ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন
নৱম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ ১নং পাঠৰ প্ৰশ্নোত্তৰ ।
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন :
১. ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিকজন কোন ? তেঁও কেতিয়া আৰু ভাৰতৰ ক'ত পোন প্ৰথমে উপস্থিত হৈছিল ?
উত্তৰ : ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিকজন হ'ল ভাস্ক'-ডা-গামা(Vasco-Da-Gama) । তেঁও ১৪৯৮খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত পোন প্ৰথমে উপস্থিত হৈছিল ।
২. জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল ?
উত্তৰ : জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন হ'ল ফান্সিছ ড্ৰেক(Francis Drake)।
৩. ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনিমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ?
উত্তৰ : ভাৰত ভূমিত পোন প্ৰথমে জন মিলডেন হল(John Mildenhall) নামৰ ইংৰাজ নাৱিক এজনে অনুমতিপত্ৰ লৈ ১৫৯৯ খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল । ৪. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক'ত গঠন হৈছিল ?
উত্তৰ : ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল ।
৫. ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা ।
উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ'ল ----
i. ভাৰতত বেহা-বেপাৰ কৰিবলৈ।
ii. ভাৰতত ইংৰাজ শাসন কৰিবলৈ ।
৬. ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল ?
উত্তৰ : ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ গোলকুণ্ডা ৰাজ্যৰ মছলিপট্টমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপিত হৈছিল ।
৭. 'ফৰ্ট উইলিয়াম' কি ?
উত্তৰ : 'ফৰ্ট উইলিয়াম'হৈছে কলিকতাৰ এটা বাণিজ্য কেন্দ্ৰৰ নাম । যাৰ নামাকৰণ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ নামেৰে কৰা হৈছিল ।
৮. পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা ।
উত্তৰ : পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা মূল ভাগত ভগাব পাৰি । প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে আৰু দ্বিতীয়টো হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে ।
৯.'ভাৰত চৰকাৰ আইন' কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল ?
উত্তৰ : 'ভাৰত চৰকাৰ আইন' ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্টত এই আইন ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়াৰ উদ্দেশ্যে প্ৰণয়ন কৰিছিল ।
১০. 'ভাৰত পৰিষদ আইন' কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল ?
উত্তৰ : 'ভাৰত পৰিষদ আইন' ১৮৬১ চনত আৰু ভাৰতীয়সকলক আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰাৰ উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল ।
চমু/দীঘল উত্তৰৰ প্ৰশ্ন :
১. চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা ।
উত্তৰ : চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ হ'ল ----
i. ৰাজকীয় শ্রেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল ।
ii. ১৮৩৫ খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল ।
iii. একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষাৰ প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল ।
iv. লৰ্ড ডেলহাউছীৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল ।
২. চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা ।
উত্তৰ : চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল হ'ল -----
i. চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল । বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ,যন্ত্ৰণা,বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱ আৰু আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল । ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল ।
ii. ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে 'ভাৰত চৰকাৰ আইন' প্ৰণয়ন কৰিছিল । এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপতীয়াকৈ ভাৰত শাসন কৰা ক্ষমতা দিছিল ।
iii. সামাজিক পৰিৱৰ্তনস্বৰূপে ভাৰতীয় সমাজত আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয়সকল আকৰ্ষিত হৈছিল । iv. চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাব জগাই তুলিছিল ।
৩. লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা ।
উত্তৰ : লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰ হ'ল ----
i. লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে 'উডৰ শিক্ষা সংস্কাৰ আঁচনি'খন প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল ।
ii. পৰীক্ষামূলকভাৱে বাৰ্ষিক পাঁচশ টকা বা তাতোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল ।
_________________