বতৰ আৰু জলবায়ু

নৱম শ্রেণীৰ ভূগোল (Elective) পাঠ্যপুথিৰ প্ৰথম পাঠগোটৰ  (প্ৰাকৃতিক ভূগোল) প্ৰথম অধ্যায়ৰ প্ৰশ্নোত্তৰ । 
               অনুশীলনী 
১. বতৰ আৰু জলবায়ু বুলিলে কি বুজা ? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা । 
উত্তৰ : কোনো এখন ঠাইত কম সময়ৰ বাবে,যেনে- কেইঘন্টামান বা দিনটো,অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বুলি কোৱা হয় । 
       প্ৰতিদিন,প্ৰতি ঋতু আৰু প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও ৩০ বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলা হয় । 
       বতৰ আৰু জলবায়ুৰ পাৰ্থক্য হ'ল -- বতৰ বুলিলে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায় । আনহাতে,জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে বুজোৱা হয় । আকৌ যিহেতু বতৰৰ উপাদান,যেনে- উত্তাপ,চাপ,আৰ্দ্ৰতা আদিৰ পৰিৱৰ্তন কম দূৰত্বৰ ব্যৱধানতে সংঘটিত হয়,গতিকে বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থা বুজায় । কিন্তু জলবায়ুৰ এই ধাৰণাটো সাধাৰণতে একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়,যেনে- অসমৰ জলবায়ু,ব্ৰহ্মপুত্ৰ উপত্যকাৰ জলবায়ু ইত্যাদি ।
২. বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা । 
উত্তৰ : বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল --- উত্তাপ,চাপ,আৰ্দ্ৰতা,বতাহ আৰু অধঃক্ষেপ । 
৩. বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা । 
উত্তৰ : বতৰ আৰু জলবায়ুৰ উপাদনবোৰৰ বিষয়ে তলত বহলাই লিখা হ'ল ---
ক. উত্তাপ=সূৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয় । বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায় । 
খ. চাপ=বায়ু এবিধ গেছীয় পদাৰ্থ । ইয়াৰ ভৰ আৰু চাপ আছে দুয়োটাই আছে । বায়ুৰ সমষ্টিয়েই হৈছে বায়ুমণ্ডল । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য দুটা কাৰণত সংঘটিত হয়,যেনে- i. বায়ুৰ উষ্ণতা, ii. পৃথিৱী পৃষ্ঠৰ উচ্চতা । 
গ. আৰ্দ্ৰতা=বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজা যায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়,যেনে- চৰম আৰু আপেক্ষিক আৰ্দ্ৰতা । 
ঘ. বতাহ=বায়ুয়ে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে । বায়ুৰ এনে গতিক বতাহ বোলে । 
ঙ. অধঃক্ষেপ=বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয় । ফলত জলকণাবিলাক বায়ুমণ্ডলৰ মাজেদি ভূ-পৃষ্ঠলৈ নামি আহে,তেতিয়া ইয়াক অধঃক্ষেপ বুলি কোৱা হয় । 
৪. উত্তাপ,চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা । 
উত্তৰ : উত্তাপ,চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান । এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈথাকে । বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায় । বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয় । সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে । বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুয়ে প্ৰয়োগ কৰা বল । বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলক বিলাকৰ দৰেই ইয়াৰ চাপো এটা পৰিৱৰ্তনশীল চলক । বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে । 
      বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়,যেনে- চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা । 
৫. বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা । 
উত্তৰ : বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে । এনে কাৰণত ভূ-পৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইৰ বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয় । বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে ।
৬. বতাহ কিয় বলে ? 
উত্তৰ : বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয় । পানী যেনেকৈ ওখ ঠাইৰ পৰা দ' ঠাইলৈ বৈ যায় ঠিক তেনেদৰে বায়ুৱেও উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে । ফলত বতাহ বলে । পৃথিৱীৰ আহ্নিক গতিৰ বাবে বায়ু প্ৰৱাহ ঘটে । 
৭. অধঃক্ষেপ বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা । 
উত্তৰ : বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়,তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয় । ফলত জলকণাবোৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূ-পৃষ্ঠলৈ নামি আহে । তেতিয়া ইয়াকে অধঃক্ষেপ বুলি কোৱা হয় । বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপ হৈছে - নিয়ৰ,হিম,ঘনকুঁৱলী,পাতল কুঁৱলী(mist),তুষাৰ কণা-বৃষ্টি(sleet),তুষাৰপাত,বৰষুণ,কিনকিনীয়া বৰষুণ(drizzle) ইত্যদি ।
৮. বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা ।
উত্তৰ : বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হৈছে- অক্ষাংশ,উচ্চতা,সমুদ্ৰৰ সান্নিধ্য,সমুদ্ৰ সোঁত,পৰ্বত-পাহাৰৰ অৱস্থান,বায়ুপ্ৰবাহ,ভূমিৰ ঢাল আৰু উদ্ভিদ । 
৯. বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা । 
উত্তৰ : বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা হ'ল --
ক. অক্ষাংশ= জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ । ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস-বৃদ্ধি হয় । সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তিব্ৰতা বাঢ়ে । 
খ. উচ্চতা= ভূ-পৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে  উত্তাপৰো পাৰ্থক্য হয় । সাধাৰণতে গড় হিচাপে প্ৰতি এক কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় ৬.৫° চেন্টিগ্ৰেড উত্তাপ কমি যায় । 
গ. সমুদ্ৰৰ সান্নিধ্য= গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে আৰু শীতকালত স্থলভাগ যেতিয়া ঠাণ্ডা হয়,তেতিয়া জলভাগ আপেক্ষিকভাৱে গৰম হৈ থাকে । 
ঘ. সমুদ্ৰ সোঁত= সমুদ্ৰৰ সোঁতৰ প্ৰভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰিত হয় । কিছুমান সমুদ্ৰ সোঁত গৰম আৰু কিছুমান চেঁচা হয় । 
ঙ. পৰ্বত-পাহাৰৰ অৱস্থান= পৰ্বত-পাহাৰৰ অৱস্থানেও কোনো ঠাইৰ জলবায়ুত প্ৰভাৱ বিস্তাৰ কৰে । পাহাৰ-পৰ্বতৰ অৱস্থানৰ বাবে বায়ু চলা-চল বাধাগ্ৰস্ত হয় । জলীয়বাষ্প কঢ়িয়াই অনা কোনো বায়ুৰাশি যদি পৰ্বতৰ ঢালত ঠেকা খাই উৰ্ধগামী হয়,তেতিয়া পৰ্বতৰ প্ৰতিবাত ঢালত প্ৰচুৰ বৰষুণ হয় ।
চ. বায়ুপ্ৰবাহ= বায়ুপ্ৰবাহ বা বতাহে এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে । বৈশিষ্ট্যৰ ভিত্তিত বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে,যেনে- শুকান বতাহ,জলীয়বাষ্পযুক্ত বতাহ,গৰম বতাহ,শীতল বতাহ ইত্যাদি । 
ছ. ভূমিৰ প্ৰকৃতি= গঠন অনুসৰি ভূমিৰ প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায়,যেনে-- বালিময়,শিলাময়,পলসুৱা ইত্যাদি । শিলাময় আৰু বালিময় মাটি সূৰ্যৰ তপত সোনকালে গৰম হয় আৰু পিছত তাপ বিকিৰণ কৰি সোনকালে চেঁচাও হয় । 
জ. ভূমিৰ ঢাল= বতৰ আৰু জলবায়ুৰ কাৰক হিচাপে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া । কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মুখে এঢলীয়া হ'লে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয় । 
ঝ. উদ্বিদ= উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । উদ্ভিদেৰে পূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে । অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সঘনে বৰষুণ হয় । 
১০. জলবায়ুৰ প্ৰকাৰবোৰ কি কি ? 
