ভাৰতৰ ৰাজনৈতিক দল
নৱম শ্রেণীৰ সমাজ বিজ্ঞানৰ 'ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান' বিভাগৰ (প্ৰথম খণ্ড : ৰাজনীতি বিজ্ঞান)প্ৰথম পাঠৰ প্ৰশ্নোত্তৰ ।
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্ন :
১. একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা ।
উত্তৰ : একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন ।
২. আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি ?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ব্যৱস্থা ।
৩. ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ।
উত্তৰ : ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হ'ল "জনগণক ৰাজনৈতিক শিক্ষা দিয়া" ।
৪. ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰ : ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল-----(i) সংগঠন,
(ii) ক্ষমতা দখল বাবে আকাংক্ষা ।
৫. অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা ।
উত্তৰ : অসমৰ এটা আঞ্চলিক দলৰ নাম হ'ল 'অগপ' (অসম গণ পৰিষদ) ।
৬. ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি ?
উত্তৰ : ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটাে হ'ল 'ঝাৰখণ্ড মুক্তি মৰ্চা' ।
৭. ইউ পি এ (UPA)ৰ সম্পূৰ্ণ অৰ্থ লিখা ।
উত্তৰ : ইউ পি এ (UPA)ৰ সম্পূৰ্ণ অৰ্থ হ'ল United Progressive Alliance .
৮. ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো ?
উত্তৰ : ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ ।
৯. কাৰ নেতৃত্বত ''দি ইণ্ডিয়ান এছ'চিয়েচন'' গঠন হৈছিল ?
উত্তৰ : এছ.এন.বেনাৰ্জীৰ নেতৃত্বত ''দি ইণ্ডিয়ান এছ'চিয়েচন" গঠন হৈছিল ।
১০. ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰ : ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ।
চমু উত্তৰৰ প্ৰশ্ন :
১. গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী ?
উত্তৰ : গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী । কিয়নো বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায় ।
২. ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা ।
উত্তৰ : ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ"'ল
ক. সংগঠন,
খ. নীতি-আদৰ্শ আৰু আঁচনি,
গ. ক্ষমতা দখলৰ বাবে আকাংক্ষা,
ঘ. জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ।
৩. পাঁচটা আঞ্চলিক দলৰ নাম লিখা ।
উত্তৰ : পাঁচটা আঞ্চলিক দলৰ নাম হ'ল ---- এ.আই.ডি.এম.কে(তামিলনাডু), আকালি দল(পাঞ্জাৱ), তেলেগু দেশম(অন্ধ্ৰপ্ৰদেশ), নেচনেল কনফাৰেঞ্চ(জম্মু-কাশ্মীৰ) আৰু অসম গণ পৰিষদ(অসম) ।
৪. মৰ্চা চৰকাৰ বুলিলে কি বুজা ?
উত্তৰ : যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে । এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয় ।
দীঘল উত্তৰৰ প্ৰশ্ন :
১. সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা ।
উত্তৰ : সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ তলত দিয়া হ'ল ---
দুটা গুণ :
ক. পৰিস্থিতি আৰু সময় সাপেক্ষে = মৰ্চা চৰকাৰৰ পৰিস্থিতি আৰু সময় সাপেক্ষ । পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্ৰয়োজন ।
খ. জাতীয় ঐক্য সংহতি ৰক্ষা = মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি-আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে । ফলত জাতীয় ঐক্য-সংহতি বৃদ্ধি হয় ।
দুটা দোষ :
ক. দুৰ্বল চৰকাৰ = মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয় । অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে ।
খ. অংশীদাৰী দলৰ আকাংক্ষা = মৰ্চা চৰকাৰৰ অংশীদাৰ দলসমূহত বহুতো ৰাজনৈতিক নেতা থাকে আৰু বহু সময়ত তেওঁলোকৰ মূল লক্ষ্য হৈ পৰে ৰাজনৈতিক সুবিধা লাভ । ক্ষমতালোভী এনে নেতাৰ ব্যক্তিগত স্বাৰ্থই চৰকাৰখনক জনস্বাৰ্থবিৰোধী ৰূপ লয় ।
___________________