চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

নৱম শ্ৰেণীৰ  সমাজবিজ্ঞানৰ 'ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান ' বিভাগৰ ২ নং পাঠৰ প্ৰশ্নোত্তৰ । 
                অনুশীলনী 
অতি চমু উত্তৰৰ প্ৰশ্ন : 
১. চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন ? 
উত্তৰ : চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হৈছে প্লেটো । 
২. বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ ? 
উত্তৰ : বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ । 
৩. সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা । 
উত্তৰ : সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল ভাৰতবৰ্ষ । 
৪. সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন ? 
উত্তৰ : সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল ৰজা/ৰাণী/ৰাষ্ট্ৰপতি । 
৫. ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে ? 
উত্তৰ : ক্ষমতাৰ পৃথকীকৰণ নীতি যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ থাকে । 
৬. ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা । 
উত্তৰ : ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ । 
৭. এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা । 
উত্তৰ : এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল জাপান । 
৮. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি ? 
উত্তৰ : যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ'ল কেন্দ্ৰচৰকাৰ আৰু ৰাজ্যচৰকাৰ ।
৯. ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে ? 
উত্তৰ : ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে । 
১০. ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে ? 
উত্তৰ : ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই । 
চমু উত্তৰৰ প্ৰশ্ন : 
১. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা । 
উত্তৰ : সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল --
i. দুজন মুৰব্বী= এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে । এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ'ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজা/ৰাণী/ৰাষ্ট্ৰপতি) নামমাত্ৰ কাৰ্যপালিকাহে । 
ii. কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য= এই চৰকাৰত কাৰযপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলো সদস্য । 
২. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা । 
উত্তৰ : সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ হ'ল --
দুটা দোষ »
i. ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়িনী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে । যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে ।
ii. এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে । দলবিলাকৰ মাজত থকা অন্তঃকন্দলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় । 
দুটা গুণ »
i. সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে । ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি । 
ii. এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে । 
৩. ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ? 
উত্তৰ : ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ'ল ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় । দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন । বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে । সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰযপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰযক্ৰমণিকাত অংশ ল'ব নোৱাৰে । 
৪. ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা । 
উত্তৰ : ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল -- 
ক. ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্য নাই । 
খ. বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল।
দীঘল উত্তৰৰ প্ৰশ্ন : 
১. ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা । 
উত্তৰ : ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ হ'ল --
গুণসমূহ »
i. ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেঁওক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয় । ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে । 
ii. ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায় । উল্লেখযোগ্য যে এই চৰকাৰত 'অৱৰোধন আৰু সন্তুলন'(checks and balance) নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্চাচাৰী হ'ব নোৱাৰে । 
iii. এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী । যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিজনৰ ওপৰত কেন্দ্ৰীভূত হৈ থাকে,গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্ৰভাৱে লোৱাতো সহজ হয় । 
iv. কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰি । 
v. যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । 
দোষসমূহ » 
i. ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে স্বেচ্চাচাৰী হোৱাৰ আশংকা থাকে।
ii. ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে । সামগ্ৰিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায় । 
iii. ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান । সংবিধানখন অনমনীয় হ'লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জতিলতা আহে । 
iv. ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক । 
v. এই চৰকাৰত মন্ত্ৰীত্ব(ছেক্ৰেটেৰী/সচিব) লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে । 
২. এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা । 
উত্তৰ : এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল ---
i. শক্তিশালী কেন্দ্ৰীয় চৰকাৰ । 
ii. লিখিত অথবা অলিখিত সংবিধান । 
iii. একক নাগৰিকত্ব । 
iv. দুৰ্বল ন্যায়পালিকা । 
v. নমনীয় সংবিধান । 

        ____________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই