ভক্ত প্ৰহ্লাদ
অষ্টম শ্রেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৫ নং পাঠৰ প্ৰশ্নোত্তৰ ।
১. উত্তৰ দিয়া ।
ক. 'ভক্ত প্ৰহ্লাদ' নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা ।
উত্তৰ : 'ভক্ত প্ৰহ্লাদ' নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটা হ'ল -----
i. হৰি(ত্ৰিজগতৰ ত্ৰাণকৰ্তা,ভক্তবৃন্দৰ উপাস্য দেৱতা)
ii. হিৰণ্যকশিপু(দৈত্যৰাজ,হৰিৰ চিৰবৈৰী)
iii. প্ৰহ্লাদ(হিৰণ্যকশিপুৰ পুত্ৰ,ভগৱানৰ একান্ত ভক্ত)
iv. ষণ্ডামৰ্ক(দৈত্যগুৰু)
v. মহাৰাণী(হিৰণ্যকশিপুৰ পত্নী,দৈত্যৰাণী) ।
খ. নাটিকাখন কেইটা দৃশ্যত বিভক্ত ?
উত্তৰ : নাটিকাখন ৫ টা দৃশ্যত বিভক্ত ।
গ. প্ৰহ্লাদৰ পিতৃৰ নাম কি ?
উত্তৰ : প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু ।
ঘ. হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল ?
উত্তৰ : হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম হিৰণ্যাক্ষ আছিল ।
ঙ. হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল ?
উত্তৰ : হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল ।
চ. প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযু্ক্তি দিয়া হৈছিল?
উত্তৰ : প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ দৈত্যগুৰু ষণ্ডামৰ্কক নিযুক্তি দিয়া হৈছিল ।
ছ. ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল ?
উত্তৰ : ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে ভগৱান বিষ্ণুক কৈছিল ।
জ. স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি ?
উত্তৰ : স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মনুহ আধা সিংহৰ ৰূপটোৰ নাম নৰসিংহ ।
ঝ. অসুৰৰ শাস্ত্ৰখনৰ নাম কি ?
উত্তৰ : অসুৰৰ শাস্ত্ৰখনৰ নাম হ'ল বামানয় শাস্ত্ৰ ।
২. লিখা ।
ক. কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ ? তোমাৰ কাষত আহি মই ৰৈছোঁহি,তুমি গমেই পোৱা নাইনে?----এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল ? সেই সময়ত প্ৰহ্লাদ কি ভাবত তন্ময় হৈ আছিল ?
উত্তৰ : উক্ত কথাষাৰ প্ৰহ্লাদক তেঁওৰ জ্যেষ্ঠ ভ্ৰাতৃৱে কৈছিল । সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তাত তন্ময় হৈ আছিল ।
খ. স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল ? তেঁওৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল ?
উত্তৰ : স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে ধৰি তেঁও নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল ।
৩. চমুকৈ লিখা ।
ক. প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্তমে লিখা ।
উত্তৰ : প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে হ'ল ------
i. এই ত্ৰিভুৱনৰ গৰাকী,ন্যায়ৰ প্ৰতিমূৰ্তি হৰিৰ মহিমা স্মৰণ কৰা কাৰ্যক কোনোপধ্যেই অনুচিত বুলিব নোৱাৰি ।
ii. ত্ৰিজগতৰ পিতৃস্বৰূপ হৰিৰ মহিমাক কোনে অৱজ্ঞা কৰে ?
iii. সকলো ধৰণৰ বিপদৰ পৰা মোক পৰম পিতাই ৰক্ষা কৰিব ।
iv. মোক একান্ত ভক্তিৰ শক্তিয়েই সদায় ৰক্ষা কৰিব । কিন্তু হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপোনাৰ অমংগল অথবা বিনাশৰো সম্ভাৱনা থাকে ।
v. তেখেত অকল মোৰেই প্ৰভু নহয়,সকলোৰে প্ৰভু । এই ধৰিত্ৰীৰ আকাশ,বতাহ,বায়ু,পানী সকলোতে পৰম পিতা হৰি সুপ্ত হৈ আছে । হৰি নোহোৱা ঠাই নায়েই । vi. হৰিৰ বিৰুদ্ধাচৰণৰ এয়া অনিবাৰ্য পৰিণতি । অন্যায় আৰু অহংকাৰ কৰাৰ বাবে আজি আমাৰ পিতৃ দেৱতাৰ এই কৰুণ দশা হ'ল ।
খ. বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল ?
উত্তৰ : বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰাৰ কাৰণ হ'ল ই হৰিভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্রীচৰণত শৰণ লৈছিল ।
গ. হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল ?
উত্তৰ : হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কোৱাৰ কাৰণ হ'ল-হৰি অৰ্থাৎ বিষ্ণুৱে হিৰণ্যকশিপুৰ ভ্ৰাতৃ হিৰণ্যাক্ষক বৰাহ অৱতাৰ লৈ দাঁতেৰে খুঁচি মাৰিছিল ।
ঘ. পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল ?
উত্তৰ : পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এনেদৰে কাকূতি কৰিছিল যে-----
"হে হৰি,আমাৰ সকলোকে শুভ বুদ্ধি দি আমাক ৰক্ষা কৰক । পিতৃৰ সকলো দোষ মাৰ্জনা কৰক ।"
ঙ. ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল ?
উত্তৰ : ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ এনেদৰে বুজনি দিছিল যে----
"চোৱা ৰাজকুমাৰ প্ৰহ্লাদ,তোমাৰ কন্ঠত হৰিনামে শোভা নাপায় । তুমি হ'লা দৈত্যবংশৰ পুত্ৰ,দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই । সেয়েহে আহা,বামানয় শাস্ত্ৰ পঢ়া,য'ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকনীয় অনেক কথা ।"
চ. প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল ?
উত্তৰ : প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি নোলোৱাৰ কাৰণ হ'ল ই হৰিভক্তিৰ বিৰুদ্ধ আছিল ।
৪. ব্যাখ্যা কৰা ।
"ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন "
উত্তৰ : উক্ত কথাফাঁকি 'ভক্ত প্ৰহ্লাদ' নামৰ পাঠটিৰ পৰা লোৱা হৈছে । কথাফাঁকিৰ জৰিয়তে ভাৰতীয় পৰম্পৰাগত ভক্তিধাৰাৰ ঐতিহ্যকেই প্ৰকাশ কৰা হৈছে ।
ভাৰতীয় ভক্তি-সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম । নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মাহাত্ম্য শ্রৱন-কীৰ্তন কৰিছিল । শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি । শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল । ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এই কাহিনী হ'ল এক গৌৰৱময় সংযোজন ।
৫. "মোৰ বিনাশ,হাঃ হাঃ হাঃ । বোধ কৰোঁ কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে । আনহাতে,মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয় । সেয়েহে মই নিশ্চিত, সহজে নহয় মোৰ বিনাশ ।"
-----এই সংলাপটো কোনে কাক কৈছে ? লিখা ।
উত্তৰ : উক্ত সংলাপটো দৈত্যৰাজ হিৰণ্যকশিপুয়ে তেওঁৰ পুত্ৰ ভগৱানৰ একান্ত ভক্ত প্ৰহ্লাদক কৈছে ।
৬. এটা শব্দত প্ৰকাশ কৰি লিখা।
উত্তৰ : ক. যাৰ সাহস আছে=সাহসী
খ. যি ঈশ্বৰক বিশ্বাস কৰে=ঈশ্বৰ বিশ্বাসী।
গ. যি বিষ্ণুক উপাসনা কৰে=বৈষ্ণৱ,বিষ্ণু উপাশক ।
ঘ. একে মাকৰ সন্তান=সহোদৰ।
ঙ. যি সঁচা কথা কয়=সত্যবাদী ।
চ. যাক দেখা নাযায়=অদৃশ্য।
৭. চমু উত্তৰ দিয়া ।
ক. ষণ্ডামৰ্কৰ পিতৃৰ নাম কি ?
উত্তৰ : ষণ্ডামৰ্কৰ পিতৃৰ নাম শুক্ৰাচাৰ্য ।
খ. বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল ?
উত্তৰ : বিষ্ণুৱে প্ৰধানকৈ দহটা অৱতাৰ ধাৰণ কৰিছিল ।
গ. বিষ্ণুৰ চতুৰ্থ অৱতাৰটোৰ নাম কি ?
উত্তৰ : বিষ্ণুৰ চতুৰ্থ অৱতাৰটোৰ নাম হ'ল বামন অৱতাৰ ।
ঘ. বামানয় শাস্ত্ৰ কি ?
উত্তৰ : বেদ-বিৰুদ্ধ শাস্ত্ৰ অৰ্থাৎ দৈত্যসকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বোলে ।
৮. বাক্য ৰচনা কৰা ।
উত্তৰ : চিৰবৈৰী= দৈত্যবংশত হৰিৰ নাম চিৰবৈৰী ।
হিংসা-দ্বেষ= সমাজৰ পৰা হিংসা-দ্বেষ আঁতৰ হ'লেহে শান্তি স্থাপন হ'ব ।
আকাশ-পাতাল= বিপদত অধৈৰ্য হৈ আকাশ-পাতাল চিন্তা কৰি থাকিলে বিপদৰ পৰা উদ্ধাৰ পাব নোৱাৰি ।
গৰিমা= প্ৰহ্লাদে হৰিভক্তিৰ গুণ-গৰিমা গাই থাকে ।
চালে চকুৰোৱা= তাই কোঠাটো চালে চকুৰোৱা কৈ সজাই তুলিলে।
শয়নে সপোনে= প্ৰহ্লাদে শয়নে সপোনে হৰিকে দেখে ।
____________________