ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য

নৱম শ্রেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' পাঠ্যপুথিৰ ৯ নং পাঠৰ প্ৰশ্নোত্তৰ । 
              অনুশীলনী 

ভাব বিষয়ক : 
১. অতি চমু উত্তৰ দিয়া : 
ক. প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল ? 
উত্তৰ : প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল । 
খ.বুদ্ধদেৱৰ আচল নাম কি ? 
উত্তৰ : বুদ্ধদেৱৰ আচল নাম সিদ্ধাৰ্থ । 
গ. মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন ?
উত্তৰ : মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা ব্যাস । 
ঘ. কুশান বংশৰ শ্রেষ্ঠ ৰজাজনৰ নাম কি ? 
উত্তৰ : কুশান বংশৰ শ্রেষ্ঠ ৰজাজনৰ নাম কনিষ্ক । 
ঙ. জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন ? 
উত্তৰ : জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ । 
২. কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা । 
উত্তৰ : ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম-ভাষা,আচাৰ-ব্যৱহাৰ,কলা-সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি । 
৩. ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা । 
উত্তৰ : ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ,কাৰণ ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা,আনফালে সুগভীৰ সাগৰ-মহাসাগৰ,এফালে বিস্তীৰ্ণ সমতলভূমি,আনফালে বিৰাট মালভূমি,এফালে দ্বীপমালা,আনফালে হ্ৰদ-জলাশয়,এফালে গ্ৰীষ্মৰ তীব্ৰতা,আনফালে শীতৰ কঠোৰতা,এফালে মৌচুমীৰ তাণ্ডৱ-নৃত্য,আনফালে শুকান মৰুভূমি । 
৪. আৰ্যসকল ভাৰতলৈ ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ লিখা । 
উত্তৰ : আৰ্যসকল ভাৰতলৈ অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভৰতবৰ্ষত ৰাজ্য স্থাপন কৰে । সেইসকলৰ ভিতৰত শক,কুশান,পাঠান,মোগল,পতুৰ্গীজ,ইংৰাজ ফৰাচী আদিয়েই প্ৰধান । এই বিজেতাসকলৰ ভিতৰত সৰহভাগেই ভাৰতবৰ্ষকে আপোন কৰি লৈ ভাৰতীয়ৰ লগতে নিজকে মিলাই দিছিল । 
৫. ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা । 
উত্তৰ : পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত ; কিন্তু উত্তৰ,মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি । উত্তৰ,দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ-মাংস নচলে । কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ-মাংস খায় । 
৬. ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা । 
উত্তৰ : পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে,কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে । উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি । অৱশ্যে বৰ্তমান শিক্ষিত সমাজত লংপেণ্টৰ প্ৰচলনেই বেছি । ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ,পায়জামা পৰিধান কৰে । 
৭. আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া । 
উত্তৰ : আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় তলত দিয়া হ'ল---
ক. ইংৰাজ= আৰ্য্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা বিদেশী জাতিৰ ভিতৰত ইংৰাজসকল অন্যতম । প্ৰথমতে তেওঁলোকে ব্যৱসায়-বাণিজ্যৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল যদিও পিছলৈ তেওঁলোকে ভাৰতৰ শাসনভাৰো কাঢ়ি লৈছিল । ইংৰাজৰ ভাৰতলৈ আগমনৰ ফলস্বৰূপে আমাৰ দেশলৈ পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ আগমন ঘটিছিল । 
খ. মোগল= আৰ্য্যসকলৰ ভাৰতত বসতি বিস্তাৰৰ পিছত ভাৰতলৈ অহা বিদেশী জাতিবোৰৰ ভিতৰত ভাৰতলৈ অহা মোগল সকলো অন্যতম । ১২০৬ চনৰ পৰা ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহলৈকে ভাৰতত মোগলসকলে ৰাজত্ব কৰিছিল । ভাৰতৰ খাদ্য সম্ভাৰ,স্থাপত্য ভাস্কৰ্যতো এওঁলোকৰ প্ৰভাৱ পৰিছিল । ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাৰ শব্দমালাৰ মুছলমানসকলৰ বিভিন্ন শব্দ অন্তৰ্ভূক্ত আছে । 
৮. "যিবোৰে বিভিন্ন দিশত ভাৰতৰ বেচিত্ৰ্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে ।"-- এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা । 
উত্তৰ : ভাৰতবৰ্ষ এখন অতি পুৰণি সু-সভ্য ঐতিহ্যপূৰ্ণ দেশ । যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে যেন ই বহু ৰঙীন সূতাৰে গুঠা এখনি ফুলাম দলিচাহে । উদাহৰণস্বৰূপে অসমত থকা হিন্দু,মুছলমান,শিখ,খ্ৰীষ্টান আদি লোকসকলে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পূৰণ কৰে,কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতি ৰূপে বান্ধি ৰাখিছে । আনহাতে,অসমীয়া হিন্দু এজনৰ ভাষা আৰু প্ৰচাৰ নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত বিভিন্নতা থাকিলেও ধৰ্মীয় বান্ধোনে দুয়োজনকে এক কৰি ৰাখিছে । সেয়েহে আমি ক'ব পাৰো যে ভাৰতবৰ্ষ বিভিন্ন জাতি,ধৰ্ম,ভাষা-সংস্কৃতিৰ এক মিলন ক্ষেত্ৰ । 
৯. "ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি ।"-- এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা । 
উত্তৰ : ঐক্য স্থাপনৰ ক্ষেত্ৰতসুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উলাই কৰিব নোৱাৰি । সংগীত,চিত্ৰকলা,ভাস্কৰ্য্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক ঐক্যতাৰ এনাজৰীৰে বান্ধি ৰাখিছে । ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ-পাৰ্বণেও ভাৰতবাসীক ঐক্যভাৱে ৰখাত সহায় কৰিছে । পোন্ধৰ আগষ্ট,গণতন্ত্ৰ দিৱস,হিন্দুৰ জন্মাষ্টমী,শিৱৰাত্ৰি,হোলী,দেৱালী আদি আৰু অন্য ধৰ্মৰ ধৰ্মীয় উৎসৱৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি । 
১০. "ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু ।"-- তাৎপৰ্য ব্যাখ্যা কৰা । 
উত্তৰ : বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ সমৃদ্ধ কৰি তুলিছে সিয়েই হৈছে ভাৰতীয় সংস্কৃতি । যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতলৈ আহিছিল । কিন্তু কোনোয়ে কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই । ভাষা,ধৰ্ম বা অঞ্চল বিশেষৰ পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে । সেয়া হ'ল সংস্কৃতিৰ মিল । এই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান,মক্কাত বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয়হে । কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যমান । পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গৈ সমন্বয় সাধন হৈছে । সেয়ে "ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু" বুলি কোৱা হৈছে । 
১১. চমু উত্তৰ লিখা : 
ক. কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ । 
উত্তৰ :  
নগা,বড়ো,মিচিং,কাৰ্বি,গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ । 
খ. সুকুমাৰ কলা কোনবিধ ? 
উত্তৰ : সংগীত,চিত্ৰকলা,ভাস্কৰ্য্য,স্থাপত্য আদিয়েই হৈছে সুকুমাৰ কলা । 
গ. কি কি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱে গঢ়াত সহায় কৰিছে ? 
উত্তৰ : বেদ-উপনিষদ,গীতা-ভাগৱত,ৰামায়ণ,মহাভাৰত আদি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে । 
১২. কি কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে ? 
উত্তৰ : ভাষাগত,ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে । 
১৩. উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে ? 
উত্তৰ : উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ,পায়জামা আদি পোছাকসমূহ পৰিধান কৰে । 
১৪. চমুটোকা লিখা : 
উত্তৰ : 
ক. সুকুমাৰ কলা = কলা হৈছে মানুহৰ এক জন্মগত প্ৰক্ৰিয়া । কলাই মানুহৰ মনৰ কঠোৰ প্ৰবৃত্তিবোৰ কোমলাব পাৰে,কলা ৬৪ বিধ । ইয়াৰে ভিতৰত কবিতা,সংগীত,চিত্ৰবিদ্যা,স্থাপত্য আৰু ভাস্কৰ্য্য এই পাঁচবিধক সুকুমাৰ কলা বোলে । 
খ. সংগীত = সংগীত হৈছে সুকুমাৰ কলাৰ এক অন্যতম বিভাগ । গীত,বাদ্য আৰু নৃত্যৰ সমলয়ক সংগীত বোলে । এই কলাই সকলোকে আকৰ্ষিত কৰে । সংগীতৰ স্তৰ সাতটা । ক্ৰমে সা,ৰে,গা,মা,পা,ধা,নি । 
গ. ব্যাস = ব্যাস হ'ল প্ৰাচীন কালৰ এজন মুনি । তেওঁ মহামুনি পৰাশৰৰ পুত্ৰ আছিল । তেওঁৰ প্ৰকৃত নাম আছিল কৃষ্ণ দ্বৈপায়ন । তেখেত মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হিচাপে জগত বিখ্যাত । বেদ ব্যাস কৰি তেখেত ব্যাস হিচাপে জনমানসত প্ৰখ্যাত হয় । 
ঘ. মক্কা = মক্কা আৰৱ দেশৰ ৰাজধানী আছিল । ইয়াতে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল । প্ৰাচীন এই চহৰখনক ইছলাম ধৰ্মৰ মানুহে পবিত্ৰ তীৰ্থস্থান জ্ঞান কৰে । 
ঙ. বশিষ্ঠ = ব্ৰহ্মাৰ মানসপুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি । সূৰ্যবংশৰ ৰজাসকলৰ কুল পুৰোহিত । গুৱাহাটী নগৰৰ দক্ষিণফালে পৰ্বতৰ কাণত থকা এখন তীৰ্থস্থান,ইয়াত বশিষ্ঠই আশ্ৰম কৰি আছিল । 
১৫. "ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ ।" -- কথাষাৰ বহলাই লিখা । 
উত্তৰ : গোটেই পৃথিৱী যেতিয়া অজ্ঞান আন্ধাৰত ডুব গৈ আছিল তেতিয়া ভাৰতবৰ্ষ এখন সভ্য দেশ আছিল । তেতিয়াই ভাৰতবৰ্ষই দৰ্শন,বিজ্ঞান,সাহিত্য,সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল । অতীতৰে পৰা ভাৰতবৰ্ষ ঋষি মুনিৰ দেশ,তপস্বী সাধকৰ দেশ হিচাপে খ্যাত । এই দেশতে বুদ্ধ,মহাবীৰ,কবীৰ,নানক,ৰামানন্দ,ৰামানুজ,চৈতন্যদেৱ,শংকৰদেৱ আৰু আন আন মহাপুৰুষসকলে ত্যাগৰ মন্ত্ৰ,উদাৰতাৰ বাণী আৰু আধ্যাত্মিকতাৰ প্ৰচাৰ কৰি গৈছে । পৌৰাণিক গ্ৰন্থসমূহৰ মাজত প্ৰকাশ পোৱা ভাৱ চিন্তাধাৰাৰ ঐক্যই ইয়াৰ বাসিন্দাসকলৰ মাজত মিলনৰ সেতু গঢ়ি দিছে । 
ভাব বিষয়ক : 
১৬. তলৰ শব্দবোৰৰ সন্ধি ভাঙা: 
    অনুষ্ঠান,জনাৰ্কীণ,স্বাধীন,জন্মাষ্টমী 
উত্তৰ : অনুষ্ঠান=অনু+স্থান । 
           জনাৰ্কীণ=জনা+অকীৰ্ণ । 
           স্বাধীন=স্ব+অধীন । 
           জন্মাষ্টমী=জন্ম+অষ্টমী । 
১৭. তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা : 
শাৰীৰিক,সামাজিক,ভৌগোলিক,ফুলনি,ভাৰতীয়,ফুলাম,অবিনাশী । 
উত্তৰ : শাৰীৰিক=শৰীৰ+ইক । 
           সামাজিক=সমাজ+ইক । 
           ভৌগোলিক=ভূগোল+ইক।
           ফুলনি=ফুল+অনি । 
           ভাৰতীয়=ভাৰত+ইয় । 
           ফুলাম=ফুল+আম । 
           অবিনাশী=অবিনাশ+ঈ । 
১৮. প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা । 
   হেতু,পৃথিৱী,গ্ৰন্থ,মাতা । 
উত্তৰ : হেতু=কাৰণ । 
           পৃথিৱী=জগত,ধৰণী । 
            গ্ৰন্থ=কিতাপ,পুথি । 
            মাতা=মা,মাতৃ । 
১৯. বিপৰীত শব্দ লিখা : 
   পাৰ্থক্য,ত্যাগ,বৈচিত্ৰ্য,প্ৰাচীন ।
উত্তৰ : পাৰ্থক্য=সাদৃশ্য । 
            ত্যাগ=গ্ৰহণ । 
            বৈচিত্ৰ্য=ঐক্য । 
            প্ৰাচীন=আধুনিক । 


       ____________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই