কৰ'ণা মহামাৰী(ৰচনা)
Assamese essay on Covid-19
আৰম্ভণি :
মানৱ ইতিহাসৰ এটা ভয়াবহ ঘটনা হৈছে কৰ'ণা মহামাৰী বা Covid-19 ৰোগ । এই মহামাৰীয়ে গোটেই বিশ্বকে ত্ৰস্তমান কৰি স্তব্ধ কৰি পেলালে । লাখ লাখ মানুহৰ মৃত্যুৱে কঁপাই তুলিলে সকলোৰে অন্তৰ । এই মহামাৰী পৃথিৱী ব্যাপি সিচঁৰতি হৈ পৰে,যাৰ ফলত অৰ্থনৈতিক,সামাজিক শৈক্ষিক আদি সকলো দিশতে অপূৰণীয় ক্ষতি হ'ল ।
ৰোগৰ উৎপত্তি :
"Covid-19" বা "Corona virus disease" ৰোগবিধ "SARS-Cov-2" ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ । এই ৰোগ প্ৰথমে 2019 চনত,চীন দেশৰ য়ুহান চহৰত আৰম্ভ হৈছিল । ক্ৰমান্বয়ে এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰে আৰু গোটেই বিশ্বকে গ্ৰাস কৰি পেলায় ।
ৰোগৰ লক্ষণ আৰু সংক্ৰমণ :
"Covid-19" ৰোগৰ মুখ্য লক্ষণসমূহ হৈছে-- জ্বৰ,শুকান কাহ আৰু ভাগৰ লগা । গৌণ লক্ষণসমূহ হৈছে-- মূৰ কামোৰণি,গাৰ বিষ,ডিঙি চেৰচেৰোৱা,পানী পায়খানা হোৱা,সোৱাদ আৰু গোন্ধ নোপোৱা,চকু ৰঙা পৰা ইত্যাদি । এই ৰোগৰ গুৰুতৰ লক্ষণবোৰ হৈছে উশাহ লোৱাত কষ্ট পোৱা,বুকুৰ বিষ,কথা ক'ব নোৱাৰা আৰু খোজ কাঢ়িব নোৱাৰা ইত্যাদি ।
এই ৰোগ অতি সহজে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে । এই ৰোগত আক্ৰান্ত হোৱা এজন ব্যক্তিয়ে কাহিলে বা হাঁচি মাৰিলে বা কথা পাতোতে ওলোৱা কণিকা আন এজনৰ গাত পৰিলে ৰোগ বিয়পিব পাৰে । তাৰোপৰি আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা বা তেনে লোকে ব্যৱহাৰ কৰা বস্তু চুই চকু,নাক আৰু মুখত হাত লগালেও এই ৰোগ হ'ব পাৰে ।
অৰ্থনৈতিক দিশত প্ৰভাৱ :
কৰ'ণা মহামৰীয়ে বিশ্বৰ অৰ্থনীতিক অধিক ক্ষতিগ্ৰস্ত কৰে । মহামাৰী নিয়ন্ত্ৰণৰ বাবে পৃথিৱীৰ প্ৰায়বোৰ দেশে তলাবন্ধ(lockdown)ৰ ব্যৱস্থা গ্ৰহণ কৰে । দীঘলীয়া তলাবন্ধৰ ফল প্ৰতিখন দেশৰে কৃষি,শিল্প,বাণিজ্য,যাতায়াত আদি সকলো দিশ বন্ধ হৈ পৰে । মুঠ ঘৰুৱা উৎপাদনৰ হাৰ দ্ৰুতগতিত নিম্নগামী হয় । ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ বন্ধ হৈ পৰাৰ ফলত অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হয় ।
সামাজিক দিশত প্ৰভাৱ :
কৰ'ণা মহামৰীয়ে সমাজ জীৱনত বেয়াকৈ প্ৰভাৱ পেলায় । সামাজিক বা শাৰীৰিক দূৰত্ব বজাই ৰখাটো জৰুৰী হৈ পৰা বাবে সকলো ধৰণৰ সামাজিক অনুষ্ঠান,উৎসৱ পাৰ্বণ আদি বাতিল কৰা হয় । ফলত সমাজ জীৱনত এক অকল্পনীয় প্ৰতিবন্ধকে দেখা দিয়ে ।
শৈক্ষিক দিশত প্ৰভাৱ :
কৰ'ণা মহামৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্কুল-কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান দীৰ্ঘদিনৰ বাবে বন্ধ কৰি দিয়া হয়'ফলত ছাত্ৰ-ছাত্ৰীসকল আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগীয়া হয় । আনকি শিক্ষাবৰ্ষ কেইবামাহো ধৰি পিছুৱাই দিব লগা হয় ।
ল'বলগীয়া সাৱধানতাসমূহ :
কৰ'ণা মহামৰীৰ পৰা হাত সাৰি থাকিব বাবে ল'ব লগা সাৱধানতাবোৰ হৈছে-- শাৰীৰিক দূৰত্ব বজাই ৰখা,মুখত মাস্ক পৰিধান কৰা,ঘনাই চাবোনেৰে হাত ধোৱা ইত্যাদি ।
প্ৰতিষেধক :
প্ৰতিষেধক হৈছে "Covid-19"ৰ দৰে মহামাৰী প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায় । বছৰ জোৰা মহামাৰী সন্ত্ৰাসৰ পৰা মানৱ সমাজক মুক্ত কৰিবৰ বাবে বিভিন্ন দেশৰ বিষাণুবিদ আৰু অণুজীৱবিদসকলে অহৰহ চেষ্টা কৰি আছে । তাৰে কেইটামান প্ৰতিষেধক মানৱ দেহত সফলতাৰে পৰীক্ষা কৰা হৈছে । ভাৰতবৰ্ষতো নিজাববীয়াকৈ Bharat Biotech আৰু Zydus Cadila নামৰ কোম্পানী দুটাই প্ৰতিষেধক প্ৰস্তুতৰ কাম সফলতাৰে আগবঢ়াইছে ।
সামৰণি :
কৰ'ণা মহামৰীয়ে একবিংশ শতিকাৰ মানৱ সমাজক প্ৰায় পংগু কৰি পেলালে । বিশ্বৰ প্ৰায়বোৰ দেশতে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা অতি বেছি । সকলোৰে বাবে প্ৰতিষেধক উপলব্ধ নোহোৱালৈকে বা প্ৰতিষেধক দিয়া কাম শেষ নোহোৱালৈকে এই তাৎক্ষণিকভাবে বিয়পা ৰোগবিধৰ পৰা বাচি থাকিবলৈ ব্যক্তিগত সাৱধানতা লোৱা নিতান্তই প্ৰয়োজন । "Covid-19" ৰোগ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ,বিভাগীয় কৰ্তৃপক্ষ,ডাক্তৰ-নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীসকলে যিধৰণৰ কৰ্যপন্থা গ্ৰহণ কৰিলে সেয়া সচাঁকৈয়ে প্ৰশংসনীয় ।
______________