উত্তৰ : জলবায়ুৰ প্ৰকাৰবোৰ হৈছে--ক.বিষুৱীয় জলবায়ু ,
          খ.মৌচুমী জলবায়ু ,
          গ.ছাভানা জলবায়ু ,
          ঘ.উষ্ণ মৰু জলবায়ু ,
          ঙ.নাতুশীতোষ্ণ মৰু জলবায়ু ,
          চ.ভূমধ্যসাগৰীয় জলবায়ু ,
          ছ.নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু ,
         জ.নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু ,
         ঝ.নাতিশীতোষ্ণ সাগৰীয় জলবায়ু ,
        ঞ.পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু ,
        ট.উপ-মৰুদেশীয়(টাইগা)জলবায়ু ,
        ঠ.তুন্দ্ৰা জলবায়ু ।
১১. চমুটোকা লিখা : 
উত্তৰ : ক. আপেক্ষিক আৰ্দ্ৰতা= বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয় । য়েনে-- চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা ।  আপেক্ষিক আৰ্দ্ৰতা হৈছে এক অনুপাত যাক শতকৰা হিচাপত প্ৰকাশ কৰা হয় । কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয় বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে । 
খ. বায়ুমণ্ডলীয় চাপ = বায়ু এবিধ গেছীয় পদাৰ্থ । ইয়াৰ ভৰ আছে আৰু সেইবাবেই ইয়াৰ চাপো আছে । বায়ুৰ সমষ্টিয়েই হৈছে বায়ুমণ্ডল । গতিকে বায়ুমণ্ডলৰো চাপ আছে । বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবেই তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হৈ পৰে,ফলত ঘনত্বও বাঢ়ে । ঘনত্ব বাঢ়িলে চাপ বাঢ়ে । গতিকে বায়ুমণ্ডলৰ নিম্নভাগত চাপ বেছি হয় । 
গ. চাপ-বলয় = পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটামান বায়ুৰ চাপ-বলয় চিনাক্ত কৰা হৈছে,যেনে-- ক. নিৰক্ষীয় নিম্ন চাপ বলয়, খ. উপ-ক্ৰান্তীয় উচ্চ চাপ-বলয়, গ. উপমেৰু দেশীয় নিম্ন চাপ-বলয়, ঘ. মেৰুদেশীয় উচ্চ চাপ-বলয় । 
ঘ. ভিন্ন প্ৰকাৰৰ বৃষ্টিপাত = বৃষ্টিপাত ভিন্ন প্ৰকাৰৰ হয় । যেনে-- পৰিচালনা বৃষ্টি,শৈলোৎক্ষেপ বৃষ্টি,ঘূৰ্ণী বৃষ্টি,অক্ষীয় বৃষ্টি,অৰণ্য বৃষ্টি । 
ঙ. জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ = জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ । ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস-বৃদ্ধি হয় । সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে । ইয়াৰ বিপৰীতে বেকাঁ বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা কম হয় অৰ্থাৎ উত্তাপ কমে । 
চ. জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ = উদ্ভিদে জলবায়ুৰ ওপৰত-প্ৰত্যক্ষ প্ৰভাৱ পেলায় । উদ্ভিদেৰে পূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে । অৰণ্য অঞ্চলৰ বায়ুৰাশি চেচাঁ হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু এনে অঞ্চলত সঘনে বৰষুণ হয় । কিন্তু উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাত পৰিমাণ কম হয় । 
ছ. মৌচুমী জলবায়ু = এই জলবায়ু ১০° উঃ আৰু ৪০° উঃ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশত আৰু দক্ষিণ গোলাৰ্ধৰ অঞ্চল বিশেষে বিৰাজ কৰে । উত্তৰ গোলাৰ্ধৰ বিশেষকৈ ভাৰতবৰ্ষ,বাংলাদেশ,দক্ষিণ-পূব এছিয়া,দক্ষিণ-চীন,দক্ষিণ-জাপান,উত্তৰ-পূব আফ্ৰিকা,মেক্সিকো আৰু ফ্ল'ৰিডাত এই জলবায়ু অনুভূত হয় । দক্ষিণ গোলাৰ্ধত অষ্ট্ৰেলিয়া আৰু মালাগাচিৰ উত্তৰ অংশত এই জলবায়ু পোৱা যায় । 
জ. টাইগা জলবায়ু = পৃথিৱীৰ ৫০° আৰু ৬৫° অক্ষাংশৰ মাজৰ উপ মেৰু অঞ্চলবোৰত এই জলবায়ু বিৰাজ কৰে । গ্ৰীষ্মকালত এই জলবায়ুৰ অন্তৰ্গত অঞ্চলসমূহত উত্তাপ ১০° ৰ পৰা ৩০° চেন্টিগ্ৰেডৰ ভিতৰ আৰু শীতকালত উত্তাপ সাধাৰণতে ২.৫° চেন্টিগ্ৰেডৰো কম হয় । কিছুমান ঠাইত উত্তাপ প্ৰায়ে ০° চেন্টিগ্ৰেডৰ তলত থাকে । পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই 'ভাৰখয়নক্স' এই জলবায়ুৰ অন্তৰ্গত । 
ঝ. ভূমধ্যসাগৰীয় জলবায়ু = ভূমধ্যসাগৰীয় জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণৰ ৩০° ৰ পৰা ৪৫° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলবোৰত দেখা যায় । উত্তৰ গোলাৰ্ধত এই জলবায়ু ভূমধ্যসাগৰৰ কাষৰীয়া অঞ্চলত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত অনুভূত হয় আৰু দক্ষিণ গোলাৰ্ধত চিলেন উপকূলত,আফ্ৰিকাৰ দক্ষিণ উপকূলত আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূলত । 
ঞ. ছাভানা জলবায়ু = ছাভানা জলবায়ুক ছুডান জলবায়ু বুলিও কোৱা হয় । এই জলবায়ু প্ৰধানকৈ ছুডান,মধ্য ভাৰত,আফ্ৰিকাৰ উত্তৰ আৰু মধ্য ভাগ,ব্ৰাজিলৰ দক্ষিণাংশ,আৰ্জেন্টিনা,ভেনিজুৱেলা আৰু অষ্ট্ৰেলিয়াৰ মধ্যভাগৰ কিছুমান অঞ্চলত পোৱা যায় । ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে-- ২৭°-২৮° চেন্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ হৈছে ১০° ৰ পৰা ১৫° চেন্টিগ্ৰেড । বাৰ্ষিক গড় হিচাপত ২৫ ৰ পৰা ৪০ ছেঃমিঃ বৰষুণ হয় আৰু বৰষুণ সাধাৰণতে গ্ৰীষ্মকালৰ শেষভাগত দেখা যায় । 
ট. তুন্দ্ৰা জলবায়ু = সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে । এই জলবায়ু এছিয়া,কানাডা আৰু এণ্টাৰ্কটিকাত পোৱা যায় । ইয়াত ছমাহ অতি ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু বাকী ছমাহ ৰাতি হয় । গ্ৰীষ্মকালত উত্তাপ কেৱল ১০° চেন্টিগ্ৰেড পৰ্যন্ত হয়,কিন্তু শীতকালত উত্তাপ ০° চেন্টিগ্ৰেডতকৈ কম থাকে । ইয়াত ভূপৃষ্ঠভাগ বছৰৰ ৯ মাহ ধৰি বৰফেৰে আবৃত হৈ থাকে বাবে ইয়াত কেৱল শেলুৱৈজাতীয় উদ্ভিদহে গজে । ইয়াৰ জনবসতি অতিকে সেৰেঙা । প্ৰধানকৈ 'এক্সিম'সকলে অতি কষ্টকৰ জীৱন-যাপন কৰে ।
১২. চমুকৈ উত্তৰ দিয়া : 
ক. বায়ুমণ্ডল ভূ-পৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে ? 
উত্তৰ : বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিঃমিঃ উচ্চতালৈ প্ৰসাৰিত হৈ আছে । 
খ. ক্ৰটি হাৰ কি ? 
উত্তৰ : বায়ুমণ্ডলৰ মাজৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা হাৰক ক্ৰটি-হাৰ (Lapse rate) বুলি কোৱা হয় । 
গ. সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান ? 
উত্তৰ : সাগৰ পৃষ্ঠত ১৫° চেন্টিগেড উত্তাপত বায়ুমণ্ডলৰ চাপ ১০১৩.২ মিলিবাৰ । 
ঘ. বায়ুৰ আৰ্দ্ৰতা বুলি কি বুজা ? 
উত্তৰ : বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায় । 
ঙ. সংপৃক্ত বায়ু কাক বোলে ? 
উত্তৰ : কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয় বাষ্প ধাৰণ কৰিব পাৰে,ঠিক সিমানখিনি জলীয়বাষ্পই যদি বায়ুখিনিত থাকে,তেন্তে সেই বায়ুক সংপৃক্ত (Saturated) বায়ু বোলে । 
চ. বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান ? 
উত্তৰ : বিষুৱীয় অক্ষাংশ বিস্তৃতি হৈছে ১০° উঃ আৰু দঃ অক্ষৰেখাৰ মাজত । 
ছ. কেম্প'চ ঘাঁহনি অঞ্চল কোন জলবায়ুৰ অন্তৰ্গত ? 
উত্তৰ : কেম্প'চ ঘাঁহনি অঞ্চল ছাভানা জলবায়ু অঞ্চলৰ অন্তৰ্গত । 
জ. নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা ।
উত্তৰ : নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি হৈছে উত্তৰ আৰু দক্ষিণে ৩০° ৰ পৰা ৪০° অক্ষাংশৰ মাজত । 
ঝ. চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা হয় । 
উত্তৰ : চীনদেশীয় জলবায়ুক নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু বুলি কোৱা হয় । 
ঞ. অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া । 
উত্তৰ : অনিয়মিত বতাহৰ এটা উদাহৰণ হৈছে পছোৱ বতাহ । 
ট. উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি ?
উত্তৰ : সকলো ঠাইতে বা সকলো সময়তে বায়ুত জলীয়বাষ্পৰ পৰিমাণ একে নাথাকে । বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে । সেয়ে উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি । 
ঠ. বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি ? 
উত্তৰ : বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবেই তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হৈ পৰে,ফলত ঘনত্বও বাঢ়ে । গতিকে বায়ুমণ্ডলৰ নিম্নভাগত চাপ বেছি হয় । 
    
         ________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই