অণু আৰু পৰমাণু

নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৩ নং পাঠৰ প্ৰশ্নোত্তৰ ।
                অনুশীলনী
১. অক্সিজেন আৰু ব'ৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব'ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল । ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা । 
উত্তৰ : দিয়া আছে,
নমুনাটোৰ ভৰ = 0.24g
ব'ৰণৰ ভৰ = 0.096g 
অক্সিজেনৰ ভৰ = 0.144g 
ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি -- 
ন'ৰণৰ শতকৰা = ব'ৰণৰ ভৰ/নমুনাটোৰ ভৰ x 100
= 0.096/0.24 x 100 
= 96x100/24x1000 x 100
= 40•/.
অক্সিজেনৰ শতকৰা = অক্সিজেনৰ ভৰ/নমুনাটোৰ ভৰ x 100
= 0.144/0.24 x 100
= 144x100/24x100 x 100
=60•/. 
২. 3.0g কাৰ্বন 8.00g অক্সিজেনেৰে সৈতে দহন কৰাত 11.00g কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল । 3.00g কাৰ্বন 50.00g অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব ? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ? 
উত্তৰ : কাৰ্বন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 1:8 । এই অনুসৰি যদি 3.0g কাৰ্বন 8.00g অক্সিজেনেৰে সৈতে দহন কৰা হয়,সদায়ে 11.00g কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব । 
    গতিকে 3.00g কাৰ্বন 50.00g অক্সিজেনেৰে সৈতে দহন কৰিলেও,11.00g কাৰ্বন ডাই অক্সাইডেই উৎপন্ন হ'ব । ইয়াত ৰাসায়নিক সংযোগৰ স্থিৰানুপাত বিধিটো প্ৰযোজ্য হ'ব । 
৩. বহুপাৰমাণৱিক আয়নবোৰ কি ? উদাহৰণ দিয়া । 
উত্তৰ : বহুপাৰমাণৱিক আয়ন হ'ল একাধিক পৰমাণুৰ আধানযুক্ত গোট । উদাহৰণ -- এমনিয়াম(NH4+),হাইড্ৰ'ক্সাইড(OH-) । 
৪. তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা । 
উত্তৰ : a. মেগনেছিয়াম ক্ল'ৰাইড --- MgCl2
b. কেলছিয়াম অক্সাইড --- CaO 
c. কপাৰ নাইট্ৰেট --- Cu(No3)2
d. এলুমিনিয়াম ক্ল'ৰাইড --- AlCl3
e. কেলছিয়াম কাৰ্বনেট --- CaCo3
৫. তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া : 
a. পোৰা চূণ (Quick lime) । 
উত্তৰ : কেলছিয়াম আৰু অক্সিজেন(CaO) ।
b. হাইড্ৰ'জেন ব্ৰ'মাইড । 
উত্তৰ : হাইড্ৰ'জেন আৰু ব্ৰ'মিন(HBr) । 
c. বেকিং পাউদাৰ । 
উত্তৰ : ছ'ডিয়াম,কাৰ্বন,হাইড্ৰ'জেন আৰু অক্সিজেন(NaHCO3) । 
d. পটেছিয়াম ছালফেট ।
উত্তৰ : পটেছিয়াম,ছালফাৰ আৰু অক্সিজেন(K2SO4) ।
৬. তলৰ পদাৰ্থবোৰৰ ম'লাৰ ভৰ গণনা কৰা । 
a. ইথাইন C2H2 
উত্তৰ : ইথাইনৰ ম'লাৰ ভৰ = 2 x c ৰ পাৰমাণৱিক ভৰ + 2 x H ৰ পাৰমাণৱিক ভৰ 
= 2 x 12 + 2 x 1 
= 24 + 2 
= 26g 
b. ছালফাৰ অণু,S8
উত্তৰ : ছালফাৰ অণুৰ ম'লাৰ ভৰ = 8 x S ৰ পাৰমাণৱিক ভৰ 
= 8 x 32 
= 256g 
c. ফছফৰাছ অণু,P4(ফছফৰাছৰ পাৰমাণৱিক ভৰ = 31) 
উত্তৰ : ফছফৰাছ অণুৰ ম'লাৰ ভৰ = 8 x P ৰ পাৰমাণৱিক ভৰ
= 4 x 31g 
= 124g 
d. হাইড্ৰ'ক্লৰিক এছিড,HCl 
উত্তৰ : হাইড্ৰ'ক্লৰিক এছিডৰ ম'লাৰ ভৰ = H ৰ পাৰমাণৱিক ভৰ + Cl ৰ পাৰমাণৱিক ভৰ 
= 1 + 35.5g 
= 36.5g 
e. নাইট্ৰিক এছিড,HNO3 
উত্তৰ : নাইট্ৰিক এছিডৰ ম'লাৰ ভৰ = H ৰ পাৰমাণৱিক ভৰ + N ৰ পাৰমাণৱিক ভৰ + 3 x 0 ৰ পাৰমাণৱিক ভৰ 
= 1+14+3x16
= 63g 
৭. ভৰ কিমান --- 
a. 1 ম'ল নাইট্ৰ'জেন পৰমাণুৰ ?
উত্তৰ : 1 ম'ল নাইট্ৰ'জেন পৰমাণুৰ ভৰ = 14g 
b. 4 ম'ল এলুমিনিয়াম পৰমাণু(এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ = 27) ৰ ?
উত্তৰ : 1 ম'ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 27g 
4 ম'ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 4 x 27
= 108g 
c. 10 ম'ল ছ'ডিয়াম ছালফাইট(Na2So3)ৰ ? 
উত্তৰ : ছ'ডিয়াম ছালফাইট(Na2So3)ৰ ম'লাৰ ভৰ = 2 x Na ৰ পাৰমাণৱিক ভৰ + S ৰ পাৰমাণৱিক ভৰ + 3x0 ৰ পাৰমাণৱিক ভৰ 
= 2x23+32+3x16
= 46+32+48
= 126g 
গতিকে,
1 ম'ল ছ'ডিয়াম ছালফাইট(Na2So3)ৰ ম'লাৰ ভৰ = 126g 
10 ম'ল ছ'ডিয়াম ছালফাইট(Na2So3)ৰ ম'লাৰ ভৰ = 10x126g
= 126g 
৮. ম'ললৈ পৰিৱৰ্তন কৰা : 
a. 12g অক্সিজেন গেছ । 
উত্তৰ : অক্সিজেন গেছ (O2) ৰ ম'লাৰ ভৰ = 2x16=32g 
32g অক্সিজেন গেছ = 1 ম'ল 
1g অক্সিজেন গেছ = 1/32 ম'ল 
12g অক্সিজেন গেছ = 1x12/32 ম'ল 
= 0.375 ম'ল 
b. 20g পানী । 
উত্তৰ : পানী(H2O)ৰ ম'লাৰ ভৰ = 2x1+16 = 18g 
18g পানী =1 ম'ল 
1g পানীৰ = 1/18 ম'ল 
20g পানীৰ = 1x20/18 ম'ল 
= 1.11 ম'ল । 
c. 22g কাৰ্বন ডাই অক্সাইড । 
উত্তৰ : কাৰ্বন ডাই অক্সাইডৰ(Co2)ৰ ম'লাৰ ভৰ = 12x2+16 = 40g
গতিকে,
40g কাৰ্বন ডাই অক্সাইড = 1 ম'ল 
1g কাৰ্বন ডাই অক্সাইড = 1/40 ম'ল 
22g কাৰ্বন ডাই অক্সাইড = 1x22/40 ম'ল 
= 0.55 ম'ল । 

৯. ভৰ কিমান ? 
a. 0.2 ম'ল অক্সিজেন পৰমাণুৰ ?
উত্তৰ : অক্সিজেনৰ পাৰমাণৱিক ভৰ = 16g 
গতিকে,
1 ম'ল অক্সিজেনৰ ভৰ = 16g 
0.2 ম'ল অক্সিজেনৰ ভৰ 16x0.2g
= 3.2g 
b. 0.5 ম'ল পানী অণুৰ ? 
উত্তৰ : পানীৰ ম'লাৰ ভৰ = 2x1+16g = 18g 
গতিকে,
1 ম'ল পানীৰ ভৰ = 18g 
0.5 ম'ল অক্সিজেনৰ ভৰ = 18x0.5g = 9g 
১০. 16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S8)ৰ সংখ্যা গণনা কৰা । 
উত্তৰ : ছালফাৰ অণুৰ ম'লাৰ ভৰ = 8xSৰ পাৰমাণৱিক ভৰ
= 8x32
= 256g
256g গোটা ছালফাৰত থকা ছালফাৰ অণুৰ সংখ্যা = 
6.022x10(23) টা 
1g গোটা ছালফাৰত থকা ছালফাৰ অণুৰ সংখ্যা = 6.022x10(23) টা x 1/256 
16g গোটা ছালফাৰত থকা ছালফাৰ অণুৰ সংখ্যা = 6.022x10(23)টা x 1/256x16
= 96.352/256x10(23) টা 
= 3.76x10(22)টা । 
১১. 0.051g এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা । 
(ইংগিত : আয়ন এটাৰ ভৰ একে মৌলৰ পৰমাণু এটাৰ ভৰৰ সৈতে একে । Al ৰ পাৰমাণৱিক ভৰ = 27u) 
উত্তৰ : এলুমিনিয়াম অক্সাইড(Al2O3)ৰ ম'লাৰ ভৰ = 2x27+3x16
= 54+48
= 102g
102g এলুমিনিয়াম অক্সাইডত অণুৰ সংখ্যা = 6.022x10(23)টা 
1g এলুমিনিয়াম অক্সাইডত অণুৰ সংখ্যা = 6.022x10(23)টা x 1/102
0.051g এলুমিনিয়াম অক্সাইডত অণুৰ সংখ্যা = 6.022x10(23)টা x 1/102x0.051
= 0.307/102x10(23)টা 
= 3x10(20)টা 
1 টা এলুমিনিয়াম অক্সাইডৰ অণুত এলুমিনিয়াম আয়নৰ সংখ্যা = 2টা 
3x10(20)টা এলুমিনিয়াম অক্সাইড অণুত এলুমিনিয়াম আয়নৰ সংখ্যা = 2x3x10(20)টা
= 6x10(20) টা । 

     _____________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই