  
৮. উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা --
ক. পাৰমাণৱিক সংখ্যা । 
খ. ভৰ সংখ্যা । 
গ. সমস্থানিক । 
ঘ. সমভাৰী । 
     সমস্থানিকৰ যিকোনো দুটা ব্যৱহাৰ লিখা । 
উত্তৰ : ক. পাৰমাণৱিক সংখ্যা = পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰ'টনৰ মুঠ সংখ্যাকে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা বোলে । উদাহৰণস্বৰূপে -- অক্সিজেন পৰমাণুৰ নিউক্লিয়াছত প্ৰ'টনৰ সংখ্যা 8, গতিকে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 । 
খ. ভৰ সংখ্যা = পৰমাণু এটাৰ পৰমাণু কেন্দ্ৰত থকা প্ৰ'টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাৰ যোগফলকে ভৰ সংখ্যা বোলা হয় । উদাহৰণস্বৰূপে -- কাৰ্বনৰ ভৰ 12u কাৰণ ইয়াৰ পৰমাণু কেন্দ্ৰত 6 টা প্ৰ'টন আৰু 6 টা নিউট্ৰন থাকে , 6u + 6u = 12u । 
গ. সমস্থানিক = একেবিধ মৌলৰে একে পাৰমাণৱিক সংখ্যাবিশিষ্ট কিন্তু ভিন ভিন ভৰ সংখ্যাযুক্ত পৰমাণুসমূহক সমস্থানিক বোলা হয়  । উদাহৰণস্বৰূপে --- হাইড্ৰ'জেনৰ তিনিবিধ সমস্থানিক আছে --- প্ৰ'টিয়াম, ডয়টেৰিয়াম আৰু ট্ৰিটিয়াম । 
ঘ. সমভাৰী = বেলেগ বেলেগ পাৰমাণৱিক সংখ্যাবিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ মৌলৰ পৰমাণুবোৰক সমভাৰী বোলা হয় । 
সমস্থানিকৰ ব্যৱহাৰ --- 
i. ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লীয় ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় । 
ii. ক'বাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় । 
৯. Na+ ত সম্পূৰ্ণৰূপে পূৰ হৈ থকা K আৰু L শ্বেল আছে । ব্যখ্যা কৰা । 
উত্তৰ : Na ৰ পাৰমাণৱিক সংখ্যা = 11
Na ৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,1
সুস্থিৰ অকটেট গঠন কৰিবলৈ ছডিয়ামে এটা ইলেকট্ৰন এৰি দি Na+ ( ছডিয়াম কেটায়ন) গঠন কৰে । 
Na+ ত 10 টা ইলেকট্ৰন থাকে । 
Na+ ৰ K শ্বেলত ইলেকট্ৰনৰ সংখ্যা 2 
Na+ ৰ L শ্বেলত ইলেকট্ৰনৰ সংখ্যা 8 
    এতেকে, Na+ ত K আৰু L শ্বেল সম্পূৰ্ণৰূপে পূৰ হৈ থাকে । 
১০. যদি ব্ৰ'মিন পৰমাণু 79(35)Br (49.7•/•) আৰু 81(35)Br (50.3•/•) সমস্থানিকৰ ৰূপত থাকে তেন্তে তাৰ গড় পাৰমাণৱিক ভৰ কিমান হ'ব গণনা কৰা । 
উত্তৰ : ব্ৰ'মিন পৰমাণুৰ গড় পাৰমাণৱিক ভৰ = 79 x 49.7/100 + 81 x 50.3/100 
= 79 x 0.497 + 81 x 0.503 
= 39.263 + 40.743
= 80.006u । 
১১. যদি  Z = 3 হয়, তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব ? মৌলটোৰ নাম লিখা । 
উত্তৰ : Z = 3 হ'লে, মৌলটোৰ ইলেকট্ৰনীয় বিন্যাস হ'ব 2,1 । গতিকে মৌলটোৰ যোজ্যতা 1 হ'ব । মৌলটোৰ নাম লিথিয়াম । 
১২. দুটা পৰমাণু y  আৰু z ৰ নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে । 
                      y         z 
প্ৰ'টন =         6          6 
নিউট্ৰন =      6          8
y আৰু z  ৰ ভৰ সংখ্যা দিয়া । দুয়োটাৰ মাজৰ সম্পৰ্কটো কি ? 
উত্তৰ : y ৰ ভৰ সংখ্যা = প্ৰ'টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা 
= 6 + 6 
= 12
y ৰ ভৰ সংখ্যা = প্ৰ'টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা 
= 6 + 8 
= 14 
১৩. তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T আৰু ভুলবোৰৰ ঠাইত F লিখা । 
ক. জে জে থমছনে প্ৰস্তাৱ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে । 
উত্তৰ : F 
খ. ইলেকট্ৰন এটা আৰু প্ৰ'টন এটা লগ লাগি নিউট্ৰন এটা গঠন হয় । সেইবাবে ই প্ৰশম । 
উত্তৰ : F 
গ. ইলেকট্ৰন এটাৰ ভৰ প্ৰ'টনৰ ভৰৰ প্ৰায় 1/2000 গুণ । 
উত্তৰ : T 
ঘ. আয়ডিনৰ এটা সমস্থানিক টিংচাৰ আয়ডিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়, টিংচাৰ আয়ডিন মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয় । 
উত্তৰ : F 
         প্ৰশ্ন ১৪,১৫,১৬ ত শুদ্ধ বাচনিৰ বিপৰীতে টিক চিন আৰু ভুল বাচনিৰ বিপৰীতে ক্ৰচ চিন দিয়া । 
১৪. ৰাডাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই --- 
ক. পাৰমাণৱিক নিউক্লিয়াছ  ✔
খ. ইলেকট্ৰন 
গ. প্ৰ'টন 
ঘ. নিউট্ৰন 
  আৱিষ্কাৰ কৰিছিল । 
১৫. মৌল এটাৰ সমস্থানিকবোৰৰ --
ক. একে ভৌতিক ধৰ্ম 
খ. ভিন্ন ৰাসায়নিক ধৰ্ম 
গ. ভিন্ন সংখ্যক নিউট্ৰন ✔
ঘ. ভিন্ন পাৰমাণৱিক সংখ্যা 
১৬. Cl- আয়নত যোজ্যতা ইলেকট্ৰনৰ সংখ্যা --
ক. 16
খ. 8 ✔
গ. 17
ঘ. 18 
১৭. তলৰ কোনটো ছ'ডিয়ামৰ শুদ্ধ ইলেকট্ৰনীয় বিন্যাস ?
ক. 2,8
খ. 8,2,1
গ. 2,1,8
ঘ. 2,8,1 ✔


       ________________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই