আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ২ নং পাঠৰ প্ৰশ্নোত্তৰ ।
অনুশীলনী
১. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ?
a. নিমখ পানীৰ দ্ৰৱণৰ পৰা ছ'ডিয়াম ক্লৰাইড ।
উত্তৰ : বাষ্পীভৱন পদ্ধতি ।
b. ছ'ডিয়াম ক্লৰাইড আৰু এম'নিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এম'নিয়াম ক্লৰাইড ।
উত্তৰ : উৰ্ধপাতন পদ্ধতি ।
c. গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা ।
উত্তৰ : পৰিস্ৰাৱণ পদ্ধতি ।
d. ফুলৰ পাহি নিষ্কাশিত তৰলৰ (extract) পৰা বিভিন্ন ৰঞ্জক পদাৰ্থ ।
উত্তৰ : বৰ্ণলেখন পদ্ধতি ।
e. দৈৰ পৰা মাখন ।
উত্তৰ : অপকেন্দ্ৰীক পদ্ধতি ।
f. পানীৰ পৰা তেল ।
উত্তৰ : পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি ।
g. চাহৰ পৰা চাহপাত ।
উত্তৰ : পৰিস্ৰাৱণ পদ্ধতি ।
h. বালিৰ পৰা লোৰ পিন ।
উত্তৰ : পৰিস্ৰাৱণ পদ্ধতি ।
i. চোকোৰাৰ পৰা গমৰ গুটি ।
উত্তৰ : জৰা পদ্ধতি ।
j. পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ ।
উত্তৰ : অপকেন্দ্ৰীক পদ্ধতি ।
২. একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ (steps) লিখা । দ্ৰৱণ,দ্ৰাৱক,দ্ৰাৱ্য,দ্ৰৱীভূত,দ্ৰৱণীয়,অদ্ৰৱণীয়,পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা ।
উত্তৰ : একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ ---
পদক্ষেপ ১ = দ্ৰাৱক হিচাপে পানী উতলোৱা হয় ।
পদক্ষেপ ২ = পানীখিনি উতলিবলৈ দিয়া হয় ।
পদক্ষেপ ৩ = গাখীৰ,চেনি আৰু চাহপাত দ্ৰাৱ্য হিচাপে উতলা পানীত যোগ কৰা হয় । চেনি দ্ৰৱনীয় কিন্তু চাহপাত অদ্ৰৱণীয় । এইদৰে প্ৰস্তুত হোৱা দ্ৰৱণটোয়েই হ'ল চাহ ।
পদক্ষেপ ৪ = চাহপাত অদ্ৰৱনীয় বাবে ইয়াক পৰিস্ৰাৱণ কৰা হয় ।
পদক্ষেপ ৫ = পৰিস্ৰাৱণৰ পিছত অৱশেষ হিচাপে চাহপাত পোৱা যায় আৰু পৰিশ্ৰুতখিনি অৰ্থাৎ চাহ গ্ৰহণৰ বাবে সাজু হয় ।
৩. প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে । (ফলাফলবোৰ তালিকাখনত 100g পানীত সংপৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰাৱ্যৰ পৰিমাণ হিচাপত দিয়া হৈছে ।)
a. পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313k উষ্ণতাত 50g পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব ?
উত্তৰ : দিয়া আছে,
313k উষ্ণতাত পটেছিয়াম নাইট্ৰেটৰ দ্ৰৱণীয়তা = 62
অৰ্থাৎ,
100g পানীত পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত হয় = 62g
1g পানীত পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত হয় = 62/100
50g পানীত পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত হয় = 62/100 x 50 = 31g
এতেকে,পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313k উষ্ণতাত 50g পানীত 31g পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব ।
b. 353k উষ্ণতাত প্ৰজ্ঞাই পটেছিয়াম ক্লৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে । দ্ৰৱটো ঠাণ্ডা হ'লে তেঁও কি দেখিব ? ব্যাখ্যা কৰা ।
উত্তৰ : 353k উষ্ণতাত প্ৰজ্ঞাই পটেছিয়াম ক্লৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে পটেছিয়াম ক্লৰাইডৰ স্ফটিক লাভ কৰিব ।
c. প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293k ত নিৰ্দ্ধাৰণ কৰা । এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি ?
উত্তৰ : 293k ত প্ৰতিটো লৱণৰ দ্ৰৱণীয়তা --
পটেছিয়াম নাইট্ৰেট = 32
ছডিয়াম ক্লৰাইড = 36
পটেছিয়াম ক্লৰাইড = 35
এম'নিয়াম ক্লৰাইড = 37
এতেকে,ইয়াত 293k উষ্ণতাত এম'নিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি ।
d. লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা ।
উত্তৰ : উষ্ণতা বৃদ্ধি হ'লে লৱণৰ দ্ৰৱণীয়তা বৃদ্ধি হয় । উষ্ণতা কমিলে ই কমে ।
৪. উদাহৰণ দি ব্যাখ্যা কৰা --
a. সংপৃক্ত দ্ৰৱ ।
উত্তৰ : এক নিৰ্দিষ্ট উষ্ণতাত,এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে । উদাহৰণ -- ধৰাহ'ল,313k উষ্ণতাত 100g দ্ৰাৱকত সৰ্বাধিক 50g দ্ৰাৱ্য দ্ৰৱীভূত হয় । গতিকে 100g দ্ৰাৱকত 50g দ্ৰাৱ্য দ্ৰৱীভূত কৰি লাভ কৰা দ্ৰৱটো সংপৃক্ত দ্ৰৱ হ'ব ।
b. বিশুদ্ধ পদাৰ্থ ।
উত্তৰ : কোনো বস্তুৰ আটাইবোৰ উপাদান একে হ'লে তাক বিশুদ্ধ পদাৰ্থ বুলিব পাৰি ।
c. কলয়ড ।
উত্তৰ : কলয়ড হ'ল এবিধ অসমসত্ব মিশ্ৰণ । ইয়াৰ কণিকাবোৰ বৰ সৰু হিৱা বাবে থৈ দিলেও অৱক্ষিপ্ত নহয় । কলয়ডৰ উদাহৰণ -- মেগনেছিয়াম দুগ্ধ,চিয়াহী ইত্যাদি ।
d. প্ৰলম্বন ।
উত্তৰ : প্ৰলম্বন হ'ল এবিধ অসমসত্ব মিশ্ৰণ যাৰ কণিকাবোৰ খালি চকুৰে দেখি । প্ৰলম্বনৰ কণিকাবোৰে পোহৰ বিচ্ছুৰিত কৰে আৰু নোজোকৰাকৈ থৈ দিলে কণিকাবোৰ তলিত অৱক্ষিপ্ত হয় । প্ৰলম্বনৰ উদাহৰণ -- ময়দাৰ গুড়ি আৰু পানীৰ মিশ্ৰণ ।
৫. তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভূক্ত কৰা --
চ'ডা পানী,কাঠ,বায়ু,মাটি,ভিনেগাৰ,চেকিলোৱা চাহ
উত্তৰ : চ'ডা পানী = সমসত্ব মিশ্ৰণ ।
কাঠ = অসমসত্ব মিশ্ৰণ ।
বায়ু = সমসত্ব মিশ্ৰণ ।
মাটি = অসমসত্ব মিশ্ৰণ ।
ভিনেগাৰ = সমসত্ব মিশ্ৰণ ।
চেকিলোৱা চাহ = সমসত্ব মিশ্ৰণ ।
৬. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?
উত্তৰ : এক বায়ুমণ্ডলীয় চাপত বিশুদ্ধ পানীৰ উতলাংক 100°c । যদি বৰণহীন তৰলখিনি 100°c উষ্ণতাত উতলিবলৈ ধৰে তেনেহ'লে তৰলবিধ বিশুদ্ধ পানী আৰু যদি তৰলবিধ 100°c তকৈ বেছি বা কম উষ্ণতাত উতলে ই বিশুদ্ধ পানী নহয় ।
৭. তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ "বিশুদ্ধ পদাৰ্থ"ৰ শাৰীত পৰে ?
a. বৰফ,b. গাখীৰ,c. লো,d. হাইড্ৰ'ক্লৰিক এছিড,e. কেলছিয়াম অক্সাইড,f. পাৰা,g. ইটা,h. কাঠ,i. বায়ু ।
উত্তৰ : বিশুদ্ধ পদাৰ্থবোৰ হ'ল -- বৰফ,লো,হাইড্ৰ'ক্লৰিক এছিড,কেলছিয়াম অক্সাইড,পৰা ।
৮. তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা --
a. মাটি,b. সাগৰৰ পানী,c. বায়ু,d. কয়লা,e. চ'ডা পানী ।
উত্তৰ : সাগৰৰ পানী,বায়ু,চ'ডা পানী ।
৯. তলৰ কোনটোৱে "টিণ্ডল প্ৰভাৱ" দেখুৱায় ?
a. লৱণৰ দ্ৰৱ,b. গাখীৰ,c. কপাৰ ছালফেটৰ দ্ৰৱণ,d. ষ্টাৰ্চৰ দ্ৰৱণ(starch solution) ।
উত্তৰ : লৱণৰ দ্ৰৱ,ষ্টাৰ্চৰ দ্ৰৱণ(starch solution) ।
১০. তলৰ দিয়াবিলাক মৌল,যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভূক্ত লৰা ।
a. চ'ডিয়াম,b. মাটি,c. চেনিৰ দ্ৰৱণ,d. ছিলভাৰ,e. কেলছিয়াম কাৰ্বনেট,f. কয়লা,g. বায়ু,h. চাবোন,i. মিথেন,j. কাৰ্বন ডাই অক্সাইড,k. তেজ ।
উত্তৰ : চ'ডিয়াম = মৌল
মাটি = মিশ্ৰণ
চেনিৰ দ্ৰৱণ = মিশ্ৰণ
ছিলভাৰ = মৌল
কেলছিয়াম কাৰ্বনেট = যৌগ
কয়লা = মিশ্ৰণ
বায়ু = মিশ্ৰণ
চাবোন = মিশ্ৰণ
মিথেন = যৌগ
কাৰ্বন ডাই অক্সাইড = যৌগ
তেজ = মিশ্ৰণ ।
১১. তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন ?
উত্তৰ : a. উদ্ভিদৰ বৃদ্ধি = ৰাসায়নিক পৰিৱৰ্তন ।
b. লোত মামৰে ধৰা = ৰাসায়নিক পৰিৱৰ্তন ।
c. লোৰ গুড়ি আৰু বালি মিহলিকৰণ = ৰাসায়নিক পৰিৱৰ্তন ।
d. খাদ্য ৰন্ধন = ৰাসায়নিক পৰিৱৰ্তন ।
e. খাদ্য হজম হোৱা = ৰাসায়নিক পৰিৱৰ্তন ।
f. পানী গোটমৰা = ভৌতিক পৰিৱৰ্তন ।
g. মমবাতি জ্বলোৱা = ৰাসায়নিক পৰিৱৰ্তন ।
____________________