আমাৰ চাৰিওকাষৰ বস্তুবোৰ
নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ১ নং পাঠৰ প্ৰশ্নোত্তৰ ।
অনুশীলনী
১. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা ---
a. 293k b. 470k
উত্তৰ : a. 293k
=293 - 273
=20°c
b. 470k
=470 - 273
=197°c
২. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা ---
a. 25°c b. 373°c
উত্তৰ : a. 25°c
=25 + 273
=298k
b. 373°c
=373 + 273
= 646k
৩. কাৰণ দৰ্শোৱা -----
a. খোলা ঠাইত নেফথেলিন বল কেইদিমান থৈ দিলে নাইকিয়া হয়।
উত্তৰ : খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কাৰণ নেফথেলিন এনে এবিধ পদাৰ্থ যি তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ হয় । এই প্ৰক্ৰিয়াক উৰ্ধপাতন বোলে ।
b. দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় ।
উত্তৰ : বায়ুৰ কণিকাবোৰে সিহঁতৰ মাজত আকৰ্ষণ কম আৰু ব্যৱধান বেছি থকা বাবে সকলো দিশত ঘূৰি ফুৰিব পাৰে । ইহঁতৰ গতিশক্তি বহুত বেছি সেইবাবে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় ।
৪. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা --- পানী,চেনি আৰু অক্সিজেন ।
উত্তৰ : অক্সিজেন,পানী আৰু চেনি ।
৫. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?
a. 25°c b. 0°c c.100°c
উত্তৰ : a. 25°c
= জুলীয়া ।
b. 0°c
= বৰফ(গোটা) ।
c.100°c
= উতলন ।
৬. যুক্তি দৰ্শাই ব্যাখ্যা কৰা ----
a. সাধাৰণ উষ্ণতাত পানী জুলীয়া।
উত্তৰ : সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ --
i. পানীৰ নিৰ্দিষ্ট গঢ় বা আকৃতি নাই । সিহঁতক যি পাত্ৰত ৰখা হয় তাৰে আকৃতি লয় ।
ii. পানী বৈ যাব পাৰে,আকাৰ সলাব পাৰে,ইহঁত দৃঢ় নহয় ।
b. সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন ।
উত্তৰ : সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন কাৰণ ---
i. লোৰ আলমাৰিটোৰ নিৰ্দিষ্ট গঢ় বা আকৃতি আছে ।
ii. লোৰ আলমাৰিটোৰ স্পষ্ট পৰিসীমা আছে ।
iii. ইয়াৰ স্থিৰ আয়তন আছে ।
iv. ইয়াৰ সংকোচনশীলতা অতি নগণ্য ।
v. ই দৃঢ় ।
৭. 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?
উত্তৰ : 273k উষ্ণতাত থকা পানীত একে উষ্ণতাৰ বৰফৰ তুলনাত অধিক শক্তি থাকে । পানীয়ে এই অতিৰিক্ত শক্তি বৰফৰ পৰা পানীলৈ ৰূপান্তৰ হওঁতে প্ৰয়োগ হোৱা লীন তাপৰ পৰা লাভ কৰে । সেয়েহে 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে ।
৮. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰ : পানীৰ ভাপে বেছিকৈ পুৰিব কাৰণ উতলা পানীতকৈ ভাপত বেছি শক্তি থাকে । পানীৰ ভাপে এই শক্তি উতলা পানীৰ পৰা ভাপলৈ ৰূপান্তৰ হওঁতে প্ৰয়োগ হোৱা লীন তাপৰ পৰা লাভ কৰে ।
______________________