অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
নৱম শ্ৰেণীৰ সমাজবিজ্ঞানৰ 'ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান' বিভাগৰ দ্বিতীয় খণ্ড : অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ প্ৰশ্নোত্তৰ।
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্ন :
১. অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?
উত্তৰ : অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে ।
২. অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে ?
উত্তৰ : অৰ্থনীতি শব্দটো 'oikonomia' শব্দৰ পৰা লোৱা হৈছে ।
৩. অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰ : অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল এডাম স্মিথ ।
৪. অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰ : অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল ।
৫. অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰ : অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্ছেলে আগবঢ়াইছিল ।
৬. অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰ : অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো ছেমুৱেলছন আৰু নৰ্দহাছে আগবঢ়াইছিল ।
৭. এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতি সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰ : এডাম স্মিথে 'An Enquiry into the Nature and causes of the Wealth of Nation' নামৰ গ্ৰন্থত ১৭৭৬ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।
৮. আলফ্ৰেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল ?
উত্তৰ : আলফ্ৰেড মাৰ্ছেলে 'Principles of Economics' নামৰ গ্ৰন্থত ১৮৯০ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
৯. লায়'নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰ : লায়'নেল ৰবিন্সে 'An Essay on the nature and significance of Economic Science' নামৰ গ্ৰন্থত ১৯৩২ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।
১০. এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?
উত্তৰ : এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি সমাজবিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে কৈছিল ।
১১. দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰ : দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেলছন আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
১২. কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?
উত্তৰ : কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয় ।
১৩. উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?
উত্তৰ : উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়। ১৪. 'Micro'আৰু 'Macro' শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে ?
উত্তৰ : 'Micro' শব্দটো Micros শব্দৰ পৰা আৰু 'Marco' শব্দটো Macros শব্দৰ পৰা লোৱা হৈছে ।
চমু উত্তৰৰ প্ৰশ্ন :
১. এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰ : অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথৰ সংজ্ঞা অনুসৰি অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান । এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয় ।
২. মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰ : মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল --- মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি । ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিক কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত ।
৩. ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰ : লায়'নেল ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল --- যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজেৰে সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি ।
৪. ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰ : ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল --- দুষ্প্ৰাপ্যৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয় ।
৫. ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো মৌলিক ধাৰণা কেইটা কি কি ?
উত্তৰ : ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা তিনিটা হ'ল ---
ক. মানুহৰ অভাৱ অসীম ।
খ. অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত ।
গ. সীমিত সম্পদসমূহৰ বিকল্প ব্যৱহাৰযোগ্য ।
৬. ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে ?
উত্তৰ : অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগোটিয়াকৈ আলোচনা কৰা হয় সেই পদ্ধতিকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান বোলে ।
৭. সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে ?
উত্তৰ : অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত এখন দেশৰ অৰ্থনৈতিক সামগ্ৰীক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা , উপভোক্তা আদিৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে সেই পদ্ধতিকে সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে ।
৮. আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য লিখা ।
উত্তৰ : আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য হ'ল ---
ক. আৰ্থিক বস্তুৰ যোগান চাহিদাতকৈ সীমিত আনহাতে, অনাআৰ্থিক বস্তু যোগান চাহিদাতকৈ বেছি ।
খ. আৰ্থিক বস্তুবোৰ প্ৰকৃতিৰ মুক্ত দান নহয় আনহাতে, অনাআৰ্থিক বস্তুবিলাক প্ৰকৃতিৰ মুক্তদান ।
গ. আৰ্থিক বস্তুৰ দৰ বা দাম থাকে কিন্তু অনাআৰ্থিক বস্তুৰ দৰ বা দাম নাথাকে ।
৯. ৰাষ্ট্ৰীয় আয় কাক বোলে ?
উত্তৰ : এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় ।
১০. জনমূৰি আয়ৰ সূত্ৰটো লিখা ।
উত্তৰ : এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয় ।
জনমূৰি আয়ৰ সূত্ৰটো হ'ল ---
জনমূৰি আয় = ৰাষ্ট্ৰীয় আয় / দেশৰ মুঠ জনসংখ্যা ।
দীঘল উত্তৰৰ প্ৰশ্ন :
১. অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা ।
উত্তৰ : বহুকেইটা কাৰণত অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে । তাৰে কেইটামান তলত উল্লেখ কৰা হ'ল ---
ক. বস্তু বা সামগ্ৰী = সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য । এগৰাকী কাৰদাতাই নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে আৰু কিদৰে ব্যয় কৰে । ব্যয় কৰোতে কি নীতি মানি চলা হয় সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি । এগৰাকী সংগঠকে গভীৰভাৱে দেশৰ দৰিদ্ৰতাৰ কাৰণসমূহৰ ফঁহিয়াই চাব বিচাৰিব । এই ক্ষেত্ৰত তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক । সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণবোৰ কি ? বিশ্বায়ন বা গোলকীকৰণ কি ? ইয়াৰ সুফল আৰু কুফলবোৰ কি ?
খ. উপযোগিতা = উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা । বস্তুৰ উপযোগিতা নিৰ্ধাৰণত অৰ্থবিজ্ঞানে সহায় কৰে ।
গ. সম্পদ = অৰ্থনীতিত কোনো বস্তু সম্পদ বুলি ধৰা হয় । যেতিয়া সেই বস্তুৰ উপযোগিতা, অপ্ৰাচুৰতা বা দুৰ্লভতা, হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা --- এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকে ।
ঘ. চাহিদা = এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় । এই ক্ষেত্ৰত উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকিব লাগে । চাহিদা নিৰ্ধাৰণ অৰ্থ বিজ্ঞানৰ অংগ ।
ঙ. বজাৰ = অৰ্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক (ক্ৰেতা) আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা-বেচা হয় । যেনে গুৱাহাটীৰ ফাচী বজাৰ, শ্বপিং ম'ল, ষ্টক বজাৰ, অনলাইন বজাৰ আদি ।
চ. মূলধন = উৎপাদনৰ উপায় বা আহিলাকে মূলধন বুলি কোৱা হয় । উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদন কামত ব্যৱহাৰ কৰিব পাৰি । যেনে -- খাদ্যশস্য উৎপাদনৰ বাবে এডৰা মাটি মূলধন ।
ছ. সঞ্চয় = আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয় । সঞ্চয় হৈছে মূলধনৰ আহিলা ।
জ. বিনিয়োগ = কোনো মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে । মূলধন হৈছে এক মজুত ধাৰণা আৰু বিনিয়োগ হ'ল এক প্ৰবাহ ধাৰণা ।
ওপৰত সকলোবোৰ বিষয় অৰ্থবিজ্ঞানৰ অন্তৰ্গত ।
২. অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা ।
উত্তৰ : অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো হ'ল লায়'নেল ৰবিন্সৰ সংজ্ঞাটো ---
i. মানুহৰ অভাৱ অসীম ।
ii. অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত ।
iii. সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য ।
এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি হয় । বিকল্পভাৱে ব্যৱহাৰযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সিয়ে অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৄষ্টি কৰে । ৰবিন্সৰ সংজ্ঞাটোক নাটনি সংজ্ঞা বুলিও কোৱা হয় ।
ৰবিন্সৰ সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধত নহয় । সমালোচনা কৰা সকলৰ মতে পছন্দৰ সমস্যাতকৈ বৰ্তমান কালৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূৰ্ণ । ৰবিন্সৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত যদিও এই সংজ্ঞাই অধিক গ্ৰহণযোগ্য কিয়নো পছন্দৰ সমস্যাই বৰ্তমানেও অৰ্থনৈতিকত প্ৰধান গুৰুত্ব পাইছে ।
৩. অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা ।
উত্তৰ : অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আৰ্থিক কাৰ্যকলাপ সামৰি লয় । অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা বিষয়বোৰ হ'ল -- ভোগকাৰ্য, উৎপাদন, বিতৰণ, বিনিময়, মুদ্ৰা, আয়, ৰাজহুৱা বিত্ত বিভাগ, কল্যাণকামী অৰ্থনীতি, পৰিৱেশীয় অৰ্থনীতি আৰু দক্ষতা । তাৰে দুটা বিষয় হৈছে --
ক. ভোগকাৰ্য = আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ । ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভূক্ত ।
খ. উৎপাদন = উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন । উৎপাদনৰ চাৰিটা উপাদান ---- ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি, উৎপাদকৰ আলোচনা কৰা হয় ।
_______________________