সময়

নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)' নামৰ পাঠ্যপুথিৰ ৭ নং পাঠৰ প্ৰশ্নোত্তৰ । 
            অনুশীলনী
ভাব বিষয়ক : 
১. চমু উত্তৰ দিয়া : 
ক. সময়ক কিহৰ লগত তুলনা কৰিব পাৰি ? 
উত্তৰ : সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি ।
খ. কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ? 
উত্তৰ : কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় । 
গ. সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
উত্তৰ : সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ,কল্প,শতাব্দী ইত্যাদি । 
ঘ. সময়ৰ দণ্ড,পল,অনুপলক কি বোলা হয় ? 
উত্তৰ : সময়ৰ দণ্ড,পল,অনুপলক সময়ৰ সৰু সৰু ভগ্নাংশ বোলা হয়।
ঙ. সময় কি গতিত ঘূৰে ? 
উত্তৰ : সময় সদায় বৃত্তাকাৰ গতিত ঘূৰে । 
২. তাৎপৰ্য ব্যাখ্যা কৰা : 
ক. এলেহুৱাৰ দিন নাযায় নুপুৱায়।
উত্তৰ : কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি । কামত ব্যস্ত থকা মানুহে দিনটো কেতিয়ানো অতিবাহিত হৈ গ'ল গমকে নাপায়।কৰ্মী লোকৰ মানত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে । অনহাতে এলেহুৱাৰ দিন নাযায় নুপুৱায়,কৰ্মী মানুহৰ কাৰণে সেই দিনটো তেনেই চুটি । এলেহুৱা মানুহে কামৰ সলনি সময়ৰ চিন্তাহে কৰে । কাম নকৰি এনেয়ে সময় কটোৱা টান । তেওঁলোকৰ কাৰণে সময় বৰ দীঘলীয়া যেন লাগে । 
খ. মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন । 
উত্তৰ : ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে ।এলেহুৱাৰ কাৰণে এটা দিন যিমান দীঘলীয়া,দিনটো নাযায় নুপুৱাই,কৰ্মী মানুহৰ কাৰণে সেই দিনটা নিচেই চুটি । ঠিক সেইদৰে মানুহৰ কাৰণে এক কল্প ভাবিব নোৱাৰা দীঘলীয়া সময় । এক কল্প মানুহে অতিক্ৰম কৰা সম্ভৱেই নহয় । কিন্তু ব্ৰহ্মাৰ কাৰণে ই একো দীঘলীয়া সময় নহয় । ই তেওঁৰ কাৰণে এদিনৰ লেখীয়া । 
গ. কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি । 
উত্তৰ : কামৰ মাজেদি সময় কেনেকৈ পাৰ হয় ধৰিব পাৰি । যিসকল কৰ্মীলোক,সততে কামত ব্যস্ত থাকে তেওঁলোকৰ কাৰণে সময় বৰ মূল্যৱান । কিন্তু এলেহুৱাৰ দিন নাযায় নুপুৱায় । তেওঁলোকৰ কাৰণে দিনটো বৰ দীঘলীয়া হয় । সেয়েহে কৰ্মীসকলে সময়ৰ গতি ধৰিব পাৰে কিন্তু এলেহুৱা মানুহে সময়ৰ গতি ধৰিব নোৱাৰে । 
৩. পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া । 
উত্তৰ : পাঠটিৰ লেখকৰ সাহিত্যৰাজিসমূহ হ'ল ---- "তেওঁ 'সাৰথি','সাহিত্য-কলা','চিন্তামণি','জ্যোতিকণা','মানসী','সন্ধানী' ইত্যাদি ৰচনা কৰিছিল । তেওঁ 'আলোচনী' আৰু 'ন-জোন' কাকতৰ সম্পাদকো আছিল । তেওঁ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসনো শুৱনি কৰে ।"
৪. চাৰি-পাঁচোটা বাক্যত উত্তৰ দিয়া : 
ক. প্ৰাকৃতিক জগত বুলিলে কাক বুজায় ? 
উত্তৰ : গছ-গছনি,চৰাই-চিৰিকটি,বনৰীয়া জীৱ-জন্তু,কীট-পতংগ,পৰ্বত-পাহাৰ,নদ-নদী,জান-জুৰি,নিজৰা,বায়ু-প‍ানী,আকাশ,গ্ৰহ-নক্ষত্ৰ ইত্যাদিৰ অৱস্থান য'ত তাকেই প্ৰাকৃতিক জগত বুজা যায় । 
খ. কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি ? 
উত্তৰ : একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময়ৰ ভাগ কৰিব পাৰি । ধৰ্ম,কলা,সাহিত্য,বুৰঞ্জী,কিংবদন্তি,যুদ্ধ-বিগ্ৰহ,ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায় । সৎবৎ,শকাব্দ,হিজৰি,শংকৰাব্দ,চৈত্যনাব্দ ইত্যাদি সময়বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে । 
গ. লক্ষণাক্ৰান্ত মানে কি ? 
উত্তৰ : যুগ,কল্প,শতাব্দী,ঋতু,বছৰ,মাহ,দিন,ৰাতি,প্ৰহৰ,দণ্ড,পল,অনুপল---সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত । এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে । কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন,খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব,ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ ।
ঘ. বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল ? 
উত্তৰ : বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় সম্পৰ্কে অৱগত হৈছিল । এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে,তামোলখন খাই শেষ কৰা কথাটোৱে একেটা উশাহে নিৰ্দ্ধাৰিত কৰিছিল । বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল-চুটি হয়,তাক চাই সময় ঠিক কৰিছিল ।
৫. তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰা : 
ক. সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত । 
উত্তৰ : সময়ৰ এই ভাগবিলাক যেনে-যুগ,কল্প,শতাব্দী,ঋতু,বছৰ,মাহ,দিন-ৰাতি,প্ৰহৰ,দণ্ড,পল,অনুপল বিশেষ বিশেষ লক্ষণাক্ৰান্ত । এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে । কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন,খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব,ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ । 
খ. সময়ৰ টিকনিডাল হেনো আগফালে । 
উত্তৰ : সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে । কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে । সময়ৰ টিকনিত ধৰিবলৈ হ'লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব । অৰ্থাৎ সময় দ্ৰুত গতিত আগবাঢ়ি যায় । ইয়াক ক'তো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি । ইয়াৰ দ্বাৰা সময়ৰ বিশেষত্ব বুজাবলৈ বিচৰা হৈছে । 
গ. সময়ৰ জোখ কামতহে,ঘড়ীৰ কাঁইটকেইডালত নাই । 
উত্তৰ : তীব্ৰ বেগত সময় আগবাঢ়ে । যদিও ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰা হয়,কামৰ হিচাপেৰেহে প্ৰকৃততে সময় নিৰূপণ কৰিব লাগে । 
ঘ. সময় অমূল্য ধন বোলা কথাষাৰ সঁচা । 
উত্তৰ : সময় অমূল্য ধন বোলা কথাষাৰ সঁচা । একোজন ধনকুবেৰে এক মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে । এজন মানুহে হয়তো গোটেই জীৱনত একেলগে হাজাৰ টকা চকুৰে নেদেখে । ঘোঁৰা চেকুৰত এক মুহূৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকা পুৱাৰ দৃষ্টান্ত আছে । ঘন্টাত কুৰি মাইল যোৱা লৰী-মটৰ এখনৰ উপাৰ্জন ঘন্টাত দুমাইল যোৱা গৰুগাড়ীখনৰ সমান হ'ব নোৱাৰে । ঘনাই মাকোটো মাৰিব পৰা শিপিনীয়ে দিনটোত উলিওৱা দুখন গামোচাৰ মূল্য তিনিবাৰ টোঁৱাই মাকো মাৰি দিনটোত উলিওৱা এখন গামোচাৰ মূল্যতকৈ নিশ্চয় বেছি । 
৬. 'প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়'--প্ৰাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি ? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নিৰ্ণয়  কৰিব পাৰি ? 
উত্তৰ : 'প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় ।' প্ৰাকৃতিক জগতৰ গতি-বিধিবোৰ হ'ল ---- জাৰত ঠেঁটুৱৈয়ে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন ধৰিব পাৰি । পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা সময়ছোৱা দেখুৱাই দিয়ে । বেলিফুল সূৰ্যৰ লগে লগে ঘূৰে । ইয়াক বেলি-ঘড়ী বুলিব পাৰি । কঁঠালে মুচি পেলালে,আমে মলিয়ালে,ধান পকিলে,বাঁহে গাজ মেলিলে,ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায় । 
ভাষা-বিষয়ক : 
৭. সন্ধি ভাঙা : 
উত্তৰ : শকাব্দ=শক+অব্দ । 
খ্ৰীষ্টাব্দ=খ্ৰীষ্ট+অব্দ । 
শংকৰাব্দ=শংকৰ+অব্দ । 
চৈতন্যাব্দ=চৈতন্য+অব্দ ।
লক্ষণাক্ৰান্ত=লক্ষণ+আক্ৰান্ত । 
কল্পান্তৰ=কল্প+অন্তৰ ।
কৰায়ত্ত=কৰ+আয়ত্ত ।
মনস্ত‍াপ=মনঃ+তাপ ।

          __________________

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই