অন্ধবিশ্বাস আৰু কুসংস্কাৰ

নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ৮ নং পাঠৰ প্ৰশ্নোত্তৰ । 
               অনুশীলনী

ভাব বিষয়ক : 
১. চমু উত্তৰ দিয়া : 
ক. উৰাবাতৰি মানে কি ? 
উত্তৰ : যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়,অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য,বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে,সেয়াই উৰাবাতৰি । 
খ. কুসংস্কাৰ বুলিলে কি বুজা ? 
উত্তৰ : যিবোৰ নীতি-নিয়ম,ব্যৱস্থা,পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী,সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ । 
গ. 'অন্ধবিশ্বাস,কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা ।'-- কথাষাৰ কোনে কৈছিল ? 
উত্তৰ : 'অন্ধবিশ্বাস,কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা ।'-- কথাষাৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল । 
ঘ. কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায় ? 
উত্তৰ : ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৬ চনত অসম বৃটিছৰ অধীনলৈ যায় । 
ঙ. অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল ? 
উত্তৰ : অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল । 
২. অন্ধবিশ্বাস মানে কি ? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা । 
উত্তৰ : যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়,বিজ্ঞানে যিবোৰ বিশ্বাসক,ধাৰণাক,ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস । 
     অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম,মমতা,মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে । জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে । 
৩. কি কি কাৰণক অন্ধবিশ্বাস,কিসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ? 
উত্তৰ : অন্ধবিশ্বাস,কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ প্ৰধানকৈ সাতটা কাৰণ আছে । কাৰণকেইটা হ'ল-- 
    প্ৰথম কাৰণ : জ্ঞানৰ অভাৱৰ বাবে মানুহ কুসংস্কাৰ,অন্ধবিশ্বাসৰ বশৱৰ্তী হয় বুলি ক'ব পাৰি । জ্ঞানৰ অভাৱৰ বাবেই এজন মানুহে তেওঁৰ আৱেগক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে । আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ'লেই মানুহক জ্ঞানী বুলি ক'ব নোৱাৰি । বৰঞ্চ আজিৰ পৰা বহু বছৰৰ আগেয়েই আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নোহোৱা আমাৰ সমাজৰ বহু লোকৰ চিন্তাধাৰা ইমান আধুনিক,বিজ্ঞানসন্মত আৰু বৈপ্লৱিক আছিল যে সেই চিন্তা আজিও প্ৰাসংগিক আৰু মানৱ সমাজৰ বাবে হিতকৰ বুলি প্ৰমাণিত হৈছে । আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা মূল কাৰণ হৈছে অধ্যয়নবিমুখিতা । মানুহ শিক্ষিত হৈছে,কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ । 
    দ্বিতীয় কাৰণ : প্ৰত্যেক মানুহেই নিজৰ স্বভাৱ,চৰিত্ৰ আৰু জীৱনৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি সন্মুখত দেখা ঘটনা একোটাক বিশ্লেষণ কৰে । ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক নে নেতিবাচক দৃষ্টিভংগীৰে চাব লাগে । কিন্তু ভোগসৰ্বস্ব,অধ্যয়নবিমুখ,গভীৰ চিন্তাৰে নিজক উজ্জ্বলাব নোৱাৰা আজিৰ প্ৰায়বোৰ মানুহে কথাবোৰ,সন্মুখত ঘটা ঘটনাবোৰে প্ৰায়ে নেতিবাচক দৃষ্টভংগীৰে চায় । সমাজত ভাল কাম বহুত হৈ আছে । নেতিবাচক খবৰৰ ভীৰৰ মাজত সেইবোৰ হেৰাই গৈছে । সকলোৱে এবাৰৰ বাবে যদি ইতিবাচক চিন্তাক গুৰুত্ব দিবলৈ আৰম্ভ কৰে,তেনেহ'লে হেৰাই যাব সমাজৰ পৰা সকলো নেতিবাচক চিন্তা আৰু ধাৰণা । লগে লগে অপ্ৰীতিকৰ অমানৱীয় ঘটনাবোৰো সমাজত নঘটা হ'ব । 
     তৃতীয় কাৰণ : যিবিলাক মানুহক ভাল কাম কৰাৰ দায়িত্ব দিয়া হৈছে,দেখা গৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থসিদ্ধিৰ বাবে সেই দায়িত্বশীল মানুহবোৰেও কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে । নেতৃস্থানীয় ব্যক্তিসকলৰ তেনে কাম-কাজ তেওঁৰ অনুগামীসকলেও অনুকৰণ কৰিবলৈ আৰম্ভ কৰে । এনে কাৰ্য সমাজৰ কাৰণে কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে।
     চতুৰ্থ কাৰণ : শিক্ষাৰ এক অন্যতম অংগ হৈছে ভ্ৰমণ । ভ্ৰমণে মনৰ পৰিধি বহল কৰে । ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায় । অন্ধবিশ্বাসী হোৱাৰ,কুসংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ । কিন্তু ভিতৰুৱা অঞ্চলতো প্ৰচণ্ড আশাবাদী,যোগাত্মক চিন্তাৰ মানুহ নোহোৱা নহয় । সংখ্যাত কম হ'ব পাৰে । সেই মানুহখিনিয়েই ঠাইখনৰ উন্নয়নৰ বাবে অহৰহ লাগি থাকে । 
     পঞ্চম কাৰণ : স্বাৰ্থপূৰণৰ বাবেও কিছুমান অসৎ প্ৰবৃত্তিৰ লোকে কেতিয়াবা সমাজত অন্ধবিশ্বাস বিয়পাই দিয়ে । ইমান চতুৰালিৰে এই অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয় । তাৰ দ্বাৰা সেই অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বাৰ্থ সিদ্ধি হয়,কিন্তু ঘটিব নলগীয়া অমানৱীয় ঘটনা এটাও হয়তো ঘটি যায় । 
ষষ্ঠ কাৰণ : কষ্ট নকৰাকৈ কম আয়াসতে আমাক সকলো লাগে । কষ্ট নকৰাকৈ সাফল্য লাগে,কষ্ট নকৰাকৈ ধন-সম্পত্তি ঘটিবলৈ লাগে,ভোগ-বিলাসত মত্ত হ'বলৈ লাগে । সহজে সকলো পাবৰ বাবেও অন্ধবিশ্বাসী হয় ।
সপ্তম কাৰণ : অন্ধবিশ্বাস,কুসংস্কাৰৰ গৰাহত নপৰিবৰ বাবে লাগিব এটা যুক্তবাদী মন,লাগিব বিজ্ঞানমনস্কতা । মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হ'লেহে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস,কুসংস্কাৰ আঁতৰ কৰিব পৰা যায় । 
৪. অন্ধবিশ্বাস,কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি ? 
উত্তৰ : অন্ধবিশ্বাস,কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন,ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয়টো অন্তৰ্ভূক্ত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতো সজাগতা আহি এইবোৰ নিয়ন্ত্ৰিত হ'ব । 
    আনহাতে তথ্যচিত্ৰ বা তেমেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এইবোৰৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি আৰু এইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় । 
৫. 'ডাইনী','সোপাধৰা'-- এইবোৰ অন্ধবিশ্বাস । অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয় । ইয়াৰ কাৰণ কি কি বুলি ভাবা ? 
উত্তৰ : 'ডাইনী' অথবা 'সোপাধৰা'ৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থপৰ লোকে সমাজত হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কাৰ্য সামাধা কৰিছে । সাধাৰণতে দেখা গৈছে,সম্পত্তিৰ লোভত বা ওচৰ-চুবুৰীয়া কাৰোবাৰ যদি উন্নতি হয় তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈও সেই বিশেষ মানুহঘৰৰ কাৰোবাক 'ডাইনী' বুলি অভিহিত কৰি অসৎ মনোবৃত্তিৰ মানুজে সামাজিক উৎপীড়ন চলায় । এনেদৰে স্বাৰ্থসিদ্ধিৰ বাবেই 'সোপাধৰা'ৰ অপপ্ৰচাৰ চলায় । কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয় । 
    'ডাইনী' অথবা 'সোপাধৰা' বিষয়টো সমাজৰ আৱেগ-অনুভূতি আৰু ভুল বুজা-বুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয় । অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বাৰ্থান্বেষী লোকক উৎসাহিত কৰে । 
৬. ব্যাখ্যা কৰা : 
ক. অন্ধবিশ্বাস,কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা । 
উত্তৰ : দূষিত বায়ু,অবাঞ্চিত বিশৃংখল শব্দ,মাটি,পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে,ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰেম,মমতা,মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে । জনজীৱনৰ সুস্থ জীৱন-ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে । অথচ এই অন্ধবিশ্বাস,কুসংস্কাৰ,উৰাবাতৰিৰ অপপ্ৰচাৰমানুহেই সৃষ্টি কৰে । মানুহেই মানুহৰ শত্ৰু হৈ পৰে । সেই অৰ্থত অন্ধবিশ্বাস,কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা । 
খ. সংস্কাৰ এক জীৱন পদ্ধতি । 
উত্তৰ : অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কোনো বৈজ্ঞানিক সভ্যতা নাই । অন্ধবিশ্বাস,কুসংস্কাৰে আৱৰা জীৱন কেতিয়াও বিপদমুক্ত,সুখী জীৱন নহয় । প্ৰতি মূহূৰ্ততে ধন-জন হানি হোৱাৰ উপৰিও অপমানিত হোৱাৰ ভয় থাকে । অন্ধবিশ্বাস আৰু কুসংস্কাৰ নথকা জীৱন সংস্কাৰ জীৱন । সংস্কাৰে মানুহৰ সভ্যতা সংস্কৃতিক নতুন চিন্তাৰে উজ্জীৱিত কৰি সমাজক সময়ৰ লগত দৌৰিবলৈ সমৰ্থবান কৰি তোলে । এনে জীৱনহে প্ৰকৃত জীৱন,বিপদমুক্ত আৰু শান্তি,সুখৰ জীৱন । সংস্কাৰেই মানুহৰ জীৱন পদ্ধতিক উন্নত কৰে,মানুহ হিচাপে জীয়াই থাকিবলৈ শিকায় । সংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে । 
গ. মানুহ শিক্ষিত হৈছে,কিন্তু অধ্যয়নশীল নোহোৱাৰ কাৰণে বহুত কথা নজনাকৈ থাকি যায়,সেইবোৰৰ সম্পৰ্কে জ্ঞানৰ অভাৱ হয় । অধ্যয়নেহে মানুহক নজনা কথাৰ সম্ভেদ দিয়ে,জ্ঞান বঢ়ায় । মহাপুৰুষ শংকৰদেৱ আদিকে ধৰি কত জন মহান ব্যক্তিয়ে মানৱতাৰ মূল্যবোধ সম্পৰ্কে সৰলভাৱে বুজাই অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । সেইবোৰ অধ্যয়ন নকৰাৰ ফলতেই শিক্ষিত সমাজে মানৱী  মূল্যবোধ অনুভৱ কৰিব নোৱাৰে আৰু সমাজক অন্ধবিশ্বাস,কুসংস্কাৰ আৱৰি ধৰি আছে,সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে,অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অমানৱীয় কাৰ্যকলাপ সংঘটিত হৈছে । 
ভাষা বিষয়ক : 
৭. উদাহৰণটো চাই বাকীকেইটা কৰা : 
  উদাহৰণ : মানৱীয়=অমানৱীয়।
উত্তৰ : সজাগতা=অসজাগতা । 
           সামাজিক=অসামাজিক । 
        ৰাজনৈতিক=অৰাজনৈতিক।
     সাংবিধানিক=অসাংবিধানিক।
               প্ৰচাৰ=অপপ্ৰচাৰ ।
৮. তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা :
উত্তৰ : ইতিবাচক=নেতিবাচক । 
           সৎ=অসৎ । 
           যোগাত্মক=ঋণাত্মক ।
           সক্ষম=অসক্ষম । 
           উচিত=অনুচিত । 
           অভিশাপ=আশীৰ্বাদ । 
৯. পাঠত থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা । 
উত্তৰ : পাঠত থকা পাঁচোটা যুৰীয়া শব্দ হ'ল-- কু-সংস্কাৰ,জীৱন-পদ্ধতি,জীৱন-ধাৰণ,জাত-কুল,ভূত-প্ৰেত । 
১০. বাক্য ৰচনা কৰা : 
উত্তৰ : মৌলিক অধিকাৰ = নিৰ্বাচনত ভোট দিয়াটো সকলো নাগৰিকৰ মৌলিক অধিকাৰ । 
অমানৱীয় কাৰ্য = মানুহক হিংসা কৰাটো অমানৱীয় কাৰ্য । 
প্ৰচাৰ মাধ্যম = বাতৰি-কাকত,ৰেডিঅ',টি.ভি আদি একোটা প্ৰচাৰ মাধ্যম । 
সজাগতা সভা = সজাগতা সভাৰ জৰিয়তে যিকোনো কথাৰ কাৰণে মানুহক সজাগ কৰিব পাৰি । 
স্বাৰ্থান্বেষী লোক = স্বাৰ্থান্বেষী লোকে আনৰ উপকাৰৰ কথা চিন্তা কৰিব নোৱাৰে । 
আদিম স্তৰ = আদিম স্তৰত মানুহবিলাক অসভ্য আছিল । 

     ______________________



Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই