প্ৰগতিৰ সোণালী বাট

অষ্টম শ্ৰেণীৰ 'অংকুৰণ'পাঠ্যপুথিৰ  ৬ নং পাঠৰ প্ৰশ্নোত্তৰ । 
              অনুশীলনী 
১. উত্তৰ দিয়া : 
ক.হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি ? 
উত্তৰ : হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত লোকে-লোকাৰণ্য হোৱাৰ কাৰণ হ'ল সেই অঞ্চলটোৰ স্থানীয় মহিলাসকলে আত্মসহায়ক গোটৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে । 
খ. প্ৰদৰ্শনীখন কোনে পাতিছিল ? 
উত্তৰ : প্ৰদৰ্শনীখন সেই অঞ্চলটোৰ স্থানীয় মহিলাসকলে পাতিছিল । 
গ. মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল ? 
উত্তৰ : মানুহে ভিৰ কৰা নিপণিখনত বিবিধ খাদ্য যেনে-- লাৰু,পিঠা,আচাৰ,পাপৰ,কাঁহুদি,খৰিচা,খৰালি আদিৰ উপৰি হাতে সজা বেগ,পুতলা,মমবাতি,বাঁহ-বেতৰ সামগ্ৰী,নিত্য ব্যৱহাৰ্য ভিন ভিন বস্তু আদিৰ প্ৰদৰ্শন কৰা হৈছিল । 
ঘ. অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে ? 
উত্তৰ : অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ একো একোটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে । 
ঙ. স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায় ? 
উত্তৰ : স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায় । 
চ. এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয় ? 
উত্তৰ : এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে । 
ছ. ২০০১ চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল ?
উত্তৰ : ২০০১ চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল । 
জ. উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি ? 
উত্তৰ : উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প । 
ঝ. প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল ? 
উত্তৰ : প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল । 
২. চমুকৈ বৰ্ণনা কৰা ।
ক. আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে ? 
উত্তৰ : আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদ বিলাকক লৈ অতি সহজ-সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে । এই কামত দুখীয়া পৰিয়ালৰ মহিলাসকলে বিশেষ খৰচান্ত নোহোৱাকৈ সহজে জড়িত হ'ব পাৰে । এইসকল দুখীয়া পৰিয়ালৰ মহিলাই ঠাইতে পোৱা ফল-মূলৰ আচাৰ,চৰ্বত আদি বনোৱা,পেলনীয়া বুলি ভবা বিবিধ নতুন নতুন সামগ্ৰী আদি হাতেৰে তৈয়াৰ কৰা আদিৰে আৰ্থিকভাৱে যথেষ্ট স্বাৱলম্বী হ'ব পাৰে । 
খ. মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল ? 
উত্তৰ : প্ৰাক্-স্বাধীন কালতেই মহাত্মা গান্ধীয়ে মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত চিন্তা কৰিছিল । এই ক্ষেত্ৰত তেওঁৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ । যতঁৰত সূতা কাটি নিজহাতে কাপোৰ বৈ লোৱাৰ উদ্দেশ্যে মহিলাসকলক এই উদ্যোগত জড়িত কৰিবলৈ হাতে কামে গান্ধীজীয়ে যত্ন কৰিছিল আৰু তেওঁ তাত ভালেখিনি সফলতাও লাভ কৰিছিল । 
গ. মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সৰৱমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল ? 
উত্তৰ : মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৰৱমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল । 
৩. তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা ।
  ক্ৰেতা,সুপ্ত,অফুৰন্ত,টনকিয়াল,সমমৰ্যাদা,প্ৰদৰ্শন,স্বাৱলম্বী,গঠনাত্মক,পদমৰ্যাদা,পদক্ষেপ,আন্তৰ্জাতিক । 
উত্তৰ : ক্ৰেতা=কিনোতা । 
সুপ্ত=নিদ্ৰিত,লুকাই থকা,শুই থকা।
অফুৰন্ত=শেষ নোহোৱা ।
টনকিয়াল=শ্ৰম কৰিব পৰা,অৱস্থাপন্ন,টনটনীয়া ।
সমমৰ্যাদা=সম মান । 
প্ৰদৰ্শন=দেখুওৱা কাৰ্য । 
স্বাৱলম্বী=আত্ম-নিৰ্ভৰশীল । 
গঠনাত্মক=গঠনমূলক । 
পদমৰ্যাদা=উচ্চ পদবীৰ বাবে হোৱা মান বা গৰিমা । 
পদক্ষেপ=ইটোৰ পাছত আনটো খোজ(কাৰ্যস্তৰ) ।
আন্তৰ্জাতিক=বিভিন্ন দেশৰ মাজত বা একাদিশ দেশ-সম্বন্ধীয়।
৪. অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা । 
উত্তৰ : নাৰী=পুৰুষৰ লগতে নাৰীয়ো সমানে স্বাৱলম্বী হ'ব পাৰে ।
নাড়ী=বাঘটোৱে হৰিণাটোৰ পেটটো ফালি নাড়ী-ভূৰু উলিয়াই পেলালে ।
আচল=পুলিছে হত্যাকাণ্ডৰ আচল ৰহস্যটো এতিয়াহে বুজি পাইছে । 
আঁচল=অমৃত মাক-দেউতাকৰ একমাত্ৰ সন্তান বাবে একেবাৰে আঁচলৰ ধন । 
লক্ষ=যুদ্ধখনত লক্ষ লক্ষ সৈনিক মৃত্যু হ'ল । 
লক্ষ্য=সৰুৰে পৰা এটা লক্ষ্যৰে কাম কৰি গ'লে উন্নতি কৰিব পাৰি । 
আচাৰ=আমাৰ ঘৰত কেইবাবিধো আচাৰ আছে । 
আছাৰ=ছোৱালীজনীৰ আছাৰ-আচৰণবোৰ ইমান ভাল নহয় ।
ফাঁকি=ৰহিমে সভাখনত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীত ফাঁকি সুন্দৰকৈ পৰিৱেশন কৰিছিল । 
ফাকি=বনদ্বীপে পুলিছৰ আগত ফাকি কথা কোৱাৰ বাবে বিপদত পৰিল । 
৫. তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা । 
   কঠিন,পৰনিৰ্ভৰশীল,দুৰ্লভ,পূৰ্ণিমা,অনধিকাৰ,অনাৱশ্যক,জাগ্ৰত,অসম্ভৱ । 
উত্তৰ : কঠিন=সহজ ।
  পৰনিৰ্ভৰশীল=আত্মনিৰ্ভৰশীল ।
   দুৰ্লভ=সুলভ ।
   পূৰ্ণিমা=অমাৱস্যা,অন্ধকাৰ ।
    অনাধিকাৰ=অধিকাৰ ।
     অনাৱশ্যক=আৱশ্যক । 
     জাগ্ৰত=অজাগ্ৰত । 
     অসম্ভৱ=সম্ভৱ । 
৬. এটা শব্দত প্ৰকাশ কৰা : 
উত্তৰ : ক. যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল । 
খ. যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে = আত্মনিৰ্ভৰশীল । 
গ. স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প = কুটীৰ শিল্প । 
ঘ. যি আনক হিংসা নকৰে = অহিংসক । 
ঙ. যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে = স্বাৰ্থপৰ । 
চ. যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে = আত্মবিশ্বাসী । 
৭. সন্ধি ভাঙা আৰু গঠন কৰা ।
উত্তৰ :(i) ক.স্ব+অধীন=স্বাধীন । 
খ. উৎ+নতি=উন্নতি । 
গ. সম্+কৃত=সংস্কৃত । 
ঘ. জীৱ+অন্ত=জীৱন্ত । 
ঙ. স্ব+অৱলম্বন=স্বাৱলম্বন ।
চ. উৎ+চাৰণ=উচ্চাৰণ । 
(ii) ক. পৰাধীন=পৰ+অধীন । 
খ. উন্নয়ন=উৎ+নয়ন । 
গ. সংগীত=সম্+গীত ।  
ঘ. মহাত্মা=মহা+আত্মা । 
ঙ. যথেষ্ট=যথা+ইষ্ট । 
৮. তলৰ শব্দবিলাক বহুবচনলৈ পৰিৱৰ্তন কৰা । 
শিক্ষক,ছাত্ৰ,মানুহ,গৰু,গ্ৰন্থ,গুৰু,পৰ্বত,মহিলা । 
উত্তৰ : 
  একবচন            বহুবচন
  শিক্ষক               শিক্ষকসকল
  ছাত্ৰ                   ছাত্ৰসকল 
  মানুহ                  মানুহবোৰ
  গৰু                    গৰুজাক 
  গ্ৰন্থ                     গ্ৰন্থবোৰ
  গুৰু                    গুৰুকুল 
  পৰ্বত                   পৰ্বতমালা 
  মহিলা                  মহিলাসকল ।
৯. তলত দিয়া যুক্তাক্ষৰকেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা । 
উত্তৰ : চ্ছ = স্বচ্ছ 
           স্তু = প্ৰস্তুত,বস্তু 
           গ্ৰ = সমগ্ৰ,গ্ৰহ 
           ণ্ঠ = কণ্ঠ 
           ন্থ = গ্ৰন্থ 
           দ্ধ = বুদ্ধ,শুদ্ধ 
          ণ্টা = ঘণ্টা 
           ঞ্চ = পঞ্চম । 
১০. বাক্য ৰচনা কৰা । 
উত্তৰ : দূৰ-দূৰণি = কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ দূৰ-দূৰণিৰ পৰা পৰ্যটকসকল আহে । 
বিধে-বিধে = এইবাৰ বিহুত আমাৰ ঘৰত বিধে-বিধে লাৰু,পিঠা আদি তৈয়াৰ কৰা হৈছিল । 
শিপিনী = অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে । 
লোকে-লোকাৰণ্য = আমাৰ গাঁৱত অনুষ্ঠিত হোৱা মেলাখনত লোকে-লোকাৰণ্য হৈ থাকে । 
সা-সুবিধা = আজি-কালি হস্পিতালবোৰত বহুতো সা-সুবিধা থাকে । 
চুকে-কোণে = আমাৰ ঘৰৰ বাৰীৰ চুকে-কোণে বহুতো গছ-গছনি আছে । 
আত্মবিশ্বাস = নিজৰ ওপৰত আত্মবিশ্বাস থাকিলেহে জীৱনত উন্নতি কৰিব পাৰি । 
দলদোপ-হেন্দোলদোপ = বিয়াঘৰখনত মানুহৰ দলদোপ-হেন্দোলদোপ হৈ পৰিছিল । 
১১. লিংগ নিৰ্ণয় কৰা । 
উত্তৰ : নাৰী = স্ত্ৰী লিংগ । 
বুঢ়ী = স্ত্ৰী লিংগ । 
দাদা = পুংলিংগ । 
যুৱক = পুংলিংগ । 
ছোৱালী = স্ত্ৰী লিংগ । 
দেউতা = পুংলিংগ । 
পুৰুষ = পুংলিংগ । 
ডেকা = পুংলিংগ । 
আমৈ = স্ত্ৰী লিংগ । 
১২. তলৰ উপসৰ্গকেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা । 
উত্তৰ : প্ৰ=প্ৰথম 
           পৰা=পৰাধীন 
            অপ=অপৰাধ
            উপ=উপকাৰ
            অতি=অতিপাত 
             প্ৰতি=প্ৰতিকাৰ । 

         __________________ 

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই